---
title: "ترجمة سورة الإنفطار - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/82/book/1994.md"
canonical: "https://quranpedia.net/surah/1/82/book/1994"
surah_id: "82"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الإنفطار - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/82/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الإنفطار - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/82/book/1994*.

Translation of Surah الإنفطار from "الترجمة الأسامية" in الأسامية.

### الآية 82:1

> إِذَا السَّمَاءُ انْفَطَرَتْ [82:1]

যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,

### الآية 82:2

> ﻿وَإِذَا الْكَوَاكِبُ انْتَثَرَتْ [82:2]

আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,

### الآية 82:3

> ﻿وَإِذَا الْبِحَارُ فُجِّرَتْ [82:3]

আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,

### الآية 82:4

> ﻿وَإِذَا الْقُبُورُ بُعْثِرَتْ [82:4]

আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,

### الآية 82:5

> ﻿عَلِمَتْ نَفْسٌ مَا قَدَّمَتْ وَأَخَّرَتْ [82:5]

তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।

### الآية 82:6

> ﻿يَا أَيُّهَا الْإِنْسَانُ مَا غَرَّكَ بِرَبِّكَ الْكَرِيمِ [82:6]

হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?

### الآية 82:7

> ﻿الَّذِي خَلَقَكَ فَسَوَّاكَ فَعَدَلَكَ [82:7]

যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,

### الآية 82:8

> ﻿فِي أَيِّ صُورَةٍ مَا شَاءَ رَكَّبَكَ [82:8]

আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।

### الآية 82:9

> ﻿كَلَّا بَلْ تُكَذِّبُونَ بِالدِّينِ [82:9]

কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;

### الآية 82:10

> ﻿وَإِنَّ عَلَيْكُمْ لَحَافِظِينَ [82:10]

আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;

### الآية 82:11

> ﻿كِرَامًا كَاتِبِينَ [82:11]

সন্মানিত লেখক বৃন্দ;

### الآية 82:12

> ﻿يَعْلَمُونَ مَا تَفْعَلُونَ [82:12]

তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।

### الآية 82:13

> ﻿إِنَّ الْأَبْرَارَ لَفِي نَعِيمٍ [82:13]

নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সূখ-শান্তিত।

### الآية 82:14

> ﻿وَإِنَّ الْفُجَّارَ لَفِي جَحِيمٍ [82:14]

আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।

### الآية 82:15

> ﻿يَصْلَوْنَهَا يَوْمَ الدِّينِ [82:15]

সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব;

### الآية 82:16

> ﻿وَمَا هُمْ عَنْهَا بِغَائِبِينَ [82:16]

আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।

### الآية 82:17

> ﻿وَمَا أَدْرَاكَ مَا يَوْمُ الدِّينِ [82:17]

আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?

### الآية 82:18

> ﻿ثُمَّ مَا أَدْرَاكَ مَا يَوْمُ الدِّينِ [82:18]

আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?

### الآية 82:19

> ﻿يَوْمَ لَا تَمْلِكُ نَفْسٌ لِنَفْسٍ شَيْئًا ۖ وَالْأَمْرُ يَوْمَئِذٍ لِلَّهِ [82:19]

সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/82.md)
- [كل تفاسير سورة الإنفطار
](https://quranpedia.net/surah-tafsir/82.md)
- [ترجمات سورة الإنفطار
](https://quranpedia.net/translations/82.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/82/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
