ترجمة معاني سورة آل عمران باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
ﭑ
ﭒ
আলিফ, লা-ম, মীম।
آية رقم 2
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ, সৰ্বসত্তাৰ ধাৰক।
آية رقم 3
তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেৱেঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জীল।
آية رقم 4
ইতিপূৰ্বে মানুহৰ বাবে হিদায়তস্বৰূপ; আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰে সিহঁতৰ বাবেই আছে কঠোৰ শাস্তি, আৰু আল্লাহ মহা-পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
آية رقم 5
নিশ্চয় আল্লাহ, আকাশ আৰু পৃথিৱীৰ একোৱেই তেওঁৰ ওচৰত গোপন নাথাকে।
آية رقم 6
তেৱেঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠণ কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; (তেওঁ) প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তেৱেঁই তোমাৰ প্ৰতি এই কিতাব অৱতীৰ্ণ কৰিছে যিটোৰ কিছুমান আয়াত ‘মুহকাম’, সেইবোৰেই কিতাপৰ মূল; আৰু আনবোৰ হ'ল মুতাশ্বাবিহ, এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰো, এই সকলো আমাৰ ৰবৰ পৰা আহিছে’; আৰু জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে।
آية رقم 8
হে আমাৰ ৰব! সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক সত্য লঙ্ঘনপ্ৰবণ নকৰিবা আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত প্ৰদান কৰা, নিশ্চয় তুমি মহাদাতা।
آية رقم 9
হে আমাৰ ৰব! নিশ্চয় তুমি এদিনাখন মানুহক সমবেত কৰিবা তাত কোনো সন্দেহ নাই; নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।
آية رقم 10
নিশ্চয় যিসকলে কুফৰী কৰে, আল্লাহৰ ওচৰত সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব আৰু ইহঁতেই জুইৰ ইন্ধন।
آية رقم 11
সিহঁতৰ অভ্যাস ফিৰআউনী সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতৰ পাপ কৰ্মৰ বাবে সিহঁতক ধৰিছিল, আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
آية رقم 12
যিসকলে কুফৰী কৰে সিহঁতক কোৱা, ‘তোমালোকে অনতিপলমে পৰাজিত হ’বা আৰু তোমালোকক জাহান্নামৰ ফালে একত্ৰিত কৰা হ’ব আৰু সেইটো যে কিমান নিকৃষ্ট আবাসস্থল!’
آية رقم 13
নিশ্চয় তোমালোকৰ বাবে দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিদৰ্শন আছে। এদলে যুদ্ধ কৰিছিল আল্লাহৰ পথত, আনটো আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখিছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন লোকসকলৰ বাবে শিক্ষা আছে।
آية رقم 14
নাৰী, সন্তান, সোণ-ৰূপৰ স্তূপ, চিহ্নিত ঘোঁড়া, গবাদি পশু আৰু খেতি পথাৰৰ প্ৰতি আসক্তি মানুহৰ ওচৰত সুশোভিত কৰা হৈছে। এইবোৰ পাৰ্থিৱ জীৱনৰ ভোগসামগ্ৰী; আৰু আল্লাহ, তেওঁৰ ওচৰতেই আছে উত্তম প্ৰত্যাৱৰ্তনস্থল।
آية رقم 15
কোৱা, ‘মই তোমালোকক এইবোৰ বস্তুতকৈ উৎকৃষ্ট কোনো বস্তুৰ সংবাদ দিম নেকি? যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত হয়, তাত তেওঁলোক স্থায়ী হ’ব; আৰু আছে পৱিত্ৰ স্ত্ৰীসকল লগতে আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
آية رقم 16
যিসকলে কয়, হে আমাৰ ৰব! নিশ্চয় আমি ঈমান আনিছো; গতিকে তুমি আমাৰ গুণাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
آية رقم 17
ﭝﭞﭟﭠﭡﭢ
ﭣ
তেওঁলোক ধৈৰ্যশীল, সত্যবাদী, অনুগত, ব্যয়কাৰী আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী।
آية رقم 18
আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও; তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 19
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
آية رقم 20
এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, ‘মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও’। আৰু যিসকলক কিতাব দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, ‘তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি?’ যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতেও হিদায়ত পাব; আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য কেৱল প্ৰচাৰ কৰা; আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।
آية رقم 21
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰে, অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোকক হত্যা কৰে যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।
آية رقم 22
ইহঁতেই হৈছে সেইসকল লোক, যিহঁতৰ আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সাহায্যকাৰী নাই।
آية رقم 23
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলক কিতাপৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল? সিহঁতক আল্লাহৰ কিতাবৰ ফালে আহ্বান কৰা হৈছিল যাতে ই সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে; তাৰ পিছতো সিহঁতৰ এদল বিমুখ হৈ উভতি গ’ল।
آية رقم 24
এইটো এই কাৰণে যে, সিহঁতে কয়, ‘মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়া স্পৰ্শ নকৰিব’; আৰু সিহঁতৰ নিজৰ দ্বীন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে।
آية رقم 25
এতেকে (সেইদিনা) কি অৱস্থা হ’ব? যিদিনা আমি সিহঁতক একত্ৰিত কৰিম যিটোত কোনো সন্দেহ নাই আৰু প্ৰত্যেককে সিহঁতৰ অৰ্জিত আমলৰ প্ৰতিদান পূৰ্ণভাৱে দিয়া হ’ব; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহব।
آية رقم 26
