ترجمة معاني سورة سبأ باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।
آية رقم 2
তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল।
آية رقم 3
আৰু কাফিৰসকলে কয়, ‘আমাৰ ওচৰলৈ কিয়ামত নাহিব’। কোৱা, ‘অৱশ্যে আহিব, শপত মোৰ প্ৰতিপালকৰ! নিশ্চয় তোমালোকৰ ওচৰত সেয়া আহিব’। তেওঁ গায়েব সম্পৰ্কে সম্যক পৰিজ্ঞাত; আকাশসমূহ আৰু পৃথিৱীত অণু পৰিমাণ কোনো বস্তু অথবা তাতোকৈ সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়; প্ৰতিটো বস্তুৱেই সুস্পষ্ট কিতাবত লিপিবদ্ধ আছে।
آية رقم 4
যাতে তেওঁ প্ৰতিদান দিয়ে তেওঁলোকক যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
آية رقم 5
আৰু যিসকলে আমাৰ আয়াতক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি।
آية رقم 6
আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইটোৱে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ নিৰ্দেশ কৰে।
آية رقم 7
আৰু কাফিৰসকলে কয়, ‘আমি তোমালোকক এনে এজন ব্যক্তিৰ সন্ধান দিমনে? যিয়ে তোমালোকক সংবাদ দিব যে, তোমালোকৰ দেহ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব তেতিয়া নিশ্চয় তোমালোক নতুন ভাৱে আকৌ সৃষ্ট হ’বা’!
آية رقم 8
সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে নেকি, নে তাৰ মাজত উন্মাদনা আছে? বৰং যিহঁতে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতে শাস্তি আৰু ঘোৰ বিভ্ৰান্তিৰ মাজত আছে।
آية رقم 9
সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুৰি ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে? আমি ইচ্ছা কৰিলে সিহঁতক মাটিসহ পুতি দিব পাৰো অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰো। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে।
آية رقم 10
আৰু অৱশ্যে আমি আমাৰ ফালৰ দাউদক প্ৰদান কৰিছিলো মৰ্যাদা আৰু আদেশ কৰিছিলো, হে পৰ্বতমালা! তোমালোকে দাউদৰ লগত বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলো)। আৰু তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলো,
آية رقم 11
(এই নিৰ্দেশ দি যে) তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা; আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্যক দ্ৰষ্টা।
آية رقم 12
আৰু বতাহক ছুলাইমানৰ অধীন কৰি দিছিলো যিটো ৰাতি পুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলি এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলো আৰু এনে কিছুমান জিনক তেওঁৰ আনুগত কৰি দিছিলো যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।
آية رقم 13
সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ কিছু সংখ্যকহে কৃতজ্ঞ!’
آية رقم 14
এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালো, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰালে মাটিৰ পৰুৱায়, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিলে তেতিয়াহে জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলেহেঁতেন।
آية رقم 15
নিশ্চয় ছাবাৰ অধিবাসীসকলৰ বাবে সিহঁতৰ বাস ভূমিত আছিল এটা নিদৰ্শন, দুটা উদ্যান, এটা সোঁফালে আৰু এটা বাওঁ ফালে। কোৱা হৈছিল, তোমালোকে তোমালোকৰ প্ৰতিপালকে দিয়া জীৱিকা ভোগ কৰা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। উত্তম নগৰ আৰু ক্ষমাশীল ৰব।
آية رقم 16
তথাপিও সিহঁত অবাধ্য হ’ল। ফলত আমি সিহঁতৰ ওপৰত প্ৰবাহিত কৰিলো বান্ধ-ভঙ্গা ঢলপানী আৰু সিহঁতৰ উদ্যান দুটাক পৰিবৰ্তন কৰি দিলো এনেকুৱা দুটা উদ্যানত, য’ত উৎপন্ন হয় তিতা-কেহা ফলমূল, ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।
آية رقم 17
সেই শাস্তি আমি সিহঁতক দিছিলো সিহঁতৰ কুফৰীৰ কাৰণে। অকৃতজ্ঞসকলৰ বাহিৰে আন কাকো আমি এনেকুৱা শাস্তি নিদিওঁ।
آية رقم 18
সিহঁতক লগতে আৰু যিবোৰ জনপদৰ মাজত আমি বৰকত দিছিলো, সেইবোৰৰ মধ্যৱৰ্তী স্থানত আমি দৃশ্যমান বহুতো জনপদ স্থাপন কৰিছিলো আৰু সেইবোৰ জনপদত ভ্ৰমণৰ বাবে যথাযথ ব্যৱস্থা কৰিছিলো। কৈছিলো, ‘তোমালোকে এইবোৰ জনপদত দিনে-ৰাতি (যেতিয়া ইচ্ছা তেতিয়াই) নিৰাপদে ভ্ৰমণ কৰা’।
آية رقم 19
তাৰ পিছত সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমাৰ ভ্ৰমণৰ দুৰত্ব দীৰ্ঘ কৰি দিয়া’। সিহঁতে নিজৰে প্ৰতি অন্যায় কৰিছিল। ফলত আমি সিহঁতক কাহিনীৰ বিষয় বস্তুত পৰিণত কৰিলো আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন-বিচ্ছিন্ন কৰি দিলো। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক ধৈৰ্যশীল, কৃতজ্ঞ ব্যক্তিৰ বাবে।
آية رقم 20
আৰু অৱশ্যে সিহঁতৰ সম্বন্ধে ইবলীছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিলে;
آية رقم 21
আৰু সিহঁতৰ ওপৰত চয়তানৰ কোনো আধিপত্য নাছিল। কিন্তু কোনে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে, সেয়া প্ৰকাশ কৰাটোৱেই আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী।
آية رقم 22
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমান বস্তুৰো মালিক নহয়। আৰু এই দুটাত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়’।
آية رقم 23
আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো ছুপাৰিছ ফলপ্ৰসূ নহ’ব। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হয়, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰে, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে কয়, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।
آية رقم 24
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ পৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে’? কোৱা, ‘আল্লাহ। নিশ্চয় আমি অথবা তোমালোক সৎপথত প্ৰতিষ্ঠিত আছো নাইবা স্পষ্ট বিভ্ৰান্তিত পতিত’।
آية رقم 25
কোৱা, ‘আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহ’ব আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্ৰশ্ন কৰা নহ’ব’।
آية رقم 26
কোৱা, ‘আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেৱেঁই আমাৰ মাজত সঠিকভাৱে ফয়চালা কৰি দিব; আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী, সৰ্বজ্ঞ’।
آية رقم 27
কোৱা, ‘তোমালোকে মোক দেখুৱাচোন, যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়। বৰং তেওঁ (একমাত্ৰ) আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
آية رقم 28
আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিছো; কিন্তু অধিকাংশ মানুহেই নাজানে।
آية رقم 29
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব’?
