ترجمة معاني سورة القصص باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
ﮝ
ﮞ
ত্বা-ছীন-মীম।
آية رقم 2
ﮟﮠﮡﮢ
ﮣ
এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
آية رقم 3
আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছো, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
آية رقم 4
নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক সি হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।
آية رقم 5
আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো;
آية رقم 6
আৰু পৃথিৱীত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিচাৰিলো, লগতে ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনীক সেইটো দেখুৱাবলৈ ইচ্ছা কৰিলো, যিটো সিহঁতে সেই দুৰ্বল দলৰ পৰা আশংকা কৰিছিল।
آية رقم 7
আৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলো, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা, চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।
آية رقم 8
তাৰ পিছত ফিৰআউনৰ পৰিয়ালে তাক (সাগৰৰ পৰা) তুলি নিলে। যাতে তেওঁ সিহঁতৰ শত্ৰু আৰু দুঃখৰ কাৰণ হয়। নিশ্চয় ফিৰআউন, হামান আৰু সিহঁতৰ সৈন্যবাহিনী আছিল অপৰাধী।
آية رقم 9
ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰো’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাই।
آية رقم 10
আৰু ইপিনে মুছাৰ মাতৃৰ হৃদয় অস্থিৰ হৈ পৰিছিল। তেওঁ ইয়াৰ পৰিচয় প্ৰকাশ কৰিয়েই দিলেহেঁতেন, যদি আমি তেওঁৰ অন্তৰক দৃঢ় কৰি নিদিলোহেঁতেন, যাতে তেওঁ আস্থাশীলসকলৰ অন্তৰ্ভুক্ত হয়।
آية رقم 11
আৰু মুছাৰ বায়েকক ক'লে, ইয়াৰ পিছে পিছে যোৱা। তেওঁ দূৰৰ পৰাই ইয়াক দেখি আছিল কিন্তু সিহঁতে (শত্ৰুবিলাকে) সেয়া উপলব্ধি কৰিব পৰা নাছিল।
آية رقم 12
আৰু আমি পূৰ্বৰে পৰা তাৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলো। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনে এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?
آية رقم 13
তাৰ পিছত আমি তাক উভতাই দিলো তাৰ মাতৃৰ ওচৰত, যাতে তেওঁৰ চকু জুৰ যায় আৰু চিন্তিত নহয়, আৰু যাতে এইটো জানি লয় যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
آية رقم 14
আৰু মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলো, আৰু এইদৰেই আমি মুহছিনসকলক পুৰষ্কাৰ প্ৰদান কৰো।
آية رقم 15
আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজ ফৈদৰ আৰু আনজন শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এয়া চয়তানৰ কাম। নিশ্চয় সি প্ৰকাশ্য শত্ৰু, বিভ্ৰান্তকাৰী’।
آية رقم 16
তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছো, সেয়ে তুমি মোক ক্ষমা কৰা’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 17
মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’।
آية رقم 18
এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰত তেওঁ ৰাতি অতিবাহিত কৰিলে। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞঁৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।