কোৱা, ‘হে সাৰ্বভৌম শক্তিৰ মালিক আল্লাহ! তুমি যাক ইচ্ছা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা ক্ষমতা কাঢ়ি লোৱা; যাক ইচ্ছা তুমি সন্মানিত কৰা আৰু যাক ইচ্ছা তুমি অপমানিত কৰা। তোমাৰ হাততেই কল্যাণ। নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
آية رقم 27
তুমি ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰবিষ্ট কৰোৱা; তুমি মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা; আৰু তুমি যাক ইচ্ছা অপৰিমিত জীৱিকা প্ৰদান কৰা।
آية رقم 28
মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধৰূপে গ্ৰহণ নকৰে; আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাথাকিব। কিন্তু ব্যতিক্ৰম, যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা (তেনেহ’লে সেয়া সুকীয়া কথা); আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন।
آية رقم 29
কোৱা, ‘তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা, আল্লাহে সেয়া জানে; আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান’।
آية رقم 30
সেইদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব, সেইদিনা সি কামনা কৰিব- যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ’লেহেতেন! আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে; আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল।
آية رقم 31
কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।
آية رقم 32
কোৱা, ‘তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা’। তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে।
آية رقم 33
নিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীমৰ বংশধৰ আৰু ইমৰাণৰ বংশধৰক সমগ্ৰ সৃষ্টিজগতৰ ওপৰত মনোনীত কৰিছে।
آية رقم 34
তেওঁলোকে ইজনে সিজনৰ বংশধৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
آية رقم 35
স্মৰণ কৰা, যেতিয়া ইমৰাণৰ স্ত্ৰীয়ে কৈছিল, ‘হে আমাৰ ৰব! মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্নত কৰিলো। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
آية رقم 36
তাৰ পিছত যেতিয়া তেওঁ সেই সন্তান প্ৰসৱ কৰিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই ইয়াক কন্যাৰূপে প্ৰসৱ কৰিছো। তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত; আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়; আৰু মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে অভিশপ্ত চয়তানৰ পৰা তেওঁক আৰু তেওঁৰ সন্তানক তোমাৰ আশ্ৰয়ত দিছো।
آية رقم 37
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তমৰূপে লালন-পালন কৰিলে আৰু যাকাৰিয়্যাৰ তত্ত্বাৱধানত ৰাখিলে। যেতিয়াই যাকাৰিয়্যাহ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল, তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল। তেওঁ কৈছিল, ‘হে মাৰইয়াম! এইবোৰ তুমি ক’ত পালা? তেওঁ (মাৰইয়ামে) কৈছিল, ‘এইবোৰ আল্লাহৰ তৰফৰ পৰা’। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা দান কৰে।
آية رقم 38
সেই ঠাইতে যাকাৰিয়্যাই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লে, ‘হে মোৰ ৰব! তুমি মোক তোমাৰ ফালৰ পৰা উত্তম সন্তান প্ৰদান কৰা। নিশ্চয় তুমি প্ৰাৰ্থনা শ্ৰৱণকাৰী’।
آية رقم 39
তাৰ পিছত যেতিয়া যাকাৰিয়্যাই ইবাদত কক্ষত ছালাতত থিয় হৈছিল, তেতিয়া ফিৰিস্তাসকলে তেওঁক আহ্বান কৰি ক’লে, ‘নিশ্চয় আল্লাহে আপোনাক ইয়াহইয়াৰ সুসংবাদ দিছে, তেওঁ হ’ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কালিমাৰ সত্যায়নকাৰী, নেতা, ভোগ আসক্তিমুক্ত আৰু পূণ্যবানসকলৰ অন্তৰ্ভূক্ত এজন নবী’।
آية رقم 40
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোৰ সন্তান কেনেকৈ হ’ব? অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰী বন্ধা’। তেওঁ (আল্লাহে) ক’লে, ‘এইদৰেই’। আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে।
آية رقم 41
তেওঁ ক’লে, ‘হে মোৰ ৰব! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটো যে, তিনি দিন লৈকে তুমি আকাৰ-ইঙ্গিতৰ বাহিৰে মানুহৰ লগত কথা ক’ব নোৱাৰিবা। এতেকে তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা-মহিমা ঘোষণা কৰা’।
آية رقم 42
আৰু স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক মনোনীত কৰিছে আৰু পৱিত্ৰ কৰিছে আৰু বিশ্বজগতৰ নাৰীসকলৰ ওপৰত আপোনাক মনোনীত কৰিছে’।
آية رقم 43
‘হে মাৰইয়াম! আপোনাৰ প্ৰতিপালকৰ অনুগত হওঁক আৰু ছাজদা কৰক আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰক’।
آية رقم 44
এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভূক্ত, যিটো আমি তোমাক অহিৰ দ্বাৰা অৱহিত কৰিছো; আৰু মাৰইয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহন কৰিব তাৰ বাবে যেতিয়া সিহঁতে সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা।
آية رقم 45
স্মৰণ কৰা, যেতিয়া ফিৰিস্তাসকলে ক’লে, ‘হে মাৰইয়াম! নিশ্চয় আল্লাহে আপোনাক তেওঁৰ তৰফৰ পৰা এটা কালিমাৰ সুসংবাদ দিছে। যাৰ নাম মছীহ, মাৰইয়ামৰ পুত্ৰ ঈছা, তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ’ব।
آية رقم 46
তেওঁ কেঁচুৱা অৱস্থাত (দোলনাত) আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক’ব আৰু তেওঁ পূণ্যবানসকলৰ অন্তৰ্ভূক্ত হ’ব।
آية رقم 47
