ترجمة معاني سورة النساء باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, আৰু তাক্বৱা অৱলম্বন কৰা তেজ-সম্পৰ্কীয় আত্মীয়তাৰ বিষয়েও। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।
آية رقم 2
আৰু ইয়াতীমসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ সমৰ্পণ কৰা; আৰু তোমালোকে অপৱিত্ৰ বস্তুক পৱিত্ৰ বস্তুৰ দ্বাৰা সলনি নকৰিবা লগতে তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ।
آية رقم 3
আৰু যদি তোমালোকে অশংকা কৰা যে, ইয়াতীম ছোৱালীসকলৰ লগত তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে তোমালোকৰ ৰুচি অনুযায়ী নাৰীসকলৰ মাজৰ পৰা দুজনী, তিনিজনী অথবা চাৰিজনীক বিবাহ কৰা; আৰু যদি আশংকা কৰা যে, (সিহঁতৰ মাজত) সুবিচাৰ কৰিব নোৱাৰিবা তেনেহ’লে এজনীকেই (বিবাহ কৰা) অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰা। অবিচাৰ কৰাৰ পৰা বচাৰ এইটোৱেই সম্ভৱপৰ উপায়।
آية رقم 4
আৰু তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰে তৃপ্তিসহকাৰে ভোগ কৰা।
آية رقم 5
আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন-সম্পদ অৰ্পণ নকৰিবা; যাৰ দ্বাৰা আল্লাহে তোমালোকৰ জীৱিকাৰ উপকৰণ কৰিছে। অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা-বোৱা পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা।
آية رقم 6
আৰু তোমালোকে ইয়াতীমসকলক সিহঁতৰ বিবাহৰ বয়সত উপনীত নোহোৱা লৈকে পৰীক্ষা কৰিবা; তাৰ পিছত সিহঁতৰ মাজত ভাল বেয়া বিচাৰৰ জ্ঞান দেখিবলৈ পালে সিহঁতৰ সম্পদ সিহঁতক উভতাই দিবা। আৰু সিহঁত ডাঙৰ হৈ যাব বুলি তোমালোকে লৰা-লৰিকৈ অপচয় কৰি খাই শেষ নকৰিবা। যিয়ে অভাৱমুক্ত সি যেন নিবৃত্ত থাকে আৰু যিয়ে বিত্তহীন সি যেন সংযত পৰিমাণে ভোগ কৰে। তাৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ উভতাই দিবা তেতিয়া সাক্ষী ৰাখিবা; আৰু হিচাব গ্ৰহণত আল্লাহেই যথেষ্ট।
آية رقم 7
পিতৃ-মাতৃ আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰো অংশ আছে, সেয়া অলপেই হওঁক বা বেছিয়েই হওঁক, এইটো নিৰ্ধাৰিত অংশ।
آية رقم 8
আৰু সম্পত্তি বন্টন কৰা অৱস্থাত আত্মীয়, ইয়াতীম আৰু অভাৱগ্ৰস্ত লোক উপস্থিত থাকিলে সিহঁতক তাৰ পৰা অলপ হ'লেও প্ৰদান কৰিবা আৰু সিহঁতৰ লগত সদালাপ কৰিবা।
آية رقم 9
আৰু সিহঁতৰ ভয় কৰা উচিত যে, যদি সিহঁতে নিজৰ পিছত নিঃসহায় সন্তান এৰি থৈ যায় তেন্তে সিহঁতেও সিহঁতৰ বিষয়ে উদ্বিগ্ন হ’লেহেঁতেন। এতেকে সিহঁতে যেন আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু সঙ্গত কথা কয়।
آية رقم 10
নিশ্চয় যিসকলে ইয়াতীমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব।
আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ৰে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ; সি (মৃত ব্যক্তি) নিঃসন্তান হ’লে আৰু পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বন্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 12
তোমালোকৰ স্ত্ৰীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ তোমালোকৰ বাবে, যদি সিহঁতৰ কোনো সন্তান নাথাকে আৰু সিহঁতৰ সন্তান থাকিলে তোমালোকৰ বাবে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ; অছিয়ত পালন আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ সন্তান নাথাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চাৰি ভাগৰ এভাগ, আৰু তোমালোকৰ সন্তান থাকিলে সিহঁতৰ বাবে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ; তোমালোকে যি অছিয়ত কৰিবা সেয়া প্ৰদান কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। আৰু যদি কোনো পুৰুষ অথবা নাৰীৰ ‘কালালাহ’ বা পিতৃ-মাতৃ আৰু সন্তানহীন উত্তৰাধিকাৰী হয়, আৰু কেৱল তাৰ এজন ককায়েক-ভায়েক অথবা এজনী বায়েক-ভনীয়েক থাকে তেন্তে প্ৰত্যেকৰে বাবে ছয় ভাগৰ এভাগ। সিহঁত ইয়াৰ অধিক হ’লে সকলোৱে তিনি ভাগৰ এভাগত সমান অংশীদাৰ হ’ব; এইবোৰ যিটো অছিয়ত কৰা হয় সেইটো পালন কৰাৰ পিছত আৰু ঋণ পৰিশোধ কৰাৰ পিছত, কাৰো ক্ষতি নকৰাকৈ। এইটো হৈছে আল্লাহৰ নিৰ্দেশ; আৰু আল্লাহ সৰ্বজ্ঞ, সহনশীল।
آية رقم 13
এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰখা। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আৰু এইটোৱেই হৈছে মহাসাফল্য।
آية رقم 14
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব আৰু তেওঁৰ নিৰ্ধাৰিত সীমাৰেখা লংঘন কৰিব আল্লাহে তাক জুইত নিক্ষেপ কৰিব, তাত সি চিৰস্থায়ী হ’ব; আৰু তাৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।
آية رقم 15
আৰু তোমালোকৰ নাৰীসকলৰ মাজত যিয়ে ব্যভিচাৰ কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকৰ মাজৰ পৰা চাৰিজন সাক্ষী তলব কৰা। যদি সিহঁতে সাক্ষী দিয়ে তেন্তে সিহঁতক (নাৰীসকলক) ঘৰত অৱৰুদ্ধ কৰি ৰখা যেতিয়া লৈকে সিহঁতৰ মৃত্যু নহয় অথবা আল্লাহে সিহঁতৰ বাবে আন কোনো ব্যৱস্থা কৰি নিদিয়ে।
آية رقم 16
আৰু তোমালোকৰ মাজত যি দুজন (নৰ-নাৰী) এনে অপকৰ্মত লিপ্ত হ’ব সিহঁতক শাস্তি দিয়া। যদি সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰি লয় তেন্তে সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহ পৰম তাওবা কবুলকাৰী, পৰম দয়ালু।
آية رقم 17
নিশ্চয় আল্লাহে সেইসকল লোকৰ তাওবা কবুল কৰে যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে আৰু ততালিকে তাওবা কৰে, এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ তাওবা আল্লাহে কবুল কৰে। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 18
তাওবা সিহঁতৰ বাবে নহয় যিহঁতে আজীৱন বেয়া কাম কৰে, অৱশেষত সিহঁতৰ কাৰোবাৰ মৃত্যু উপস্থিত হ’লে সি কয়, ‘মই এতিয়া তাওবা কৰিছো’, আৰু সিহঁতৰ বাবেও নহয়, যিসকলৰ মৃত্যু কাফিৰ অৱস্থাত হয়। ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
آية رقم 19
হে ঈমান্দাৰসকল! বলপূৰ্বকভাৱে নাৰীসকলৰ উত্তৰাধিকাৰ হোৱা তোমালোকৰ বাবে বৈধ নহয়। তোমালোকে সিহঁতক যি প্ৰদান কৰিছা তাৰ পৰা কিছু অংশ আত্মসাৎ কৰাৰ উদ্দশ্যে সিহঁতক অৱৰুদ্ধ কৰি নাৰাখিবা, কিন্তু যদি সিহঁতে স্পষ্ট বেয়া আচৰণ কৰে (তেন্তে সেয়া সুকীয়া কথা)। আৰু তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।
آية رقم 20
আৰু তোমালোকে যদি এজনী স্ত্ৰীৰ ঠাইত আন এজনী স্ত্ৰী গ্ৰহণ কৰিবলৈ থিৰ কৰা আৰু সিহঁতৰ এজনীক বহু পৰিমাণে অৰ্থও দিছা, তথাপিও তাইৰ পৰা একোৱেই ওভতাই নলবা। তোমালোকে মিছা অপবাদ আৰু প্ৰকাশ্য পাপাচৰণৰ দ্বাৰা সেয়া গ্ৰহণ কৰিবানে?