آية رقم 19
এতেকে মুছাই যেতিয়া উভয়ৰ শত্ৰুক ধৰিব খুজিলে, তেতিয়া সেই ব্যক্তিয়ে চিঞঁৰি ক’ব ধৰিলে, ‘হে মুছা! যোৱা কালি তুমি যেনেকৈ এজন ব্যক্তিক হত্যা কৰিছা, তেনেকৈ মোকো হত্যা কৰিব খুজিছা নেকি? অৱশ্যে তুমি পৃথিৱীৰ বুকুত স্বেচ্ছাচাৰী হ’ব বিচাৰিছা, আৰু তুমি শান্তি স্থাপনকাৰী সকলৰ অন্তৰ্ভুক্ত হ’ব নিবিচৰা’।
آية رقم 20
আৰু চহৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মুছা! পৰিষদবৰ্গই তোমাক হত্যা কৰাৰ পৰামৰ্শ কৰি আছে। সেয়ে তুমি ওলাই যোৱা, নিশ্চয় মই তোমাৰ কল্যাণকামী’।
آية رقم 21
তেতিয়া তেওঁ ভীত সতৰ্ক অৱস্থাত সেই ঠাইৰ পৰা ওলাই পৰিলে আৰু ক’লে, ‘হে মোৰ ৰব! তুমি মোক যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।
آية رقم 22
আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰো মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।
آية رقم 23
যেতিয়া তেওঁ মাদিয়ানৰ জলাশয় পালেগৈ, তাত তেওঁ দেখিবলৈ পালে এদল মানুহে সিহঁতৰ জন্তুবোৰক পানী খুৱাই আছে আৰু সিহঁতৰ পৰা অলপ আঁতৰত দুজনী নাৰীয়ে সিহঁতৰ পশুবিলাকক আগচি ধৰি ৰাখিছে। মুছাই ক’লে, ‘কি হৈছে তোমালোকৰ’? সিহঁতে ক’লে, ‘পশুপালকবিলাকে সিহঁতৰ পশুবিলাক লৈ আঁতৰি নোযোৱা লৈকে আমি আমাৰ পশুবিলাকক পানী পান কৰাব নোৱাৰো, আৰু আমাৰ পিতৃ অতি বৃদ্ধ’।
آية رقم 24
তেতিয়া মুছাই সিহঁতৰ ফালৰ পৰা (পশুবোৰক) পানী খুৱালে। তাৰ পিছত তেওঁ এডোখৰ ছাঁলৈ আহি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় তুমি মোৰ প্ৰতি যি অনুগ্ৰহেই অৱতীৰ্ণ নকৰা কিয় মই সেইটোৰে মুখাপেক্ষী’।
آية رقم 25
ফলত (কিছু সময় পিছতেই) নাৰী দুজনীৰ এজনীয়ে তেওঁৰ ওচৰত লাজকুৰীয়াভাৱে আহি ক’লে, ‘মোৰ পিতৃয়ে আপোনাক আমন্ত্ৰণ কৰিছে, আমাৰ পশুবিলাকক পানী পান কৰোৱাৰ পাৰিশ্ৰমিক প্ৰদান কৰিবলৈ’। এতেকে তাৰ পিছত মুছাই তেওঁৰ ওচৰত আহি সকলো ঘটনা বিস্তাৰিত বৰ্ণনা কৰিলে, তেওঁ ক’লে, ‘তুমি ভয় নকৰিবা। তুমি যালিম সম্প্ৰদায়ৰ পৰা ৰক্ষা পাইছা’।
آية رقم 26
নাৰী দুজনীৰ এজনীয়ে ক’লে, ‘হে মোৰ পিতৃ! আপুনি এওঁক শ্ৰমিক হিচাপে নিয়োগ কৰক। নিশ্চয় আপোনাৰ শ্ৰমিক হিচাপে এওঁ উত্তম হ’ব, এওঁ শক্তিশালী, বিশ্বস্ত’।
آية رقم 27
তেওঁ ক’লে, ‘মই মোৰ এই দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিয়া দিব খোজো এই চৰ্তত যে, তুমি আঠ বছৰ মোৰ ইয়াত কাম কৰিবা, আৰু যদি তুমি দহ বছৰ পূৰ্ণ কৰা, সেইটো তোমাৰ ইচ্ছা। মই তোমাক কষ্ট দিব নিবিচাৰো। ইন শ্বা আল্লাহ নিশ্চয় তুমি মোক সৎকৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত পাবা’।
آية رقم 28
মুছাই ক’লে, ‘(ঠিক আছে) তেন্তে এয়া মোৰ আৰু আপোনাৰ মাজত বন্দবস্ত হ’ল। এই দুটা ম্যাদৰ যিকোনো এটা পূৰণ কৰিলেই যেন মোৰ প্ৰতি কোনো অভিযোগ নাথাকে। আমি যি বিষয়ে কথা কৈ আছো আল্লাহেই ইয়াৰ কৰ্মবিধায়ক’।
آية رقم 29
