ترجمة معاني سورة إبراهيم باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
আলিফ-লাম-ৰা, এইটো এখন কিতাব, আমি ইয়াক তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহক সিহঁতৰ প্ৰতিপালকৰ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আনিব পাৰা, সেই সত্তাৰ পথৰ পিনে যিজন পৰাক্ৰমশালী, সৰ্বপ্ৰশংসিত।
آية رقم 2
সেই আল্লাহৰ পথত, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সকলো বস্তুৰেই গৰাকী, আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তিৰ দুৰ্ভোগ,
آية رقم 3
যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় আৰু মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে, আৰু তাত বক্ৰতা সন্ধান কৰে; সিহঁতেই ঘোৰ বিভ্ৰান্তিত নিপতিত।
آية رقم 4
আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 5
আৰু অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনসহ প্ৰেৰণ কৰিছিলো আৰু কৈছিলো, ‘তোমাৰ সম্প্ৰদায়ক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আহা, আৰু সিহঁতক আল্লাহৰ দিনবোৰৰ (অৰ্থাৎ বিভিন্ন সম্প্ৰদায়ৰ শাস্তিৰ দিনবোৰৰ) দ্বাৰা উপদেশ দিয়া’। ইয়াত নিদৰ্শন আছে প্ৰত্যেক পৰম ধৈৰ্যশীল আৰু পৰম কৃতজ্ঞ ব্যক্তিৰ বাবে।
آية رقم 6
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।
آية رقم 7
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল, যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে অৱশ্যে মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু অকৃতজ্ঞ হ'লে নিশ্চয় মোৰ শাস্তি অতি কঠোৰ।
آية رقم 8
আৰু মুছাই কৈছিল, ‘তোমালোকে আৰু পৃথিৱীৰ সকলোৱে যদি অকৃতজ্ঞ হোৱা, তথাপিও নিশ্চয় আল্লাহ অভাৱমুক্ত, সৰ্বপ্ৰশংসিত’।
آية رقم 9
তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰবৰ্তীসকলৰ? যিসকলক আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি লৈ সিহঁতৰ ৰাছুলসকল আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজ মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিলো, আৰু নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।
آية رقم 10
সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপ মোচন কৰাৰ বাবে আৰু নিৰ্দিষ্ট কাল পৰ্যন্ত তোমালোকক অৱকাশ দিয়াৰ বাবে’। সিহঁতে ক’লে, ‘তোমালোকে হেনো আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰত কোনো অকাট্য প্ৰমাণ লৈ আহা’।
آية رقم 11
সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘সঁচা, আমি তোমালোকৰ দৰেই মানুহ কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতিবিহীন তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰাৰ ক্ষমতা আমাৰ মাজত নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলৰ তাৱাক্কুল (ভৰসা) কৰা উচিত।
آية رقم 12
‘আৰু আমাৰ কি হৈছে যে, আমি আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক আমাৰ পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, আমি তাৰ ওপৰত অৱশ্যে ধৈৰ্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰী সকলৰ কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।
آية رقم 13
আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা অৱশ্যে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিবা’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যে বিনাশ কৰিম’;
آية رقم 14
অৱশ্যে আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো তাৰ বাবে যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিৰ।