آية رقم 21
আৰু কেনেকৈ তোমালোকে সেয়া গ্ৰহণ কৰিবা? অথচ তোমালোকে ইজনে সিজনৰ লগত সংগত হৈছিলা (সম্ভোগ কৰিছা) আৰু সিহঁতেও তোমালোকৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।
آية رقم 22
নাৰীসকলৰ মাজৰ পৰা যিসকলক তোমালোকৰ পিতৃ পুৰুষে বিবাহ কৰিছে, তোমালোকে সিহঁতক বিবাহ নকৰিবা, কিন্তু পূৰ্বে যি সংঘটিত হৈছে (সেয়া ক্ষমা কৰা হ’ল)। নিশ্চয় সেয়া আছিল অশ্লীলতা, মাৰাত্মক ঘৃণিত বিষয় আৰু নিকৃষ্ট পথ।
তোমালোকৰ ওপৰত হাৰাম কৰা হৈছে, তোমালোকৰ মাতৃসকলক, জীয়েকসকলক, বাই-ভনীসকলক, জেঠাই-পেহীসকলক, জেঠাই-মাহীসকলক, ভতিজা ছোৱালীসকলক, ভাগিনীসকলক (ছোৱালী), ধাই মাতৃসকলক, পিয়াহ সম্বন্ধীয় বাই-ভনীসকলক, শাহুয়েক আৰু তোমালোকৰ স্ত্ৰীসকলৰ মাজত যাৰ লগত সম্ভোগ কৰিছা তাইৰ আগৰ স্বামীৰ দ্বাৰা গৰ্ভজাত ছোৱালীক, যাক তোমালোকে লালন-পালন কৰিছা; কিন্তু যদি সম্ভোগ কৰা নাই তেন্তে তোমালোকৰ বাবে কোনো অপৰাধ নাই। তোমালোকৰ বাবে আৰু নিষিদ্ধ কৰা হৈছে তোমালোকৰ ঔৰষজাত পুত্ৰৰ স্ত্ৰীসকলক আৰু দুজনী ভনীক-বায়েকক একত্ৰিত কৰা, অতীতত যি হ’ল, সেয়া হ’ল। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 24
আৰু নাৰীসকলৰ মাজত তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে, তোমালোকৰ বাবে এইবোৰ আল্লাহৰ বিধান। উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য নাৰীসকলক ধন-সম্পদৰ বিনিময়ত বিবাহ কৰা তোমালোকৰ বাবে বৈধ কৰা হৈছে, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। সিহঁতৰ মাজত যিসকলৰ লগত তোমালোকে সম্ভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো (কম-বেছি কৰাৰ) বিষয়ত পৰস্পৰ সহমত হ’লে তাত তোমালোকৰ কোনো দোষ নাই। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
আৰু তোমালোকৰ মাজত যাৰ স্বাধীন ঈমান্দাৰ নাৰী বিবাহ কৰাৰ সামৰ্থ নাই, সি যেন তোমালোকৰ অধিকাৰভুক্ত ঈমান্দাৰ দাসীক বিবাহ কৰে; আল্লাহে তোমালোকৰ ঈমান সম্পৰ্কে পৰিজ্ঞাত। তোমালোক ইজনে সিজনৰ সমান; এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ’ব সজচৰিত্ৰা, ব্যভিচাৰিণী নহয় আৰু উপপতি (গোপন যৌনসঙ্গী) গ্ৰহণকাৰীণীও নহয়। এতেকে বিবাহিতা হোৱাৰ পিছত যদি সিহঁত ব্যভিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ’ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্দ্ধেক; তোমালোকৰ মাজত যিসকলে ব্যভিচাৰক ভয় কৰে এইবোৰ বিধান তেওঁলোকৰ বাবেহে; আৰু ধৈৰ্য ধাৰণ কৰা তোমালোকৰ বাবেই মঙ্গল। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
آية رقم 26
আল্লাহে তোমালোকৰ ওচৰত বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে, আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতি তোমালোকক অৱহিত কৰিব বিচাৰে লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 27
আৰু আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব বিচাৰে; আৰু যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে, তোমালোকে প্ৰবলভাৱে (সত্য পথৰ পৰা) বিচ্যুত হোৱা।
آية رقم 28
আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল।
آية رقم 29
হে মুমিনসকল! তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা; কিন্তু পাৰস্পৰিক সন্মতিত ব্যৱসায়-বানিজ্যৰ মাধ্যমত হ’লে সেয়া ভিন্ন কথা; আৰু নিজেই নিজকে হত্যা নকৰিবা; নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।
آية رقم 30
আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব, অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম, আৰু এই কাম আল্লাহৰ বাবে অতি সহজ।
آية رقم 31
তোমালোকক যি নিষেধ কৰা হৈছে তাৰে মাজৰ পৰা যিবোৰ কবিৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।
آية رقم 32
আৰু তোমালোকে আকাংক্ষা নকৰিবা সেইবোৰ বস্তুৰ যাৰ দ্বাৰা আল্লাহে তোমালোকৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষে যি অৰ্জন কৰে সেয়া তাৰ প্ৰাপ্য অংশ আৰু নাৰীয়ে যি অৰ্জন কৰে সেয়া তাইৰ প্ৰাপ্য অংশ; আৰু আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।
آية رقم 33
পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ প্ৰত্যেকৰে বাবে আমি উত্তৰাধিকাৰী কৰিছো আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতক সিহঁতৰ অংশ দি দিয়া। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।
آية رقم 34
পুৰুষসকল নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব দিছে আৰু এই বাবেও যে, পুৰুষসকলে নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যশীলা স্ত্ৰীসকল অনুগতা আৰু লোকচকুৰ অন্তৰালতো সেইবোৰ বিষয় সংৰক্ষণ কৰে যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজত যিসকলৰ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা লগতে সিহঁতক প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।
آية رقم 35
আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।
آية رقم 36
তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথী, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।
آية رقم 37
যিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
آية رقم 38
আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে আৰু চয়তান যাৰ সঙ্গী হয়। এতেকে সেই সঙ্গী কিমান যে নিকৃষ্ট!