তেওঁ (মাৰইয়ামে) ক’লে, ‘হে মোৰ ৰব! কেনেকৈ মোৰ সন্তান হ’ব? অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই’। তেওঁ (আল্লাহে) ক’লে, ‘এনেকৈয়ে’, আল্লাহে যি ইচ্ছা সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল তেওঁ কয়, ‘হ’, ফলত সেইটো হৈ যায়।
آية رقم 48
ﭳﭴﭵﭶﭷ
ﭸ
আৰু তেওঁ তাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীলৰ শিক্ষা দিব’।
آية رقم 49
আৰু তেওঁক বনী ইছৰাঈলৰ বাবে ৰাছুলস্বৰূপে (প্ৰেৰণ কৰিব, তেওঁ ক’ব) ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত নিদৰ্শন লৈ আহিছো যে, নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠন কৰিম; তাৰ পিছত তাত মই ফুঁ দিম; ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব; লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰিম আৰু মৃতক জীৱিত কৰিম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা’।
آية رقم 50
‘আৰু মোৰ সন্মুখত তাওৰাতৰ যি (শিক্ষা) আছে তাৰ সত্যায়নকাৰীৰূপে আৰু তোমালোকৰ বাবে যি হাৰাম আছিল তাৰে কিছুমান হালাল কৰাৰ বাবে আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছো। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা’।
آية رقم 51
‘নিশ্চয় আল্লাহ মোৰ ৰব আৰু তোমালোকৰো ৰব, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই সৰল পথ’।
آية رقم 52
তাৰ পিছত যেতিয়া ঈছাই সিহঁতৰ পৰা কুফৰী উপলব্ধি কৰিলে তেতিয়া তেওঁ ক’লে, ‘আল্লাহৰ পথত কোন মোৰ সাহায্যকাৰী হ’ব? হাওৱাৰীসকলে ক’লে, ‘আমিয়েই আল্লাহৰ (পথত) সাহায্যকাৰী। আমি আল্লাহৰ প্ৰতি ঈমান আনিছো আৰু আপুনি সাক্ষী থাকক যে, নিশ্চয় আমি মুছলিম।
آية رقم 53
‘হে আমাৰ ৰব! তুমি যি অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ঈমান আনিছো আৰু আমি এই ৰাছুলৰ অনুসৰণ কৰিছো। এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভূক্ত কৰি লোৱা’।
آية رقم 54
আৰু সিহঁতে কুটকৌশল কৰিছিল আৰু আল্লাহেও কৌশল কৰিছিল; আৰু আল্লাহ উত্তম কৌশলকাৰী।
آية رقم 55
স্মৰণ কৰা, যেতিয়া আল্লাহে ক’লে, ‘হে ঈছা! নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম, আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফৰী কৰে সিহঁতৰ পৰা তোমাক পৱিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম, তাৰ পিছত মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন’। তোমালোকৰ মাজত যি বিষয়ে মতানৈক্য হৈছে মই তোমালোকৰ মাজত তাৰ মীমাংসা কৰি দিম।
آية رقم 56
ফলত যিসকলে কুফৰী কৰিছে মই সিহঁতক পৃথিৱী আৰু পৰকালত কঠোৰ শাস্তি প্ৰদান কৰিম আৰু সিহঁতৰ কোনো সহায়কাৰী নাই।
آية رقم 57
আৰু যিসকলে ঈমান আনিছে আৰু সৎকাম কৰিছে তেওঁ সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণভাৱে প্ৰদান কৰিব; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
آية رقم 58
এইটো আমি তোমাৰ ওপৰত তিলাৱাত কৰিছো, আয়াতসমূহ আৰু হিকমতৰ (প্ৰজ্ঞাপূৰ্ণ উপদেশৰ) পৰা।
آية رقم 59
নিশ্চয় আল্লাহৰ ওচৰত ঈছাৰ উদাহৰণ আদমৰ দৰে, তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল। তাৰ পিছত তেওঁক কৈছিল, ‘হ’, ফলত তেওঁ হৈ গ’ল।
آية رقم 60
(এইটো) তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য, গতিকে তুমি সন্দেহকাৰীসকলৰ অন্তৰ্ভূক্ত নহ’বা।
آية رقم 61
এতেকে তোমাৰ ওচৰত জ্ঞান অহাৰ পিছত যিয়ে এই বিষয়ে তোমাৰ লগত তৰ্ক কৰে তাক কোৱা, ‘আহা, আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰো, আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰো, আমিও আহো আৰু তোমালোকো আহা, তাৰ পিছত আমি মুবাহালা (বিনীত প্ৰাৰ্থনা) কৰো যে, মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওঁক।
آية رقم 62
নিশ্চয় এইটো সত্য বিৱৰণ আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে পৰম পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 63
ﭣﭤﭥﭦﭧﭨ
ﭩ
তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে নিশ্চয় আল্লাহ ফাছাদকাৰীসকলৰ বিষয়ে সম্যক অৱগত।
آية رقم 64
কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰো আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থকা যে, নিশ্চয় আমি মুছলিম’।
آية رقم 65
হে আহলে কিতাবসকল! ইব্ৰাহীমৰ বিষয়ে কিয় তোমালোকে তৰ্ক কৰা? অথচ তাওৰাত আৰু ইঞ্জীল তেওঁৰ পিছতহে অৱতীৰ্ণ হৈছিল। এতেকে তোমালোকে নবুজা নেকি?
آية رقم 66
সাৱধান! তোমালোকেই সেইসকল লোক, যি বিষয়ে তোমালোকৰ সামান্য জ্ঞান আছিল সেই বিষয়েও তোমালোকে তৰ্ক-বিতৰ্ক কৰিছা, কিন্তু যি বিষয়ে তোমালোকৰ কোনো জ্ঞান নাই সেই বিষয়ে কিয় তোমালোকে তৰ্ক-বিতৰ্ক কৰা? আল্লাহে জানে তোমালোকে একোৱেই নাজানা।
آية رقم 67
ইব্ৰাহীম ইয়াহুদীও নাছিল, নাছাৰাও নাছিল; বৰং তেওঁ আছিল একনিষ্ঠ মুছলিম আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল।
آية رقم 68
নিশ্চয় মানুহৰ মাজত তেওঁলোকেই ইব্ৰাহীমৰ ঘনিষ্ঠতম যিসকলে তেওঁৰ অনুসৰণ কৰিছে লগতে এই নবী আৰু যিসকলে ঈমান আনিছে; আৰু আল্লাহেই মুমিনসকলৰ অভিভাৱক।
آية رقم 69
কিতাবীসকলৰ এটা দলে বিচাৰে যদি তোমালোকক সিহঁতে বিপথগামী কৰিব পাৰিলেহেঁতেন, অথচ সিহঁত নিজেই নিজকে বিপথগামী কৰি আছে; আৰু সিহঁতে উপলব্ধি কৰিব পৰা নাই।
آية رقم 70
হে আহলে কিতাব! কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰা, অথচ তোমালোকেই ইয়াৰ সাক্ষ্য বহন কৰা?
آية رقم 71
হে আহলে কিতাব! তোমালোকে কিয় সত্যক মিছাৰ লগত মিশ্ৰিত কৰা আৰু সত্যক গোপন কৰা, অথচ তোমালোকে সেয়া জানা?