এতেকে মুছাই যেতিয়া তেওঁৰ ম্যাদ পূৰ্ণ কৰাৰ পিছত সপৰিয়ালে যাত্ৰা কৰিলে, তেতিয়া তেওঁ তূৰ পৰ্বতৰ ফালে জুই দেখা পালে। তেওঁ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, মই জুই দেখিছো, সম্ভৱত মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ আনিম নাইবা এডোখৰ অন্ধৰাকে লৈ আহিম যাতে তোমালোকে জুই পুৱাব পাৰা’।
آية رقم 30
এতেকে যেতিয়া মুছাই জুইৰ ওচৰ পালেগৈ, তেতিয়া উপত্যকাৰ সোঁ ফালৰ বৰকতময় ভূমিৰ ওপৰত অৱস্থিত সুনিৰ্দিষ্ট গছৰ পৰা তেওঁক মাতি কোৱা হ’ল, ‘হে মুছা! ময়েই আল্লাহ সৃষ্টিজগতৰ ৰব;’
آية رقم 31
আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইটোক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। তেওঁক কোৱা হ’ল, ‘হে মুছা! সন্মুখত আহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।
آية رقم 32
তোমাৰ হাত তোমাৰ কাষলতিত থোৱা, এইটো ত্ৰুটিমুক্ত অৱস্থাত শুভ্ৰোজ্জ্বল হৈ ওলাই আহিব। লগতে ভয় দূৰ কৰাৰ বাবে তোমাৰ দুহাত নিজৰ ফালে চেপি ধৰা। এতেকে এই দুটা হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দিয়া প্ৰমাণ, ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ বাবে। নিশ্চয় সিহঁত ফাছিক্ব সম্প্ৰদায়।
آية رقم 33
মুছাই ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই সিহঁতৰ এজনক হত্যা কৰিছিলো। ফলত মই আশংকা কৰিছো সিহঁতে মোক হত্যা কৰিব’।
آية رقم 34
‘আৰু মোৰ ভাতৃ হাৰূন মোতকৈ বাগ্মী, এতেকে তেওঁক মোৰ সহায়কাৰীৰূপে প্ৰেৰণ কৰা, তেওঁ মোক সমৰ্থন কৰিব। নিশ্চয় মই আশংকা কৰো সিহঁতে মোক মিছলীয়া বুলি আৰোপ লগাব’।
آية رقم 35
আল্লাহে ক’লে, ‘(ঠিক আছে) অনতিপলমে আমি তোমাৰ ভাতৃৰ দ্বাৰা তোমাৰ বাহুক শক্তিশালী কৰিম আৰু তোমালোক উভয়কে প্ৰাধান্য দান কৰিম। ফলত সিহঁতে তোমালোকৰ ওচৰত পৌঁচিব নোৱাৰিব। আমাৰ নিদৰ্শনাৱলীৰ দ্বাৰা তোমালোক আৰু তোমালোকৰ অনুসাৰীসকলে সিহঁতৰ ওপৰত বিজয় লাভ কৰিবা’।
آية رقم 36
এতেকে মুছাই যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট নিদৰ্শনসমূহ লৈ উপস্থিত হ’ল, সিহঁতে ক’লে, ‘এয়া অলীক যাদুৰ বাহিৰে আন একো নহয়! আৰু আমি আমাৰ পুৰ্বপুৰুষসকলৰ যুগত কেতিয়াও এনেকুৱা কথা শুনা নাছিলো’।
آية رقم 37
আৰু মুছাই ক’লে, ‘মোৰ প্ৰতিপালকে ভালকৈ জানে, কোনে তেওঁৰ পৰা হিদায়ত লৈ আহিছে আৰু আখিৰাতত কাৰ পৰিণাম শুভ হ’ব। নিশ্চয় যালিমসকল সফল নহ’ব’।
آية رقم 38
ফিৰআউনে ক’লে, ‘হে পৰিষদবৰ্গ! মোৰ বাহিৰে তোমালোকৰ আন কোনো ইলাহ আছে বুলি মই নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে (বোকা মাটি পুৰি) ইট তৈয়াৰ কৰা। তাৰ পিছত মোৰ বাবে এটা সুউচ্চ প্ৰসাদ নিৰ্মাণ কৰা, সম্ভৱত তাত উঠি মই মুছাৰ ইলাহক দেখিব পাৰিম। কিন্তু মোৰ মতে সি এজন মিছলীয়া’।
آية رقم 39
ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে অন্যায়ভাৱে পৃথিৱীত অহংকাৰ কৰিছিল আৰু সিহঁতে ভাবিছিল যে, সিহঁতক আমাৰ ওচৰলৈ উভতাই আনা নহ’ব।
آية رقم 40
সেয়ে আমি তাক আৰু তাৰ সৈন্যবাহিনীক ধৰিলো আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলো। এতেকে চোৱা, যালিমসকলৰ পৰিণাম কেনেকুৱা হৈছিল!
