ترجمة معاني سورة غافر باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
ﭥ
ﭦ
হা-মীম।
آية رقم 2
ﭧﭨﭩﭪﭫﭬ
ﭭ
এই কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ,
آية رقم 3
তেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন।
آية رقم 4
আল্লাহৰ আয়াতসমূহত বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশত সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।
آية رقم 5
সিহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়ে আৰু সিহঁতৰ পিছত বহু দলেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে অসাৰ কথাত লিপ্ত হৈছিল যাতে ইয়াৰ দ্বাৰা সত্যক ব্যৰ্থ কৰিব পাৰে। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিলো। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি!
آية رقم 6
আৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তবায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত জাহান্নামী।
آية رقم 7
যিসকলে আৰছ ধাৰণ কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে আৰু তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ ৰব! তুমিয়েই দয়া আৰু জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি ৰাখিছা। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।
آية رقم 8
‘হে আমাৰ ৰব! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 9
‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, অৱশ্যে তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই মহাসফলতা!’
آية رقم 10
নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈয়ো ডাঙৰ আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।
آية رقم 11
সিহঁতে ক’ব, ‘হে আমাৰ ৰব! তুমি আমাক দুবাৰ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছো। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’?
آية رقم 12
(সিহঁতক কোৱা হ’ব) ‘এইটো এই বাবে যে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’।
آية رقم 13
তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। সেয়ে উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী।
آية رقم 14
এতেকে তোমালোকে কেৱল আল্লাহকেই আহ্বান কৰা তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ। যদিও কাফিৰসকলে অপছন্দ কৰে।
آية رقم 15
তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ অধিপতি, তেৱেঁই নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা তেওঁৰ আদেশৰ পৰা অহী প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে।
آية رقم 16
যিদিনা সিহঁতে (মানুহ বিলাক) প্ৰকাশিত হ’ব সেইদিনা আল্লাহৰ ওচৰত একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ এজন, প্ৰবল প্ৰতাপশালী।
آية رقم 17
আজি প্ৰত্যেককে তাৰ অৰ্জন অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
آية رقم 18
আৰু তুমি সিহঁতক সতৰ্ক কৰি দিয়া আসন্ন দিন সম্পৰ্কে; যেতিয়া দুঃখ-কষ্ট সংবৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনে কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব।
آية رقم 19
ﭲﭳﭴﭵﭶﭷ
ﭸ
চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়া তেওঁ জানে।
آية رقم 20
আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
آية رقم 21
ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কেনেকুৱা হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত শক্তিত আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।
آية رقم 22
এইটো এই কাৰণে যে, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।
آية رقم 23
ﯜﯝﯞﯟﯠﯡ
ﯢ
আৰু অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শন আৰু সুস্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো,
آية رقم 24
ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰত। কিন্তু সিহঁতে ক’লে, ‘যাদুকৰ, চৰম মিছলীয়া’।
آية رقم 25
তাৰ পিছত যেতিয়া মুছাই আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তান বিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। আৰু কাফিৰসকলৰ ষড়যন্ত্ৰ কেৱল ব্যৰ্থহে হয়।
آية رقم 26
আৰু ফিৰআউনে ক’লে, ‘মোক এৰি দিয়া মই মুছাক হত্যা কৰিম আৰু সি তাৰ প্ৰতিপালকক আহ্বান কৰক। নিশ্চয় মই আশংকা কৰো যে, সি তোমালোকৰ দ্বীন পৰিবৰ্তন কৰি দিব অথবা সি দেশত বিপৰ্যয় বিয়পাব’।
آية رقم 27
মুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো এনেকুৱা প্ৰত্যেক অহংকাৰীৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।
آية رقم 28
আৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তি যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ ৰব কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ ওচৰৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰত আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ কিছুমান পৰিমাণ তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যি ব্যক্তি সীমালংঘনকাৰী, মিছলীয়া।
آية رقم 29
‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবো, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’।
آية رقم 30
মুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰো যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল;
آية رقم 31
‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰবৰ্তী লোকসকলৰ লগত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে।
آية رقم 32
ﯶﯷﯸﯹﯺﯻ
ﯼ
‘আৰু হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছো,
آية رقم 33
‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ বাবে কোনো হিদায়তকাৰী নাই’।
آية رقم 34
আৰু অৱশ্যে ইতিপূৰ্বে তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰত যি লৈ আহিছিল সেইটোৰ প্ৰতি তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে।
آية رقم 35
যিসকলে নিজৰ ওচৰত (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। সিহঁতৰ এই কৰ্ম আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।
آية رقم 36
আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এটা সুউচ্চ প্ৰসাদ নিৰ্মাণ কৰা যাতে মই উপায় পাওঁ,
آية رقم 37
‘আকাশসমূহত আৰোহণৰ উপায়, যাতে মই মুছাৰ ইলাহক ভুমুকি মাৰি চাব পাৰো, অৱশ্যে মই তাক মিছলীয়া বুলিহে ভাবো’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰা হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল আৰু ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।
آية رقم 38
ঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম।
آية رقم 39
‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন কেৱল অস্থায়ী ভোগৰ বস্তু। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস।
آية رقم 40
‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুৰূপ শাস্তি প্ৰাপ্ত হ’ব। আৰু যি পুৰুষ অথবা নাৰী মুমিন হৈ সৎকৰ্ম কৰিব তেন্তে তেওঁলোকে প্ৰৱেশ কৰিব জান্নাতত, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা।
آية رقم 41
‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছো, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা!