آية رقم 72
আৰু কিতাবীসকলৰ এটা দলে ক’লে, ‘যিসকলে ঈমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ঈমান আনা আৰু দিনৰ শেষ ভাগত কুফৰী কৰা; যাতে সিহঁতে উভতি আহে।
آية رقم 73
আৰু যিসকলে তোমালোকৰ দ্বীনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা’। কোৱা, ‘আল্লাহৰ নিৰ্দেশিত পথেই একমাত্ৰ পথ। এইটো এই বাবে যে, তোমালোকক যিটো দিয়া হৈছে সেয়া আনকো দিব পাৰে অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ লগত বিতৰ্ক কৰিব’। কোৱা, ‘নিশ্চয় অনুগ্ৰহ আল্লাহৰ হাতত তেওঁ যাক ইচ্ছা তাক সেইটো প্ৰদান কৰে; আৰু আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
آية رقم 74
তেওঁ নিজ অনুগ্ৰহৰ বাবে যাক ইচ্ছা একান্তভাৱে বাচি লয়; আৰু আল্লাহ মহান অনুগ্ৰহশীল।
آية رقم 75
আৰু কিতাবীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও সি ঘূৰাই দিব; আকৌ সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যাৰ ওচৰত এটা দীনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদ নিদিয়া লৈকে সি সেয়া উভতাই নিদিব। এইটো এই বাবে যে, সিহঁতে কয়, ‘উম্মীসকলৰ বিষয়ে আমাৰ ওপৰত কোনো বাধ্যবাধকতা নাই; আৰু সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
آية رقم 76
হয় নিশ্চয়, যদি কোনোবাই নিজ প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু তাক্বৱা অৱলম্বন কৰে তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহে মত্তাক্বীসকলক ভাল পায়।
آية رقم 77
নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপত তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
آية رقم 78
আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে, যিসকলে কিতাবক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাবৰ অংশ বুলি ভৱা; অথচ সেইটো কিতাবৰ অংশ নহয়। সিহঁতে আৰু কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা’; অথচ সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি-বুজি আল্লাহৰ ওপৰত মিছা কথা কয়।
آية رقم 79
কোনো মানুহৰ বাবে সংগত নহয় যে, আল্লাহে তেওঁক কিতাব, হিকমত আৰু নুবুওৱত দান কৰাৰ পিছত তেওঁ মানুহক ক’ব, ‘আল্লাহৰ পৰিবৰ্তে তোমালোকে মোৰেই দাস হৈ যোৱা’, বৰং তেওঁ ক’ব, ‘তোমালোকে ৰাব্বানী হৈ যোৱা, যিহেতু তোমালোকে কিতাব শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা’।
آية رقم 80
এইদৰে তেওঁ তোমালোকক এইটোও নিৰ্দেশ নিদিব যে, তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পিছত তেওঁ কেনেকৈ তোমালোকক কুফৰীৰ নিৰ্দেশ দিব?
آية رقم 81
আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে নবীসকলৰ অঙ্গীকাৰ লৈছিল যে, ‘মই তোমালোকক কিতাব আৰু হিকমতৰ (শিক্ষা) দিছো; এতেকে তোমালোকৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰীৰূপে যেতিয়া তোমালোকৰ ওচৰত এজন ৰাছুল আহিব- তেতিয়া তোমালোকে অৱশ্যই তাৰ প্ৰতি ঈমান আনিবা আৰু তেওঁক সহায় কৰিবা’। তেওঁ ক’লে, ‘তোমালোকে স্বীকাৰ কৰিলানে? আৰু ইয়াৰ ওপৰত মোৰ অঙ্গীকাৰ গ্ৰহণ কৰিলানে’? তেওঁলোকে ক’লে, ‘আমি স্বীকাৰ কৰিলো’। তেওঁ ক’লে, ‘তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলো।
آية رقم 82
এতেকে ইয়াৰ পিছত যিসকলে উভতি যাব সিহঁতেই ফাছিক।
آية رقم 83
সিহঁতে আল্লাহৰ দ্বীনৰ পৰিবৰ্তে আন কিবা বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে ইচ্ছাতে হওঁক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে; আৰু তেওঁৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
آية رقم 84
কোৱা, ‘আমি আল্লাহৰ ওপৰত আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বুব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি যি অৱতীৰ্ণ হৈছিল আৰু যি মুছা, ঈছা আৰু আন আন নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল তাৰ ওপৰত ঈমান আনিছো; আমি তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী।
آية رقم 85
আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভূক্ত হ’ব।
آية رقم 86
আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব, যিসকলে ঈমান আনাৰ পিছত আৰু ৰাছুলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত আৰু সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন অহাৰ পিছতো কুফৰী কৰে? আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
آية رقم 87
ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতিদান হৈছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিসম্পাত।
آية رقم 88
সিহঁতে তাত স্থায়ী হ’ব, সিহঁতৰ শাস্তি শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব;
آية رقم 89
কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে ইয়াৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে। তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 90
নিশ্চয় যিসকলে ঈমান আনাৰ পিছত কুফৰী কৰিছে, তাৰ পিছত সিহঁত কুফৰী কাৰ্যত বাঢ়ি গৈছে সিহঁতৰ তাওবা কেতিয়াও কবুল কৰা নহ’ব; আৰু সিহঁতেই পথভ্ৰষ্ট।
آية رقم 91
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰৰূপে মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপ প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই সেইসকল লোক, যিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই।
آية رقم 92
তোমালোকে যি ভালপোৱা তাৰ পৰা ব্যয় নকৰালৈকে তোমালোকে কেতিয়াও ছোৱাব অৰ্জন কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ব্যয় কৰা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত।
آية رقم 93
তাওৰাত অৱতীৰ্ণ হোৱাৰ আগত ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।
آية رقم 94
এতেকে ইয়াৰ পিছতো যিসকলে আল্লাহৰ ওপৰত মিছা ৰটনা কৰে সিহঁতেই যালিম।
آية رقم 95
কোৱা, ‘আল্লাহে সত্য কৈছে। সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰা, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভূক্ত নাছিল’।
آية رقم 96
নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ প্ৰতিষ্ঠিত হৈছিল সেয়া হৈছে মক্কাত, বৰকতময় আৰু হিদায়ত বিশ্ববাসীৰ বাবে।
آية رقم 97
তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহীম; যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপদ; আৰু মানুহৰ মাজত তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য; আৰু যিয়ে কুফৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।
آية رقم 98
কোৱা, ‘হে আহলে কিতাব! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহৰ লগত কিয় কুফৰী কৰা? আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী’।
