যদি সহজতে সম্পদ লাভৰ আশা থাকিলেহেঁতেন আৰু ভ্ৰমণ সুগম হ’লেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথ সুদীৰ্ঘ বুলি ভাৱিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘পাৰিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোহেঁতেন’। সিহঁতে নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।


الصفحة التالية
Icon