ترجمة معاني سورة القمر باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
ﮬﮭﮮﮯ
ﮰ
কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,
آية رقم 2
আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদু’।
آية رقم 3
আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।
آية رقم 4
আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী,
آية رقم 5
ﯪﯫﯬﯭﯮﯯ
ﯰ
এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।
آية رقم 6
এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,
آية رقم 7
অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেন সিহঁত বিক্ষিপ্ত ফৰিঙহে,
آية رقم 8
সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।
آية رقم 9
ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ এজন বলিয়া’, আৰু তেওঁক ভীতি প্ৰদৰ্শন কৰা হৈছিল।
آية رقم 10
ﭯﭰﭱﭲﭳ
ﭴ
তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।
آية رقم 11
ﭵﭶﭷﭸﭹ
ﭺ
ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলো,
آية رقم 12
আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলো; ফলত গোটেই পানী মিলিত হ’ল এটা পৰিকল্পনা অনুসাৰে।
آية رقم 13
ﮅﮆﮇﮈﮉ
ﮊ
আৰু আমি তাক (নূহক) কাঠ আৰু পেৰেক নিৰ্মিত নৌযানত আৰোহণ কৰালো।
آية رقم 14
ﮋﮌﮍﮎﮏﮐ
ﮑ
যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰষ্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।
آية رقم 15
ﮒﮓﮔﮕﮖﮗ
ﮘ
আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছো; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?
آية رقم 16
ﮙﮚﮛﮜ
ﮝ
এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
آية رقم 17
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
آية رقم 18
ﮦﮧﮨﮩﮪﮫ
ﮬ
আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
آية رقم 19
নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলো প্ৰচণ্ড শীতল ধুমুহা নিৰবিচ্ছিন্ন অমঙ্গল দিনত,
آية رقم 20
ﯘﯙﯚﯛﯜﯝ
ﯞ
সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।
آية رقم 21
ﯟﯠﯡﯢ
ﯣ
এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
آية رقم 22
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
آية رقم 23
ﯬﯭﯮ
ﯯ
ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
آية رقم 24
আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেহ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হম।
آية رقم 25
আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।
آية رقم 26
ﰅﰆﰇﰈﰉ
ﰊ
অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।
آية رقم 27
নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপ উট পঠাই আছো, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্যধাৰণ কৰা।
آية رقم 28
আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ অংশত উপস্থিত হ’ব।
آية رقم 29
ﭛﭜﭝﭞ
ﭟ
তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।
آية رقم 30
ﭠﭡﭢﭣ
ﭤ
এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
آية رقم 31
নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলো এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালী সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।
آية رقم 32
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
آية رقم 33
ﭶﭷﭸﭹ
ﭺ
লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।
آية رقم 34
নিশ্চয় আমি সিহঁতৰ ওপৰত শীল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলো, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত,
آية رقم 35
আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।
آية رقم 36
ﮏﮐﮑﮒﮓ
ﮔ
আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধান বাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।
آية رقم 37
আৰু নিশ্চয় সিহঁতে লূতৰ পৰা তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলো (আৰু ক’লো), মোৰ শাস্তি আৰু সাৱধান বাণীৰ সোৱাদ লোৱা।
آية رقم 38
ﮟﮠﮡﮢﮣ
ﮤ
আৰু নিশ্চয় পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল।
آية رقم 39
ﮥﮦﮧ
ﮨ
‘এতেকে মোৰ শাস্তি আৰু সাৱধান বাণীৰ পৰিণাম ভোগ কৰা’।
آية رقم 40
আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?
آية رقم 41
ﮱﯓﯔﯕﯖ
ﯗ
আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো সতৰ্ককাৰী আহিছিল;
آية رقم 42
সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিলে, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিলো।
آية رقم 43
তোমালোকৰ মাজৰ কাফিৰসকল সেইসকল কাফিৰতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?
آية رقم 44
ﯫﯬﯭﯮﯯ
ﯰ
নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজয় দল’?
آية رقم 45
ﯱﯲﯳﯴ
ﯵ
এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠ দেখুৱাই পলায়ন কৰিব,
آية رقم 46
ﯶﯷﯸﯹﯺﯻ
ﯼ
বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ;
آية رقم 47
ﯽﯾﯿﰀﰁ
ﰂ
নিশ্চয় অপৰাধীসকল বিভ্ৰান্তি আৰু শাস্তিত আছে।
آية رقم 48
যিদিনা সিহঁতক নাক চোঁচৰাই টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা’।
آية رقم 49
ﰍﰎﰏﰐﰑ
ﰒ
নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছো।
آية رقم 50
ﭑﭒﭓﭔﭕﭖ
ﭗ
আৰু আমাৰ আদেশ কেৱল এটা কথা, চকুৰ পলকৰ দৰে।
آية رقم 51
ﭘﭙﭚﭛﭜﭝ
ﭞ
আৰু আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছো; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?
آية رقم 52
ﭟﭠﭡﭢﭣ
ﭤ
আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,
آية رقم 53
ﭥﭦﭧﭨ
ﭩ
আৰু সকলো সৰু-বৰ কথা লিখিত আছে।
آية رقم 54
ﭪﭫﭬﭭﭮ
ﭯ
নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,
آية رقم 55
ﭰﭱﭲﭳﭴﭵ
ﭶ
যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।
تقدم القراءة