سورة الإنسان

الترجمة الأسامية

Traduzione della Sura الإنسان in الأسامية da الترجمة الأسامية

الترجمة الأسامية

কালপ্ৰবাহত মানুহৰ ওপৰত এনে এটা সময় অহা নাইনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?
আমি মানুহক সৃষ্টি কৰিছো মিশ্ৰ শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি সম্পন্ন বনাইছো।
নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছো, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।
নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো শিকলি, গলবেৰি আৰু লেলিহান জুই।
নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনে পূৰ্ণপাত্ৰৰ পৰা যাৰ মিশ্ৰন হ’ব কাফূৰ।
এনেকুৱা এটা নিজৰা য’ৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, সিহঁতে ইয়াক নিজ ইচ্ছামতে প্ৰবাহিত কৰিব।
(কাৰণ) সিহঁতে মান্নত পূৰণ কৰে, আৰু সেই দিনটোক ভয় কৰে যি দিনটোৰ অকল্যাণ হ’ব সুবিস্তৃত।
সিহঁতে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।
সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰো আৰু কৃতজ্ঞতাও নিবিচাৰো।
নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰো’।
ফলত আল্লাহে সিহঁতক ৰক্ষা কৰিব সেই দিনৰ অনিষ্টৰ পৰা আৰু সিহঁতক প্ৰদান কৰিব উজ্জ্বলতা আৰু উৎফুল্লতা।
আৰু সিহঁতৰ ধৈৰ্যৰ পুৰষ্কাৰস্বৰূপে তেওঁ সিহঁতক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।
তাত সিহঁতে সুসজ্জিত আসনত আউজি বহি থাকিব, তাত সিহঁতে প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।
সিহঁতৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ আৰু ইয়াৰ ফলমূলৰ থোকবোৰ সিহঁতৰ সম্পূৰ্ণ আয়ত্তাধীন কৰা হ’ব।
আৰু সিহঁতক ঘুৰি ঘুৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-
ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, সিহঁতে ইয়াৰ পৰিমাণ কৰিব সম্পূৰ্ণ পৰিমিতভাৱে।
আৰু তাত সিহঁতক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,
Verse 18
জান্নাতৰ এনেকুৱা এটা নিজৰা যাৰ নাম হ’ব ছালছাবীল।
আৰু সিহঁতৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকলে; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিৰাট সাম্ৰাজ্য।
সিহঁতৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু সিহঁত অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু সিহঁতৰ প্ৰতিপালকে সিহঁতক পৱিত্ৰ পানীয় পান কৰাব।
নিশ্চয় এইটোৱে তোমালোকৰ পুৰষ্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।
নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছো।
এতেকে তুমি ধৈৰ্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ পৰা কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।
আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা আৰু ৰাতিৰ দীৰ্ঘ সময় তেওঁৰ পৱিত্ৰতা ঘোষণা আৰু তাছবীহ পাঠ কৰা।
নিশ্চয় সিহঁত পৃথিৱীৰ জীৱনক ভাল পায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিনটোক উপেক্ষা কৰে।
আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছো। আৰু আমি যেতিয়া ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰে (কাৰোবাক) আনি পৰিবৰ্তন কৰি দিম।
নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে যোৱাৰ পথ বাছি লয়।
আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
তেওঁ যাক ইচ্ছা তাকেই নিজ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
تقدم القراءة