আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু তেওঁৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু সিহঁতৰ ওচৰে পাজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত সিহঁতক যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা সিহঁতৰ এনেকুৱা প্ৰতিটো পদক্ষেপ যিটো শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেয়া সিহঁতৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।