سورة الطارق

الترجمة الأسامية

الترجمة الأسامية からの الأسامية での第 الطارق 章の翻訳

الترجمة الأسامية

Verse 1
শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;
Verse 2
আৰু কিহে তোমাক জনাব যে, ‘ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে’ সেয়া নো কি?
Verse 3
(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।
প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে।
Verse 5
এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!
Verse 6
তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে,
যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।
Verse 8
নিশ্চয় তেওঁ তাক উভতাই আনিবলৈ সক্ষম।
Verse 9
যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,
সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।
Verse 11
শপত আকাশৰ যিয়ে বৰষুণ ধাৰণ কৰে,
Verse 12
শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,
Verse 13
নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।
Verse 14
আৰু এইটো নিৰৰ্থক নহয়।
Verse 15
নিশ্চয় সিহঁত ভীষণ ষড়যন্ত্ৰ কৰে,
Verse 16
আৰু ময়ো ভীষণ কৌশল কৰিছো।
Verse 17
এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।
تقدم القراءة