سورة الشعراء

الترجمة الأسامية

ترجمة معاني سورة الشعراء باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
ত্ব-ছীন-মীম।
آية رقم 2
এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
آية رقم 3
সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি আত্মঘাতী হৈ পৰিবা।
আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন, যাৰ ফলত সেইটোৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলেহেঁতেন।
আৰু যেতিয়াই সিহঁতৰ ওচৰত ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
آية رقم 6
এতেকে সিহঁতে অৱশ্যে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটো লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰত অতি শীঘ্ৰে আহি পৰিব।
সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? আমি তাত প্ৰত্যেক প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছো!
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
آية رقم 9
আৰু নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 10
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,
آية رقم 11
ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰত; সিহঁতে তাক্বৱা অৱলম্বন নকৰিব নে’?
آية رقم 12
মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।
آية رقم 13
‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।
آية رقم 14
‘আৰু মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।
আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছো শ্ৰৱণকাৰী হিচাপে।
آية رقم 16
‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰত গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,
آية رقم 17
‘যাতে তুমি বনী ইছৰাঈলক আমাৰ লগত পঠাই দিয়া’।
ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলো নে? আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা,
آية رقم 19
‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছায়ে আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।
آية رقم 20
মুছাই ক’লে, ‘সেইটো মই কৰিছিলো তেতিয়া, যেতিয়া মই বিভ্ৰান্ত আছিলো’।
‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলো, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলো। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।
آية رقم 22
‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।
آية رقم 23
ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ ৰব আকৌ কি’?
মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।
آية رقم 25
ফিৰআউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?
آية رقم 26
মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব’।
آية رقم 27
ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।
মুছাই ক’লে, ‘তেওঁ পূৱ আৰু পশ্চিমৰ লগতে এই দুয়োৰ মাজত যি আছে সেই সকলো বস্তুৰ ৰব; যদি তোমালোকে বুজি পোৱা’।
آية رقم 29
ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।
آية رقم 30
মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰত স্পষ্ট কোনো বিষয় লৈ আহোঁ, তথাপিও’?
آية رقم 31
ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।
آية رقم 32
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে তৎক্ষণাত সেয়া এডাল স্পষ্ট অজগৰ সাপত পৰিণত হ’ল।
آية رقم 33
আৰু মুছাই তেওঁৰ হাত (কাষলতিৰ পৰা) ওলাই আনাৰ ফলত তৎক্ষণাত সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।
آية رقم 34
ফিৰআউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।
آية رقم 35
‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কৃত কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?
آية رقم 36
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,
آية رقم 37
‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।
آية رقم 38
তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,
آية رقم 39
আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?
آية رقم 40
‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰো, যদি সিহঁতে বিজয়ী হয়’।
এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে’?
آية رقم 42
ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
آية رقم 43
মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।
তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।
آية رقم 45
তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।
آية رقم 46
তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।
آية رقم 47
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলো সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি,
آية رقم 48
‘যিজন মুছা আৰু হাৰূনৰ ৰব’।
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।
آية رقم 50
তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।
নিশ্চয় আমি আশা পোষণ কৰো যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।
আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিছিলো যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।
آية رقم 53
তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,
آية رقم 54
‘নিশ্চয় ইহঁত ক্ষুদ্ৰ এটা দল,
آية رقم 55
‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,
آية رقم 56
‘আৰু নিশ্চয় আমি সকলো সদায় সতৰ্ক’।
آية رقم 57
পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলো,
آية رقم 58
লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।
آية رقم 59
এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলো এইবোৰৰ অধিকাৰী।
آية رقم 60
তাৰ পিছত সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত তেওঁলোকৰ পিছ ল’লে।
آية رقم 61
এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলো!’
آية رقم 62
মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।
তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;
آية رقم 64
আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলো,
آية رقم 65
আৰু আমি উদ্ধাৰ কৰিলো মুছা আৰু তেওঁৰ সঙ্গীসকল,
آية رقم 66
তাৰ পিছত ডুবাই মাৰিলো আনটো দলক।
নিশ্চয় ইয়াৰ মাজত আছে নিদৰ্শন, কিন্তু সিহঁতৰ অধিকাংশই মুমিন নহয়।
آية رقم 68
আৰু নিশ্চয় তোমাৰ ৰব মহাপৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 69
আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।
آية رقم 70
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?