آية رقم 41
আৰু আমিয়ে সিহঁতক নেতৃত্ব দান কৰিছিলো; সিহঁতে মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল; আৰু কিয়ামতৰ দিনা সিহঁতক সহায় কৰা নহ’ব।
آية رقم 42
এই পৃথিৱীত আমি সিহঁতৰ পিছত লগাই দিছো অভিসম্পাত, আৰু কিয়ামতৰ দিনা সিহঁত হ’ব ঘৃণিতসকলৰ অন্তৰ্ভুক্ত।
آية رقم 43
আৰু অৱশ্যে পূৰ্বৱৰ্তী বহু প্ৰজন্মক বিনাশ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলো কিতাব, মানৱ জাতিৰ বাবে জ্ঞান-বৰ্তিকা, পথনিৰ্দেশ আৰু অনুগ্ৰহস্বৰূপ; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
آية رقم 44
(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলো তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শী সকলৰো অন্তৰ্ভুক্ত নাছিলা।
آية رقم 45
প্ৰকৃততে আমি বহু প্ৰজন্মৰ আৱিৰ্ভাব ঘটাইছিলো; সিহঁতৰ ওপৰতো বহু যুগ অতিবাহিত হৈ গৈছে। তুমি মাদিয়ানবাসী বিলাকৰ মাজত বিদ্যমান নাছিলা যে, সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰিবা। মুঠতে আমিহে ৰাছুল প্ৰেৰণকাৰী।
آية رقم 46
আৰু মুছাক যেতিয়া আমি মাতিছিলো তেতিয়াও তুমি তূৰ পৰ্বতৰ ওচৰত উপস্থিত নাছিলা। প্ৰকৃততে এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা দয়াস্বৰূপ, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰত তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাই, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
آية رقم 47
আৰু ৰাছুল প্ৰেৰণ নকৰিলে, সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, তেতিয়াহে আমি তোমাৰ নিদৰ্শন মানি চলিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’।
آية رقم 48
এতেকে যেতিয়া আমাৰ তৰফৰ পৰা সিহঁতৰ ওচৰত সত্য আহি পালে, তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘মুছাক যি দিয়া হৈছিল, তেওঁকো তেনেকুৱা দিয়া নহ’ল কিয়’? (তেন্তে কোৱাচোন) ইতিপূৰ্বে মুছাক যি দিয়া হৈছিল সেয়া সিহঁতে অস্বীকাৰ কৰা নাছিলনে? সিহঁতে কৈছিল, ‘দুয়োটাই যাদু, এটাই আনটোক সমৰ্থন কৰে’। আৰু সিহঁতে কৈছিল, ‘নিশ্চয় আমি এটাকো নামানো’।
آية رقم 49
কোৱা, ‘তোমালোকে যদি সত্যবাদী তেন্তে আল্লাহৰ তৰফৰ পৰা এখন কিতাব লৈ আহা, যিটো পথনিৰ্দেশত এই দুটাতকৈ উৎকৃষ্ট হ’ব, মই নিজে সেই কিতাব অনুসৰণ কৰিম’।
آية رقم 50
এতেকে সিহঁতে যদি তোমাৰ আহ্বানত সঁহাৰি নিদিয়ে, তেন্তে জানি থোৱা, সিহঁতে কেৱল নিজৰ কামনা-বাসনাৰহে অনুসৰণ কৰে। আৰু যিয়ে আল্লাহৰ পথ নিৰ্দেশ অগ্ৰাহ্য কৰি নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰে সেইজনতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
آية رقم 51
আৰু অৱশ্যে আমি সিহঁতৰ ওচৰত এটাৰ পিছত এটাকৈ বাণী পৌঁচাই দিছো; যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
آية رقم 52
ইয়াৰ পূৰ্বে আমি যিসকলক কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে।
آية رقم 53
