---
title: "ترجمة سورة البروج - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/85/book/1994.md"
canonical: "https://quranpedia.net/surah/1/85/book/1994"
surah_id: "85"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة البروج - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/85/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة البروج - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/85/book/1994*.

Translation of Surah البروج from "الترجمة الأسامية" in الأسامية.

### الآية 85:1

> وَالسَّمَاءِ ذَاتِ الْبُرُوجِ [85:1]

শপত বুৰূজবিশিষ্ট আকাশৰ,

### الآية 85:2

> ﻿وَالْيَوْمِ الْمَوْعُودِ [85:2]

শপত প্ৰতিশ্ৰুতিকৃত দিনৰ,

### الآية 85:3

> ﻿وَشَاهِدٍ وَمَشْهُودٍ [85:3]

শপত দ্ৰষ্টা আৰু দৃষ্টৰ,

### الآية 85:4

> ﻿قُتِلَ أَصْحَابُ الْأُخْدُودِ [85:4]

অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,

### الآية 85:5

> ﻿النَّارِ ذَاتِ الْوَقُودِ [85:5]

য’ত আছিল ইন্ধনপূৰ্ণ জুই।

### الآية 85:6

> ﻿إِذْ هُمْ عَلَيْهَا قُعُودٌ [85:6]

যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;

### الآية 85:7

> ﻿وَهُمْ عَلَىٰ مَا يَفْعَلُونَ بِالْمُؤْمِنِينَ شُهُودٌ [85:7]

আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।

### الآية 85:8

> ﻿وَمَا نَقَمُوا مِنْهُمْ إِلَّا أَنْ يُؤْمِنُوا بِاللَّهِ الْعَزِيزِ الْحَمِيدِ [85:8]

আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,

### الآية 85:9

> ﻿الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ شَهِيدٌ [85:9]

যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।

### الآية 85:10

> ﻿إِنَّ الَّذِينَ فَتَنُوا الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ثُمَّ لَمْ يَتُوبُوا فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ الْحَرِيقِ [85:10]

নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।

### الآية 85:11

> ﻿إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ جَنَّاتٌ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۚ ذَٰلِكَ الْفَوْزُ الْكَبِيرُ [85:11]

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত; এইটোৱে মহাসাফল্য।

### الآية 85:12

> ﻿إِنَّ بَطْشَ رَبِّكَ لَشَدِيدٌ [85:12]

নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।

### الآية 85:13

> ﻿إِنَّهُ هُوَ يُبْدِئُ وَيُعِيدُ [85:13]

তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,

### الآية 85:14

> ﻿وَهُوَ الْغَفُورُ الْوَدُودُ [85:14]

নিশ্চয় তেওঁ ক্ষমাশীল, অতিস্নেহশীল।

### الآية 85:15

> ﻿ذُو الْعَرْشِ الْمَجِيدُ [85:15]

আৰছৰ অধিপতি, সন্মানিত।

### الآية 85:16

> ﻿فَعَّالٌ لِمَا يُرِيدُ [85:16]

তেওঁ যি বিচাৰে সেইটোৱে কৰে।

### الآية 85:17

> ﻿هَلْ أَتَاكَ حَدِيثُ الْجُنُودِ [85:17]

তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহিছেনে?

### الآية 85:18

> ﻿فِرْعَوْنَ وَثَمُودَ [85:18]

ফিৰআউনৰ আৰু ছামূদৰ।

### الآية 85:19

> ﻿بَلِ الَّذِينَ كَفَرُوا فِي تَكْذِيبٍ [85:19]

তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;

### الآية 85:20

> ﻿وَاللَّهُ مِنْ وَرَائِهِمْ مُحِيطٌ [85:20]

আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।

### الآية 85:21

> ﻿بَلْ هُوَ قُرْآنٌ مَجِيدٌ [85:21]

প্ৰকৃততে ই সন্মানিত কোৰআন,

### الآية 85:22

> ﻿فِي لَوْحٍ مَحْفُوظٍ [85:22]

সুৰক্ষিত ফলকত লিপিবদ্ধ।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/85.md)
- [كل تفاسير سورة البروج
](https://quranpedia.net/surah-tafsir/85.md)
- [ترجمات سورة البروج
](https://quranpedia.net/translations/85.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/85/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
