---
title: "ترجمة سورة المدّثر - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/74/book/1994.md"
canonical: "https://quranpedia.net/surah/1/74/book/1994"
surah_id: "74"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة المدّثر - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/74/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة المدّثر - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/74/book/1994*.

Translation of Surah المدّثر from "الترجمة الأسامية" in الأسامية.

### الآية 74:1

> يَا أَيُّهَا الْمُدَّثِّرُ [74:1]

হে বস্ত্ৰাবৃত!

### الآية 74:2

> ﻿قُمْ فَأَنْذِرْ [74:2]

উঠা, আৰু সতৰ্ক কৰা,

### الآية 74:3

> ﻿وَرَبَّكَ فَكَبِّرْ [74:3]

আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।

### الآية 74:4

> ﻿وَثِيَابَكَ فَطَهِّرْ [74:4]

আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা,

### الآية 74:5

> ﻿وَالرُّجْزَ فَاهْجُرْ [74:5]

আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,

### الآية 74:6

> ﻿وَلَا تَمْنُنْ تَسْتَكْثِرُ [74:6]

আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।

### الآية 74:7

> ﻿وَلِرَبِّكَ فَاصْبِرْ [74:7]

আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।

### الآية 74:8

> ﻿فَإِذَا نُقِرَ فِي النَّاقُورِ [74:8]

এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,

### الآية 74:9

> ﻿فَذَٰلِكَ يَوْمَئِذٍ يَوْمٌ عَسِيرٌ [74:9]

সেই দিনটো হ’ব এটা সংকটৰ দিন-

### الآية 74:10

> ﻿عَلَى الْكَافِرِينَ غَيْرُ يَسِيرٍ [74:10]

যিটো কাফিৰসকলৰ বাবে সহজ নহয়।

### الآية 74:11

> ﻿ذَرْنِي وَمَنْ خَلَقْتُ وَحِيدًا [74:11]

যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোৰ হাতত এৰি দিয়া।

### الآية 74:12

> ﻿وَجَعَلْتُ لَهُ مَالًا مَمْدُودًا [74:12]

আৰু যাক মই প্ৰদান কৰিছো বিপুল ধন-সম্পদ,

### الآية 74:13

> ﻿وَبَنِينَ شُهُودًا [74:13]

আৰু (প্ৰদান কৰিছো) নিত্যসঙ্গী পুত্ৰবোৰ।

### الآية 74:14

> ﻿وَمَهَّدْتُ لَهُ تَمْهِيدًا [74:14]

আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-

### الآية 74:15

> ﻿ثُمَّ يَطْمَعُ أَنْ أَزِيدَ [74:15]

তথাপিও সি কামনা কৰে যে, মই তাক আৰু অধিক দিওঁ!

### الآية 74:16

> ﻿كَلَّا ۖ إِنَّهُ كَانَ لِآيَاتِنَا عَنِيدًا [74:16]

কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।

### الآية 74:17

> ﻿سَأُرْهِقُهُ صَعُودًا [74:17]

অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।

### الآية 74:18

> ﻿إِنَّهُ فَكَّرَ وَقَدَّرَ [74:18]

নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।

### الآية 74:19

> ﻿فَقُتِلَ كَيْفَ قَدَّرَ [74:19]

এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?

### الآية 74:20

> ﻿ثُمَّ قُتِلَ كَيْفَ قَدَّرَ [74:20]

আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?

### الآية 74:21

> ﻿ثُمَّ نَظَرَ [74:21]

তাৰ পিছত সি লক্ষ্য কৰিলে।

### الآية 74:22

> ﻿ثُمَّ عَبَسَ وَبَسَرَ [74:22]

তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।

### الآية 74:23

> ﻿ثُمَّ أَدْبَرَ وَاسْتَكْبَرَ [74:23]

তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।

### الآية 74:24

> ﻿فَقَالَ إِنْ هَٰذَا إِلَّا سِحْرٌ يُؤْثَرُ [74:24]

তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,

### الآية 74:25

> ﻿إِنْ هَٰذَا إِلَّا قَوْلُ الْبَشَرِ [74:25]

‘এয়াতো মানুহৰেই কথা’।

### الآية 74:26

> ﻿سَأُصْلِيهِ سَقَرَ [74:26]

অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।

### الآية 74:27

> ﻿وَمَا أَدْرَاكَ مَا سَقَرُ [74:27]

আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?