آية رقم 15
ﮣﮤﮥﮦﮧ
ﮨ
আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।
آية رقم 16
তাৰ সন্মুখত আছে জাহান্নাম আৰু তাক পান কৰোৱা হ’ব গলিত পূঁজ;
آية رقم 17
সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।
آية رقم 18
যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰে সিহঁতৰ উপমা হৈছে, সিহঁতৰ আমলবোৰ ভস্মৰ দৰে, যিবোৰ ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত সেইবোৰ উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই চৰম বিভ্ৰান্তি।
آية رقم 19
তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱে সৃষ্টি কৰিছে? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু নতুন এটা সৃষ্টিক অস্তিত্বত আনিব পাৰে,
آية رقم 20
ﭡﭢﭣﭤﭥ
ﭦ
আৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।
آية رقم 21
আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে যিসকলে অহংকাৰ কৰিছিল সিহঁতক ক’ব, ‘আমি তোমালোকৰ অনুসাৰী আছিলো, এতিয়া তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আমাক অলপ ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোহেঁতেন। এতিয়া আমি ধৈৰ্যচ্যুত হওঁ অথবা ধৈৰ্যশীল- উভয় অৱস্থাই আমাৰ বাবে সমান; আমাৰ পলোৱাৰ কোনো ঠাই নাই’।
آية رقم 22
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
آية رقم 23
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক প্ৰৱেশ কৰোৱা হ’ব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক নিজ প্ৰতিপালকৰ অনুমতিক্ৰমে স্থায়িত্ব লাভ কৰিব, তাত তেওঁলোকৰ অভিবাদন হ’ব ‘ছালাম’।
آية رقم 24
তুমি লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ উপমা দাঙি ধৰে? কলিমা তায়্যেবাৰ তুলনা উৎকৃষ্ট গছৰ দৰে, যাৰ মূল সুদৃঢ় আৰু যাৰ শাখা-প্ৰশাখা ওপৰত বিস্তৃত,
آية رقم 25
যিটো তাৰ প্ৰতিপালকৰ অনুমতিক্ৰমে সদায় তাৰ ফল দান কৰে; আৰু আল্লাহে মানুহৰ বাবে উপমা দাঙি ধৰে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে।
آية رقم 26
আৰু অসৎ বাক্যৰ তুলনা এটা বেয়া গছৰ দৰে, যাৰ মূল ভূপৃষ্ঠৰ পৰা বিচ্ছিন্নকৃত, যাৰ কোনো স্থায়িত্ব নাই।
آية رقم 27
যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব, আৰু যালিমসকলক বিভ্ৰান্তিত ৰাখিব। কাৰণ আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।
آية رقم 28
তুমি সিহঁতক দেখা নাইনে, যিসকলে আল্লাহৰ অনুগ্ৰহক কুফৰীৰ দ্বাৰা পৰিবৰ্তন কৰিছে? আৰু সিহঁতে নিজ সম্প্ৰদায়ক নমাই আনিছে ধ্বংসৰ আবাসত---
آية رقم 29
ﮐﮑﮒﮓﮔ
ﮕ
জাহান্নামত, যাৰ মাজত সিহঁত দগ্ধ হ’ব, আৰু কিমান যে নিকৃষ্ট এই আবাসস্থল!
آية رقم 30
আৰু সিহঁতে আল্লাহৰ বাবে সমকক্ষ নিৰ্ধাৰণ কৰে, যাতে সিহঁতে তেওঁৰ পথৰ পৰা (মানুহক) বিভ্ৰান্ত কৰিব পাৰে। কোৱা, ভোগ কৰি লোৱা, অৱশেষত জাহান্নামেই তোমালোকৰ গন্তব্যস্থল।
آية رقم 31
মোৰ বান্দাসকলৰ মাজত যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘ছালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ—সেই দিন অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয় নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’।
آية رقم 32
আল্লাহ সেইজন, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰে আৰু তেৱেঁই নৌযানক তোমালোকৰ অনুগত কৰি দিছে, যাতে তেওঁৰ নিৰ্দেশত সেইবোৰ সাগৰত বিচৰণ কৰে আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে নদীসমূহক।
آية رقم 33
আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত আৰু তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।
آية رقم 34
আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।
آية رقم 35
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে কৈছিল, ‘হে মোৰ ৰব! এই চহৰক নিৰাপদ কৰি দিয়া, মোক আৰু মোৰ পুত্ৰসকলক মূৰ্তি পূজাৰ পৰা দূৰৈত ৰখা’।
آية رقم 36
‘হে মোৰ ৰব! এইবোৰ মূৰ্তিয়ে বহু মানুহক বিভ্ৰান্ত কৰিছে। এতেকে যিয়ে মোৰ অনুসৰণ কৰিব তেওঁ মোৰ দলভুক্ত, আৰু যিয়ে মোৰ অবাধ্য হ’ব তেন্তে তুমিতো ক্ষমাশীল, পৰম দয়ালু’।
آية رقم 37
‘হে আমাৰ ৰব! নিশ্চয় মই মোৰ বংশৰ কিছুমান লোকক অনুৰ্বৰ উপত্যকাত, তোমাৰ পৱিত্ৰ ঘৰৰ ওচৰত বসবাস কৰালো। হে আমাৰ ৰব! এই কাৰণে যে, তেওঁলোকে যেন ছালাত কায়েম কৰে। এতেকে তুমি কিছুমান লোকৰ অন্তৰ তেওঁলোকৰ প্ৰতি অনুৰাগী কৰি দিয়া আৰু ফলমূলেৰে তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে’।
آية رقم 38
‘হে আমাৰ ৰব! নিশ্চয় তুমি জানা যিবোৰ আমি গোপন কৰো আৰু যি আমি প্ৰকাশ কৰো, আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।
آية رقم 39
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে মোক মোৰ বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্ব দান কৰিছে। নিশ্চয় মোৰ ৰব দুআ শ্ৰৱণকাৰী।
آية رقم 40
‘হে মোৰ ৰব! মোক ছালাত প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰ সকলৰ পৰাও। হে মোৰ ৰব! আৰু মোৰ দুআ কবুল কৰা’।
آية رقم 41
‘হে আমাৰ ৰব! যিদিনা হিচাব অনুষ্ঠিত হ’ব সেইদিনা মোক, আৰু মোৰ পিতৃ-মাতৃক লগতে মুমিনসকলক ক্ষমা কৰি দিবা’।
آية رقم 42
আৰু যালিমসকলে যি কৰে সেই বিষয়ে তুমি কেতিয়াও আল্লাহক অমনোযোগী বুলি নাভাবিবা, কিন্তু তেওঁ সিহঁতক সেই দিনলৈকে অৱকাশ দিয়ে যিদিনা সিহঁতৰ চকু (আতংকত) স্থিৰ হ’ব।
آية رقم 43
ভীত-বিহ্বল চিত্তে ওপৰৰ পিনে চাই সিহঁতে পলাবলৈ দৌৰিব, নিজৰ প্ৰতি সিহঁতৰ দৃষ্টি উভতি নাহিব, আৰু সিহঁতৰ অন্তৰ হ’ব উদাস, শূন্য।
آية رقم 44
আৰু যিদিনা সিহঁতৰ শাস্তি আহিব সেইদিন সম্পৰ্কে তুমি মানুহক সতৰ্ক কৰা, তেতিয়া অন্যায়কাৰীসকলে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক অলপ সময়ৰ বাবে অৱকাশ দিয়া, আমি তোমাৰ আহ্বানত সঁহাৰি দিম আৰু ৰাছুলসকলৰ অনুসৰণ কৰিম’। (উত্তৰত কোৱা হ’ব) কিয় তোমালোকে জানো ইয়াৰ আগত শপত কৰি কোৱা নাছিলা যে, তোমালোকৰ কেতিয়াও পতন নহয়?
آية رقم 45
আৰু তোমালোকে বাস কৰিছিলা সিহঁতৰ ভূমিত, যিসকলে নিজৰে প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি ধৰণৰ (আচৰণ) কৰিছিলো সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্তও উপস্থাপন কৰিছিলো।
آية رقم 46
আৰু সিহঁতে ভীষণ চক্ৰান্ত কৰিছিল, কিন্তু সিহঁতৰ চক্ৰান্ত ব্যৰ্থ কৰাৰ প্ৰতিকাৰ আল্লাহৰ ওচৰত আছে, তথাপিও সিহঁতৰ চক্ৰান্ত এনে নাছিল যে, পৰ্বতকো টলাব পাৰে।
آية رقم 47
এতেকে তুমি কেতিয়াও নাভাবিবা যে, আল্লাহে তেওঁৰ ৰাছুলসকলক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
آية رقم 48
যিদিনা এই পৃথিৱী ভিন্ন পৃথিৱীত ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহ উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
آية رقم 49
ﮭﮮﮯﮰﮱﯓ
ﯔ
সেইদিনা তুমি অপৰাধী বিলাকক পৰস্পৰ শিকলীৰে বান্ধি থোৱা অৱস্থাত দেখিবা,
آية رقم 50
ﯕﯖﯗﯘﯙﯚ
ﯛ
সিহঁতৰ পোছাক হ’ব আলকাতৰাৰ আৰু জুয়ে সিহঁতৰ মুখমণ্ডল আচ্ছন্ন কৰি ৰাখিব;
آية رقم 51
যাতে আল্লাহে প্ৰতিদান দিয়ে প্ৰত্যেক নফছক সি যি অৰ্জন কৰিছে। নিশ্চয় আল্লাহ হিচাব গ্ৰহণত অতি দ্ৰুত।
آية رقم 52
এইটো মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে, কেৱল তেৱেঁই একক সত্য ইলাহ আৰু যাতে বিবেক সম্পন্ন লোকে উপদেশ গ্ৰহণ কৰিব পাৰে।
تقدم القراءة