آية رقم 71
সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰো; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।
آية رقم 72
তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে তোমালোকৰ আহ্বান শুনা পায়নে?
آية رقم 73
‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা ক্ষতি কৰিব পাৰে নেকি’?
آية رقم 74
সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলক পাইছো, তেওঁলোকে এনেকুৱাই কৰিছিল’।
آية رقم 75
ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰা,
آية رقم 76
‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষ সকল!
آية رقم 77
‘আটায়ে মোৰ শত্ৰু কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে।
آية رقم 78
‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।
آية رقم 79
‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।
آية رقم 80
‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।
آية رقم 81
‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।
آية رقم 82
‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।
آية رقم 83
‘হে মোৰ ৰব! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।
آية رقم 84
‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,
آية رقم 85
‘আৰু মোক সূখময় জান্নাতৰ অধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,
آية رقم 86
‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।
آية رقم 87
‘আৰু (হে মোৰ ৰব!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।
آية رقم 88
‘যিদিনা ধন-সম্পদ- আৰু সন্তান-সন্ততি কোনো কামত নাহিব;
آية رقم 89
‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।
آية رقم 90
আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,
آية رقم 91
আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;
آية رقم 92
সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--
آية رقم 93
আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিব পাৰেনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষম নে?
آية رقم 94
তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,
آية رقم 95
লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।
آية رقم 96
সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,
آية رقم 97
‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলো,
آية رقم 98
‘যেতিয়া আমি তোমালোকক সৃষ্টিজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলো;
آية رقم 99
‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,
آية رقم 100
‘এতেকে আমাৰ কোনো ছুপাৰিছকাৰী নাই’।
آية رقم 101
‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।
آية رقم 102
‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন!’
آية رقم 103
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ অধিকাংশই মুমিন নহয়।
آية رقم 104
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 105
নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
آية رقم 106
যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবা নে’?
آية رقم 107
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
آية رقم 108
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
آية رقم 110
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।’
آية رقم 111
সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ মানুহেই অনুসৰণ কৰিছে’?
آية رقم 112
নূহে ক’লে, ‘সিহঁতে কি কৰে সেয়া জনা মোৰ কি প্ৰয়োজন?
آية رقم 113
‘সিহঁতৰ হিচাপ লোৱা কেৱল মোৰ প্ৰতিপালকৰহে কাম; যদি তোমালোকে বুজি পালাহেঁতেন!
آية رقم 114
‘আৰু মুমিনসকলক খেদি পঠিওৱা মোৰ কাম নহয়।
آية رقم 115
‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।
آية رقم 116
সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে অৱশ্যে তুমি শিল দলিয়াই নিহত কৰা সকলৰ অন্তৰ্ভুক্ত হ’বা’।
آية رقم 117
নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।
آية رقم 118
‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্ট মীমাংসা কৰি দিয়া লগতে মোক আৰু মোৰ লগৰ মুমিনসকলক ৰক্ষা কৰা’।
آية رقم 119
ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলো।
آية رقم 120
তাৰ পিছত বাকী থকা সকলক ডুবাই মাৰিলো।
آية رقم 121
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছি ভাগেই মুমিন নহয়।
آية رقم 122
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 123
আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
آية رقم 124
যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
آية رقم 125
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
آية رقم 126
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
آية رقم 128
‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?
آية رقم 129
‘আৰু তোমালোকে এনেকৈ প্ৰসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোক স্থায়ী।
آية رقم 130
‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।
آية رقم 131
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।
آية رقم 132
‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্তাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।
آية رقم 133
‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান,
آية رقم 134
‘উদ্যান আৰু ঝৰ্ণাসমূহ,
آية رقم 135
‘নিশ্চয় মই তোমালোকৰ বাবে এটা মহা দিৱসৰ শাস্তিৰ ভয় কৰো’।
آية رقم 136
সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।
آية رقم 137
‘এয়া পূৰ্বৱৰ্তীসকলৰহে স্বভাৱ।
آية رقم 138
‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।
এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলো। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
آية رقم 140
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 141
ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
آية رقم 142
যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে?
