---
title: "ترجمة سورة العلق - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/96/book/1994.md"
canonical: "https://quranpedia.net/surah/1/96/book/1994"
surah_id: "96"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة العلق - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/96/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة العلق - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/96/book/1994*.

Translation of Surah العلق from "الترجمة الأسامية" in الأسامية.

### الآية 96:1

> اقْرَأْ بِاسْمِ رَبِّكَ الَّذِي خَلَقَ [96:1]

পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে,

### الآية 96:2

> ﻿خَلَقَ الْإِنْسَانَ مِنْ عَلَقٍ [96:2]

তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।

### الآية 96:3

> ﻿اقْرَأْ وَرَبُّكَ الْأَكْرَمُ [96:3]

পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।

### الآية 96:4

> ﻿الَّذِي عَلَّمَ بِالْقَلَمِ [96:4]

যিজনে কলমৰ সহায়ত শিক্ষা দিছে।

### الآية 96:5

> ﻿عَلَّمَ الْإِنْسَانَ مَا لَمْ يَعْلَمْ [96:5]

তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।

### الآية 96:6

> ﻿كَلَّا إِنَّ الْإِنْسَانَ لَيَطْغَىٰ [96:6]

বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।

### الآية 96:7

> ﻿أَنْ رَآهُ اسْتَغْنَىٰ [96:7]

কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।

### الآية 96:8

> ﻿إِنَّ إِلَىٰ رَبِّكَ الرُّجْعَىٰ [96:8]

নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।

### الآية 96:9

> ﻿أَرَأَيْتَ الَّذِي يَنْهَىٰ [96:9]

তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।

### الآية 96:10

> ﻿عَبْدًا إِذَا صَلَّىٰ [96:10]

এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।

### الآية 96:11

> ﻿أَرَأَيْتَ إِنْ كَانَ عَلَى الْهُدَىٰ [96:11]

কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত,

### الآية 96:12

> ﻿أَوْ أَمَرَ بِالتَّقْوَىٰ [96:12]

অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)

### الآية 96:13

> ﻿أَرَأَيْتَ إِنْ كَذَّبَ وَتَوَلَّىٰ [96:13]

কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,

### الآية 96:14

> ﻿أَلَمْ يَعْلَمْ بِأَنَّ اللَّهَ يَرَىٰ [96:14]

সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?

### الآية 96:15

> ﻿كَلَّا لَئِنْ لَمْ يَنْتَهِ لَنَسْفَعًا بِالنَّاصِيَةِ [96:15]

কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম।

### الآية 96:16

> ﻿نَاصِيَةٍ كَاذِبَةٍ خَاطِئَةٍ [96:16]

মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।

### الآية 96:17

> ﻿فَلْيَدْعُ نَادِيَهُ [96:17]

এতেকে সি নিজ পৰিষদক মাতি আনক।

### الآية 96:18

> ﻿سَنَدْعُ الزَّبَانِيَةَ [96:18]

অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।

### الآية 96:19

> ﻿كَلَّا لَا تُطِعْهُ وَاسْجُدْ وَاقْتَرِبْ ۩ [96:19]

কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/96.md)
- [كل تفاسير سورة العلق
](https://quranpedia.net/surah-tafsir/96.md)
- [ترجمات سورة العلق
](https://quranpedia.net/translations/96.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/96/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