আৰু যেতিয়া তেওঁলোকৰ ওচৰত ইয়াক তিলাৱত কৰা হয় তেতিয়া তেওঁলোকে কয়, ‘আমি ইয়াৰ ওপৰত ঈমান আনিছো, নিশ্চয় এইটো আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য। নিশ্চয় আমি আগতেও আত্মসমৰ্পণকাৰী আছিলো।’
آية رقم 54
তেওঁলোকক দুবাৰ প্ৰতিদান দিয়া হ’ব। এই কাৰণে যে, তেওঁলোকে ধৈৰ্য ধাৰণ কৰে, আৰু ভাল কামৰ দ্বাৰা বেয়া কাম প্ৰতিহত কৰে। আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে ব্যয় কৰে।
آية رقم 55
আৰু তেওঁলোকে যেতিয়া অনৰ্থক কথা-বতৰা শুনে তেতিয়া তেওঁলোকে তাৰ পৰা বিমুখ হয় আৰু কয়, ‘আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে, তোমালোকৰ প্ৰতি ‘ছালাম’। আমি মুৰ্খৰ লগত তৰ্ক কৰিব নিবিচাৰো’।
آية رقم 56
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।
آية رقم 57
আৰু সিহঁতে ক’লে, ‘আমি যদি তোমাৰ লগত সৎপথ অনুসৰণ কৰো তেন্তে আমাক দেশৰ পৰা উৎখাত কৰি দিয়া হ’ব’। আমি সিহঁতৰ বাবে এটা নিৰাপদ হাৰাম প্ৰতিষ্ঠা কৰা নাই নে, য’ত সকলো প্ৰকাৰৰ ফলমূল আমদানী হয়, আমি প্ৰদান কৰা জীৱিকাস্বৰূপ? কিন্তু সিহঁতৰ সৰহভাগ মানুহেই এইটো নাজানে।
آية رقم 58
আৰু আমি বহু জনপদক ধ্বংস কৰিছো যাৰ বাসিন্দাসকলে নিজৰ ভোগ-সম্পদলৈ অহংকাৰ কৰিছিল! এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, সিহঁতৰ পিছত এইবোৰ ঘৰ-দুৱাৰত খুব কম মানুহেই বসবাস কৰিছে। আমিয়েই চূড়ান্ত উত্তৰাধিকাৰী (প্ৰকৃত মালিক)!
آية رقم 59
আৰু তোমাৰ প্ৰতিপালকে কোনো জনপদক সেই ঠাইৰ মূল ভূখণ্ডত কোনো ৰাছুল প্ৰেৰণ নকৰা লৈকে ধ্বংস নকৰে, যিজনে সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে। আৰু কোনো জনপদৰ অধিবাসীবিলাক যালিম নহ’লে আমি সিহঁতক ধ্বংস নকৰো।
آية رقم 60
আৰু তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ আৰু সৌন্দৰ্য মাত্ৰ। আৰু যি আল্লাহৰ ওচৰত আছে সেয়া উত্তম আৰু স্থায়ী। তথাপিও তোমালোকে অনুধাৱন নকৰিবানে?
آية رقم 61
যাক আমি উত্তম পুৰষ্কাৰৰ প্ৰতিশ্ৰুতি দিছো, তেওঁ সেইটো পাবই; তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাক আমি পাৰ্থিৱ জীৱনৰ ভোগ-সম্ভাৰ দিছো, তাৰ পিছত কিয়ামতৰ দিনা সি হ’ব উপস্থিতকৃত বিলাকৰ অন্তৰ্ভুক্ত?
آية رقم 62
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
آية رقم 63
যিসকলৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে সিহঁতে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই সেইসকল লোক যিসকলক আমি বিভ্ৰান্ত কৰিছিলো; আমি ইহঁতক বিভ্ৰান্ত কৰিছিলো যেনেকৈ আমি বিভ্ৰান্ত হৈছিলো। তোমাৰ সমীপত আমি সিহঁতৰ বিষয়ে দায়মুক্ততা ঘোষণা কৰিছো। ইহঁত আমাৰ ইবাদত কৰা নাছিল’।
آية رقم 64
আৰু সিহঁতক কোৱা হ’ব, ‘তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰক মাতা’। তেতিয়া সিহঁতে সেইবোৰক মাতিব। কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব, আৰু সিহঁতে শাস্তি দেখা পাব। হায়! সিহঁতে যদি সৎপথ অনুসৰণ কৰিলেহেঁতেন!
