---
title: "ترجمة سورة الليل - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/92/book/1994.md"
canonical: "https://quranpedia.net/surah/1/92/book/1994"
surah_id: "92"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الليل - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/92/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الليل - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/92/book/1994*.

Translation of Surah الليل from "الترجمة الأسامية" in الأسامية.

### الآية 92:1

> وَاللَّيْلِ إِذَا يَغْشَىٰ [92:1]

শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,

### الآية 92:2

> ﻿وَالنَّهَارِ إِذَا تَجَلَّىٰ [92:2]

শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,

### الآية 92:3

> ﻿وَمَا خَلَقَ الذَّكَرَ وَالْأُنْثَىٰ [92:3]

আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে।

### الآية 92:4

> ﻿إِنَّ سَعْيَكُمْ لَشَتَّىٰ [92:4]

নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।

### الآية 92:5

> ﻿فَأَمَّا مَنْ أَعْطَىٰ وَاتَّقَىٰ [92:5]

এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে,

### الآية 92:6

> ﻿وَصَدَّقَ بِالْحُسْنَىٰ [92:6]

আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে,

### الآية 92:7

> ﻿فَسَنُيَسِّرُهُ لِلْيُسْرَىٰ [92:7]

আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম।

### الآية 92:8

> ﻿وَأَمَّا مَنْ بَخِلَ وَاسْتَغْنَىٰ [92:8]

আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে,

### الآية 92:9

> ﻿وَكَذَّبَ بِالْحُسْنَىٰ [92:9]

আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে,

### الآية 92:10

> ﻿فَسَنُيَسِّرُهُ لِلْعُسْرَىٰ [92:10]

আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম।

### الآية 92:11

> ﻿وَمَا يُغْنِي عَنْهُ مَالُهُ إِذَا تَرَدَّىٰ [92:11]

আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব।

### الآية 92:12

> ﻿إِنَّ عَلَيْنَا لَلْهُدَىٰ [92:12]

নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য।

### الآية 92:13

> ﻿وَإِنَّ لَنَا لَلْآخِرَةَ وَالْأُولَىٰ [92:13]

নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।

### الآية 92:14

> ﻿فَأَنْذَرْتُكُمْ نَارًا تَلَظَّىٰ [92:14]

এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো।

### الآية 92:15

> ﻿لَا يَصْلَاهَا إِلَّا الْأَشْقَى [92:15]

তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য,

### الآية 92:16

> ﻿الَّذِي كَذَّبَ وَتَوَلَّىٰ [92:16]

যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।

### الآية 92:17

> ﻿وَسَيُجَنَّبُهَا الْأَتْقَى [92:17]

আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,

### الآية 92:18

> ﻿الَّذِي يُؤْتِي مَالَهُ يَتَزَكَّىٰ [92:18]

যিয়ে আত্মশুদ্ধিৰ বাবে নিজ সম্পদ দান কৰে,

### الآية 92:19

> ﻿وَمَا لِأَحَدٍ عِنْدَهُ مِنْ نِعْمَةٍ تُجْزَىٰ [92:19]

আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,

### الآية 92:20

> ﻿إِلَّا ابْتِغَاءَ وَجْهِ رَبِّهِ الْأَعْلَىٰ [92:20]

কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;

### الآية 92:21

> ﻿وَلَسَوْفَ يَرْضَىٰ [92:21]

আৰু অনতিপলমে সি সন্তুষ্টি লাভ কৰিব।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/92.md)
- [كل تفاسير سورة الليل
](https://quranpedia.net/surah-tafsir/92.md)
- [ترجمات سورة الليل
](https://quranpedia.net/translations/92.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/92/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