آية رقم 39
সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ’লেহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।
آية رقم 40
নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে আৰু নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।
آية رقم 41
এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী উপস্থিত কৰিম আৰু তোমাক সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া কি অৱস্থা হ’ব?
آية رقم 42
যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁতে যদি মাটিৰ লগত মিহলি সমান হৈ গ’লেহেঁতেন! আৰু সিহঁতে আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।
آية رقم 43
হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহবা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয় যেতিয়ালৈকে তোমালোকে গুছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
آية رقم 44
তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।
آية رقم 45
আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰে চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।
آية رقم 46
ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোক আছে যিসকলে কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু কয়, ‘আমি শুনিলো আৰু অমান্য কৰিলো, আৰু শুনা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলো আৰু মানিলো, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লেহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ অতি কম সংখ্যক লোকে ঈমান আনে।
آية رقم 47
হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক যিদৰে অভিসম্পাত কৰিছিলো সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছো তাৰ প্ৰতি তোমালোকে ঈমান আনা; (জানি থোৱা) আৰু আল্লাহৰ আদেশ কাৰ্যকৰী হৈয়ে থাকে।
آية رقم 48
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।
آية رقم 49
তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণেও অন্যায় কৰা নহব।
آية رقم 50
চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।
آية رقم 51
তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব`ত আৰু তাগুতক বিশ্বাস কৰে, সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।
آية رقم 52
ইহঁতেই সেইসকল লোক যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।
آية رقم 53
ৰাষ্ট্ৰ শক্তিত সিহঁতৰ কোনো অংশ আছে নেকি? এনেকুৱা হ’লে তেতিয়া সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণেও কোনো বস্তু মানুহক নিদিলে হয়।
آية رقم 54
অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেই বাবে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলো আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলো।
آية رقم 55
তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; দগ্ধকাৰী হিচাপে জাহান্নামেই যথেষ্ট।
آية رقم 56
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 57
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতি শীঘ্ৰে আমি সিহঁতক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত সিহঁত চিৰস্থায়ী হ’ব, তাত সিহঁতৰ বাবে পৱিত্ৰ স্ত্ৰী থাকিব আৰু সিহঁতক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।
آية رقم 58
নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
آية رقم 59
হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।
آية رقم 60
তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।
آية رقم 61
সিহঁতক যেতিয়া কোৱা হয়, আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰাছুলৰ পিনে আহা, তেতিয়া তুমি মুনাফিকসকলক দেখিবা যে, সিহঁতে তোমাৰ পৰা ফালৰি কাটি আঁতৰি গৈছে।
آية رقم 62
এতেকে তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব, যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কোনো মুছিবতত পতিত হ’ব? তাৰ পিছত সিহঁতে আল্লাহৰ শপতলৈ তোমাৰ ওচৰত আহি ক’ব, ‘আমি কল্যাণ আৰু সম্প্ৰীতিৰ বাহিৰে আন একো বিচৰা নাছিলো’।
آية رقم 63
এওঁলোকৰ অন্তৰত কি আছে সেয়া আল্লাহে ভাল দৰে জানে। সেয়ে তুমি সিহঁতক বৰ্জন কৰা, সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতৰ লগত সিহঁতৰ নিজৰ বিষয়ে মৰ্মস্পৰ্শকাৰী কথা কোৱা।
آية رقم 64
আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এই বাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু ৰাছুলেও সিহঁতৰ বিষয়ে ক্ষমা বিচাৰিলে সিহঁতে নিশ্চয় আল্লাহক পৰম ক্ষমাশীল আৰু পৰম দয়ালুৰূপে পাব।
آية رقم 65
কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়া লৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; তাৰ পিছত তোমাৰ মীমাংসা সম্পৰ্কে সিহঁতৰ মনত কোনো দ্বিধা থাকিব নালাগে আৰু যেতিয়া লৈকে সেয়া সৰ্বান্তকৰণে মানি নলয়।
آية رقم 66
আৰু যদি আমি সিহঁতক আদেশ কৰিলোহেঁতেন যে, তোমালোকে নিজেই নিজকে হত্যা কৰা অথবা নিজ ঘৰৰ পৰা ওলাই যোৱা তেন্তে সিহঁতৰ কিছু সংখ্যকেই এই আদেশ পালন কৰিলেহেঁতেন। যিটো সিহঁতক আদেশ কৰা হৈছিল সেয়া সিহঁতে পালন কৰিলে সিহঁতৰ ভাল হ’লেহেঁতেন আৰু চিত্তস্থিৰতাত সিহঁত দৃঢ়তৰ হ’লেহেঁতেন।
آية رقم 67
ﭮﭯﭰﭱﭲﭳ
ﭴ
আৰু অৱশ্যে তেতিয়া আমি সিহঁতক আমাৰ তৰফৰ পৰা মহাপুৰষ্কাৰ প্ৰদান কৰিলোহেঁতেন।
آية رقم 68
ﭵﭶﭷ
ﭸ
আৰু অৱশ্যে আমি সিহঁতক সৰল পথত পৰিচালিত কৰিলোহেঁতেন।
آية رقم 69
আৰু যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি নবী, ছিদ্দীক্ব (সত্যনিষ্ঠ), শ্বহীদ আৰু সৎকৰ্মপৰায়ণ- যিসকলৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছে তেওঁলোকৰ সঙ্গী হ’ব আৰু এওঁলোক কিমান উত্তম সঙ্গী!