آية رقم 99
কোৱা, ‘হে আহলে কিতাব! যিজন ব্যক্তিয়ে ঈমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া? অথচ তোমালোকেই সাক্ষী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়’।
آية رقم 100
হে মুমিনসকল! যিসকলক কিতাব প্ৰদান কৰা হৈছে, তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা, তেন্তে সিহঁতে তোমালোকক ঈমান আনাৰ পিছত আকৌ কাফিৰ অৱস্থাত উভতাই লৈ এৰিব।
آية رقم 101
আৰু কেনেকৈ তোমালোকে কুফৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱাত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুল আছে? আৰু যি ব্যক্তি আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব সি নিশ্চয় সৰল পথৰ হিদায়তপ্ৰাপ্ত হ’ব।
آية رقم 102
হে ঈমান্দাৰসকল! তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম (পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী) নোহোৱা লৈকে মৃত্যুবৰণ নকৰিবা।
آية رقم 103
আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহবা; আৰু তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰে শত্ৰু আছিলা। তাৰ পিছত তেওঁ তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিলে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰ ভাই-ভাই হৈ গ’লা। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেৱেঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ নিদৰ্শনসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা।
آية رقم 104
আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত, যিসকলে কল্যাণৰ ফালে আহ্বান কৰিব আৰু সৎকামৰ নিৰ্দেশ দিব আৰু অসৎকামৰ পৰা নিষেধ কৰিব; আৰু তেওঁলোকেই হ’ব সাফল্যমণ্ডিত।
آية رقم 105
তোমালোকে সিহঁতৰ দৰে নহবা, যিসকলে স্পষ্ট নিদৰ্শনসমূহ অহাৰ পিছতো বিচ্ছিন্ন হৈছে আৰু নিজৰ মাজতেই মতানৈক্য সৃষ্টি কৰিছে; আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।
آية رقم 106
সেইদিনা কিছুমান মুখ উজ্জল হ’ব আৰু কিছুমান মুখ ক'লা পৰিব; যিহঁতৰ মুখ ক'লা পৰিব (সিহঁতক কোৱা হ’ব), ‘তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফৰী কৰিছিলা নেকি? এতেকে তোমালোকে শাস্তি ভোগ কৰা, যিহেতু তোমালোকে কুফৰী কৰিছিলা’।
آية رقم 107
আৰু যিসকলৰ মুখ উজ্জল হ’ব তেওঁলোক আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
آية رقم 108
এইবোৰ আল্লাহৰ আয়াত (নিদৰ্শন), যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱাত কৰিছো; আৰু আল্লাহে সৃষ্টিজগতৰ প্ৰতি যুলুম কৰিব নিবিচাৰে।
آية رقم 109
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু আল্লাহৰ ওচৰতেই সকলো প্ৰত্যাৱৰ্তিত হ’ব।
آية رقم 110
তোমালোকেই শ্ৰেষ্ঠ উম্মত, মানৱ জাতিৰ হিদায়তৰ বাবে যিসকলক উলিওৱা হৈছে, (কাৰণ) তোমালোকে সৎকামৰ আদেশ দিয়া আৰু অসৎকামৰ পৰা নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা। আৰু আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ’লেহেঁতেন। সিহঁতৰ মাজত কিছুমান মুমিন আছে; কিন্তু সিহঁতৰ অধিকাংশই ফাছিক্ব।
آية رقم 111
সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠ প্ৰদৰ্শন কৰিব তাৰ পিছত সিহঁতক সহায় কৰা নহ’ব।
آية رقم 112
আল্লাহৰ প্ৰতিশ্ৰুতি আৰু মানুহৰ প্ৰতিশ্ৰুতিৰ বাহিৰে সিহঁতক য’তেই পোৱা গৈছে ততেই সিহঁত লাঞ্ছিত হৈছে। আৰু সিহঁত আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে লগতে সিহঁতৰ ওপৰত দৰিদ্ৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে; এইটো এই বাবে যে, সিহঁত আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল; সেয়া এই বাবে যে, সিহঁত অবাধ্য হৈছিল আৰু সীমালংঘন কৰিছিল।
آية رقم 113
সিহঁত সকলো সমান নহয়। কিতাবীসকলৰ মাজত অবিচলিত এটা দল আছে; সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱাত কৰে আৰু সিহঁতে ছাজদা কৰে।
آية رقم 114
সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, সৎকামৰ নিৰ্দেশ দিয়ে অসৎকামৰ পৰা নিষেধ কৰে আৰু সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে; আৰু এওঁলোকেই পূণ্যবানসকলৰ অন্তৰ্ভূক্ত।
آية رقم 115
সিহঁতে যি ভাল কাম কৰে, তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ’ব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।
آية رقم 116
নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি আল্লাহৰ ওচৰত কেতিয়াও কোনো কামত নাহিব; আৰু সিহঁতেই জুইৰ অধিবাসী, সিহঁত তাত স্থায়ী হ’ব।
آية رقم 117
এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হিমশীতল বতাহৰ দৰে, যিটোৱে আঘাত কৰে সেই জাতিৰ শস্য খেতিত যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে; তাৰ পিছত ই সেয়া ধ্বংস কৰি দিয়ে। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই, সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে।
آية رقم 118
হে মুমিনসকল! তোমালোকে নিজৰ বাহিৰে আন কাৰোবাক অন্তৰঙ্গ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব; সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো, যদি তোমালোকে অনুধাবন কৰা।
آية رقم 119
চোৱা, তোমালোকেই সিহঁতক ভালপোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায় অথচ তোমালোকে সকলো কিতাব বিশ্বাস কৰা। আৰু সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয়, ‘আমি ঈমান আনিছো’, কিন্তু সিহঁতে যেতিয়া অকলশৰীয়াকৈ মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। কোৱা, ‘তোমালোকৰ ক্ৰোধত তোমালোকেই মৰা’। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
آية رقم 120
তোমালোকৰ মঙ্গল হ’লে সেয়া সিহঁতক কষ্ট দিয়ে আৰু তোমালোকৰ অমঙ্গল হ’লে সিহঁতে আনন্দিত হয়। তোমালোকে যদি ধৈৰ্যশীল হোৱা আৰু মুত্তাক্বী হোৱা তেন্তে সিহঁতৰ ষড়যন্ত্ৰই তোমালোকক একো ক্ষতি কৰিব নোৱাৰে। সিহঁতে যি কৰে নিশ্চয় আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।
آية رقم 121
আৰু স্মৰণ কৰা, যেতিয়া তুমি পোৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
آية رقم 122
যেতিয়া তোমালোকৰ মাজৰ দুটা দলে হতাশ হৈ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল অথচ আল্লাহ উভয়ৰে অভিভাৱক, আৰু আল্লাহৰ ওপৰতেই যাতে মুমিনসকলে নিৰ্ভৰ কৰে।
آية رقم 123
আৰু বদৰৰ যুদ্ধত নিশ্চয় আল্লাহে তোমালোকক সহায় কৰিছল সেই সময়ত তোমালোকে অতি দুৰ্বল আছিলা। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
آية رقم 124
স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা, ‘এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে, তোমালোকৰ প্ৰতিপালকে তিনি হেজাৰ ফিৰিস্তা অৱতীৰ্ণ কৰি তোমালোকক সহযোগিতা কৰিব’?
