---
title: "ترجمة سورة المطفّفين - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/83/book/1994.md"
canonical: "https://quranpedia.net/surah/1/83/book/1994"
surah_id: "83"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة المطفّفين - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/83/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة المطفّفين - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/83/book/1994*.

Translation of Surah المطفّفين from "الترجمة الأسامية" in الأسامية.

### الآية 83:1

> وَيْلٌ لِلْمُطَفِّفِينَ [83:1]

ধ্বংস সিহঁতৰ বাবে যিহঁতে জোখ-মাখত কম দিয়ে,

### الآية 83:2

> ﻿الَّذِينَ إِذَا اكْتَالُوا عَلَى النَّاسِ يَسْتَوْفُونَ [83:2]

যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,

### الآية 83:3

> ﻿وَإِذَا كَالُوهُمْ أَوْ وَزَنُوهُمْ يُخْسِرُونَ [83:3]

আৰু যেতিয়া সিহঁতক মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।

### الآية 83:4

> ﻿أَلَا يَظُنُّ أُولَٰئِكَ أَنَّهُمْ مَبْعُوثُونَ [83:4]

সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?

### الآية 83:5

> ﻿لِيَوْمٍ عَظِيمٍ [83:5]

মহাদিৱসত।

### الآية 83:6

> ﻿يَوْمَ يَقُومُ النَّاسُ لِرَبِّ الْعَالَمِينَ [83:6]

যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।

### الآية 83:7

> ﻿كَلَّا إِنَّ كِتَابَ الْفُجَّارِ لَفِي سِجِّينٍ [83:7]

কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।

### الآية 83:8

> ﻿وَمَا أَدْرَاكَ مَا سِجِّينٌ [83:8]

আৰু কিহে তোমাক জনাব ছিজ্জিন কি?

### الآية 83:9

> ﻿كِتَابٌ مَرْقُومٌ [83:9]

চিহ্নিত আমলনামা।

### الآية 83:10

> ﻿وَيْلٌ يَوْمَئِذٍ لِلْمُكَذِّبِينَ [83:10]

সেইদিনা ধ্বংস অস্বীকাৰকাৰীসকলৰ বাবে,

### الآية 83:11

> ﻿الَّذِينَ يُكَذِّبُونَ بِيَوْمِ الدِّينِ [83:11]

যিহঁতে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।

### الآية 83:12

> ﻿وَمَا يُكَذِّبُ بِهِ إِلَّا كُلُّ مُعْتَدٍ أَثِيمٍ [83:12]

আৰু কেৱল প্ৰত্যেক পাপিষ্ঠ সীমালঙ্ঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।

### الآية 83:13

> ﻿إِذَا تُتْلَىٰ عَلَيْهِ آيَاتُنَا قَالَ أَسَاطِيرُ الْأَوَّلِينَ [83:13]

আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।

### الآية 83:14

> ﻿كَلَّا ۖ بَلْ ۜ رَانَ عَلَىٰ قُلُوبِهِمْ مَا كَانُوا يَكْسِبُونَ [83:14]

কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰ ধৰিছে।

### الآية 83:15

> ﻿كَلَّا إِنَّهُمْ عَنْ رَبِّهِمْ يَوْمَئِذٍ لَمَحْجُوبُونَ [83:15]

কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।

### الآية 83:16

> ﻿ثُمَّ إِنَّهُمْ لَصَالُو الْجَحِيمِ [83:16]

তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;

### الآية 83:17

> ﻿ثُمَّ يُقَالُ هَٰذَا الَّذِي كُنْتُمْ بِهِ تُكَذِّبُونَ [83:17]

তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

### الآية 83:18

> ﻿كَلَّا إِنَّ كِتَابَ الْأَبْرَارِ لَفِي عِلِّيِّينَ [83:18]

কেতিয়াও নহয়, নিশ্চয় পূ্ণ্যবানলোকসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।

### الآية 83:19

> ﻿وَمَا أَدْرَاكَ مَا عِلِّيُّونَ [83:19]

আৰু কিহে তোমাক জনাব ইল্লিয়্যীন কি?

### الآية 83:20

> ﻿كِتَابٌ مَرْقُومٌ [83:20]

চিহ্নিত আমলনামা।

### الآية 83:21

> ﻿يَشْهَدُهُ الْمُقَرَّبُونَ [83:21]

সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।

### الآية 83:22

> ﻿إِنَّ الْأَبْرَارَ لَفِي نَعِيمٍ [83:22]

নিশ্চয় পূণ্যবানসকলেই থাকিব পৰম সূখ-শান্তিত,

### الآية 83:23

> ﻿عَلَى الْأَرَائِكِ يَنْظُرُونَ [83:23]

সুসজ্জিত আসনত বহি দৰ্শন কৰিব।

### الآية 83:24

> ﻿تَعْرِفُ فِي وُجُوهِهِمْ نَضْرَةَ النَّعِيمِ [83:24]

তুমি সিহঁতৰ মুখমণ্ডলত সূখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,

### الآية 83:25

> ﻿يُسْقَوْنَ مِنْ رَحِيقٍ مَخْتُومٍ [83:25]

সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;

### الآية 83:26

> ﻿خِتَامُهُ مِسْكٌ ۚ وَفِي ذَٰلِكَ فَلْيَتَنَافَسِ الْمُتَنَافِسُونَ [83:26]

আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগীতা কৰা উচিত।

### الآية 83:27

> ﻿وَمِزَاجُهُ مِنْ تَسْنِيمٍ [83:27]

আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ,

### الآية 83:28

> ﻿عَيْنًا يَشْرَبُ بِهَا الْمُقَرَّبُونَ [83:28]

(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।

### الآية 83:29

> ﻿إِنَّ الَّذِينَ أَجْرَمُوا كَانُوا مِنَ الَّذِينَ آمَنُوا يَضْحَكُونَ [83:29]

নিশ্চয় যিহঁতে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,

### الآية 83:30

> ﻿وَإِذَا مَرُّوا بِهِمْ يَتَغَامَزُونَ [83:30]

আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।

### الآية 83:31

> ﻿وَإِذَا انْقَلَبُوا إِلَىٰ أَهْلِهِمُ انْقَلَبُوا فَكِهِينَ [83:31]

আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উত্ফল্লিত হৈ উভতিছিল,

### الآية 83:32

> ﻿وَإِذَا رَأَوْهُمْ قَالُوا إِنَّ هَٰؤُلَاءِ لَضَالُّونَ [83:32]

আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।

### الآية 83:33

> ﻿وَمَا أُرْسِلُوا عَلَيْهِمْ حَافِظِينَ [83:33]

অথচ সিহঁতক মুমিনসকলৰ তত্ত্ববধায়ক হিচাপে পঠোৱা হোৱা নাই।

### الآية 83:34

> ﻿فَالْيَوْمَ الَّذِينَ آمَنُوا مِنَ الْكُفَّارِ يَضْحَكُونَ [83:34]

এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।

### الآية 83:35

> ﻿عَلَى الْأَرَائِكِ يَنْظُرُونَ [83:35]

সুসজ্জিত আসনত বহি সিহঁতে চাই থাকিব।

### الآية 83:36

> ﻿هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوا يَفْعَلُونَ [83:36]

কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/83.md)
- [كل تفاسير سورة المطفّفين
](https://quranpedia.net/surah-tafsir/83.md)
- [ترجمات سورة المطفّفين
](https://quranpedia.net/translations/83.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/83/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
