ﰁ
                    surah.translation
            .
            
    
                                    من تأليف: 
                                             الشيخ رفيق الإسلام حبيب الرحمن
                                                            .
                                                
            ﰡ
যেতিয়া আকাশ বিদীৰ্ণ হ’ব,
                                                                        আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
                                                                        আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
                                                                        আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
                                                                        আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
                                                                        হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।
                                                                        এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব;
                                                                        অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
                                                                        আৰু সি তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
                                                                        আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
                                                                        সি নিজৰ ধ্বংস আহ্বান কৰিব;
                                                                        
                                                                                                                
                                    ﮜﮝ
                                    ﰋ
                                                                        
                    আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
                                                                        নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল,
                                                                        নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
                                                                        হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
                                                                        এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
                                                                        ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
                                                                        আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
                                                                        অৱশ্যই তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
                                                                        কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
                                                                        আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
                                                                        বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
                                                                        আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
                                                                        সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া;
                                                                        কিন্তু যিসকলে ঈমান আনে আৰু সত্কৰ্ম কৰে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।