آية رقم 143
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
آية رقم 144
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
آية رقم 146
‘ইয়াত যি আছে তাত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?
آية رقم 147
‘উদ্যান আৰু ঝৰ্ণাসমূহত,
آية رقم 148
‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত?
آية رقم 149
‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা।
آية رقم 150
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।
آية رقم 151
‘আৰু তোমালোকে সীমালংঘনকাৰী সকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,
آية رقم 152
‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।
آية رقم 153
সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকাৰীবিলাকৰ অন্যতম।
‘তুমি দেখুন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।
آية رقم 155
তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।
آية رقم 156
‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।
آية رقم 157
তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।
এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।
آية رقم 159
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 160
লূতৰ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
آية رقم 161
যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
آية رقم 162
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
آية رقم 163
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
آية رقم 165
‘সৃষ্টিজগতৰ মাজত তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা?
‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যে স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি থাকা? বৰং তোমালোকে হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।
آية رقم 167
সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।
آية رقم 168
তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ কৰ্মক ঘৃণা কৰো।
آية رقم 169
(তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ ৰব! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কৰ্মৰ পৰা ৰক্ষা কৰা’।
آية رقم 170
ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলো।
آية رقم 171
কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
آية رقم 172
তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলো।
آية رقم 173
আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলো। এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!
آية رقم 174
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ বেছিভাগেই মুমিন নহয়।
آية رقم 175
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 176
আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
آية رقم 177
যেতিয়া ছুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
آية رقم 178
‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
آية رقم 179
‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
‘ইয়াৰ বাবে মই তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
آية رقم 181
‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।
آية رقم 182
‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।
آية رقم 183
‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
آية رقم 184
‘আৰু সেই সত্তাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।
آية رقم 185
সিহঁতে ক’লে, ‘নিশ্চয় তুমি যাদুগ্ৰস্ত হৈছা।
آية رقم 186
‘তুমি দেখুন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাৱো।
آية رقم 187
‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।
آية رقم 188
তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।
এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।
آية رقم 190
নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
آية رقم 191
আৰু তোমাৰ ৰব, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
آية رقم 192
নিশ্চয় এইটো (কোৰআন) সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।
آية رقم 193
বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।
آية رقم 194
তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।
آية رقم 195
সুস্পষ্ট আৰবী ভাষাত।
آية رقم 196
আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।
آية رقم 197
এইটো সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলে এই বিষয়ে জানে?
آية رقم 198
আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন;
آية رقم 199
আৰু সেইটো তেওঁ সিহঁতৰ ওচৰত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।
آية رقم 200
এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছো।
آية رقم 201
সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখা লৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।
آية رقم 202
এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।
آية رقم 203
তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?
آية رقم 204
তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?
آية رقم 205
তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,
آية رقم 206
তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেয়া সিহঁতৰ ওচৰত আহি পৰে,
آية رقم 207
তেতিয়া সিহঁতক যি ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল সেয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?
آية رقم 208
আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,
آية رقم 209
(সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।
آية رقم 210
আৰু চয়তানবিলাকে এয়া লৈ অৱতৰণ কৰা নাই।
آية رقم 211
আৰু সিহঁত এই কামৰ যোগ্যও নহয় লগতে সিহঁতে এই কামৰ সামৰ্থও নাৰাখে।
آية رقم 212
নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।
آية رقم 213
এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।
آية رقم 214
আৰু তুমি তোমাৰ নিকটাত্মীয় সকলক সতৰ্ক কৰা।
آية رقم 215
আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।
آية رقم 216
এতেকে যদি সিহঁতে তোমাৰ অবাধ্য হয়, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় মই তাৰ পৰা সম্পূৰ্ণ মুক্ত’।
آية رقم 217
আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,
آية رقم 218
যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,
آية رقم 219
আৰু (তেৱেঁই) ছাজদাকাৰী সকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।
آية رقم 220
নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
آية رقم 221
মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?
آية رقم 222
সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ট ব্যক্তিৰ ওপৰত।
آية رقم 223
সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই মিছলীয়া।
آية رقم 224
আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।
آية رقم 225
তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?
آية رقم 226
আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।
কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰিছে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। আৰু যালিমসকলে অতিশীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।
تقدم القراءة