---
title: "ترجمة سورة الجن - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/72/book/1994.md"
canonical: "https://quranpedia.net/surah/1/72/book/1994"
surah_id: "72"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الجن - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/72/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الجن - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/72/book/1994*.

Translation of Surah الجن from "الترجمة الأسامية" in الأسامية.

### الآية 72:1

> قُلْ أُوحِيَ إِلَيَّ أَنَّهُ اسْتَمَعَ نَفَرٌ مِنَ الْجِنِّ فَقَالُوا إِنَّا سَمِعْنَا قُرْآنًا عَجَبًا [72:1]

কোৱা, মোৰ প্ৰতি অহী নাযিল হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছো,

### الآية 72:2

> ﻿يَهْدِي إِلَى الرُّشْدِ فَآمَنَّا بِهِ ۖ وَلَنْ نُشْرِكَ بِرَبِّنَا أَحَدًا [72:2]

‘যিটো সত্যৰ পথ দেখুৱায় সেয়ে আমি তাৰ ওপৰত ঈমান আনিছো। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ লগত আন কাকো অংশী বুলি গণ্য নকৰিম,

### الآية 72:3

> ﻿وَأَنَّهُ تَعَالَىٰ جَدُّ رَبِّنَا مَا اتَّخَذَ صَاحِبَةً وَلَا وَلَدًا [72:3]

‘আৰু নিশ্চয় আমাৰ প্ৰতিপালকৰ মৰ্যাদা সুউচ্চ’ তেওঁ কোনো সঙ্গিনী আৰু কোনো সন্তানো গ্ৰহণ কৰা নাই।

### الآية 72:4

> ﻿وَأَنَّهُ كَانَ يَقُولُ سَفِيهُنَا عَلَى اللَّهِ شَطَطًا [72:4]

‘আৰু আমাৰ মাজৰ নিৰ্বোধসকলে আল্লাহৰ বিষয়ে অবাস্তৱ কথা-বতৰা কৈছিল’।

### الآية 72:5

> ﻿وَأَنَّا ظَنَنَّا أَنْ لَنْ تَقُولَ الْإِنْسُ وَالْجِنُّ عَلَى اللَّهِ كَذِبًا [72:5]

‘অথচ আমি ধাৰণা কৰিছিলো যে, মানুহ আৰু জিন জাতিয়ে কেতিয়াও আল্লাহ সম্পৰ্কে মিছা আৰোপ নকৰিব।

### الآية 72:6

> ﻿وَأَنَّهُ كَانَ رِجَالٌ مِنَ الْإِنْسِ يَعُوذُونَ بِرِجَالٍ مِنَ الْجِنِّ فَزَادُوهُمْ رَهَقًا [72:6]

‘আৰু নিশ্চয় কিছুমান মানুহে কিছুমান জিনৰ আশ্ৰয় লৈছিল, ফলত সিহঁতে জিনসকলৰ অহংকাৰ বৃদ্ধি কৰিছিল’।

### الآية 72:7

> ﻿وَأَنَّهُمْ ظَنُّوا كَمَا ظَنَنْتُمْ أَنْ لَنْ يَبْعَثَ اللَّهُ أَحَدًا [72:7]

‘আৰু নিশ্চয় সিহঁতেও ধাৰণা কৰিছিল যেনেকৈ তোমালোকে ধাৰণা কৰিছা যে, আল্লাহে কাকো কেতিয়াও পুনৰুত্থিত নকৰিব’।

### الآية 72:8

> ﻿وَأَنَّا لَمَسْنَا السَّمَاءَ فَوَجَدْنَاهَا مُلِئَتْ حَرَسًا شَدِيدًا وَشُهُبًا [72:8]

‘আৰু নিশ্চয় আমি আকাশৰ তথ্য সংগ্ৰহ কৰিব বিচাৰিছিলো, কিন্তু আমি দেখিলো যে, আকাশখন কঠোৰ প্ৰহৰী আৰু উল্কাপিণ্ডৰ দ্বাৰা পৰিপূৰ্ণ;

### الآية 72:9

> ﻿وَأَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَاعِدَ لِلسَّمْعِ ۖ فَمَنْ يَسْتَمِعِ الْآنَ يَجِدْ لَهُ شِهَابًا رَصَدًا [72:9]

‘আৰু আমি আগতে আকাশৰ বিভিন্ন ঘাঁটিত সংবাদ শুনাৰ বাবে বহিছিলো কিন্তু এতিয়া কোনোবাই সংবাদ শুনিবলৈ বিচাৰিলে সি তাৰ ওপৰত নিক্ষেপৰ বাবে প্ৰস্তুত জলন্ত উল্কাপিণ্ডৰ সন্মুখীন হয়।