آية رقم 70
এইবোৰ আল্লাহৰ অনুগ্ৰহ। সৰ্বজ্ঞ হিচাপে আল্লাহেই যথেষ্ট।
آية رقم 71
হে মুমিনসকল! তোমালোকে নিজৰ সতৰ্কতা অৱলম্বন কৰা, তাৰ পিছত সুবিধানুযায়ী দলে দলে বিভক্ত হৈ অগ্ৰসৰ হোৱা অথবা একগোট হৈ অগ্ৰসৰ হোৱা।
آية رقم 72
আৰু তোমালোকৰ মাজত কিছুমান এনেকুৱা লোকো আছে যিয়ে নিশ্চয় পিছহোঁহকা মাৰে। তাৰ পিছত তোমালোকৰ ওপৰত কোনো বিপদ আপতিত হ’লে সি কয়, ‘আল্লাহে মোৰ ওপৰত অনুগ্ৰহ কৰিছে যে, মই সিহঁতৰ লগত উপস্থিত নাছিলো’।
آية رقم 73
আৰু আল্লাহৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি কোনো অনুগ্ৰহ আহিলে অৱশ্যে সি এনেকৈ ক’ব যেনিবা তোমালোকৰ আৰু তাৰ মাজত কোনো সম্পৰ্কই নাছিল, ‘হায়, যদি সিহঁতৰ লগত থাকিলোহেঁতেন তেন্তে ময়ো বিৰাট সাফল্য লাভ কৰিলোহেঁতেন’।
آية رقم 74
এতেকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱন বিক্ৰী কৰে সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰা উচিত। আৰু যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিব সি নিহত হওঁক অথবা বিজয়ী হওঁক আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।
آية رقم 75
তোমালোকৰ কি হ’ল যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰ-নাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে, ‘হে আমাৰ ৰব! আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা ইয়াৰ অধিবাসীসকল যালিম; তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰা।
آية رقم 76
যিসকলে ঈমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, আৰু কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা; চয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল।
آية رقم 77
তুমি সিহঁতক দেখা নাইনে? যিসকলক কোৱা হৈছিল, ‘তোমালোকে নিজৰ হাত সংবৰণ কৰা, ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা’; তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা হয় অথবা তাতোকৈ বেছি আৰু কৈছিল, ‘হে আমাৰ ৰব! আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা? আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা? কোৱা, ‘পাৰ্থিৱ ভোগ-বিলাস সামান্য আৰু যিয়ে তাক্বৱা অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণো অন্যায় কৰা নহ’ব’।
آية رقم 78
তোমালোকে য’তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই, যদিও তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো আল্লাহৰ তৰফৰ পৰা আহিছে’, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয়, ‘এইটো তোমাৰ কাৰণে হৈছে’। কোৱা, ‘সকলো আল্লাহৰ তৰফৰ পৰা হয়’। এই সম্প্ৰদায়ৰ কি হ’ল যে, ইহঁতে একেবাৰেই কোনো কথা নুবুজে!
آية رقم 79
তোমাৰ ওচৰত যি কল্যাণ আহে সেয়া আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সেয়া তোমাৰ নিজৰ কাৰণে হয় আৰু আমি তোমাক মানুহৰ বাবে ৰাছুলস্বৰূপ প্ৰেৰণ কৰিছো; সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
آية رقم 80
যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।
آية رقم 81
আৰু সিহঁতে কয়, ‘আনুগত্য কৰো’; তাৰ পিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া ৰাতিত সিহঁতৰ এটা দলে যি কয় তাৰ বিপৰীত পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। সেয়ে তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা; আৰু কৰ্মবিধায়ক হিচাপে আল্লাহেই যথেষ্ট।
آية رقم 82
সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লেহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো অসঙ্গতি পালেহেঁতেন।
آية رقم 83
আৰু যেতিয়া সিহঁতৰ ওচৰত শান্তি অথবা শংকাৰ কোনো সংবাদ আহে তেতিয়া সিহঁতে সেইটো প্ৰচাৰ কৰি থাকে। যদি সিহঁতে সেই সংবাদটো ৰাছুল আৰু সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে সিহঁতে সেইটোৰ যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলেহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে চয়তানৰ অনুসৰণ কৰিলেহেঁতেন।
آية رقم 84
এতেকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা আৰু মুমিনসকলক (যুদ্ধৰ বাবে) উদ্বুদ্ধ কৰা; সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব; আৰু আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি দানত অতি কঠোৰ।
آية رقم 85
যিয়ে ভাল কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব আৰু যিয়ে বেয়া কামৰ বাবে ছুপাৰিছ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। আৰু আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী।
آية رقم 86
আৰু যেতিয়া তোমালোকক ছালাম দিয়া হয় তেতিয়া তোমালোকে তাতোকৈ উত্তম ছালাম দিবা অথবা অনুৰূপ প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী।
آية رقم 87
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; নিশ্চয় তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই; আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হব পাৰে?
آية رقم 88
এতেকে তোমালোকৰ কি হ’ল যে, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ আল্লাহে সিহঁতে যি অৰ্জন কৰিছে তাৰ বাবে সিহঁতক পূৰ্বাৱস্থালৈ উভতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰ বাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
آية رقم 89
সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা। সেয়ে আল্লাহৰ পথত হিজৰত নকৰালৈকে সিহঁতৰ কাকো বন্ধুৰূপে গ্ৰহণ নকৰিবা। যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা আৰু সিহঁতৰ মাজৰ কাকো বন্ধু আৰু সহায়কৰূপে গ্ৰহণ নকৰিবা।
آية رقم 90
কিন্তু (সিহঁতক হত্যা নকৰিবা) যিসকলে এনে এটা সম্প্ৰদায়ৰ লগত মিলিত হয় যাৰ মাজত আৰু তোমালোকৰ মাজত সন্ধিচুক্তি আছে অথবা যিসকলে তোমালোকৰ ওচৰত এনেকুৱা অৱস্থাত আগমন কৰে যেতিয়া সিহঁতৰ মন তোমালোকৰ লগত বা সিহঁতৰ সম্প্ৰদায়ৰ লগত যুদ্ধ কৰিবলৈ সংকুচিত হয়। আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতক তোমালোকৰ ওপৰত ক্ষমতা দিলেহেঁতেন ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে সিহঁতে যদি তোমালোকৰ পৰা আঁতৰি যায়, তোমালোকৰ লগত যুদ্ধ নকৰে আৰু তোমালোকৰ ওচৰত শান্তিৰ প্ৰস্তাৱ উপস্থাপন কৰে তেন্তে আল্লাহে তোমালোকৰ বাবে সিহঁতৰ বিৰুদ্ধে কোনো ব্যৱস্থা অৱলম্বনৰ পথ ৰখা নাই।
آية رقم 91