آية رقم 65
ﮢﮣﮤﮥﮦﮧ
ﮨ
আৰু সেইদিনা আল্লাহে ইহঁতক মাতি ক’ব, ‘তোমালোকে ৰাছুলসকলক কি উত্তৰ দিছিলা’?
آية رقم 66
তাৰ পিছত সেইদিনা সকলো তথ্য সিহঁতৰ পৰা বিলুপ্ত হ’ব তেতিয়া সিহঁতে ইজনে সিজনক সোধ-পোচও কৰিব নোৱাৰিব।
آية رقم 67
এতেকে যি ব্যক্তিয়ে তাওবা কৰিছে আৰু ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আশা কৰা যায় তেওঁ সাফল্য অৰ্জনকাৰী সকলৰ অন্তৰ্ভুক্ত হ’ব।
آية رقم 68
আৰু তোমাৰ ৰব যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু যি ইচ্ছা সেইটোৱে মনোনীত কৰে, ইয়াত সিহঁতৰ কোনো অধিকাৰ নাই। আল্লাহ পৱিত্ৰ, মহান আৰু সিহঁতে যি অংশী কৰে তাৰ পৰা তেওঁ উৰ্দ্ধত।
آية رقم 69
আৰু তোমাৰ প্ৰতিপালকে জানে ইহঁতৰ অন্তৰে যি গোপন কৰে আৰু ইহঁতে যি ব্যক্ত কৰে।
آية رقم 70
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী আৰু আখিৰাতত সকলো প্ৰশংসা তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা।
آية رقم 71
কোৱা, ‘তোমালোকে ভাবিছানে, ৰাতিক যদি আল্লাহে কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, তেন্তে আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে, যিয়ে তোমালোকৰ বাবে পোহৰ আনি দিব? তথাপিও তোমালোকে কৰ্ণপাত নকৰিবানে’?
آية رقم 72
কোৱা, ‘তোমালোকে ভাবিছানে, আল্লাহে যদি দিনক কিয়ামত দিৱস লৈকে স্থায়ী কৰি দিয়ে, আল্লাহৰ বাহিৰে কোন এনেকুৱা ইলাহ আছে যিয়ে তোমালোকৰ বাবে ৰাতিৰ আবিৰ্ভাৱ ঘটাব? য’ত তোমালোকে বিশ্ৰাম লোৱা, তথাপিও তোমালোকে ভাবি নাচাবানে’?
آية رقم 73
তেৱেঁই নিজ অনুগ্ৰহত তোমালোকৰ বাবে ৰাতি আৰু দিন বনাইছে, যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা আৰু তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
آية رقم 74
আৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
آية رقم 75
আৰু আমি প্ৰত্যেক জাতিৰ পৰা একোজনকৈ সাক্ষী ওলাই আনিম আৰু সুধিম, ‘তোমালোকৰ প্ৰমাণ উপস্থিত কৰা’। তেতিয়া সিহঁতে জানিব পাৰিব যে, ইলাহ হোৱাৰ অধিকাৰ কেৱল আল্লাহৰেই আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই যাব।
آية رقم 76
নিশ্চয় ক্বাৰূন আছিল মুছাৰ সম্প্ৰদায়ভুক্ত, কিন্তু সি সিহঁতৰ প্ৰতি ঔদ্ধত্য প্ৰকাশ কৰিছিল। আৰু আমি তাক দান কৰিছিলো ইমান ধন-ভাণ্ডাৰ যে, যাৰ চাবিবোৰ বহন কৰা এদল শক্তিশালী মানুহৰ পক্ষেও কষ্টসাধ্য আছিল। স্মৰণ কৰা, যেতিয়া তাৰ সম্প্ৰদায়ৰ মানুহে তাক কৈছিল, ‘অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে অহংকাৰী লোকক পছন্দ নকৰে।
آية رقم 77
‘আৰু আল্লাহে তোমাক যি দান কৰিছে তাৰ দ্বাৰা আখিৰাতৰ আবাস অনুসন্ধান কৰা আৰু পৃথিৱীৰ পৰাও তোমাৰ অংশখিনি নাপহৰিবা, তুমিও অনুগ্ৰহ কৰা যেনেকৈ আল্লাহে তোমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু পৃথিৱীৰ বুকুত বিপৰ্যয় সৃষ্টি কৰাৰ ইচ্ছা নকৰিবা। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীসকলক ভাল নাপায়’।