آية رقم 125
হয়, নিশ্চয়, যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা, তাক্বৱা অৱলম্বন কৰা আৰু সিহঁতে দ্ৰুত গতিত তোমালোকৰ ওপৰত আক্ৰমণ কৰে, তেন্তে আল্লাহে পাঁচ হেজাৰ চিহ্নিত ফিৰিস্তা প্ৰদান কৰি তোমালোকৰ সহায় কৰিব।
آية رقم 126
আৰু আল্লাহে তোমালোকৰ বাবে এয়া কেৱল সসংবাদ আৰু তোমালোকৰ আত্মিক প্ৰশান্তিৰ বাবে কৰিছে; আৰু সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা আহে।
آية رقم 127
যাতে তেওঁ কাফিৰসকলৰ এটা অংশক ধ্বংস কৰে বা সিহঁতক লাঞ্ছিত কৰে; ফলত সিহঁত নিৰাশ হৈ উভতি যাব।
آية رقم 128
তেওঁ সিহঁতৰ তাওবা কবুল কৰিব পাৰে নাইবা সিহঁতক শাস্তি দিব- এই বিষয়ে তোমাৰ কোনো অধিকাৰ নাই; কাৰণ সিহঁত হৈছে যালিম।
آية رقم 129
আকাশত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। তেওঁ যাক ইচ্ছা ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা শাস্তি দিয়ে; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 130
হে মুমিনসকল! তোমালোকে চক্ৰ বৃদ্ধি হাৰত সুত নাখাবা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।
آية رقم 131
ﯶﯷﯸﯹﯺ
ﯻ
আৰু তোমালোকে সেই জুইক ভয় কৰা যিটো কাফিৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে।
آية رقم 132
ﯼﯽﯾﯿﰀ
ﰁ
তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা যাতে তোমালোকে কৃপা লাভ কৰিব পাৰা।
آية رقم 133
আৰু তোমালোকে দ্ৰুত অগ্ৰসৰ হোৱা নিজ প্ৰতিপালকৰ ক্ষমাৰ পিনে আৰু সেই জান্নাতৰ পিনে যাৰ পৰিধি আকাশসমূহ আৰু পৃথিৱীৰ সমান, যিটো প্ৰস্তুত কৰা হৈছে মুত্তাক্বীসকলৰ বাবে।
آية رقم 134
যিসকলে সচ্ছল আৰু অসচ্ছল অৱস্থাত ব্যয় কৰে, আৰু যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল; আৰু আল্লাহে মুহছিনসকলক ভাল পায়;
آية رقم 135
আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব? আৰু সিহঁতে যিটো কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে।
آية رقم 136
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ পুৰষ্কাৰ হৈছে নিজ প্ৰতিপালকৰ ক্ষমা আৰু জান্নাত, যাৰ তলত নদী প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু সৎকৰ্মশীল লোকৰ পুৰষ্কাৰ কিমান যে উত্তম!
آية رقم 137
নিশ্চয় তোমালোকৰ পূৰ্বে বহু (জাতিৰ) চৰিত অতীত হৈ গৈছে, সেয়ে তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা মিছলীয়াসকলৰ কি পৰিণাম হৈছিল।
آية رقم 138
ﮤﮥﮦﮧﮨﮩ
ﮪ
এইবোৰ, মানুহৰ বাবে স্পষ্ট বৰ্ণনা আৰু মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।
آية رقم 139
তোমালোকে দুৰ্বল নহবা আৰু চিন্তিতও নহবা; তোমালোকেই বিজয়ী যদি তোমালোকে মুমিন হোৱা।
آية رقم 140
যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতেও তেনেই আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকো, যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদৰূপে গ্ৰহণ কৰিব পাৰে; আৰু আল্লাহে যালিমসকলক পছন্দ নকৰে।
آية رقم 141
ﭑﭒﭓﭔﭕﭖ
ﭗ
আৰু যাতে আল্লাহে মুমিনসকলক পৰিশুদ্ধ কৰিব পাৰে লগতে কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে।
آية رقم 142
তোমালোকে ভৱা নেকি যে তোমালোকে (এনেই) জান্নাতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্যশীল সেয়া প্ৰকাশ কৰা নাই?
آية رقم 143
নিশ্চয় তোমালোকে মৃত্যুৰ সন্মুখীন হোৱাৰ আগত সেয়া (মৃত্যু) কামনা কৰিছিলা, এতেকে এতিয়াতো তোমালোকে নিজ চকুৰে তাক প্ৰত্যক্ষ কৰিলা।
آية رقم 144
আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰষ্কৃত কৰিব।
آية رقم 145
আল্লাহৰ অনুমতিবিহীন কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰষ্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰো আৰু যিয়ে আখিৰাতৰ পুৰষ্কাৰ বিচাৰে আমি তাক তাৰে পৰা প্ৰদান কৰো আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰষ্কৃত কৰিম।
آية رقم 146
আৰু এনেকুৱা বহুতো নবী আছিল, যিসকলৰ লগত থাকি বহু সংখ্যক (ঈমান আৰু আমলে ছলেহৰ ওপৰত প্ৰশিক্ষণ প্ৰাপ্ত) লোক যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোক মনোবল হেৰুৱা নাছিল, দুৰ্বলও হোৱা নাছিল আৰু নত হোৱা নাছিল; আৰু আল্লাহ ধৈৰ্যশীলসকলক ভাল পায়।
آية رقم 147
এই কথাৰ বাহিৰে তেওঁলোকৰ আন কোনো কথা নাছিল, ‘হে আমাৰ ৰব! আমাৰ পাপ আৰু আমাৰ কৰ্মৰ সীমালংঘন তুমি ক্ষমা কৰা, আমাৰ ভৰি অবিচল ৰখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা’।
آية رقم 148
তাৰ পিছত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰষ্কাৰ আৰু আখিৰাতৰ উত্তম পুৰষ্কাৰ প্ৰদান কৰিলে; আৰু আল্লাহে মুহছিনসকলক ভালপায়।
آية رقم 149
হে মুমিনসকল! যদি তোমালোকে কাফিৰসকলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক বিপৰীত ফালে উভতাই দিব ফলত তোমালোক ক্ষতিগ্ৰস্ত হৈ পৰিবা।
آية رقم 150
বৰং আল্লাহেই তোমালোকৰ অভিভাৱক আৰু তেওঁ উত্তম সহায়কাৰী।
آية رقم 151
অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে, যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই; সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু যালিমসকলৰ আবাস কিমান যে নিকৃষ্ট!