তোমালোকে অনতিপলমে আৰু কিছুমান লোক পাবা যিসকলে তোমালোকৰ লগত আৰু সিহঁতৰ সম্প্ৰদায়ৰ লগত শান্তি বিচাৰিব। যেতিয়াই সিহঁতক ফিতনাৰ ফালে মনোনিবেশ কৰোৱা হয় তেতিয়াই এই বিষয়ে সিহঁতে সিহঁতৰ আগৰ অৱস্থালৈ উভতি যায়। যদি সিহঁতে তোমালোকৰ পৰা বিৰত নাথাকে, তোমালোকৰ ওচৰত শান্তি প্ৰস্তাৱ নকৰে আৰু সিহঁতৰ হস্ত সংবৰণ নকৰে তেন্তে সিহঁতক য’তেই পাবা গ্ৰেফতাৰ কৰিবা আৰু হত্যা কৰিবা, আৰু আমি তোমালোকক ইহঁতৰ বিৰুদ্ধাচৰণৰ স্পষ্ট অধিকাৰ দিছো।
কোনো এজন মুমিনে আন কোনো মুমিনক হত্যা কৰা বৈধ নহয়, কিন্তু ভুলবশতঃ কৰিলে সেয়া সুকীয়া কথা; আৰু যিয়ে কোনো মুমিনক ভুলবশতঃ হত্যা কৰিলে তেন্তে তাৰ বাবে এজন মুমিন দাস মুক্ত কৰা আৰু তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় কৰা কৰ্তব্য, যদি সিহঁতে ক্ষমা নকৰে; আৰু যদি সেইজন তোমালোকৰ শত্ৰু পক্ষৰ লোক হয় তেন্তে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য; আৰু যদি সেইজন এনে সম্প্ৰদায়ভুক্ত হয় যিসকলৰ লগত তোমালোক অঙ্গীকাৰাৱদ্ধ তেন্তে তাৰ পৰিয়ালবৰ্গক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰা কৰ্তব্য। যিয়ে সঙ্গতিহীন সি একাদিক্ৰমে দুমাহ ছিয়াম পালন কৰিব। এইটো আল্লাহৰ তৰফৰ পৰা ক্ষমাস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 93
আৰু যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰিব তাৰ শাস্তি হৈছে জাহান্নাম, তাত সি স্থায়ী হ’ব; আৰু আল্লাহে তাৰ প্ৰতি ক্ৰুদ্ধ হ’ব লগতে তাৰ ওপৰত অভিসম্পাত কৰিব আৰু তাৰ বাবে প্ৰস্তুত ৰাখিব মহাশাস্তি।
آية رقم 94
হে মুমিনসকল! তোমালোকে যেতিয়া আল্লাহৰ পথত যাত্ৰা কৰিবা তেতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবা আৰু কোনোবাই তোমালোকক ছালাম কৰিলে পাৰ্থিৱ জীৱনৰ সম্পদৰ আশাত তাক এই বুলি নক’বা যে, ‘তুমি মুমিন নহয়’, কাৰণ আল্লাহৰ ওচৰত অনায়াসলভ্য সম্পদ প্ৰচুৰ আছে। তোমালোকেও আগতে এনেকুৱাই আছিলা, তাৰ পিছত আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিছে, সেয়ে তোমালোকে পাৰ্থক্য নিৰ্ণয় কৰিবা। নিশ্চয় তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
آية رقم 95
মুমিনসকলৰ মাজত যিসকল অক্ষম নহয় অথচ ঘৰত বহি থাকে আৰু যিসকলে আল্লাহৰ পথত নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে তেওঁলোক সমান নহয়। যিসকলে নিজৰ ধন-প্ৰাণৰ দ্বাৰা জিহাদ কৰে আল্লাহে তেওঁলোকক যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে, সিহঁত প্ৰত্যেকৰে বাবে আল্লাহে জান্নাতৰ প্ৰতিশ্ৰুতি দিছে। যিসকলে ঘৰত বহি থাকে সিহঁতৰ ওপৰত যিসকলে জিহাদ কৰে তেওঁলোকক আল্লাহে মহাপুৰষ্কাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে।
آية رقم 96
এইবোৰ তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 97
নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে কয়, ‘পৃথিৱীত আমি নিঃসহায় আছিলো’, সিহঁতে কয়, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!
آية رقم 98
কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশু কোনো উপায় অৱলম্বন কৰিব পৰা নাই আৰু কোনো পথো পোৱা নাই।
آية رقم 99
আল্লাহে অতি শীঘ্ৰে সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।
آية رقم 100
আৰু যিয়ে আল্লাহৰ পথত হিজৰত কৰিব সি পৃথিৱীত বহুতো আশ্ৰয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব; আল্লাহ আৰু ৰাছুলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজিৰ হৈ ওলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিলে তাৰ পুৰষ্কাৰৰ দায়িত্ব আল্লাহৰ ওপৰত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 101
আৰু তোমালোকে যেতিয়া দেশ-বিদেশত ছফৰ কৰিবা তেতিয়া যদি তোমালোকৰ আশংকা হয় যে, কাফিৰসকলে তোমালোকৰ বাবে ফিতনা সৃষ্টি কৰিব তেন্তে ছালাত কছৰ কৰিলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়। নিশ্চয় কাফিৰসকল তোমালোকৰ প্ৰকাশ্য শত্ৰু।
আৰু তুমি যেতিয়া সিহঁতৰ মাজত অৱস্থান কৰিবা তাৰ পিছত সিহঁতৰ লগত ছালাত কায়েম কৰিবা, তেতিয়া সিহঁতৰ এটা দল তোমাৰ সৈতে থিয় হোৱা উচিত আৰু সিহঁতে যেন সশস্ত্ৰ থাকে। সিহঁতৰ ছাজদাহ কৰা হ’লে সিহঁতে যেন তোমালোকৰ পিছফালে অৱস্থান কৰে, আৰু আন এটা দল যিসকলে ছালাতত অংশ লোৱা নাই সিহঁতে যেন আহি তোমাৰ লগত ছালাতত অংশ লয় আৰু সিহঁতে যেন সতৰ্ক আৰু সশস্ত্ৰ থাকে। কাফিৰসকলে কামনা কৰে যে, তোমালোকে যাতে তোমালোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু আচবাব-পত্ৰ সম্পৰ্কে অসতৰ্ক হোৱা যাতে সিহঁতে তোমালোকৰ ওপৰত এবাৰতেই আক্ৰমণ কৰিব পাৰে। যদি তোমালোকে বৰষুণৰ বাবে কষ্ট পোৱা অথবা অসুস্থ অৱস্থাত থকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থলে তোমালোকৰ বাবে কোনো দোষণীয় নহয়; কিন্তু তোমালোকে সতৰ্কতা অৱলম্বন কৰিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি থৈছে।
آية رقم 103
এতেকে যেতিয়া তোমালোকে ছালাত সমাপ্ত কৰিবা তেতিয়া তোমালোকে থিয় হৈ, বহি আৰু শুই থকা অৱস্থাতো আল্লাহক স্মৰণ কৰিবা, তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া যথাযথভাৱে ছালাত কায়েম কৰিবা; নিশ্চয় নিৰ্ধাৰিত সময়ত ছালাত কায়েম কৰা মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য।
آية رقم 104
আৰু শত্ৰু সম্প্ৰদায়ৰ অনুসন্ধানত তোমালোকে দুৰ্বল নহ’বা। যদি তোমালোকে যন্ত্ৰণা পাই আছা তেন্তে সিহঁতেও তোমালোকৰ দৰেই যন্ত্ৰণা পাই আছে কিন্তু আল্লাহৰ ওচৰত তোমালোকে যিটো আশা কৰা সিহঁতে সেইটো আশা নকৰে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 105
নিশ্চয় আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছো, যাতে আল্লাহে তোমাক যি জনাইছে সেই অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; আৰু তুমি বিশ্বাস ভঙ্গকাৰীসকলৰ সমৰ্থনত তৰ্ক নকৰিবা।
آية رقم 106
আৰু তুমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 107
আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; নিশ্চয় আল্লাহে বিশ্বাস ভঙ্গকাৰী পাপীক পছন্দ নকৰে।
آية رقم 108
সিহঁতে মানুহৰ পৰা গোপন কৰিব বিচাৰে অথচ আল্লাহৰ পৰা গোপন নকৰে, যদিও তেওঁ সিহঁতৰ লগতেই আছে যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পছন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে।
آية رقم 109
চোৱা, তোমালোকেই সেইসকল লোক যিসকলে পাৰ্থিৱ জীৱনত সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিছা; কিন্তু কিয়ামতৰ দিনা আল্লাহৰ সন্মুখত কোনে সিহঁতৰ সমৰ্থনত বিতৰ্ক কৰিব অথবা কোন হ’ব সিহঁতৰ তত্ত্বাৱধায়ক?