### الآية 72:10

> ﻿وَأَنَّا لَا نَدْرِي أَشَرٌّ أُرِيدَ بِمَنْ فِي الْأَرْضِ أَمْ أَرَادَ بِهِمْ رَبُّهُمْ رَشَدًا [72:10]

‘আৰু নিশ্চয় আমি নাজানো যে, পৃথিৱীবাসীৰ বাবে অমঙ্গল বিচৰা হৈছে, নে সিহঁতৰ প্ৰতিপালকে সিহঁতৰ মঙ্গল বিচাৰিছে।

### الآية 72:11

> ﻿وَأَنَّا مِنَّا الصَّالِحُونَ وَمِنَّا دُونَ ذَٰلِكَ ۖ كُنَّا طَرَائِقَ قِدَدًا [72:11]

আৰু নিশ্চয় আমাৰ মাজৰ কিছুমান হৈছে সৎকৰ্মশীল আৰু কিছুমান ইয়াৰ ব্যতিক্ৰম, আমি আছিলো বিভিন্ন পথৰ অনুসাৰী;

### الآية 72:12

> ﻿وَأَنَّا ظَنَنَّا أَنْ لَنْ نُعْجِزَ اللَّهَ فِي الْأَرْضِ وَلَنْ نُعْجِزَهُ هَرَبًا [72:12]

‘আৰু আমি বুজি পাইছো যে, আমি পৃথিৱীত কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিম আৰু পলায়ন কৰিও তেওঁক ব্যৰ্থ কৰিব নোৱাৰিম।

### الآية 72:13

> ﻿وَأَنَّا لَمَّا سَمِعْنَا الْهُدَىٰ آمَنَّا بِهِ ۖ فَمَنْ يُؤْمِنْ بِرَبِّهِ فَلَا يَخَافُ بَخْسًا وَلَا رَهَقًا [72:13]

‘আৰু নিশ্চয় আমি যেতিয়া হিদায়তৰ বাণী শুনিলো, তেতিয়া তাৰ প্ৰতি ঈমান আনিলো। এতেকে যি ব্যক্তি তাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব, তাৰ কোনো ক্ষতি আৰু কোনো অন্যায়ৰ আশংকা নাথাকিব।

### الآية 72:14

> ﻿وَأَنَّا مِنَّا الْمُسْلِمُونَ وَمِنَّا الْقَاسِطُونَ ۖ فَمَنْ أَسْلَمَ فَأُولَٰئِكَ تَحَرَّوْا رَشَدًا [72:14]

‘আৰু নিশ্চয় আমাৰ মাজত আছে কিছু সংখ্যক আত্মসমৰ্পনকাৰী আৰু কিছু সংখ্যক আছে সীমালংঘনকাৰী; এতেকে যিসকলে ইছলাম গ্ৰহণ কৰিছে সিহঁতেই সঠিক পথ বাছি লৈছে।

### الآية 72:15

> ﻿وَأَمَّا الْقَاسِطُونَ فَكَانُوا لِجَهَنَّمَ حَطَبًا [72:15]

‘আৰু যিসকল সীমালংঘনকাৰী, সিহঁতেই হৈছে জাহান্নামৰ ইন্ধন’।

### الآية 72:16

> ﻿وَأَنْ لَوِ اسْتَقَامُوا عَلَى الطَّرِيقَةِ لَأَسْقَيْنَاهُمْ مَاءً غَدَقًا [72:16]

আৰু যদি সিহঁতে সঠিক পথত অবিচল থাকিলেহেঁতেন, তেনেহ’লে আমি নিশ্চয় সিহঁতক প্ৰচুৰ পৰিমাণে পানী পান কৰালোহেঁতেন,

### الآية 72:17

> ﻿لِنَفْتِنَهُمْ فِيهِ ۚ وَمَنْ يُعْرِضْ عَنْ ذِكْرِ رَبِّهِ يَسْلُكْهُ عَذَابًا صَعَدًا [72:17]

যাতে আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰো; আৰু যিয়ে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়, তাক তেওঁ কঠিন শাস্তিত প্ৰৱেশ কৰাব।

### الآية 72:18

> ﻿وَأَنَّ الْمَسَاجِدَ لِلَّهِ فَلَا تَدْعُوا مَعَ اللَّهِ أَحَدًا [72:18]

আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই, গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।

### الآية 72:19

> ﻿وَأَنَّهُ لَمَّا قَامَ عَبْدُ اللَّهِ يَدْعُوهُ كَادُوا يَكُونُونَ عَلَيْهِ لِبَدًا [72:19]