آية رقم 42
‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰো আৰু তেওঁৰ লগত শ্বিৰ্ক কৰো, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছো মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে।
آية رقم 43
‘এই বিষয়ে কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ কতো আহ্বানৰ যোগ্য নহয়। আমাৰ প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী বিলাক অগ্নিৰ অধিবাসী।
آية رقم 44
‘এতেকে মই তোমালোকক যি কলো, সেয়া তোমালোকে অচিৰেই স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰত সমৰ্পন কৰিছো। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।
آية رقم 45
ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে,
آية رقم 46
পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।
آية رقم 47
আৰু যেতিয়া সিহঁতে জাহান্নামত পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰী বিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলো, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?
آية رقم 48
অহংকাৰী বিলাকে ক’ব, ‘নিশ্চয় আমি সকলোৱে ইয়াতেই আছো, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।
آية رقم 49
আৰু জাহান্নামী বিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত (আমাৰ বাবে) প্ৰাৰ্থনা কৰা, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে শাস্তি লাঘৱ কৰি দিয়ে’।
آية رقم 50
তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় অৱশ্যে আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।
آية رقم 51
নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।
آية رقم 52
যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে লা’নত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।
آية رقم 53
আৰু অৱশ্যে আমি মুছাক হিদায়ত দান কৰিছিলো আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলো,
آية رقم 54
ﮆﮇﮈﮉ
ﮊ
বোধশক্তি সম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশস্বৰূপ।
آية رقم 55
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা-মহিমা ঘোষণা কৰা।
آية رقم 56
নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
آية رقم 57
অৱশ্যে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈয়ো ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহে সেয়া নাজানে।
آية رقم 58
অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে আৰু যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা।
آية رقم 59
নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকে সেয়া বিশ্বাস নকৰে।
آية رقم 60
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
آية رقم 61
আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক আলোকোজ্জ্বল কৰিছে। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।
آية رقم 62
তেৱেঁই আল্লাহ, তোমালোকৰ ৰব, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ উভতাই নিয়া হৈছে?
آية رقم 63
এইদৰেই উভতাই নিয়া হয় সিহঁতক যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।
آية رقم 64
আল্লাহ, যিজনে তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি দিছে তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব। এতেকে সৃষ্টিজগতৰ ৰব আল্লাহ কিমান যে বৰকতময়!
آية رقم 65
তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে।
آية رقم 66
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি আহিছে। মই সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছো।
آية رقم 67
তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকাৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয় যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা।
آية رقم 68
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায় আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়।
آية رقم 69
তুমি সিহঁতক লক্ষ্য কৰা নাইনে যিহঁতে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ উভতাই নিয়া হৈছে?
آية رقم 70
যিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে সেয়া অস্বীকাৰ কৰে, এতেকে সিহঁতে অতিশীঘ্ৰে জানিবলৈ পাব,
آية رقم 71
ﮖﮗﮘﮙﮚﮛ
ﮜ
যেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব, আৰু সিহঁতক টানি লৈ যোৱা হ’ব,
آية رقم 72
ﮝﮞﮟﮠﮡﮢ
ﮣ
উতলা পানীৰ মাজত, তাৰ পিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত।
آية رقم 73
তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘কত সিহঁত যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা,
آية رقم 74
আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখুন আমাৰ পৰা আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বান কৰা নাছিলো’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।
آية رقم 75
এয়া এই কাৰণে যে, তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা আৰু এই কাৰণেও যে, তোমালোকে অহংকাৰ কৰিছিলা।
آية رقم 76
তোমালোকে জাহান্নামৰ বিভিন্ন দুৱাৰেৰ প্ৰৱেশ কৰা তাত স্থায়ীভাৱে অৱস্থানৰ বাবে, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল!
آية رقم 77
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো তাৰে অলপ হয়তো মই তোমাক দেখুৱাই দিম নাইবা তোমাৰ মৃত্যু ঘটাম, তথাপিও দেখুন সিহঁতে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’ব।
آية رقم 78
আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহুতো ৰাছুল প্ৰেৰণ কৰিছো। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছো আৰু কিছুমানৰ বৰ্ণনা কৰা নাই। আল্লাহৰ অনুমতি বিনে কোনো নিৰ্দেশ লৈ অহা কোনো ৰাছুলৰ পক্ষে সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায় সংগতভাৱে ফয়চালা হৈ যাব। তেতিয়া বাতিলপন্থী বিলাক ক্ষতিগ্ৰস্ত হ’ব।
آية رقم 79
তেৱেঁই আল্লাহ, যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা।
آية رقم 80
আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰ্ণ কৰিব পাৰা। সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়।
آية رقم 81
ﮋﮌﮍﮎﮏﮐ
ﮑ
আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোন কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা?
آية رقم 82
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈয়ো সংখ্যাগৰিষ্ঠ আৰু শক্তি ও কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
آية رقم 83
সিহঁতৰ ওচৰত যেতিয়া সিহঁতৰ ৰাছুলসকল সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে (সেয়া অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দি হ’ল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিলে।
آية رقم 84
তাৰ পিছত সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পালে তেতিয়া ক’লে, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলো আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলো সেইবোৰক প্ৰত্যাখ্যান কৰিলো’।
آية رقم 85
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
تقدم القراءة