آية رقم 110
আৰু কোনোবাই বেয়া কাম কৰিলে অথবা নিজৰ ওপৰত অন্যায় কৰিলে তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আল্লাহক সি ক্ষমাশীল, পৰম দয়ালু পাব।
آية رقم 111
আৰু কোনোবাই পাপ কৰিলে প্ৰকৃততে সি সেইটো নিজৰ ক্ষতিৰ বাবেই কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 112
আৰু যি ব্যক্তি কোনো অপৰাধ বা পাপ কাম কৰিলে তাৰ পিছত সেইটো কোনো নিৰ্দোষ ব্যক্তিৰ ওপৰত আৰোপ কৰিলে তেন্তে সি মিছা অপবাদ আৰু স্পষ্ট গুণাহৰ বোজা বহন কৰিলে।
آية رقم 113
আৰু তোমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ আৰু দয়া নাথাকিলেহেঁতেন তেন্তে সিহঁতৰ মাজৰ এটা দলে তোমাক পথভ্ৰষ্ট কৰাৰ সংকল্প কৰিয়ে পেলাইছিল। কিন্তু সিহঁতে নিজৰ বাহিৰে আন কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু তোমাৰো কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে তোমাৰ প্ৰতি কিতাব আৰু হিকমত অৱতীৰ্ণ কৰিছে আৰু তুমি যি জনা নাছিলা সেয়া তোমাক শিক্ষা দিছে, তোমাৰ প্ৰতি আল্লাহৰ মহা অনুগ্ৰহ আছে।
آية رقم 114
সিহঁতৰ অধিকাংশ গোপন পৰামৰ্শৰ কোনো কল্যাণ নাই, কিন্তু কল্যাণ আছে যিয়ে ছাদাকাহ, সৎকাম আৰু মানুহৰ মাজত শান্তি স্থাপনৰ নিৰ্দেশ দিয়ে, আল্লাহৰ সন্তুষ্টি লাভৰ আশাত যিয়ে এইটো পালন কৰিব নিশ্চয় আমি তাক মহা পুৰষ্কাৰ প্ৰদান কৰিম।
آية رقم 115
আৰু কাৰোবাৰ ওচৰত সৎপথ প্ৰকাশ হোৱাৰ পিছত যদি সি ৰাছুলৰ বিৰুদ্ধাচৰণ কৰে আৰু মুমিনসকলৰ পথৰ বাহিৰে অন্য পথ অনুসৰণ কৰে, তেন্তে আমি তাক সেইফালেই উভতাই দিম যিফালে সি উভতি যায় আৰু তাক জাহান্নামত প্ৰৱেশ কৰাম, আৰু সেয়া কিমান যে বেয়া আবাসস্থল!
آية رقم 116
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।
آية رقم 117
তেওঁৰ পৰিবৰ্তে সিহঁতে কেৱল দেৱীৰেই পূজা-পাঠ কৰে আৰু বিদ্ৰোহী চয়তানৰ পূজা কৰে।
آية رقم 118
আল্লাহে তাক অভিসম্পাত কৰিছে আৰু সি কয়, ‘নিশ্চয় মই তোমাৰ বান্দাসকলৰ পৰা এটা নিৰ্দিষ্ট অংশক মোৰ অনুসাৰী বনাই লম।
آية رقم 119
‘আৰু মই নিশ্চয় সিহঁতক পথভ্ৰষ্ট কৰিম, আৰু অৱশ্যে সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰিম, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে পশুৰ কাণ ফুটা কৰিব, আৰু অৱশ্যে মই সিহঁতক নিৰ্দেশ কৰিম ফলত সিহঁতে আল্লাহৰ সৃষ্টি বিকৃত কৰিব’। আল্লাহৰ পৰিবৰ্তে কোনোবাই চয়তানক অভিভাৱকৰূপে গ্ৰহণ কৰিলে সি অৱশ্যে স্পষ্ট ক্ষতিগ্ৰস্ত হয়।
آية رقم 120
সি সিহঁতক প্ৰতিশ্ৰুতি দিয়ে আৰু সিহঁতৰ হৃদয়ত মিছা বাসনাৰ সৃষ্টি কৰে, আৰু চয়তানে সিহঁতক কেৱল প্ৰতাৰণামূলক প্ৰতিশ্ৰুতিয়েই দিয়ে।
آية رقم 121
ইহঁতৰেই আশ্ৰয়স্থল জাহান্নাম, তাৰ পৰা সিহঁতে নিষ্কৃতিৰ উপায় বিচাৰি নাপাব।
آية رقم 122
আৰু যিসকলে ঈমান আনে আৰু সৎকৰ্ম কৰে, অনতিপলমে আমি তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব; আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু কথাত আল্লাহতকৈ সত্যবাদী আৰু কোন হ’ব পাৰে?
