---
title: "ترجمة سورة النبأ - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/78/book/1994.md"
canonical: "https://quranpedia.net/surah/1/78/book/1994"
surah_id: "78"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة النبأ - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/78/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة النبأ - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/78/book/1994*.

Translation of Surah النبأ from "الترجمة الأسامية" in الأسامية.

### الآية 78:1

> عَمَّ يَتَسَاءَلُونَ [78:1]

সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?

### الآية 78:2

> ﻿عَنِ النَّبَإِ الْعَظِيمِ [78:2]

মহাসংবাদটোৰ বিষয়ে,

### الآية 78:3

> ﻿الَّذِي هُمْ فِيهِ مُخْتَلِفُونَ [78:3]

যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।

### الآية 78:4

> ﻿كَلَّا سَيَعْلَمُونَ [78:4]

কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

### الآية 78:5

> ﻿ثُمَّ كَلَّا سَيَعْلَمُونَ [78:5]

তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

### الآية 78:6

> ﻿أَلَمْ نَجْعَلِ الْأَرْضَ مِهَادًا [78:6]

আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?

### الآية 78:7

> ﻿وَالْجِبَالَ أَوْتَادًا [78:7]

আৰু পৰ্বতসমূহক পেৰেক?

### الآية 78:8

> ﻿وَخَلَقْنَاكُمْ أَزْوَاجًا [78:8]

আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।

### الآية 78:9

> ﻿وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا [78:9]

আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।

### الآية 78:10

> ﻿وَجَعَلْنَا اللَّيْلَ لِبَاسًا [78:10]

আৰু ৰাতিক কৰি দিছো আৱৰণ।

### الآية 78:11

> ﻿وَجَعَلْنَا النَّهَارَ مَعَاشًا [78:11]

আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।

### الآية 78:12

> ﻿وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا [78:12]

আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।

### الآية 78:13

> ﻿وَجَعَلْنَا سِرَاجًا وَهَّاجًا [78:13]

আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।

### الآية 78:14

> ﻿وَأَنْزَلْنَا مِنَ الْمُعْصِرَاتِ مَاءً ثَجَّاجًا [78:14]

আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।

### الآية 78:15

> ﻿لِنُخْرِجَ بِهِ حَبًّا وَنَبَاتًا [78:15]

যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।

### الآية 78:16

> ﻿وَجَنَّاتٍ أَلْفَافًا [78:16]

আৰু ঘন সন্নিবিষ্ট উদ্যান।

### الآية 78:17

> ﻿إِنَّ يَوْمَ الْفَصْلِ كَانَ مِيقَاتًا [78:17]

নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।

### الآية 78:18

> ﻿يَوْمَ يُنْفَخُ فِي الصُّورِ فَتَأْتُونَ أَفْوَاجًا [78:18]

সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।

### الآية 78:19

> ﻿وَفُتِحَتِ السَّمَاءُ فَكَانَتْ أَبْوَابًا [78:19]

আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।

### الآية 78:20

> ﻿وَسُيِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا [78:20]

আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।

### الآية 78:21

> ﻿إِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا [78:21]

নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।

### الآية 78:22

> ﻿لِلطَّاغِينَ مَآبًا [78:22]

সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।

### الآية 78:23

> ﻿لَابِثِينَ فِيهَا أَحْقَابًا [78:23]

তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।

### الآية 78:24

> ﻿لَا يَذُوقُونَ فِيهَا بَرْدًا وَلَا شَرَابًا [78:24]

তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।

### الآية 78:25

> ﻿إِلَّا حَمِيمًا وَغَسَّاقًا [78:25]

উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।

### الآية 78:26

> ﻿جَزَاءً وِفَاقًا [78:26]

এইটোৱেই উপযুক্ত প্ৰতিফল।

### الآية 78:27

> ﻿إِنَّهُمْ كَانُوا لَا يَرْجُونَ حِسَابًا [78:27]

নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।

### الآية 78:28

> ﻿وَكَذَّبُوا بِآيَاتِنَا كِذَّابًا [78:28]

আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।

### الآية 78:29

> ﻿وَكُلَّ شَيْءٍ أَحْصَيْنَاهُ كِتَابًا [78:29]

আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।

### الآية 78:30

> ﻿فَذُوقُوا فَلَنْ نَزِيدَكُمْ إِلَّا عَذَابًا [78:30]

এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।

### الآية 78:31

> ﻿إِنَّ لِلْمُتَّقِينَ مَفَازًا [78:31]

নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।

### الآية 78:32

> ﻿حَدَائِقَ وَأَعْنَابًا [78:32]

উদ্যানসমূহ আৰু আঙ্গুৰসমূহ।

### الآية 78:33

> ﻿وَكَوَاعِبَ أَتْرَابًا [78:33]

আৰু সমবয়সীয়া উদ`ভিন্ন নৱ-যুৱতী তৰুণী।

### الآية 78:34

> ﻿وَكَأْسًا دِهَاقًا [78:34]

আৰু পৰিপূৰ্ণ পানপাত্ৰ।

### الآية 78:35

> ﻿لَا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا كِذَّابًا [78:35]

তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।

### الآية 78:36

> ﻿جَزَاءً مِنْ رَبِّكَ عَطَاءً حِسَابًا [78:36]

আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰষ্কাৰ, যথোচিত দানস্বৰূপ।

### الآية 78:37

> ﻿رَبِّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا الرَّحْمَٰنِ ۖ لَا يَمْلِكُونَ مِنْهُ خِطَابًا [78:37]

যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।

### الآية 78:38

> ﻿يَوْمَ يَقُومُ الرُّوحُ وَالْمَلَائِكَةُ صَفًّا ۖ لَا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَٰنُ وَقَالَ صَوَابًا [78:38]

সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।

### الآية 78:39

> ﻿ذَٰلِكَ الْيَوْمُ الْحَقُّ ۖ فَمَنْ شَاءَ اتَّخَذَ إِلَىٰ رَبِّهِ مَآبًا [78:39]

এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।

### الآية 78:40

> ﻿إِنَّا أَنْذَرْنَاكُمْ عَذَابًا قَرِيبًا يَوْمَ يَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ يَدَاهُ وَيَقُولُ الْكَافِرُ يَا لَيْتَنِي كُنْتُ تُرَابًا [78:40]

নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/78.md)
- [كل تفاسير سورة النبأ
](https://quranpedia.net/surah-tafsir/78.md)
- [ترجمات سورة النبأ
](https://quranpedia.net/translations/78.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/78/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
