ترجمة معاني سورة النّور باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
এইটো এটা ছুৰা, এইটো আমি অৱতীৰ্ণ কৰিছো আৰু ইয়াৰ বিধানক আমি অৱশ্য পালনীয় কৰিছো, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছে সুস্পষ্ট আয়াতসমূহ যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
آية رقم 2
ব্যভিচাৰিণী আৰু ব্যভিচাৰী--- সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা। আল্লাহৰ বিধান কাৰ্যকৰী কৰণত সিহঁতৰ প্ৰতি দয়াই যেন তোমালোকক প্ৰভাৱিত নকৰে, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা; তেন্তে মুমিনসকলৰ এটা দল যাতে সিহঁতৰ শাস্তি (ৰ সময়ত উপস্থিত হৈ) প্ৰত্যক্ষ কৰে।
آية رقم 3
ব্যভিচাৰীয়ে কেৱল ব্যভিচাৰিণী অথবা মুশ্বৰিক নাৰীকহে বিবাহ কৰে; আৰু ব্যভিচাৰিণীক, তাইক কেৱল ব্যভিচাৰী অথবা মুশ্বৰিকেহে বিবাহ কৰে, আৰু মুমিনসকলৰ ওপৰত এইটো হাৰাম কৰা হৈছে।
آية رقم 4
আৰু যিসকলে সচ্চৰিত্ৰা নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, তাৰ পিছত সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, তেন্তে সিহঁতক তোমালোকে আশীটাকৈ বেত্ৰাঘাত কৰা আৰু তোমালোকে কেতিয়াও সিহঁতৰ সাক্ষী গ্ৰহণ নকৰিবা; কাৰণ ইহঁতেই ফাছিক্ব।
آية رقم 5
কিন্তু যিসকলে ইয়াৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে আল্লাহ নিশ্চয় ক্ষমাশীল, পৰম দয়ালু।
آية رقم 6
আৰু যিসকলে নিজৰ স্ত্ৰীৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰে, অথচ নিজৰ বাহিৰে সিহঁতৰ আন কোনো সাক্ষী নাই, তেনে অৱস্থাত সিহঁত প্ৰত্যেকৰে সাক্ষ্য এইদৰে হ’ব যে, সি আল্লাহৰ নামত চাৰিবাৰ শপত লৈ ক’ব যে, ‘নিশ্চয় সি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত,
آية رقم 7
আৰু পঞ্চমবাৰ সাক্ষ্য প্ৰদান কৰি ক’ব যে, ‘যদি সি মিছলীয়া হয় তেন্তে তাৰ ওপৰত নামি আহিব আল্লাহৰ অভিশাপ’।
آية رقم 8
আৰু ঘৈনিয়েকজনীৰ শাস্তিও ৰহিত হ’ব যদি তাইয়ো আল্লাহৰ নামত শপত খাই সাক্ষ্য প্ৰদান কৰে যে, ‘নিশ্চয় তাইৰ স্বামী মিছলীয়া’,
آية رقم 9
আৰু পঞ্চমবাৰত ক’ব যে, ‘যদি তাইৰ স্বামী সত্যবাদী হয় তেন্তে তাইৰ নিজৰ ওপৰত নামি আহিব আল্লাহৰ গজব’।
آية رقم 10
তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); নিশ্চয় আল্লাহ তাওবা গ্ৰহণকাৰী, প্ৰজ্ঞাময়।
آية رقم 11
নিশ্চয় যিসকলে এই অপবাদ ৰচনা কৰিছে, সিহঁত তোমালোকৰেই এটা দল; ইয়াক তোমালোকে তোমালোকৰ বাবে অনিষ্টকৰ বুলি নাভাবিবা; বৰং এইটো তোমালোকৰ বাবে কল্যাণকৰ; অৱশ্যে সিহঁত প্ৰত্যেকৰে বাবে আছে সিহঁতৰ পাপকৰ্মৰ ফল কিন্তু সিহঁতৰ মাজত যিয়ে এই বিষয়ে প্ৰধান ভূমিকা পালন কৰিছে, তাৰ বাবে আছে মহাশাস্তি।
آية رقم 12
যেতিয়া তোমালোকে এই কথা শুনিছিলা, তেতিয়া মুমিন পুৰুষ আৰু মুমিন নাৰীসকলে কিয় নিজৰ (মানুহবিলাক) সম্পৰ্কে উত্তম ধাৰণা পোষণ নকৰিলে আৰু এইটো নকলে যে, ‘এয়া এটা স্পষ্ট ভিত্তিহীন অপবাদ’?
