---
title: "ترجمة سورة عبس - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/80/book/1994.md"
canonical: "https://quranpedia.net/surah/1/80/book/1994"
surah_id: "80"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة عبس - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/80/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة عبس - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/80/book/1994*.

Translation of Surah عبس from "الترجمة الأسامية" in الأسامية.

### الآية 80:1

> عَبَسَ وَتَوَلَّىٰ [80:1]

তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘুৰাই ল’লে,

### الآية 80:2

> ﻿أَنْ جَاءَهُ الْأَعْمَىٰ [80:2]

তেওঁৰ ওচৰত অন্ধ ব্যক্তিজন অহাৰ কাৰণে।

### الآية 80:3

> ﻿وَمَا يُدْرِيكَ لَعَلَّهُ يَزَّكَّىٰ [80:3]

কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,

### الآية 80:4

> ﻿أَوْ يَذَّكَّرُ فَتَنْفَعَهُ الذِّكْرَىٰ [80:4]

অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।

### الآية 80:5

> ﻿أَمَّا مَنِ اسْتَغْنَىٰ [80:5]

আৰু যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাৱে,

### الآية 80:6

> ﻿فَأَنْتَ لَهُ تَصَدَّىٰ [80:6]

তুমি তাৰ প্ৰতি মনোযোগ দিছা।

### الآية 80:7

> ﻿وَمَا عَلَيْكَ أَلَّا يَزَّكَّىٰ [80:7]

অথচ সি পৰিশুদ্ধ নহ’লে তোমাৰ কোনো দায়িত্ব নাই,

### الآية 80:8

> ﻿وَأَمَّا مَنْ جَاءَكَ يَسْعَىٰ [80:8]

আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিলে,

### الآية 80:9

> ﻿وَهُوَ يَخْشَىٰ [80:9]

আৰু সি (আল্লাহক) ভয়ো কৰে,

### الآية 80:10

> ﻿فَأَنْتَ عَنْهُ تَلَهَّىٰ [80:10]

তাৰ প্ৰতি তুমি উদাসীন হ’লা।

### الآية 80:11

> ﻿كَلَّا إِنَّهَا تَذْكِرَةٌ [80:11]

কেতিয়াও নহয়, নিশ্চয় এইটো উপদেশ বাণী,

### الآية 80:12

> ﻿فَمَنْ شَاءَ ذَكَرَهُ [80:12]

গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,

### الآية 80:13

> ﻿فِي صُحُفٍ مُكَرَّمَةٍ [80:13]

এইটো মৰ্যদা সম্পন্ন ছহীফাত লিপিবদ্ধ।

### الآية 80:14

> ﻿مَرْفُوعَةٍ مُطَهَّرَةٍ [80:14]

সমুন্নত, পৱিত্ৰ,

### الآية 80:15

> ﻿بِأَيْدِي سَفَرَةٍ [80:15]

লেখক বা দূতসকলৰ হাতত।

### الآية 80:16

> ﻿كِرَامٍ بَرَرَةٍ [80:16]

(যিসকল) মহাসন্মানিত, পূণ্যবান।

### الآية 80:17

> ﻿قُتِلَ الْإِنْسَانُ مَا أَكْفَرَهُ [80:17]

মানুহ ধ্বংস হওঁক, কিমান যে অকৃতজ্ঞ!

### الآية 80:18

> ﻿مِنْ أَيِّ شَيْءٍ خَلَقَهُ [80:18]

তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে?

### الآية 80:19

> ﻿مِنْ نُطْفَةٍ خَلَقَهُ فَقَدَّرَهُ [80:19]

শুক্ৰবিন্দুৰ পৰা, তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,

### الآية 80:20

> ﻿ثُمَّ السَّبِيلَ يَسَّرَهُ [80:20]

তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;

### الآية 80:21

> ﻿ثُمَّ أَمَاتَهُ فَأَقْبَرَهُ [80:21]

তাৰ পিছত তাক মৃত্যু প্ৰদান কৰিলে আৰু কবৰস্থ কৰিলে।

### الآية 80:22

> ﻿ثُمَّ إِذَا شَاءَ أَنْشَرَهُ [80:22]

আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।

### الآية 80:23

> ﻿كَلَّا لَمَّا يَقْضِ مَا أَمَرَهُ [80:23]

কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰ্ণ কৰা নাই।

### الآية 80:24

> ﻿فَلْيَنْظُرِ الْإِنْسَانُ إِلَىٰ طَعَامِهِ [80:24]

এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।

### الآية 80:25

> ﻿أَنَّا صَبَبْنَا الْمَاءَ صَبًّا [80:25]

নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,

### الآية 80:26

> ﻿ثُمَّ شَقَقْنَا الْأَرْضَ شَقًّا [80:26]

তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;

### الآية 80:27

> ﻿فَأَنْبَتْنَا فِيهَا حَبًّا [80:27]

তাৰ পিছত আমি তাত উত্পন্ন কৰোঁ শস্য;

### الآية 80:28

> ﻿وَعِنَبًا وَقَضْبًا [80:28]

আঙুৰ আৰু শাক-পাচলি,

### الآية 80:29

> ﻿وَزَيْتُونًا وَنَخْلًا [80:29]

যায়তুন আৰু খেজুৰ গছ,

### الآية 80:30

> ﻿وَحَدَائِقَ غُلْبًا [80:30]

ঘন গছ-গছনি বিশিষ্ট উদ্যান,

### الآية 80:31

> ﻿وَفَاكِهَةً وَأَبًّا [80:31]

ফল-মূল আৰু তৃণ-ঘাঁহ,

### الآية 80:32

> ﻿مَتَاعًا لَكُمْ وَلِأَنْعَامِكُمْ [80:32]

এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুৰ জীৱনোপকৰণৰ বাবে।

### الآية 80:33

> ﻿فَإِذَا جَاءَتِ الصَّاخَّةُ [80:33]

এতেকে যেতিয়া তীক্ষ্ন শব্দ আহিব,

### الآية 80:34

> ﻿يَوْمَ يَفِرُّ الْمَرْءُ مِنْ أَخِيهِ [80:34]

সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,

### الآية 80:35

> ﻿وَأُمِّهِ وَأَبِيهِ [80:35]

আৰু তাৰ মাক-বাপেকৰ পৰা,

### الآية 80:36

> ﻿وَصَاحِبَتِهِ وَبَنِيهِ [80:36]

তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,

### الآية 80:37

> ﻿لِكُلِّ امْرِئٍ مِنْهُمْ يَوْمَئِذٍ شَأْنٌ يُغْنِيهِ [80:37]

সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।

### الآية 80:38

> ﻿وُجُوهٌ يَوْمَئِذٍ مُسْفِرَةٌ [80:38]

সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,

### الآية 80:39

> ﻿ضَاحِكَةٌ مُسْتَبْشِرَةٌ [80:39]

হাঁহিৰে ভৰা, আনন্দত উত্ফুল্ল,

### الآية 80:40

> ﻿وَوُجُوهٌ يَوْمَئِذٍ عَلَيْهَا غَبَرَةٌ [80:40]

আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব,

### الآية 80:41

> ﻿تَرْهَقُهَا قَتَرَةٌ [80:41]

ক’লা আৱৰণে আৱৰি ধৰিব।

### الآية 80:42

> ﻿أُولَٰئِكَ هُمُ الْكَفَرَةُ الْفَجَرَةُ [80:42]

এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/80.md)
- [كل تفاسير سورة عبس
](https://quranpedia.net/surah-tafsir/80.md)
- [ترجمات سورة عبس
](https://quranpedia.net/translations/80.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/80/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