آية رقم 152
নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱালা আৰু নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিলা আৰু যি তোমালোকে ভালপোৱা সেয়া দেখুৱাৰ পিছত তোমালোকে অবাধ্য হ’লা। কাৰণ, তোমালোকৰ কিছুমানে পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমানে আখিৰাতৰ অভিলাষী আছিল। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ (তোমালোকৰ শত্ৰুসকলৰ) পৰা পশ্চাদবৰ্তী কৰালে। নিশ্চয় তেওঁ তোমালোকক ক্ষমা কৰি দিছে আৰু আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল।
آية رقم 153
স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালে ওভতি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। ফলত তেওঁ (আল্লাহে) তোমালোকক বিপদৰ ওপৰত বিপদ দিলে, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহিছে তাৰ বাবে তোমালোকে দুঃখিত নোহোৱা; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ বিশেষভাৱে অৱগত।
দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে যিটো তোমাৰ ওচৰত প্ৰকাশ নকৰে, সেয়া সিহঁতে অন্তৰত গোপন ৰাখে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহলোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও নিহত হোৱা যিসকলৰ বাবে অৱধাৰিত আছিল সিহঁতে নিজৰ মৃত্যুস্থানত ওলাই আহিলেহেঁতেন’। এইটো এই বাবে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
آية رقم 155
যিদিনা দুই দলে পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল, সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলত চয়তানেই সিহঁতৰ পদস্খলন ঘটাইছিল। অৱশ্য আল্লাহে সিহঁতক ক্ষমা কৰিছে। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল।
آية رقم 156
হে মুমিনসকল! তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কুফৰী কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ-বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, ‘সিহঁত যদি আমাৰ লগত থাকিলেহেঁতেন তেন্তে সিহঁত নমৰিলেহেঁতেন আৰু নিহত নহলেহেঁতেন’। ফলত আল্লাহে এই বিষয়টোক সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে; দৰাচলতে আল্লাহেই জীৱন দান কৰে আৰু মৃত্যু ঘটায়, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
آية رقم 157
তোমালোকে আল্লাহৰ পথত নিহত হ’লে অথবা তোমালোকৰ মৃত্যু হ’লে, আল্লাহৰ ক্ষমা আৰু দয়া সিহঁতে সঞ্চয় কৰা সম্পদতকৈয়ো উত্তম।
آية رقم 158
আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতেই সমবেত কৰা হ’ব।
آية رقم 159
এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল-হৃদয় হৈছিলা; যদি তুমি ৰূঢ় আৰু কঠোৰচিত্ত হ’লাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সঙ্গ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় আল্লাহ (তেওঁৰ ওপৰত) নিৰ্ভৰকাৰীসকলক ভালপায়।
آية رقم 160
আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত জয়ী হ’বলৈ কোনো নাই; আৰু তেওঁ তোমালোকক সহায় নকৰিলে, তেওঁৰ বাহিৰে কোন আছে, যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা উচিত।
آية رقم 161
আৰু কোনো নবীৰ বাবে উচিত নহয় যে, তেওঁ ‘গলুল’ (অন্যায়ভাৱে কোনো বস্তু গোপন) কৰিব, এইটো অসম্ভৱ। যিয়ে অন্যায়ভাৱে কিবা গোপন কৰিব, সি অন্যায়ভাৱে গোপন কৰা বস্তু কিয়ামতৰ দিনা লগত লৈ আহিব। তাৰ পিছত প্ৰত্যেককে সি যি উপাৰ্জন কৰিছে সেয়া পূৰ্ণ মাত্ৰাত প্ৰদান কৰা হ’ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
آية رقم 162
যিয়ে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছে, সি সেই ব্যক্তিৰ দৰে নেকি যিয়ে আল্লাহৰ ক্ৰোধৰ পাত্ৰ হৈছে আৰু জাহান্নামেই যাৰ আবাস? আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
آية رقم 163
আল্লাহৰ ওচৰত সিহঁত বিভিন্ন স্তৰৰ; সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
آية رقم 164
আল্লাহে মুমিনসকলৰ প্ৰতি অৱশ্যে অনুগ্ৰহ কৰিছে যে, তেওঁ সিহঁতৰ মাজৰ পৰাই সিহঁতৰ ওচৰত এজন ৰাছুল পঠিয়াইছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱাত কৰে, সিহঁতক পৰিশুদ্ধ কৰে লগতে কিতাব আৰু হিকমতৰ শিক্ষা দিয়ে, যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল।
آية رقم 165
কি হ’ল তোমালোকৰ! যেতিয়া তোমালোকৰ ওপৰত বিপদ আহিলে (উহুদৰ যুদ্ধত) তেতিয়া তোমালোকে ক’ব ধৰিলা, ‘এইটো কৰ পৰা আহিল’? অথচ তোমালোকে দ্বিগুণ বিপদ ঘটিয়াইছিলা (বদৰৰ যুদ্ধত)। কোৱা, ‘এইটো তোমালোকৰ নিজৰ (দোষৰ) কাৰণেই আহিছে’; নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।
آية رقم 166
আৰু যিদিনা দুই দলে পৰস্পৰ সন্মুখীন হৈছিল, সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল; আৰু যাতে তেওঁ প্ৰকাশ কৰে, কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন।
آية رقم 167
আৰু মুনাফিকসকলক প্ৰকাশ কৰাৰ বাবে; আৰু সিহঁতক কোৱা হৈছিল, ‘আহা, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰা অথবা প্ৰতিৰোধ কৰা’। সিহঁতে কৈছিল, ‘যদি যুদ্ধ হ’ব বুলি জানিলোহেঁতেন তেন্তে আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন’। সেইদিনা সিহঁত ঈমানতকৈ কুফৰীৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে সেয়া আল্লাহ অধিক অৱগত।
آية رقم 168
যিসকলে ঘৰতে বহি ৰ’ল সিহঁতে নিজ ভাতৃসকলৰ বিষয়ে ক’লে যে, ‘যদি সিহঁতে আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ’লেহেঁতেন’। সিহঁতক কোৱা, ‘যদি তোমালোকে সত্যবাদী তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন’।
آية رقم 169
আৰু যিসকলে আল্লাহৰ পথত নিহত হৈছে সিহঁতক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা; বৰং সিহঁত জীৱিত আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতে জীৱিকাপ্ৰাপ্ত।
آية رقم 170
আল্লাহে নিজ অনুগ্ৰহত তেওঁলোকক যি দান কৰিছে তাতে তেওঁলোক আনন্দিত আৰু তেওঁলোকৰ পিছত যিসকলে এতিয়াও তেওঁলোকৰ লগত মিলিত হোৱা নাই তেওঁলোকৰ বাবেও আনন্দ প্ৰকাশ কৰে যে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
آية رقم 171
তেওঁলোকে আনন্দ প্ৰকাশ কৰে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহৰ বাবে আৰু এই বাবে যে, নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে।
آية رقم 172
যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাছুলৰ আহ্বানত সঁহাৰি দিছিল। তেওঁলোকৰ মাজত যিসকলে সৎকাম কৰিছে আৰু তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে মহাপুৰষ্কাৰ আছে।
آية رقم 173
এওঁলোকক মানুহে কৈছিল, ‘তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা’, কিন্তু এই কথাই তেওঁলোকৰ ঈমান আৰু বৃদ্ধিহে কৰিলে আৰু তেওঁলোকে ক’লে, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ যে কিমান উত্তম কৰ্মবিধায়ক’!