آية رقم 123
তোমালোকৰ কামনা আৰু কিতাবীসকলৰ কামনা অনুসাৰে কোনো কাম নহ’ব; যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব আৰু সি তাৰ বাবে আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।
آية رقم 124
আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিলে তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ প্ৰতি অণু পৰিমাণো অন্যায় কৰা নহ’ব।
آية رقم 125
সেই ব্যক্তিতকৈ দ্বীনৰ মাজত আৰু কোন উত্তম হ’ব? যিয়ে সৎকৰ্মপৰায়ণ হৈ আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু একনিষ্ঠভাৱে ইব্ৰাহীমৰ মিল্লাতক অনুসৰণ কৰে, আৰু আল্লাহে ইব্ৰাহীমক অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰিছে।
آية رقم 126
আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু সকলো বস্তুকে আল্লাহে পৰিবেষ্টন কৰি আছে।
آية رقم 127
আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু ইয়াতীম সম্পৰ্কে যিসকলৰ প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিব বিচৰা আৰু অসহায় শিশুসকলৰ বিষয়ে লগতে ইয়াতীমসকলৰ প্ৰতি তোমালোকৰ ন্যায় বিচাৰ সম্পৰ্কে যিবোৰ পুথিৰ পৰা তোমালোকক শুনোৱা হয়, আৰু পৰিষ্কাৰভাৱে জনাই দিয়ে’। আৰু যিকোনো সৎকৰ্ম তোমালোকে কৰা নিশ্চয় সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
آية رقم 128
যদি কোনো স্ত্ৰীয়ে তাইৰ স্বামীৰ দুৰ্ব্যৱহাৰ অথবা উপেক্ষাৰ আশংকা কৰে তেন্তে সিহঁত উভয়ে আপোচ-নিষ্পত্তি কৰিব বিচাৰিলে সিহঁতৰ কোনো গুণাহ নাই; আৰু আপোচ-নিষ্পত্তি কৰাটোৱেই শ্ৰেয়। মানুহৰ অন্তৰত লোভণীয় কৃপণতা আছে। যদি তোমালোকে সৎকৰ্মপৰায়ণ হোৱা আৰু মুত্তাক্বী হোৱা, তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহেতো জানেই।
آية رقم 129
আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে ঢলি নপৰিবা আৰু আনজনীক ওলোমা অৱস্থাত এৰি নিদিবা; যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 130
আৰু যদি সিহঁতে পৰস্পৰে পৃথক হৈ যায় তেন্তে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা প্ৰত্যেককে অভাৱমুক্ত কৰিব; আল্লাহ প্ৰাচুৰ্যময়, প্ৰজ্ঞাময়।
آية رقم 131
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতক আৰু তোমালোককো নিৰ্দেশ দিছো যে, তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। আৰু যদি তোমালোকে কুফৰী কৰা তথাপিও আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আল্লাহ অভাৱমুক্ত, প্ৰশংসিত।
آية رقم 132
আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আৰু কাৰ্যোদ্ধাৰত আল্লাহেই যথেষ্ট।
آية رقم 133
হে মানৱ! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি আন লোকক আনিব পাৰে; আৰু আল্লাহ এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।
آية رقم 134
যিয়ে পৃথিৱীৰ প্ৰতিদান বিচাৰে তেন্তে (সি জানি লোৱা উচিত যে) পৃথিৱী আৰু আখিৰাতৰ পুৰষ্কাৰ কেৱল আল্লাহৰ ওচৰতেই; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
آية رقم 135
হে মুমিনসকল! তোমালোকে ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা আল্লাহৰ সাক্ষীস্বৰূপ, যদিও সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বিৰুদ্ধে নহওঁক কিয়, সি বিত্তবানে হওঁক অথবা বিত্তহীন, আল্লাহ উভয়ৰেই ঘনিষ্টতৰ। সেয়ে তোমালোকে ন্যায় বিচাৰ কৰিবলৈ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকে যদি পাক লগাই কথা কোৱা আৰু অমোনোযোগী হোৱা তেন্তে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
آية رقم 136
হে মুমিনসকল! তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি, তেওঁৰ ৰাছুলৰ প্ৰতি আৰু সেই পুথিৰ প্ৰতি যিটো তেওঁ নিজ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু সেই গ্ৰন্থৰ প্ৰতিও ঈমান আনা যিটো তেওঁ ইয়াৰ পূৰ্বে অৱতীৰ্ণ কৰিছে। যিয়ে আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল লগতে শেষ দিৱসৰ প্ৰতি কুফৰী কৰিলে সি ভ্ৰষ্টতাত বহু দূৰ আঁতৰি গ’ল।
آية رقم 137
নিশ্চয় যিসকলে ঈমান আনিছে তাৰ পিছত কুফৰী কৰিছে, আকৌ ঈমান আনিছে আকৌ কুফৰী কৰিছে, তাৰ পিছত সিহঁতৰ কুফৰী প্ৰবৃত্তি বৃদ্ধি পাইছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক কোনা পথ নেদেখুৱাব।
آية رقم 138
ﮮﮯﮰﮱﯓﯔ
ﯕ
মুনাফিকসকলক সুসংবাদ দিয়া যে, নিশ্চয় সিহঁতৰ বাবে কষ্টদায়ক শাস্তি আছে।
آية رقم 139
মুমিনসকলৰ পৰিবৰ্তে যিসকলে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ কৰে সেইসকল লোকে সিহঁতৰ ওচৰত সন্মান বিচাৰে নেকি? অথচ যাৱতীয় সন্মান আল্লাহৰেই।
آية رقم 140
কিতাবত তেওঁ তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰা শুনিবা আৰু বিদ্ৰূপ কৰা শুনিবা তেতিয়া তোমালোকে সিহঁতৰ লগত নবহিবা, যেতিয়া লৈকে সিহঁতে আন কোনো কথাত নিবিষ্ট নহয়; অন্যথা তোমালোকেও সিহঁতৰ দৰেই হ’বা। নিশ্চয় আল্লাহে মুনাফিকসকলক আৰু কাফিৰসকলক জাহান্নামত একত্ৰিত কৰিব।
آية رقم 141
যিসকলে তোমালোকৰ অমঙ্গলৰ অপেক্ষাত থাকে, তাৰ পিছত আল্লাহৰ তৰফৰ পৰা যদি তোমালোকৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ লগত নাছিলো নে’? আৰু যদি কাফিৰসকলৰ বিজয় হয় তেন্তে কয়, ‘আমি তোমালোকৰ বিৰুদ্ধে প্ৰবল নাছিলো নে আৰু আমি তোমালোকক মুমিনসকলৰ পৰা ৰক্ষা কৰা নাইনে’? আল্লাহে কিয়ামতৰ দিনা তোমালোকৰ মাজত বিচাৰ মীমাংসা কৰিব আৰু আল্লাহে কাফিৰসকলৰ বাবে কেতিয়াও মুমিনসকলৰ বিৰুদ্ধে কোনো পথ (উন্মুক্ত) নাৰাখে।
آية رقم 142
নিশ্চয় মুনাফিকসকলে আল্লাহৰ লগত প্ৰতাৰণা কৰে, প্ৰকৃততে তেৱেঁই সিহঁতক প্ৰতাৰিত কৰে, আৰু যেতিয়া সিহঁতে ছালাতত থিয় হয় তেতিয়া অলসতাভাৱে থিয় হয়, কেৱল লোকক দেখুৱাবলৈ। আল্লাহক সিহঁতে অতিকৈ কম স্মৰণ কৰে।
آية رقم 143
সিহঁত ইয়াৰ মাজত দোদুল্যমান, ইফালেও নহয় সিফালেও নহয়। আল্লাহে যাক পথভ্ৰষ্ট কৰে তুমি তাৰ কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
آية رقم 144
হে মুমিনসকল! তোমালোকে মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে নিজৰ ওপৰত আল্লাহৰ প্ৰকাশ্য অভিযোগ কায়েম কৰিব বিচৰা নেকি?