آية رقم 13
সিহঁতে কিয় এই বিষয়ে চাৰিজন সাক্ষী উপস্থিত নকৰিলে? এতেকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰা নাই, সেয়ে সিহঁতেই আল্লাহৰ ওচৰত মিছলীয়া।
آية رقم 14
পৃথিৱী আৰু আখিৰাতত তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে, তোমালোকে যি বিষয়ত জড়িত হৈছিলা তাৰ বাবে মহা শাস্তিয়ে তোমালোকক স্পৰ্শ কৰিলেহেঁতেন,
آية رقم 15
যেতিয়া তোমালোকে মুখে মুখে এই কথা প্ৰচাৰ কৰি ফুৰিছিলা আৰু এনে বিষয় মুখেৰে উচ্চাৰণ কৰি আছিলা যাৰ কোনো জ্ঞান তোমালোকৰ ওচৰত নাছিল; আৰু তোমালোকে এইটো অতি তুচ্ছ বুলি ভাবিছিলা, অথচ আল্লাহৰ ওচৰত এইটো আছিল অতি গুৰুত্বপূৰ্ণ বিষয়।
آية رقم 16
আৰু তোমালোকে যেতিয়া এইটো শুনিছিলা তেতিয়া তোমালোকে কিয় এই বুলি নকলা যে, ‘এই বিষয়ে কথা কোৱা আমাৰ পক্ষে সম্ভৱ নহয়; আল্লাহ পৱিত্ৰ মহান। অৱশ্যে এয়া জঘন্য অপবাদ!’
آية رقم 17
আল্লাহে তোমালোকক উপদেশ দিয়ে যে, ‘যদি তোমালোকে মুমিন হোৱা তেন্তে আৰু কেতিয়াও অনুৰূপ আচৰণৰ পুনৰাবৃত্তি নকৰিবা’।
آية رقم 18
আৰু আল্লাহে তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 19
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।
آية رقم 20
তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); আৰু নিশ্চয় আল্লাহ স্নেহশীল, অতি দয়ালু।
آية رقم 21
হে মুমিনসকল! তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা। যিয়ে চয়তানৰ পদাঙ্ক অনুসৰণ কৰে নিশ্চয় চয়তানে অশ্লীলতা আৰু বেয়া কৰ্মৰহে নিৰ্দেশ দিয়ে। আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলে তোমালোকৰ কোনেও কেতিয়াও পৱিত্ৰ হ’ব নোৱাৰিলাহেঁতেন, কিন্তু আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
آية رقم 22
আৰু তোমালোকৰ মাজত যিসকলে ঐশ্বৰ্যশালী আৰু প্ৰাচুৰ্যৰ অধিকাৰী তেওঁলোকে যেন এই বুলি শপত গ্ৰহণ নকৰে যে, সিহঁতে আত্মীয়-স্বজন, অভাৱগ্ৰস্তক আৰু আল্লাহৰ ৰাস্তাত হিজৰতকাৰী সকলক একোৱে প্ৰদান নকৰিব; তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে আৰু সিহঁতৰ দোষ-ত্ৰুটি উপেক্ষা কৰে। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক ক্ষমা কৰক? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 23
যিসকলে সচ্চৰিত্ৰা, সহজ-সৰলা নিৰ্মলচিত্ত, ঈমান্দাৰ নাৰীৰ প্ৰতি অপবাদ আৰোপ কৰে, সিহঁতেই পৃথিৱী আৰু আখিৰাতত অভিশপ্ত আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।
آية رقم 24
যিদিনা সিহঁতৰ কৃতকৰ্মৰ বিষয়ে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিব সিহঁতৰেই জিভা, হাত আৰু সিহঁতৰ ভৰিয়ে--
آية رقم 25
সেইদিনা আল্লাহে সিহঁতৰ হক্ক তথা প্ৰাপ্য প্ৰতিফল পৰিপূৰ্ণৰূপে প্ৰদান কৰিব আৰু সিহঁতে জানি লব যে, আল্লাহেই সুস্পষ্ট সত্য।
آية رقم 26