আৰু নিশ্চয় যেতিয়া আল্লাহৰ বান্দাই তেওঁক প্ৰাৰ্থনা কৰিবলৈ থিয় দিলে, তেতিয়া সিহঁতে তেওঁৰ ওচৰত আহি ভিৰ কৰিলে।

### الآية 72:20

> ﻿قُلْ إِنَّمَا أَدْعُو رَبِّي وَلَا أُشْرِكُ بِهِ أَحَدًا [72:20]

কোৱা, ‘মই কেৱল মোৰ প্ৰতিপালককেই আহ্বান কৰো আৰু তেওঁৰ লগত আন কাকো আংশী নকৰো’।

### الآية 72:21

> ﻿قُلْ إِنِّي لَا أَمْلِكُ لَكُمْ ضَرًّا وَلَا رَشَدًا [72:21]

কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’।

### الآية 72:22

> ﻿قُلْ إِنِّي لَنْ يُجِيرَنِي مِنَ اللَّهِ أَحَدٌ وَلَنْ أَجِدَ مِنْ دُونِهِ مُلْتَحَدًا [72:22]

কোৱা, নিশ্চয় আল্লাহৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁৰ বাহিৰে মই কেতিয়াও কোনো আশ্ৰয় নাপাম।

### الآية 72:23

> ﻿إِلَّا بَلَاغًا مِنَ اللَّهِ وَرِسَالَاتِهِ ۚ وَمَنْ يَعْصِ اللَّهَ وَرَسُولَهُ فَإِنَّ لَهُ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا أَبَدًا [72:23]

‘কেৱল আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰিছালতৰ বাণী প্ৰচাৰ কৰাটোৱে মোৰ দায়িত্ব। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক অমান্য কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, তাত সিহঁতে চিৰকাল থাকিব’।

### الآية 72:24

> ﻿حَتَّىٰ إِذَا رَأَوْا مَا يُوعَدُونَ فَسَيَعْلَمُونَ مَنْ أَضْعَفُ نَاصِرًا وَأَقَلُّ عَدَدًا [72:24]

অৱশেষত যেতিয়া সিহঁতে ইয়াক প্ৰত্যক্ষ কৰিব, যি বিষয়ে সিহঁতক সাৱধান কৰা হৈছিল। তেতিয়া সিহঁতে জানিবলৈ পাব যে, সহায়কাৰী হিচাপে কোন বেছি দুৰ্বল আৰু সংখ্যাত কোন আটাইতকৈ কম।

### الآية 72:25

> ﻿قُلْ إِنْ أَدْرِي أَقَرِيبٌ مَا تُوعَدُونَ أَمْ يَجْعَلُ لَهُ رَبِّي أَمَدًا [72:25]

কোৱা, ‘মই নাজানো তোমালোকক যিটোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো নিকটৱৰ্তী নে মোৰ প্ৰতিপালকে ইয়াৰ বাবে কোনো দীৰ্ঘ ম্যাদ নিৰ্ধাৰণ কৰিব’।

### الآية 72:26

> ﻿عَالِمُ الْغَيْبِ فَلَا يُظْهِرُ عَلَىٰ غَيْبِهِ أَحَدًا [72:26]

তেওঁ অদৃশ্য বিষয়ৰ জ্ঞানী, আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰত প্ৰকাশ নকৰে,

### الآية 72:27

> ﻿إِلَّا مَنِ ارْتَضَىٰ مِنْ رَسُولٍ فَإِنَّهُ يَسْلُكُ مِنْ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِ رَصَدًا [72:27]

কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। তেনে ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলৰ সন্মুখত আৰু পিছত প্ৰহৰী নিযুক্ত কৰে,

### الآية 72:28

> ﻿لِيَعْلَمَ أَنْ قَدْ أَبْلَغُوا رِسَالَاتِ رَبِّهِمْ وَأَحَاطَ بِمَا لَدَيْهِمْ وَأَحْصَىٰ كُلَّ شَيْءٍ عَدَدًا [72:28]

যাতে তেওঁ প্ৰকাশ কৰে যে, নিশ্চয় তেওঁলোকে তেওঁলোকৰ প্ৰতিপালকৰ ৰিছালত পৌঁচাই দিছে। আৰু তেওঁলোকৰ ওচৰত যি আছে সেয়া তেওঁ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি ৰাখিছে আৰু তেওঁ প্ৰতিটো বস্তু গণনা কৰি হিচাপ কৰি ৰাখিছে।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/72.md)
- [كل تفاسير سورة الجن
](https://quranpedia.net/surah-tafsir/72.md)
- [ترجمات سورة الجن
](https://quranpedia.net/translations/72.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/72/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