### الآية 74:28

> ﻿لَا تُبْقِي وَلَا تَذَرُ [74:28]

ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।

### الآية 74:29

> ﻿لَوَّاحَةٌ لِلْبَشَرِ [74:29]

ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।

### الآية 74:30

> ﻿عَلَيْهَا تِسْعَةَ عَشَرَ [74:30]

ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।

### الآية 74:31

> ﻿وَمَا جَعَلْنَا أَصْحَابَ النَّارِ إِلَّا مَلَائِكَةً ۙ وَمَا جَعَلْنَا عِدَّتَهُمْ إِلَّا فِتْنَةً لِلَّذِينَ كَفَرُوا لِيَسْتَيْقِنَ الَّذِينَ أُوتُوا الْكِتَابَ وَيَزْدَادَ الَّذِينَ آمَنُوا إِيمَانًا ۙ وَلَا يَرْتَابَ الَّذِينَ أُوتُوا الْكِتَابَ وَالْمُؤْمِنُونَ ۙ وَلِيَقُولَ الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْكَافِرُونَ مَاذَا أَرَادَ اللَّهُ بِهَٰذَا مَثَلًا ۚ كَذَٰلِكَ يُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَمَا يَعْلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَ ۚ وَمَا هِيَ إِلَّا ذِكْرَىٰ لِلْبَشَرِ [74:31]

আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে কিতাবপ্ৰাপ্তসকলে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।

### الآية 74:32

> ﻿كَلَّا وَالْقَمَرِ [74:32]

কেতিয়াও নহয়, চন্দ্ৰৰ শপত,

### الآية 74:33

> ﻿وَاللَّيْلِ إِذْ أَدْبَرَ [74:33]

ৰাতিৰ শপত, যেতিয়া ইয়াৰ অৱসান ঘটে,

### الآية 74:34

> ﻿وَالصُّبْحِ إِذَا أَسْفَرَ [74:34]

প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-

### الآية 74:35

> ﻿إِنَّهَا لَإِحْدَى الْكُبَرِ [74:35]

নিশ্চয় জাহান্নাম মহাবিপদসমূহৰ অন্যতম,

### الآية 74:36

> ﻿نَذِيرًا لِلْبَشَرِ [74:36]

মানুহৰ বাবে সতৰ্ককাৰীস্বৰূপ-

### الآية 74:37

> ﻿لِمَنْ شَاءَ مِنْكُمْ أَنْ يَتَقَدَّمَ أَوْ يَتَأَخَّرَ [74:37]

তোমালোকৰ মাজত যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।

### الآية 74:38

> ﻿كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِينَةٌ [74:38]

প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ,

### الآية 74:39

> ﻿إِلَّا أَصْحَابَ الْيَمِينِ [74:39]

কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,

### الآية 74:40

> ﻿فِي جَنَّاتٍ يَتَسَاءَلُونَ [74:40]

জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,

### الآية 74:41

> ﻿عَنِ الْمُجْرِمِينَ [74:41]

অপৰাধীবিলাকৰ বিষয়ে,

### الآية 74:42

> ﻿مَا سَلَكَكُمْ فِي سَقَرَ [74:42]

কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?

### الآية 74:43

> ﻿قَالُوا لَمْ نَكُ مِنَ الْمُصَلِّينَ [74:43]

সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো,

### الآية 74:44

> ﻿وَلَمْ نَكُ نُطْعِمُ الْمِسْكِينَ [74:44]

‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো,

### الآية 74:45

> ﻿وَكُنَّا نَخُوضُ مَعَ الْخَائِضِينَ [74:45]

আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।

### الآية 74:46

> ﻿وَكُنَّا نُكَذِّبُ بِيَوْمِ الدِّينِ [74:46]

আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো,

### الآية 74:47

> ﻿حَتَّىٰ أَتَانَا الْيَقِينُ [74:47]

অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।

### الآية 74:48

> ﻿فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشَّافِعِينَ [74:48]

এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।

### الآية 74:49

> ﻿فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِينَ [74:49]

এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?

### الآية 74:50

> ﻿كَأَنَّهُمْ حُمُرٌ مُسْتَنْفِرَةٌ [74:50]

সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।

### الآية 74:51

> ﻿فَرَّتْ مِنْ قَسْوَرَةٍ [74:51]

যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।

### الآية 74:52

> ﻿بَلْ يُرِيدُ كُلُّ امْرِئٍ مِنْهُمْ أَنْ يُؤْتَىٰ صُحُفًا مُنَشَّرَةً [74:52]

বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।

### الآية 74:53

> ﻿كَلَّا ۖ بَلْ لَا يَخَافُونَ الْآخِرَةَ [74:53]

কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।

### الآية 74:54

> ﻿كَلَّا إِنَّهُ تَذْكِرَةٌ [74:54]

কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।

### الآية 74:55

> ﻿فَمَنْ شَاءَ ذَكَرَهُ [74:55]

এতেকে যাৰ ইচ্ছা সি ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰক।

### الآية 74:56

> ﻿وَمَا يَذْكُرُونَ إِلَّا أَنْ يَشَاءَ اللَّهُ ۚ هُوَ أَهْلُ التَّقْوَىٰ وَأَهْلُ الْمَغْفِرَةِ [74:56]

আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/74.md)
- [كل تفاسير سورة المدّثر
](https://quranpedia.net/surah-tafsir/74.md)
- [ترجمات سورة المدّثر
](https://quranpedia.net/translations/74.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/74/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
