---
title: "ترجمة سورة المرسلات - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/77/book/1994.md"
canonical: "https://quranpedia.net/surah/1/77/book/1994"
surah_id: "77"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة المرسلات - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/77/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة المرسلات - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/77/book/1994*.

Translation of Surah المرسلات from "الترجمة الأسامية" in الأسامية.

### الآية 77:1

> وَالْمُرْسَلَاتِ عُرْفًا [77:1]

শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,

### الآية 77:2

> ﻿فَالْعَاصِفَاتِ عَصْفًا [77:2]

তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,

### الآية 77:3

> ﻿وَالنَّاشِرَاتِ نَشْرًا [77:3]

শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ,

### الآية 77:4

> ﻿فَالْفَارِقَاتِ فَرْقًا [77:4]

তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,

### الآية 77:5

> ﻿فَالْمُلْقِيَاتِ ذِكْرًا [77:5]

তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---

### الآية 77:6

> ﻿عُذْرًا أَوْ نُذْرًا [77:6]

ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে,

### الآية 77:7

> ﻿إِنَّمَا تُوعَدُونَ لَوَاقِعٌ [77:7]

নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।

### الآية 77:8

> ﻿فَإِذَا النُّجُومُ طُمِسَتْ [77:8]

যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,

### الآية 77:9

> ﻿وَإِذَا السَّمَاءُ فُرِجَتْ [77:9]

আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব,

### الآية 77:10

> ﻿وَإِذَا الْجِبَالُ نُسِفَتْ [77:10]

আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব,

### الآية 77:11

> ﻿وَإِذَا الرُّسُلُ أُقِّتَتْ [77:11]

আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,

### الآية 77:12

> ﻿لِأَيِّ يَوْمٍ أُجِّلَتْ [77:12]

কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?

### الآية 77:13

> ﻿لِيَوْمِ الْفَصْلِ [77:13]

বিচাৰ দিনৰ বাবে।

### الآية 77:14

> ﻿وَمَا أَدْرَاكَ مَا يَوْمُ الْفَصْلِ [77:14]

আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?

### الآية 77:15

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:15]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:16

> ﻿أَلَمْ نُهْلِكِ الْأَوَّلِينَ [77:16]

আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?

### الآية 77:17

> ﻿ثُمَّ نُتْبِعُهُمُ الْآخِرِينَ [77:17]

তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।

### الآية 77:18

> ﻿كَذَٰلِكَ نَفْعَلُ بِالْمُجْرِمِينَ [77:18]

অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।

### الآية 77:19

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:19]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:20

> ﻿أَلَمْ نَخْلُقْكُمْ مِنْ مَاءٍ مَهِينٍ [77:20]

আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে?

### الآية 77:21

> ﻿فَجَعَلْنَاهُ فِي قَرَارٍ مَكِينٍ [77:21]

তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো,

### الآية 77:22

> ﻿إِلَىٰ قَدَرٍ مَعْلُومٍ [77:22]

এটা নিৰ্দিষ্ট সময় লৈকে,

### الآية 77:23

> ﻿فَقَدَرْنَا فَنِعْمَ الْقَادِرُونَ [77:23]

তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!

### الآية 77:24

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:24]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:25

> ﻿أَلَمْ نَجْعَلِ الْأَرْضَ كِفَاتًا [77:25]

আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?

### الآية 77:26

> ﻿أَحْيَاءً وَأَمْوَاتًا [77:26]

জীৱিতসকল আৰু মৃতসকলৰ বাবে?

### الآية 77:27

> ﻿وَجَعَلْنَا فِيهَا رَوَاسِيَ شَامِخَاتٍ وَأَسْقَيْنَاكُمْ مَاءً فُرَاتًا [77:27]

আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।

### الآية 77:28

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:28]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:29

> ﻿انْطَلِقُوا إِلَىٰ مَا كُنْتُمْ بِهِ تُكَذِّبُونَ [77:29]

(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।

### الآية 77:30

> ﻿انْطَلِقُوا إِلَىٰ ظِلٍّ ذِي ثَلَاثِ شُعَبٍ [77:30]

যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,

### الآية 77:31

> ﻿لَا ظَلِيلٍ وَلَا يُغْنِي مِنَ اللَّهَبِ [77:31]

যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,

### الآية 77:32

> ﻿إِنَّهَا تَرْمِي بِشَرَرٍ كَالْقَصْرِ [77:32]

নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,

### الآية 77:33

> ﻿كَأَنَّهُ جِمَالَتٌ صُفْرٌ [77:33]

এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী,

### الآية 77:34

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:34]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:35

> ﻿هَٰذَا يَوْمُ لَا يَنْطِقُونَ [77:35]

এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,

### الآية 77:36

> ﻿وَلَا يُؤْذَنُ لَهُمْ فَيَعْتَذِرُونَ [77:36]

আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।

### الآية 77:37

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:37]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:38

> ﻿هَٰذَا يَوْمُ الْفَصْلِ ۖ جَمَعْنَاكُمْ وَالْأَوَّلِينَ [77:38]

‘এইটো ফয়চালাৰ দিন আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।

### الآية 77:39

> ﻿فَإِنْ كَانَ لَكُمْ كَيْدٌ فَكِيدُونِ [77:39]

এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।

### الآية 77:40

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:40]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:41

> ﻿إِنَّ الْمُتَّقِينَ فِي ظِلَالٍ وَعُيُونٍ [77:41]

নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,

### الآية 77:42

> ﻿وَفَوَاكِهَ مِمَّا يَشْتَهُونَ [77:42]

আৰু সিহঁতৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।

### الآية 77:43

> ﻿كُلُوا وَاشْرَبُوا هَنِيئًا بِمَا كُنْتُمْ تَعْمَلُونَ [77:43]

(সিহঁতক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;

### الآية 77:44

> ﻿إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ [77:44]

সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।

### الآية 77:45

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:45]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:46

> ﻿كُلُوا وَتَمَتَّعُوا قَلِيلًا إِنَّكُمْ مُجْرِمُونَ [77:46]

(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।

### الآية 77:47

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:47]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:48

> ﻿وَإِذَا قِيلَ لَهُمُ ارْكَعُوا لَا يَرْكَعُونَ [77:48]

যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা সিহঁতে ৰুকু’ নকৰে’।

### الآية 77:49

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [77:49]

সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।

### الآية 77:50

> ﻿فَبِأَيِّ حَدِيثٍ بَعْدَهُ يُؤْمِنُونَ [77:50]

এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/77.md)
- [كل تفاسير سورة المرسلات
](https://quranpedia.net/surah-tafsir/77.md)
- [ترجمات سورة المرسلات
](https://quranpedia.net/translations/77.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/77/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