দুশ্চৰিত্ৰা নাৰী দুশ্চৰিত্ৰ পুৰুষৰ বাবে, আৰু দুশ্চৰিত্ৰ পুৰুষ দুশ্চৰিত্ৰা নাৰীৰ বাবে; আনহাতে সচ্চৰিত্ৰা নাৰী সচ্চৰিত্ৰ পুৰুষৰ বাবে আৰু সচ্চৰিত্ৰ পুৰুষ সচ্চৰিত্ৰা নাৰীৰ বাবে। মানুহে যি কয় সেইবোৰৰ সৈতে তেওঁলোক সম্পৰ্কহীন; তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
آية رقم 27
হে মুমিনসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আন কাৰোবাৰ ঘৰত, সেই ঘৰৰ অধিবাসীসকলৰ সম্প্ৰীতি সম্পন্ন অনুমতি নোলোৱাকৈ আৰু তেওঁলোকক ছালাম নিদিয়াকৈ প্ৰৱেশ নকৰিবা। এইটোৱে তোমালোকৰ বাবে উত্তম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
آية رقم 28
এতেকে যদি তোমালোকে তাত কাকো নোপোৱা তেন্তে অনুমতি নোপোৱা লৈকে তাত প্ৰৱেশ নকৰিবা। যদি তোমালোকক কোৱা হয়, ‘উভতি যোৱা’, তেন্তে তোমালোকে উভতি যাবা, এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
آية رقم 29
যি ঘৰত কোনেও বাস নকৰে তেনে ঘৰত তোমালোকৰ কোনো ভোগ-সামগ্ৰী থাকিলে অথবা উপকৃত হোৱাৰ অধিকাৰ থাকিলে তাত তোমালোকে প্ৰৱেশ কৰাত কোনো পাপ নহ’ব। তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।
آية رقم 30
মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত।
আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয় কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনিৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।
آية رقم 32
আৰু তোমালোকৰ মাজৰ অবিবাহিত নাৰী-পুৰুষ আৰু সৎকৰ্মশীল দাস-দাসীসকলৰ বিবাহ সম্পাদন কৰা। সিহঁতে অভাৱগ্ৰস্ত হ’লে আল্লাহে নিজ অনুগ্ৰহত সিহঁতক অভাৱমুক্ত কৰি দিব; অৱশ্যে আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
আৰু যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহত অভাৱমুক্ত নকৰালৈকে তেওঁলোকে যেন সংযম অৱলম্বন কৰে আৰু তোমালোকৰ মালিকানাধীন দাস-দাসীৰ মাজৰ কোনোবাই নিজৰ মুক্তিৰ বাবে লিখিত চুক্তি বিচাৰিলে, সিহঁতৰ লগত চুক্তি কৰি লোৱা, যদিহে তোমালোকে সিহঁতৰ মাজত কোনো কল্যাণ আছে বুলি জানিব পাৰা। লগতে আল্লাহে তোমালোকক যি সম্পদ প্ৰদান কৰিছে তাৰ পৰা তোমালোকে সিহঁতক দান কৰা। আৰু তোমালোকৰ দাসীসকলে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিব বিচাৰিলে পাৰ্থিৱ জীৱনৰ ধনৰ লোভত সিহঁতক ব্যভিচাৰত বাধ্য নকৰিবা। যিসকলে সিহঁতক বাধ্য কৰাব, নিশ্চয় সিহঁতক বাধ্য কৰাৰ পিছত আল্লাহে সিহঁতৰ প্ৰতি অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।
آية رقم 34
অৱশ্যে আমি তোমালোকৰ ওচৰত অৱতীৰ্ণ কৰিছো সুস্পষ্ট আয়াতসমূহ, তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰা দৃষ্টান্ত আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ।
আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ নূৰ, তেওঁৰ নূৰৰ উপমা হৈছে যেনিবা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ, প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে, যিটো প্ৰজ্বলিত কৰা হয় বৰকতময় যায়তুন গছৰ তেলৰ দ্বাৰা, সেইটো কেৱল পূৱ দিশৰ নহয় আৰু কেৱল পশ্চিম দিশৰো নহয়, জুইয়ে তাক স্পৰ্শ নকৰিলেও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে, নূৰৰ ওপৰত নূৰ! আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে। আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
آية رقم 36
সেইবোৰ ঘৰত যিবোৰক সমুন্নত কৰিবলৈ আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে, পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,
آية رقم 37
সেইসকল লোকে, যিসকলক ব্যৱসায়-বানিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত নাৰাখে, তেওঁলোকে সেই দিনটোক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।
آية رقم 38
তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰষ্কাৰ দিয়ে আৰু তেওঁ নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈয়ো বেছি প্ৰদান কৰে। আৰু আল্লাহে যাক ইচ্ছা অপৰিমিত জীৱিকা দান কৰে।
آية رقم 39
আৰু যিসকলে কুফৰী কৰে সিহঁতৰ আমলসমূহ মৰুভূমিৰ মৰীচিকাৰ দৰে, তৃষ্ণাতুৰ ব্যক্তিয়ে যিটোক পানী বুলি ভাৱে, কিন্তু যেতিয়া সি সেইটোৰ কাষত যায় তাত একোকে নাপায়, বৰং তাত আল্লাহকহে পায়, এতেকে তেওঁ তাক তাৰ হিচাপ পূৰ্ণমাত্ৰাত প্ৰদান কৰিব; আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
آية رقم 40
অথবা (সিহঁতৰ আমলসমূহ) গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰঙ্গ, যাৰ উৰ্দ্ধত আছে মেঘপুঞ্জ, অন্ধকাৰযুক্ত মেঘপুঞ্জ স্তৰৰ ওপৰত স্তৰ, আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপিও দেখা নাপাব; আৰু আল্লাহে যাৰ বাবে নূৰৰ ব্যৱস্থা কৰা নাই তাৰ বাবে কোনো নূৰ নাই।
آية رقم 41
তুমি লক্ষ্য কৰা নাইনে যে, আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে আৰু শাৰীবদ্ধভাৱে উৰিফুৰা চৰাইয়েও আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে? প্ৰত্যেকেই জানে নিজ নিজ ইবাদতৰ আৰু পৱিত্ৰতা-মহিমা ঘোষণাৰ পদ্ধতি। আৰু সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।
آية رقم 42
আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই, আৰু আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন।
آية رقم 43
তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে মেঘমালাক সঞ্চালিত কৰে? তাৰ পিছত তেওঁ সেইবোৰক একত্ৰিত কৰে আৰু পিছত পঞ্জীভূত কৰে, তাৰ পিছত তুমি দেখিবলৈ পোৱা যে, তাৰ মাজৰ পৰাই বৰষুণৰ টোপাল ওলাই আহে, আৰু তেওঁ আকাশত অৱস্থিত মেঘৰ পৰ্বতৰ মধ্যস্থিত শিলাস্তূপৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ যাক ইচ্ছা আঘাত কৰে আৰু যাক ইচ্ছা তাৰ পৰা ইয়াক আন ফালে আঁতৰাই দিয়ে। মেঘৰ বিজুলী চকমকনিয়ে দৃষ্টিশক্তি কাঢ়ি লোৱাৰ উপক্ৰম হয়।
آية رقم 44
আল্লাহেই ৰাতি আৰু দিনৰ আৱৰ্তন ঘটায়, নিশ্চয় ইয়াত অন্তৰ্দৃষ্টি সম্পন্ন ব্যক্তিসকলৰ বাবে শিক্ষা আছে।
