سورة البروج

الترجمة الأسامية

Salin ng Sura Ang Malalaking Buntala sa الأسامية mula sa الترجمة الأسامية

الترجمة الأسامية

Verse 1
শপত বুৰূজবিশিষ্ট আকাশৰ,
Verse 2
শপত প্ৰতিশ্ৰুতিকৃত দিনৰ,
Verse 3
শপত দ্ৰষ্টা আৰু দৃষ্টৰ,
Verse 4
অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,
Verse 5
য’ত আছিল ইন্ধনপূৰ্ণ জুই।
Verse 6
যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;
আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।
আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,
যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত; এইটোৱে মহাসাফল্য।
Verse 12
নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।
Verse 13
তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,
Verse 14
নিশ্চয় তেওঁ ক্ষমাশীল, অতিস্নেহশীল।
Verse 15
আৰছৰ অধিপতি, সন্মানিত।
Verse 16
তেওঁ যি বিচাৰে সেইটোৱে কৰে।
Verse 17
তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহিছেনে?
Verse 18
ফিৰআউনৰ আৰু ছামূদৰ।
তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;
Verse 20
আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।
Verse 21
প্ৰকৃততে ই সন্মানিত কোৰআন,
Verse 22
সুৰক্ষিত ফলকত লিপিবদ্ধ।
تقدم القراءة