آية رقم 174
তাৰ পিছত তেওঁলোক আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহসহ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল; আৰু আল্লাহ মহা অনুগ্ৰহশীল।
آية رقم 175
সি এজন চয়তান। সি তোমালোকক তাৰ বন্ধুসকলৰ ভয় দেখুৱায়; এতেকে যদি তোমালোকে মুমিন তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।
آية رقم 176
যিসকলে কুফৰীত দ্ৰুতগামী, সিহঁতৰ আচৰণে যেন তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে। সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে; আৰু সিহঁতৰ বাবে আছে মহা শাস্তি।
آية رقم 177
নিশ্চয় যিসকলে ঈমানৰ বিনিময়ত কুফৰী কিনি লৈছে সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু সিহঁতৰ বাবে যন্ত্ৰণাদায়ক শাস্তি আছে।
آية رقم 178
কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে, আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ মঙ্গলৰ বাবে; বৰং আমি অৱকাশ দিওঁ যাতে সিহঁতৰ পাপ বৃদ্ধি হয়। কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
آية رقم 179
পৱিত্ৰক আপৱিত্ৰৰ পৰা পৃথক নকৰা লৈকে তোমালোকে যি অৱস্থাত আছা আল্লাহে মুমিনসকলক সেই অৱস্থাত এৰি নিদিয়ে। এইদৰে গায়েব (অদৃশ্য) সম্পৰ্কে তোমালোকক অৱহিত কৰা আল্লাহৰ নিয়ম নহয়; কিন্তু আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা। যদি তোমালোকে ঈমান আনা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে তোমালোকৰ বাবে আছে মহা পুৰষ্কাৰ।
آية رقم 180
আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা সিহঁতক যি দান কৰিছে সেয়া লৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে, সিহঁতৰ বাবে এয়া কল্যাণকৰ। বৰং এয়া সিহঁতৰ বাবে অমঙ্গল। যিটোলৈ সিহঁতে কৃপণতা কৰিছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাৱদ্ধ কৰি দিয়া হ’ব। আকাশমণ্ডল আৰু পৃথিৱীৰ সত্ত্বাধিকাৰ একমাত্ৰ আল্লাহৰেই। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
آية رقم 181
নিশ্চয় আল্লাহে সিহঁতৰ কথা শুনিছে যিসকলে কয়, ‘নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমি অভাৱমুক্ত’। অৱশ্যই আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টোও; আৰু আমি ক’ম, ‘তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা’।
آية رقم 182
এয়া হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু এইটো এই বাবে যে, নিশ্চয় আল্লাহ বান্দাহসকলৰ প্ৰতি অন্যায়কাৰী নহয়।
آية رقم 183
যিসকলে কয়, ‘নিশ্চয় আল্লাহে আমাক অঙ্গীকাৰ দিছিল যে, আমি যাতে কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কোৰবানী উপস্থিত নকৰিব যিটোক অগ্নি শিখাই খাই পেলাব’। সিহঁতক কোৱা, ‘মোৰ আগত বহুতো ৰাছুল স্পষ্ট নিদৰ্শনসহ আৰু তোমালোকে যি কৈ আছা সেইটোসহ তোমালোকৰ ওচৰত আহিছিল, যদি তোমালোকে সত্যবাদী তেন্তে কিয় তেওঁলোকক হত্যা কৰিছিলা’।
آية رقم 184
এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে, তেন্তে (জানি থোৱা) তোমাৰ আগত যিবোৰ ৰাছুল স্পষ্ট নিদৰ্শন, আচমানী ছহীফা আৰু দিপ্তিমান কিতাবসহ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল।
آية رقم 185
প্ৰতিটো প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব। এতেকে যাক জুইৰ পৰা আঁতৰত ৰখা হ’ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ’ব তেৱেঁই সফল। পাৰ্থিৱ জীৱনটো ছলনাময় ভোগৰ বাহিৰে আন একো নহয়।
آية رقم 186
তোমালোকক অৱশ্যে তোমালোকৰ ধন-সম্পদ আৰু নিজ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ’ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্বৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ’ব দৃঢ় সংকল্পৰ কাম।
آية رقم 187
স্মৰণ কৰা, যেতিয়া আল্লাহে কিতাবীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে, ‘অৱশ্যে তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা’। ইয়াৰ পিছতো সিহঁতে ইয়াক (অগ্ৰাহ্য কৰি) সিহঁতৰ পিছফালে পেলাই দিয়ে আৰু তুচ্ছ মুল্যত বিক্ৰি কৰে, গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট!
آية رقم 188
যিসকলে নিজ কৃতকৰ্মৰ প্ৰতি আনন্দ প্ৰকাশ কৰে আৰু নিজে যিটো কৰা নাই এনেকুৱা কামৰ বাবে প্ৰশংসিত হ’বলৈ ভাল পায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে, সিহঁতে শাস্তিৰ পৰা মুক্তি পাব; সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
آية رقم 189
আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্ব একমাত্ৰ আল্লাহৰেই; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
آية رقم 190
নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত লগতে ৰাতি আৰু দিনৰ বিবৰ্তনৰ মাজত বিবেক সম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।
آية رقم 191
যিসকলে থিয় হৈ, বহি আৰু শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
آية رقم 192
হে আমাৰ ৰব! ‘নিশ্চয় তুমি যাক জুইত নিক্ষেপ কৰিবা, অৱশ্যে তুমি তাক অপমান কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।
آية رقم 193
হে আমাৰ ৰব! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰিবলৈ শুনিছো যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ পিনে ঈমান আনা’। সেয়ে আমি ঈমান আনিছো। হে আমাৰ ৰব! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰা আৰু আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।
آية رقم 194
হে আমাৰ ৰব! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।
آية رقم 195
তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰো তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে আৰু যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপ মোচন কৰিম আৰু অৱশ্যে সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত। এইটো আল্লাহৰ তৰফৰ পৰা পুৰষ্কাৰ; আৰু উত্তম পুৰষ্কাৰ আল্লাহৰ ওচৰতেই আছে’।
آية رقم 196
যিসকলে কুফৰী কৰিছে, দেশ-বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।
آية رقم 197
এইবোৰ সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
آية رقم 198
কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।
آية رقم 199
আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ বিনয়াবনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। এওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
آية رقم 200
হে মুমিনসকল! তোমালোকে ধৈৰ্য ধাৰণ কৰা, আৰু ধৈৰ্যত প্ৰতিযোগিতা কৰা আৰু সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।
تقدم القراءة