سورة الشمس

الترجمة الأسامية

תרגום סורה الشمس בالأسامية מالترجمة الأسامية

الترجمة الأسامية

Verse 1
শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,
Verse 2
শপত চন্দ্ৰৰ যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়,
Verse 3
দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে,
Verse 4
ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
Verse 5
শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,
Verse 6
পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,
Verse 7
শপত নফছৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,
Verse 8
তাৰ পিছত ইয়াক তাৰ সত্কামৰ আৰু অসত্কামৰ জ্ঞান দান কৰিছে,
Verse 9
নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
Verse 10
আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
Verse 11
ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।
Verse 12
যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল,
তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।
Verse 15
আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।
تقدم القراءة