آية رقم 145
নিশ্চয় মুনাফিকসকল জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব আৰু সিহঁতৰ বাবে তুমি কেতিয়াও কোনো সহায়ক নাপাবা।
آية رقم 146
কিন্তু যিসকলে তাওবা কৰে, নিজকে সংশোধন কৰে, আৰু আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰে আৰু আল্লাহৰ উদ্দেশ্যে সিহঁতৰ দ্বীনক একনিষ্ঠ কৰে, তেন্তে সিহঁত মুমিনসকলৰ লগত থাকিব আৰু মুমিনসকলক আল্লাহে অৱশ্যে মহাপুৰষ্কাৰ প্ৰদান কৰিব।
آية رقم 147
যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ঈমান আনা তেনেহ’লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ’ব? আৰু আল্লাহে (কৃতজ্ঞতাৰ) পুৰষ্কাৰ দানকাৰী, সৰ্বজ্ঞ।
آية رقم 148
বেয়া কথাৰ প্ৰচাৰ আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত যুলুম কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।
آية رقم 149
যদি তোমালোকে সৎকৰ্ম প্ৰকাশ কৰা অথবা গোপন কৰা নাইবা দোষ ক্ষমা কৰা তেন্তে আল্লাহেও দোষ মোচনকাৰী, ক্ষমতাবান।
آية رقم 150
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।
آية رقم 151
ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
آية رقم 152
আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁ সিহঁতক প্ৰতিদান দিব আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 153
কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাপ অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈয়ো ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰীটোক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলো আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো।
آية رقم 154
আৰু সিহঁতৰ অঙ্গীকাৰ গ্ৰহণ কৰিবলৈ তূৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলো আৰু সিহঁতক কৈছিলো, ‘শিৰ নত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা’। আমি সিহঁতক আৰু কৈছিলো যে, ‘শনিবাৰে সীমালংঘন নকৰিবা’, আৰু আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো।
آية رقم 155
তাৰ পিছত (সিহঁতক শাস্তি দিয়া হৈছিল) সিহঁতৰ অঙ্গীকাৰ ভঙ্গৰ বাবে, আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰাৰ বাবে আৰু ‘আমাৰ হৃদয়সমূহ আচ্ছাদিত’ এই কথা কোৱাৰ বাবে। বৰং সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছিল। সেয়ে কেৱল সিহঁতৰ কিছুসংখ্যক লোকেই ঈমান আনিব।
آية رقم 156
ﭩﭪﭫﭬﭭﭮ
ﭯ
সিহঁতৰ কুফৰীৰ বাবে আৰু মাৰইয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদৰ কাৰণে।
آية رقم 157
আৰু সিহঁতৰ এই উক্তিৰ কাৰণে যে, আমি আল্লাহৰ ৰাছুল মাৰইয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছো। অথচ সিহঁতে তেওঁক হত্যা কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (এজন লোকক) তেওঁৰ সদৃশ কৰা হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত অৱশ্যে এই বিষয়ে সংশয়যুক্ত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাই।
آية رقم 158
বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 159
কিতাবীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তাৰ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ঈমান আনিব আৰু কিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ’ব।
آية رقم 160
সেয়ে ভাল খাদ্যবোৰ আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলো যিবোৰ সিহঁতৰ বাবে হালাল আছিল।
آية رقم 161
আৰু সিহঁতৰ সুত গ্ৰহণৰ কাৰণে, অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল; লগতে অন্যায়ভাৱে মানুহৰ ধন-সম্পদ গ্ৰাস কৰাৰ কাৰণে। আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
آية رقم 162
কিন্তু সিহঁতৰ মাজত যিসকল জ্ঞানত মজবুত সিহঁতে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ঈমান আনে। ছালাত প্ৰতিষ্ঠাকাৰী, যাকাত প্ৰদানকাৰী আৰু আল্লাহ ও শেষ দিৱসৰ প্ৰতি ঈমান পোষণকাৰী, সিহঁতক অতিসোনকালে আমি মহা পুৰষ্কাৰ প্ৰদান কৰিম।
آية رقم 163
নিশ্চয় আমি তোমাৰ ওচৰত অহী প্ৰেৰণ কৰিছো, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলো; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইউব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলো আৰু দাঊদক প্ৰদান কৰিছিলো যাবূৰ।
آية رقم 164
আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছো আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই আৰু অৱশ্যে আল্লাহে মুছাৰ লগত সুস্পষ্ট কথা কৈছে।
آية رقم 165
সুসংবাদদাতা আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছো, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 166
কিন্তু আল্লাহে সাক্ষ্য দিছে তেওঁ তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তাৰ মাধ্যমত। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।
آية رقم 167
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিছে সিহঁত অৱশ্যে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।
آية رقم 168
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু যুলুম কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথও নেদেখাব।
آية رقم 169
কিন্তু জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।
آية رقم 170
হে মানৱ! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান আনা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু নকৰিবা (সীমা চেৰাই নাযাবা) আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নকবা। মাৰইয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণী, যিটো তেওঁ মাৰইয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান আনা আৰু তিনি বুলি নকবা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহ হৈছে এজন ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্মবিধায়কৰূপে আল্লাহেই যথেষ্ট।
آية رقم 172
মছীহে আল্লাহৰ বান্দা হ’বলৈ কেতিয়াও তাচ্ছিল্য বোধ নকৰে, আৰু ঘনিষ্ট ফিৰিস্তাসকলেও নকৰে। যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰিব আৰু অহংকাৰ কৰিব তেওঁ অচিৰেই সিহঁত আটাইকে তেওঁৰ ওচৰত একত্ৰিত কৰিব।
آية رقم 173
আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁ সিহঁতক সিহঁতৰ পুৰষ্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। আৰু যিসকলে (আল্লাহৰ ইবাদত কৰাক) তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি দিব। আল্লাহৰ বাহিৰে সিহঁতে নিজৰ বাবে আন কোনো অভিভাৱক আৰু সহায়ক নাপাব।
آية رقم 174
হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো।
آية رقم 175
এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে সিহঁতক তেওঁ নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু সিহঁতক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।
মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে। কোৱা, পিতৃ-মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে, কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাব। আৰু যদি তাই (মৃত নাৰী) সন্তানহীনা হয় তেনেহ’লে তাইৰ ভায়েক বা ককায়েক তাইৰ উত্তৰাধিকাৰী হ’ব। এতেকে যদি দুজনী ভনিয়েক বা বায়েক থাকে তেন্তে সিহঁতে তাৰ পৰিত্যক্তি সম্পত্তিৰ তিনি ভাগৰ দুভাগ পাব। আৰু যদি কেইবাজনো ভাই-ককাই বা বাই-ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। তোমালোকে পথভ্ৰষ্ট হ’বা- এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে; আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
تقدم القراءة