سورة البلد

الترجمة الأسامية

Traduction de la Sourate La cité en الأسامية de الترجمة الأسامية

الترجمة الأسامية

Verse 1
মই শপত কৰিছো এই নগৰখনৰ,
Verse 2
আৰু তুমি এই নগৰৰ অধিবাসী,
Verse 3
শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে।
নিসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ-কষ্টৰ মাজত।
সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহ’ব?
Verse 6
সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছো'।
সি ভাবে নেকি যে, কোনেও তাক দেখা নাই?
Verse 8
তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে?
Verse 9
এখন জিভা আৰু দুটা ওঁঠ?
Verse 10
আৰু আমি তাক দুটা পথ দেখুৱাইছো।
Verse 11
কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।
Verse 12
আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?
Verse 13
সেইটো হৈছে, দাসমুক্তি।
অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,
Verse 15
নিকটাত্মীয় এতীমক,
Verse 16
অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,
তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;
Verse 18
এওঁলোকেই সৌভাগ্যশালী।
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য।
Verse 20
সিহঁত অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।
تقدم القراءة