آية رقم 78
সি ক’লে, ‘এই সম্পদ মই মোৰ জ্ঞানৰ দ্বাৰাহে লাভ কৰিছো’। সি জনা নাছিলনে যে, আল্লাহে তাৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছে, যিসকল তাতকৈয়ো শক্তিশালী আছিল আৰু সিহঁতৰ জনসংখ্যাও আছিল অধিক? আৰু অপৰাধীবিলাকক সিহঁতৰ অপৰাধ সম্পৰ্কে প্ৰশ্ন কৰা নহ’ব।
آية رقم 79
এতেকে কাৰূন তাৰ সম্প্ৰদায়ৰ সন্মুখত জাক-জমকতাৰে ওলাই আহিল। যিসকলে পাৰ্থিৱ জীৱন কামনা কৰিছিল সিহঁতে ক’লে, ‘হায়! কাৰূনক যিদৰে দান কৰা হৈছে আমাকো যদি সেইদৰে দান কৰা হ’লেহেঁতেন! নিশ্চয় সি মহা ভাগ্যবান’।
آية رقم 80
আৰু যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’লে, ‘ধিক তোমালোকৰ ওপৰত! যিয়ে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আল্লাহৰ পুৰষ্কাৰেই শ্ৰেষ্ঠ আৰু ধৈৰ্যশীলসকলৰ বাহিৰে আন কোনেও সেয়া নাপাব’।
آية رقم 81
তাৰ পিছত আমি কাৰূনক তাৰ প্ৰসাদসহ ভূগৰ্ভত পুতি পোলালো। তাৰ সপক্ষে এনে কোনো দল নাছিল যিয়ে আল্লাহৰ শাস্তিৰ পৰা তাক সহায় কৰিব আনকি সি নিজেও নিজকে সহায় কৰিবলৈ সক্ষম নাছিল।
آية رقم 82
আৰু যোৱা কালি যিসকলে তাৰ দৰে হোৱাৰ কামনা কৰিছিল, সিহঁতে ক’বলৈ ধৰিলে, ‘চোৱা, আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা তাৰ বাবে হ্ৰাস কৰি দিয়ে। যদি আল্লাহে আমাৰ প্ৰতি সদয় নহ’লেহেঁতেন তেন্তে আমাকো তেওঁ ভূগৰ্ভত পুতি পেলালেহেঁতেন। চোৱা, কাফিৰসকল কেতিয়াও সফলকাম হ’ব নোৱাৰে’।
آية رقم 83
এইটো আখিৰাতৰ সেই আবাস যিটো আমি নিৰ্ধাৰিত কৰো তেওঁলোকৰ বাবে যিসকলে পৃথিৱীত উদ্ধত আৰু বিপৰ্যয় সৃষ্টি কৰিব নিবিচাৰে; আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে।
آية رقم 84
যিয়ে সৎকৰ্ম লৈ উপস্থিত হ’ব, তাৰ বাবে আছে তাতোকৈ উত্তম প্ৰতিদান, আৰু যিয়ে অসৎকৰ্ম লৈ উপস্থিত হ’ব, তেন্তে সিহঁতক কেৱল সেইখিনি অসৎকৰ্মৰ শাস্তি দিয়া হ’ব যিখিনি সিহঁতে কৰিছে।
آية رقم 85
নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, অৱশ্যে তেওঁ তোমাক উভতাই নিব প্ৰত্যাৱৰ্তনস্থলত। কোৱা, ‘মোৰ প্ৰতিপালকেই ভালকৈ জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’।
آية رقم 86
আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ। সেয়ে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা।
آية رقم 87
আৰু তোমাৰ প্ৰতি আল্লাহৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ পিছত সিহঁতে যেন তোমাক কোনো মতেই তাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনো মতেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
آية رقم 88
তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্তাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
تقدم القراءة