آية رقم 45
আৰু আল্লাহে প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে পানীৰ পৰা, তাৰে কিছুমান পেটত ভৰ দি চুচৰি যায়, আন কিছুমান দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমান চলে চাৰি ঠেঙেৰে। আল্লাহে যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
آية رقم 46
অৱশ্যে আমিয়েই সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছো, আৰু আল্লাহে যাক ইচ্ছা সৰল-সঠিক পথত পৰিচালিত কৰে।
آية رقم 47
সিহঁতে কয়, ‘আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছো আৰু আমি আনুগত্য কৰিছো’। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়; প্ৰকৃততে সিহঁত মুমিন নহয়।
آية رقم 48
আৰু যেতিয়া সিহঁতক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি এই মৰ্মে আহ্বান কৰা হয় যে, যাতে তেওঁ সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিয়ে, তেতিয়া সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়।
آية رقم 49
আৰু যদি সত্য সিহঁতৰ সপক্ষে হয়, তেন্তে সিহঁত বিনীতভাৱে ৰাছুলৰ ওচৰত দৌৰি আহে।
آية رقم 50
সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, নে সিহঁতে সন্দেহ পোষণ কৰে? নে সিহঁতে ভয় কৰে যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁতেই যালিম।
آية رقم 51
মুমিনসকলৰ উক্তি হৈছে এইটো— যেতিয়া তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কয়, ‘আমি শুনিলো আৰু আনুগত্য কৰিলো’। তেওঁলোকেই সফলকাম।
آية رقم 52
আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে, আৰু আল্লাহক ভয় কৰে লগতে তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকেই কৃতকাৰ্য।
آية رقم 53
আৰু সিহঁতে দৃঢ়ভাৱে আল্লাহৰ শপত খাই কয় যে, তুমি যদি সিহঁতক আদেশ কৰা তেন্তে সিহঁত নিশ্চয় ওলাই আহিব। তুমি কোৱা, ‘শপত নাখাবা, আনুগত্যৰ বিষয়টো ভালকৈয়ে জনা আছে। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱহিত’।
آية رقم 54
কোৱা, ‘তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা’। তথাপিও যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ কেৱল তেওঁৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে দায়ী আৰু তোমালোকৰ ওপৰত অৰ্পিত দায়িত্বৰ বাবে তোমালোক নিজেই দায়ী; যদি তোমালোকে তেওঁৰ আনুগত্য কৰা তেন্তে সৎপথ পাবা, দৰাচলতে ৰাছুলৰ দায়িত্ব কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।
آية رقم 55
তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।
آية رقم 56
আৰু তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হ’ব পাৰা।
آية رقم 57
যিসকলে কুফৰী কৰিছে সিহঁতৰ বিষয়ে তুমি কেতিয়াও এইটো নাভাবিবা যে, সিহঁতে পৃথিৱীত অপাৰগকাৰী। সিহঁতৰ আশ্ৰয়স্থল হৈছে অগ্নি; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাৱৰ্তনস্থল!
