سورة البينة

الترجمة الأسامية

الترجمة الأسامية kitabından الأسامية dilində البينة surəsinin tərcüməsi

الترجمة الأسامية

আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছে আৰু মুশ্বৰিকসকল, সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।
আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱাত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,
Verse 3
য’ত আছে সঠিক বিধিবদ্ধ বিধান।
আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতে বিভক্ত হ’ল সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহাৰ পিছত।
আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।
নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকল জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; এওঁলোকেই হৈছে নিকৃষ্ট সৃষ্টি।
নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক কাম কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰষ্কাৰ আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এইটো তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।
تقدم القراءة