سورة العاديات

الترجمة الأسامية

ترجمة معاني سورة العاديات باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাসমূহৰ,
آية رقم 2
যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,
آية رقم 3
যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,
آية رقم 4
ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;
آية رقم 5
আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।
آية رقم 6
নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,
آية رقم 7
নিশ্চয় সি এই বিষয়ে সাক্ষী,
آية رقم 8
আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।
آية رقم 9
সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,
آية رقم 10
আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?
آية رقم 11
নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।
تقدم القراءة