---
title: "ترجمة سورة التكوير - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/81/book/1994.md"
canonical: "https://quranpedia.net/surah/1/81/book/1994"
surah_id: "81"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة التكوير - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/81/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة التكوير - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/81/book/1994*.

Translation of Surah التكوير from "الترجمة الأسامية" in الأسامية.

### الآية 81:1

> إِذَا الشَّمْسُ كُوِّرَتْ [81:1]

সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,

### الآية 81:2

> ﻿وَإِذَا النُّجُومُ انْكَدَرَتْ [81:2]

আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,

### الآية 81:3

> ﻿وَإِذَا الْجِبَالُ سُيِّرَتْ [81:3]

পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,

### الآية 81:4

> ﻿وَإِذَا الْعِشَارُ عُطِّلَتْ [81:4]

আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,

### الآية 81:5

> ﻿وَإِذَا الْوُحُوشُ حُشِرَتْ [81:5]

আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,

### الآية 81:6

> ﻿وَإِذَا الْبِحَارُ سُجِّرَتْ [81:6]

আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,

### الآية 81:7

> ﻿وَإِذَا النُّفُوسُ زُوِّجَتْ [81:7]

আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,

### الآية 81:8

> ﻿وَإِذَا الْمَوْءُودَةُ سُئِلَتْ [81:8]

আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,

### الآية 81:9

> ﻿بِأَيِّ ذَنْبٍ قُتِلَتْ [81:9]

কি অপৰাধত তাইক হত্যা কৰা হৈছিল?

### الآية 81:10

> ﻿وَإِذَا الصُّحُفُ نُشِرَتْ [81:10]

আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,

### الآية 81:11

> ﻿وَإِذَا السَّمَاءُ كُشِطَتْ [81:11]

আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,

### الآية 81:12

> ﻿وَإِذَا الْجَحِيمُ سُعِّرَتْ [81:12]

আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,

### الآية 81:13

> ﻿وَإِذَا الْجَنَّةُ أُزْلِفَتْ [81:13]

আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব,

### الآية 81:14

> ﻿عَلِمَتْ نَفْسٌ مَا أَحْضَرَتْ [81:14]

তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।

### الآية 81:15

> ﻿فَلَا أُقْسِمُ بِالْخُنَّسِ [81:15]

এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,

### الآية 81:16

> ﻿الْجَوَارِ الْكُنَّسِ [81:16]

যিবোৰ গতিশীল, অদৃশ্য,

### الآية 81:17

> ﻿وَاللَّيْلِ إِذَا عَسْعَسَ [81:17]

আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,

### الآية 81:18

> ﻿وَالصُّبْحِ إِذَا تَنَفَّسَ [81:18]

আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,

### الآية 81:19

> ﻿إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ [81:19]

নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী।

### الآية 81:20

> ﻿ذِي قُوَّةٍ عِنْدَ ذِي الْعَرْشِ مَكِينٍ [81:20]

যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,

### الآية 81:21

> ﻿مُطَاعٍ ثَمَّ أَمِينٍ [81:21]

মান্যবৰ, তাত তেওঁ বিশ্বস্ত।

### الآية 81:22

> ﻿وَمَا صَاحِبُكُمْ بِمَجْنُونٍ [81:22]

আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,

### الآية 81:23

> ﻿وَلَقَدْ رَآهُ بِالْأُفُقِ الْمُبِينِ [81:23]

আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে,

### الآية 81:24

> ﻿وَمَا هُوَ عَلَى الْغَيْبِ بِضَنِينٍ [81:24]

আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।

### الآية 81:25

> ﻿وَمَا هُوَ بِقَوْلِ شَيْطَانٍ رَجِيمٍ [81:25]

আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।

### الآية 81:26

> ﻿فَأَيْنَ تَذْهَبُونَ [81:26]

এতেকে তোমালোকে কোনফালে গতি কৰিছা?

### الآية 81:27

> ﻿إِنْ هُوَ إِلَّا ذِكْرٌ لِلْعَالَمِينَ [81:27]

এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী,

### الآية 81:28

> ﻿لِمَنْ شَاءَ مِنْكُمْ أَنْ يَسْتَقِيمَ [81:28]

তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।

### الآية 81:29

> ﻿وَمَا تَشَاءُونَ إِلَّا أَنْ يَشَاءَ اللَّهُ رَبُّ الْعَالَمِينَ [81:29]

তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়া লৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/81.md)
- [كل تفاسير سورة التكوير
](https://quranpedia.net/surah-tafsir/81.md)
- [ترجمات سورة التكوير
](https://quranpedia.net/translations/81.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/81/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