হে মুমিনসকল! তোমালোকৰ মালিকানাধীন দাস-দাসীসকল আৰু তোমালোকৰ মাজত যিসকল শিশু এতিয়াও প্ৰাপ্তবয়স্কত উপনীত হোৱা নাই সিহঁতে যেন তোমালোকৰ কোঠাত প্ৰৱেশ কৰিবলৈ তিনিটা সময়ত অনুমতি গ্ৰহণ কৰে, ফজৰৰ ছালাতৰ আগত, দুপুৰীয়া যেতিয়া তোমালোকে সাজ-কাপোৰ খুলি থোৱা সেই সময়ত আৰু ঈশ্বা ছালাতৰ পিছত, এই তিনিটা সময় তোমালোকৰ গোপনীয়তাৰ সময়। এই তিনিটা সময়ৰ বাহিৰে (আন যিকোনো সময়ত বিনা অনুমতিত প্ৰৱেশ কৰিলে) তোমালোকৰ আৰু সিহঁতৰো কোনো দোষ নাই। কিয়নো তোমালোকে ইজনে-সিজনৰ ওচৰত অহা-যোৱা কৰাটোৱে স্বাভাৱিক। এইদৰেই আল্লাহে তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 59
আৰু তোমালোকৰ সন্তান-সন্ততিসকল প্ৰাপ্তবয়স্কত উপনীত হ’লে সিহঁতেও যেন অনুমতি গ্ৰহণ কৰে যেনেকৈ অনুমতি গ্ৰহণ কৰিছিল সিহঁতৰ বয়োজ্যেষ্ঠসকলে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বিবৃত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 60
আৰু বৃদ্ধা নাৰীসকল, যিসকলে বিবাহৰ আশা পোষণ নকৰে, সিহঁতে যদি সৌন্দৰ্য প্ৰদৰ্শন নকৰি সিহঁতৰ চাদৰ খুলি ৰাখে তেন্তে সিহঁতৰ কোনো অপৰাধ নহয়। কিন্তু ইয়াৰ পৰা সিহঁতে বিৰত থকাটোৱে সিহঁতৰ বাবে উত্তম, আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
অন্ধৰ বাবে কোনো দোষ নাই, খঞ্জৰ বাবে কোনো দোষ নাই, ৰুগীয়াৰ বাবেও কোনো দোষ নাই আৰু তোমালোকৰ বাবেও কোনো দোষ নাই খোৱা-বোৱা কৰাত নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃৰ ঘৰত, মাতৃৰ ঘৰত, ভাতৃসকলৰ ঘৰত, বাই-ভনীসকলৰ ঘৰত, দদাই-বৰকাইসকলৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহী-জেঠাইসকলৰ ঘৰত অথবা সেইবোৰ ঘৰত যিবোৰ ঘৰৰ চাবি-কাঠিৰ মালিক তোমালোক নিজেই নাইবা তোমালোকৰ বন্ধুসকলৰ ঘৰত। তোমালোকে একেলগে খোৱা অথবা পৃথকে খোৱা তাত তোমালোকৰ কোনো অপৰাধ নহয়। কিন্তু যেতিয়া তোমালোকে কোনো ঘৰত প্ৰৱেশ কৰিবা তেতিয়া তোমালোকে পৰস্পৰৰ প্ৰতি ছালাম কৰিবা অভিবাদনস্বৰূপ যিটো আল্লাহৰ তৰফৰ পৰা কল্যাণময় আৰু পৱিত্ৰ। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।
آية رقم 62
মুমিন কেৱল সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু ৰাছুলৰ লগত কোনো সামাজিক কামত একত্ৰিত হ’লে তেওঁৰ অনুমতি নোলোৱাকৈ গুচি নাযায়; নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে কেৱল তেওঁলোকেই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে। এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰত অনুমতি বিচাৰিলে তেওঁলোকৰ মাজৰ যাক ইচ্ছা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
آية رقم 63
তোমালোকে ৰাছুলৰ আহ্বানক তোমালোকৰ মাজৰ পৰস্পৰে কৰা আহ্বানৰ দৰে গণ্য নকৰিবা; তোমালোকৰ মাজৰ যিসকলে পুলুকামাৰি মনে মনে গুচি যায় আল্লাহে সিহঁতক ভালকৈয়ে জানে। এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক আক্ৰমণ কৰিব।
آية رقم 64
জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; তোমালোকে যি অৱস্থাত আছা সেয়া তেওঁ অৱশ্যে জানে। যিদিনা সিহঁতক তেওঁৰ ওচৰত উভতাই নিয়া হ’ব, সিহঁতে কি কৰিছিল সেয়া সেইদিনা তেওঁ সিহঁতক জনাই দিব; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
تقدم القراءة