ترجمة معاني سورة الرعد باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
আলিফ-লাম-মীম-ৰা, এইবোৰ কিতাবৰ আয়াত, আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।
آية رقم 2
আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে, যিটো তোমালোকে দেখা পোৱা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট সময় লৈকে আবৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাত সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।
آية رقم 3
আৰু তেৱেঁই ধৰাখনক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেৱেঁই সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে। তেৱেঁই দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে।
آية رقم 4
আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতি পথাৰ, একেই মূলৰ পৰা উদগত বা ভিন ভিন মূলৰ পৰা উদগত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।
آية رقم 5
আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্মিয়ৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘আমি যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিমনে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।
آية رقم 6
আৰু সিহঁতে তোমাৰ ওচৰত মঙ্গলৰ পূৰ্বে অমঙ্গলৰ বাবে খৰখেদা কৰে। অথচ সিহঁতৰ আগত শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। সিহঁতৰ অপৰাধৰ পিছতো নিশ্চয় তোমাৰ ৰব মানুহৰ প্ৰতি ক্ষমাশীল আৰু (শুনা) নিশ্চয় তোমাৰ ৰব শাস্তি প্ৰদানতো অতি কঠোৰ।
آية رقم 7
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? নিশ্চয় তুমি এজন সতৰ্ককাৰী, আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক।
آية رقم 8
প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।
آية رقم 9
ﮋﮌﮍﮎﮏ
ﮐ
তেওঁ গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী, মহান, সৰ্বোচ্চ।
آية رقم 10
তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।
آية رقم 11
মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী আছে, সিহঁতে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়া লৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে সেয়া প্ৰতিৰোধ কৰা সম্ভৱ নহয় আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱক নাই।
آية رقم 12
তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়। তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;
آية رقم 13
আৰু ৰা’দ (বজ্ৰ অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ সপ্ৰশংস মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ পঠায়, তাৰ পিছত যাক ইচ্ছা তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁত আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।
آية رقم 14
সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত সেই ব্যক্তিৰ দৰে, যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই, আৰু কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।
آية رقم 15
আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওঁক নাইবা অনিচ্ছাই হওঁক আল্লাহক ছাজদাহ কৰে আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)।
آية رقم 16
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ ৰব কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টি সম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰে সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।
آية رقم 17
তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা উপৰি ভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেয়া মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।
آية رقم 18
যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, সিহঁতে যদি পৃথিৱীত যি আছে সেই সকলোবোৰৰ লগতে আৰু ইয়াৰ সমপৰিমাণ বস্তুৰ মালিক হৈ যায়, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা বাচিবলৈ) সিহঁতে সেই সকলোবোৰ মুক্তিপণস্বৰূপ দিবলৈ অৱশ্যে প্ৰস্তুত হ’ব। কিন্তু সিহঁতৰ হিচাব হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাস, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
آية رقم 19
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি জানে, সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন অন্ধ? নিশ্চয় বিবেক সম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।
آية رقم 20
যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা ভঙ্গ নকৰে,
آية رقم 21
আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাবক,
آية رقم 22
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
آية رقم 23
স্থায়ী জান্নাতসমূহ, তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,
آية رقم 24
আৰু আহি ক’ব, ‘শান্তি তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!
آية رقم 25
আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভঙ্গ কৰে, যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে সেয়া ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।
آية رقم 26
আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱনোপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে; কিন্তু ইহঁত পাৰ্থিৱ জীৱন লৈয়ে আনন্দিত, অথচ পাৰ্থিৱ জীৱন আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগমাত্ৰ।
آية رقم 27
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যিসকল তেওঁৰ অভিমুখী তেওঁ তেওঁলোকক তেওঁৰ পথ দেখুৱায়’।
آية رقم 28
‘যিসকলে ঈমান আনিছে আল্লাহৰ স্মৰণত তেওঁলোকৰ মন প্ৰশান্ত হয়; জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি লাভ হয়’;
آية رقم 29
‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।
آية رقم 30
এইদৰে আমি তোমাক প্ৰেৰণ কৰিছো এনে এটা জাতিৰ প্ৰতি যিহঁতৰ আগত বহু জাতি পাৰ হৈছে, যাতে আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো, সেয়া তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ ৰব, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।
আৰু যদি কোৰআন এনেকুৱা হ’লেহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লেহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লেহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লেহেঁতেন, কিন্তু সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব, আল্লাহৰ প্ৰতিশ্ৰুতি নহা লৈকে। নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।
آية رقم 32
নিশ্চয় তোমাৰ পূৰ্বে বহু ৰাছুলক উপহাস কৰা হৈছে আৰু যিসকলে কুফৰী কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলো, তাৰ পিছত সিহঁতক আক্ৰমণ কৰিছো। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি!
آية رقم 33
তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহু অংশীদাৰ সাব্যস্ত কৰিছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সিহঁতৰ ছলনা শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।
آية رقم 34
সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি, আৰু আখিৰাতৰ শাস্তি অতি কঠোৰ! আৰু আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই।
آية رقم 35
মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ উপমা হৈছে এনেকুৱাঃ তাৰ তলত নদীসমূহ প্ৰবাহিত, তাৰ ফল-মূল আৰু ছাঁ হ’ব চিৰস্থায়ী। যিসকলে তাক্বৱা অৱলম্বন কৰিছে এইটো তেওঁলোকৰ প্ৰতিফল আৰু কাফিৰসকলৰ প্ৰতিফল হৈছে অগ্নি।
آية رقم 36
আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাত আনন্দ পায়। কিন্তু দলসমূহৰ কিছুমানে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰ ইবাদত কৰো আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰো। মই তেওঁৰ পিনেই আহ্বান কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।
آية رقم 37
এইদৰেই আমি কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছো। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।
آية رقم 38
আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহু ৰাছুল প্ৰেৰণ কৰিছিলো আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলো। আল্লাহৰ অনুমতিবিহীন কোনো নিদৰ্শন উপস্থিত কৰা কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।
آية رقم 39
আল্লাহে যি ইচ্ছা কৰে সেয়া মুচি দিয়ে আৰু যি ইচ্ছা কৰে সেয়া প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।
آية رقم 40
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, -- তেন্তে তোমাৰ কৰ্তব্যতো হৈছে কেৱল প্ৰচাৰ কৰা, আৰু হিচাব-নিকাচ লোৱাৰ দায়িত্ব কেৱল আমাৰেই।
آية رقم 41
সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছো? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ্দ কৰিবলৈ কোনো নাই আৰু তেওঁ দ্ৰুত হিচাব গ্ৰহণকাৰী।
آية رقم 42
সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ ইখতিয়াৰত। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেয়া তেওঁ জানে, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।
آية رقم 43
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘তুমি আল্লাহৰ প্ৰেৰিত নহয়’। কোৱা, ‘আল্লাহ আৰু যিসকলৰ ওচৰত কিতাবৰ জ্ঞান আছে, তেওঁলোকেই মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট’।
تقدم القراءة