سورة الليل

الترجمة الأسامية

Übersetzung der Sure Al-Lail - Die Nacht auf الأسامية aus الترجمة الأسامية

الترجمة الأسامية

Verse 1
শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,
Verse 2
শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,
Verse 3
আৰু শপত সেই সত্তাৰ, যিজনে নৰ আৰু নাৰী সৃষ্টি কৰিছে।
Verse 4
নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।
Verse 5
এতেকে কোনোবাই দান কৰিলে আৰু তাক্বৱা অৱলম্বন কৰিলে,
Verse 6
আৰু যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰিলে,
Verse 7
আমি তাৰ বাবে সহজ পথত চলা সুগম কৰি দিম।
Verse 8
আৰু কোনোবাই কৃপণালি কৰিলে আৰু নিজকে অমুখাপেক্ষী ভাবিলে,
Verse 9
আৰু যি উত্তম তাক অস্বীকাৰ কৰিলে,
Verse 10
আমি তাৰ বাবে কঠিন পথত চলা সুগম কৰি দিম।
আৰু তাৰ সম্পদ তাৰ কোনো কামত নাহিব, যেতিয়া সি ধ্বংস হ’ব।
Verse 12
নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে আমাৰ কৰ্তব্য।
Verse 13
নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।
Verse 14
এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো।
Verse 15
তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যি হ’ব চৰম হতভাগ্য,
Verse 16
যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।
Verse 17
আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,
Verse 18
যিয়ে আত্মশুদ্ধিৰ বাবে নিজ সম্পদ দান কৰে,
আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,
কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;
Verse 21
আৰু অনতিপলমে সি সন্তুষ্টি লাভ কৰিব।
تقدم القراءة