---
title: "ترجمة سورة القيامة - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/75/book/1994.md"
canonical: "https://quranpedia.net/surah/1/75/book/1994"
surah_id: "75"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة القيامة - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/75/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة القيامة - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/75/book/1994*.

Translation of Surah القيامة from "الترجمة الأسامية" in الأسامية.

### الآية 75:1

> لَا أُقْسِمُ بِيَوْمِ الْقِيَامَةِ [75:1]

মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ,

### الآية 75:2

> ﻿وَلَا أُقْسِمُ بِالنَّفْسِ اللَّوَّامَةِ [75:2]

মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ,

### الآية 75:3

> ﻿أَيَحْسَبُ الْإِنْسَانُ أَلَّنْ نَجْمَعَ عِظَامَهُ [75:3]

মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?

### الآية 75:4

> ﻿بَلَىٰ قَادِرِينَ عَلَىٰ أَنْ نُسَوِّيَ بَنَانَهُ [75:4]

কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।

### الآية 75:5

> ﻿بَلْ يُرِيدُ الْإِنْسَانُ لِيَفْجُرَ أَمَامَهُ [75:5]

বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।

### الآية 75:6

> ﻿يَسْأَلُ أَيَّانَ يَوْمُ الْقِيَامَةِ [75:6]

সি প্ৰশ্ন কৰে, কিয়ামতৰ দিনটো কেতিয়া আহিব?

### الآية 75:7

> ﻿فَإِذَا بَرِقَ الْبَصَرُ [75:7]

যেতিয়া চকু স্থিৰ হৈ যাব,

### الآية 75:8

> ﻿وَخَسَفَ الْقَمَرُ [75:8]

আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব,

### الآية 75:9

> ﻿وَجُمِعَ الشَّمْسُ وَالْقَمَرُ [75:9]

আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-

### الآية 75:10

> ﻿يَقُولُ الْإِنْسَانُ يَوْمَئِذٍ أَيْنَ الْمَفَرُّ [75:10]

সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?

### الآية 75:11

> ﻿كَلَّا لَا وَزَرَ [75:11]

কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।

### الآية 75:12

> ﻿إِلَىٰ رَبِّكَ يَوْمَئِذٍ الْمُسْتَقَرُّ [75:12]

সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।

### الآية 75:13

> ﻿يُنَبَّأُ الْإِنْسَانُ يَوْمَئِذٍ بِمَا قَدَّمَ وَأَخَّرَ [75:13]

সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।

### الآية 75:14

> ﻿بَلِ الْإِنْسَانُ عَلَىٰ نَفْسِهِ بَصِيرَةٌ [75:14]

বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,

### الآية 75:15

> ﻿وَلَوْ أَلْقَىٰ مَعَاذِيرَهُ [75:15]

যদিও সি নানা অজুহাত দেখুৱায়।

### الآية 75:16

> ﻿لَا تُحَرِّكْ بِهِ لِسَانَكَ لِتَعْجَلَ بِهِ [75:16]

ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।

### الآية 75:17

> ﻿إِنَّ عَلَيْنَا جَمْعَهُ وَقُرْآنَهُ [75:17]

নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।

### الآية 75:18

> ﻿فَإِذَا قَرَأْنَاهُ فَاتَّبِعْ قُرْآنَهُ [75:18]

এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা,

### الآية 75:19

> ﻿ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُ [75:19]

তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।

### الآية 75:20

> ﻿كَلَّا بَلْ تُحِبُّونَ الْعَاجِلَةَ [75:20]

কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা;

### الآية 75:21

> ﻿وَتَذَرُونَ الْآخِرَةَ [75:21]

আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।

### الآية 75:22

> ﻿وُجُوهٌ يَوْمَئِذٍ نَاضِرَةٌ [75:22]

সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,

### الآية 75:23

> ﻿إِلَىٰ رَبِّهَا نَاظِرَةٌ [75:23]

সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।

### الآية 75:24

> ﻿وَوُجُوهٌ يَوْمَئِذٍ بَاسِرَةٌ [75:24]

আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,

### الآية 75:25

> ﻿تَظُنُّ أَنْ يُفْعَلَ بِهَا فَاقِرَةٌ [75:25]

সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।

### الآية 75:26

> ﻿كَلَّا إِذَا بَلَغَتِ التَّرَاقِيَ [75:26]

নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব,

### الآية 75:27

> ﻿وَقِيلَ مَنْ ۜ رَاقٍ [75:27]

আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?

### الآية 75:28

> ﻿وَظَنَّ أَنَّهُ الْفِرَاقُ [75:28]

তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।

### الآية 75:29

> ﻿وَالْتَفَّتِ السَّاقُ بِالسَّاقِ [75:29]

আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।

### الآية 75:30

> ﻿إِلَىٰ رَبِّكَ يَوْمَئِذٍ الْمَسَاقُ [75:30]

সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।

### الآية 75:31

> ﻿فَلَا صَدَّقَ وَلَا صَلَّىٰ [75:31]

এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।

### الآية 75:32

> ﻿وَلَٰكِنْ كَذَّبَ وَتَوَلَّىٰ [75:32]

বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

### الآية 75:33

> ﻿ثُمَّ ذَهَبَ إِلَىٰ أَهْلِهِ يَتَمَطَّىٰ [75:33]

তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,

### الآية 75:34

> ﻿أَوْلَىٰ لَكَ فَأَوْلَىٰ [75:34]

দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!

### الآية 75:35

> ﻿ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰ [75:35]

আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!

### الآية 75:36

> ﻿أَيَحْسَبُ الْإِنْسَانُ أَنْ يُتْرَكَ سُدًى [75:36]

মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?

### الآية 75:37

> ﻿أَلَمْ يَكُ نُطْفَةً مِنْ مَنِيٍّ يُمْنَىٰ [75:37]

সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?

### الآية 75:38

> ﻿ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ [75:38]

তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।

### الآية 75:39

> ﻿فَجَعَلَ مِنْهُ الزَّوْجَيْنِ الذَّكَرَ وَالْأُنْثَىٰ [75:39]

তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।

### الآية 75:40

> ﻿أَلَيْسَ ذَٰلِكَ بِقَادِرٍ عَلَىٰ أَنْ يُحْيِيَ الْمَوْتَىٰ [75:40]

তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/75.md)
- [كل تفاسير سورة القيامة
](https://quranpedia.net/surah-tafsir/75.md)
- [ترجمات سورة القيامة
](https://quranpedia.net/translations/75.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/75/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
