---
title: "ترجمة سورة النازعات - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/79/book/1994.md"
canonical: "https://quranpedia.net/surah/1/79/book/1994"
surah_id: "79"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة النازعات - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/79/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة النازعات - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/79/book/1994*.

Translation of Surah النازعات from "الترجمة الأسامية" in الأسامية.

### الآية 79:1

> وَالنَّازِعَاتِ غَرْقًا [79:1]

শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।

### الآية 79:2

> ﻿وَالنَّاشِطَاتِ نَشْطًا [79:2]

আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

### الآية 79:3

> ﻿وَالسَّابِحَاتِ سَبْحًا [79:3]

আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

### الآية 79:4

> ﻿فَالسَّابِقَاتِ سَبْقًا [79:4]

আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

### الآية 79:5

> ﻿فَالْمُدَبِّرَاتِ أَمْرًا [79:5]

তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

### الآية 79:6

> ﻿يَوْمَ تَرْجُفُ الرَّاجِفَةُ [79:6]

সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

### الآية 79:7

> ﻿تَتْبَعُهَا الرَّادِفَةُ [79:7]

তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।

### الآية 79:8

> ﻿قُلُوبٌ يَوْمَئِذٍ وَاجِفَةٌ [79:8]

সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

### الآية 79:9

> ﻿أَبْصَارُهَا خَاشِعَةٌ [79:9]

সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

### الآية 79:10

> ﻿يَقُولُونَ أَإِنَّا لَمَرْدُودُونَ فِي الْحَافِرَةِ [79:10]

সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে?

### الآية 79:11

> ﻿أَإِذَا كُنَّا عِظَامًا نَخِرَةً [79:11]

যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?

### الآية 79:12

> ﻿قَالُوا تِلْكَ إِذًا كَرَّةٌ خَاسِرَةٌ [79:12]

সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

### الآية 79:13

> ﻿فَإِنَّمَا هِيَ زَجْرَةٌ وَاحِدَةٌ [79:13]

প্ৰকৃততে এইটো এটা বিৰাট শব্দ।

### الآية 79:14

> ﻿فَإِذَا هُمْ بِالسَّاهِرَةِ [79:14]

তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

### الآية 79:15

> ﻿هَلْ أَتَاكَ حَدِيثُ مُوسَىٰ [79:15]

মূছাৰ ঘটনাটো তুমি পাইছানে?

### الآية 79:16

> ﻿إِذْ نَادَاهُ رَبُّهُ بِالْوَادِ الْمُقَدَّسِ طُوًى [79:16]

যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,

### الآية 79:17

> ﻿اذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُ طَغَىٰ [79:17]

‘ফিৰআউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমালঙ্ঘন কৰিছে,

### الآية 79:18

> ﻿فَقُلْ هَلْ لَكَ إِلَىٰ أَنْ تَزَكَّىٰ [79:18]

তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে?

### الآية 79:19

> ﻿وَأَهْدِيَكَ إِلَىٰ رَبِّكَ فَتَخْشَىٰ [79:19]

আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।

### الآية 79:20

> ﻿فَأَرَاهُ الْآيَةَ الْكُبْرَىٰ [79:20]

তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

### الآية 79:21

> ﻿فَكَذَّبَ وَعَصَىٰ [79:21]

কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

### الآية 79:22

> ﻿ثُمَّ أَدْبَرَ يَسْعَىٰ [79:22]

তাৰ পিছত তেওঁ সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

### الآية 79:23

> ﻿فَحَشَرَ فَنَادَىٰ [79:23]

তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,

### الآية 79:24

> ﻿فَقَالَ أَنَا رَبُّكُمُ الْأَعْلَىٰ [79:24]

আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

### الآية 79:25

> ﻿فَأَخَذَهُ اللَّهُ نَكَالَ الْآخِرَةِ وَالْأُولَىٰ [79:25]

অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

### الآية 79:26

> ﻿إِنَّ فِي ذَٰلِكَ لَعِبْرَةً لِمَنْ يَخْشَىٰ [79:26]

নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

### الآية 79:27

> ﻿أَأَنْتُمْ أَشَدُّ خَلْقًا أَمِ السَّمَاءُ ۚ بَنَاهَا [79:27]

তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

### الآية 79:28

> ﻿رَفَعَ سَمْكَهَا فَسَوَّاهَا [79:28]

তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

### الآية 79:29

> ﻿وَأَغْطَشَ لَيْلَهَا وَأَخْرَجَ ضُحَاهَا [79:29]

আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

### الآية 79:30

> ﻿وَالْأَرْضَ بَعْدَ ذَٰلِكَ دَحَاهَا [79:30]

তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।

### الآية 79:31

> ﻿أَخْرَجَ مِنْهَا مَاءَهَا وَمَرْعَاهَا [79:31]

তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,

### الآية 79:32

> ﻿وَالْجِبَالَ أَرْسَاهَا [79:32]

আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,

### الآية 79:33

> ﻿مَتَاعًا لَكُمْ وَلِأَنْعَامِكُمْ [79:33]

এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।

### الآية 79:34

> ﻿فَإِذَا جَاءَتِ الطَّامَّةُ الْكُبْرَىٰ [79:34]

আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,

### الآية 79:35

> ﻿يَوْمَ يَتَذَكَّرُ الْإِنْسَانُ مَا سَعَىٰ [79:35]

সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,

### الآية 79:36

> ﻿وَبُرِّزَتِ الْجَحِيمُ لِمَنْ يَرَىٰ [79:36]

আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।

### الآية 79:37

> ﻿فَأَمَّا مَنْ طَغَىٰ [79:37]

এতেকে যিয়ে সীমালঙ্ঘন কৰে,

### الآية 79:38

> ﻿وَآثَرَ الْحَيَاةَ الدُّنْيَا [79:38]

আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,

### الآية 79:39

> ﻿فَإِنَّ الْجَحِيمَ هِيَ الْمَأْوَىٰ [79:39]

নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

### الآية 79:40

> ﻿وَأَمَّا مَنْ خَافَ مَقَامَ رَبِّهِ وَنَهَى النَّفْسَ عَنِ الْهَوَىٰ [79:40]

আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,

### الآية 79:41

> ﻿فَإِنَّ الْجَنَّةَ هِيَ الْمَأْوَىٰ [79:41]

নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল।

### الآية 79:42

> ﻿يَسْأَلُونَكَ عَنِ السَّاعَةِ أَيَّانَ مُرْسَاهَا [79:42]

সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?

### الآية 79:43

> ﻿فِيمَ أَنْتَ مِنْ ذِكْرَاهَا [79:43]

সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?

### الآية 79:44

> ﻿إِلَىٰ رَبِّكَ مُنْتَهَاهَا [79:44]

ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত;

### الآية 79:45

> ﻿إِنَّمَا أَنْتَ مُنْذِرُ مَنْ يَخْشَاهَا [79:45]

যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

### الآية 79:46

> ﻿كَأَنَّهُمْ يَوْمَ يَرَوْنَهَا لَمْ يَلْبَثُوا إِلَّا عَشِيَّةً أَوْ ضُحَاهَا [79:46]

যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/79.md)
- [كل تفاسير سورة النازعات
](https://quranpedia.net/surah-tafsir/79.md)
- [ترجمات سورة النازعات
](https://quranpedia.net/translations/79.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/79/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