آية رقم 30
কোৱা, ‘তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত্তও বিলম্ব কৰিব নোৱাৰিবা, আৰু ত্বৰান্বিতও কৰিব নোৱাৰিবা’।
آية رقم 31
যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰিম আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰিম’। হায়! যদি তুমি দেখিলাহেঁতেন যালিমসকলক, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভবা হৈছিল, সিহঁতে অহংকাৰী বিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি অৱশ্যে মুমিন হ’লোহেঁতেন!’
آية رقم 32
যিসকলে অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখা বিলাকক ক’ব, ‘তোমালোকৰ ওচৰত হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলো নে? বৰং তোমালোকহে অপৰাধী আছিলা’।
آية رقم 33
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে, অহংকাৰকাৰী বিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা যাতে আমি আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰো’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপনে ৰাখিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
آية رقم 34
আমি যি জনপদতেই সতৰ্ককাৰী প্ৰেৰণ কৰিছো তাৰ বিত্তশালী অধিবাসীসকলে কৈছে, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা নিশ্চয় আমি সেয়া অস্বীকাৰ কৰো’।
آية رقم 35
সিহঁতে আৰু কৈছে, ‘আমি ধন-সম্পদ আৰু সন্তান-সন্ততিত অধিক সমৃদ্ধশালী; আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ’ব’।
آية رقم 36
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে; কিন্তু অধিকাংশ লোকেই সেয়া নাজানে’।
آية رقم 37
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এনে কোনো বস্তু নহয় যিটো তোমালোকক মৰ্যাদাৰ দিশত আমাৰ ওচৰত নিকটৱৰ্তী কৰি দিব; কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকেই নিজ কৰ্মৰ বাবে পাব বহুগুণ প্ৰতিদান; আৰু তেওঁলোক সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব।
آية رقم 38
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।
آية رقم 39
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা সীমিত কৰি দিয়ে। তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তেওঁ তাৰ বিনিময় প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।
آية رقم 40
আৰু স্মৰণ কৰা, যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব, তাৰ পিছত ফিৰিস্তাসকলক সুধিব, ‘ইহঁতে তোমালোকৰ ইবাদত কৰিছিল নেকি’?
آية رقم 41
তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিন বিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিন বিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।
آية رقم 42
‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম, ‘তোমালোকে যি অগ্নি শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।
آية رقم 43
আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্ব পুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।
آية رقم 44
আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলো যিটো সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলো।
آية رقم 45
সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলো, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!
آية رقم 46
কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছো, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ উঠি থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।
آية رقم 47
কোৱা, ‘যদি মই তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচাৰো তেন্তে সেয়া কেৱল তোমালোকৰ বাবেই; মোৰ পুৰষ্কাৰ আছে কেৱল আল্লাহৰ ওচৰত আৰু তেওঁ সকলো বস্তুৰে প্ৰত্যক্ষকাৰী’।
آية رقم 48
কোৱা, ‘নিশ্চয় মোৰ ৰব সত্যৰ দ্বাৰা আঘাত কৰে, তেৱেঁই যাৱতীয় গায়েবৰ সম্যক জ্ঞানী’।
آية رقم 49
কোৱা, ‘সত্য আহিছে, এতেকে বাতিলে নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।
آية رقم 50
কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়ত প্ৰাপ্ত হওঁ সেয়া কেৱল এই বাবে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।
آية رقم 51
যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতে ভীত-বিহ্বল হৈ পৰিব, তেতিয়া সিহঁতে অব্যাহতি নাপাব আৰু সিহঁতক অতি ওচৰৰ পৰা ধৰা হ’ব,
آية رقم 52
আৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলো’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ?
آية رقم 53
অথচ ইতিপূৰ্বে সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল; আৰু সিহঁতে দূৰৱৰ্তী স্থানৰ পৰা গায়েবৰ বিষয়ে বেয়া মন্তব্য পোষণ কৰিছিল।
آية رقم 54
সিহঁত আৰু সিহঁতৰ আশা-আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীসকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।
تقدم القراءة