ترجمة معاني سورة الحجرات باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
آية رقم 2
হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।
آية رقم 3
নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰষ্কাৰ।
آية رقم 4
নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে।
آية رقم 5
তুমি সিহঁতৰ ওচৰত ওলাই নহা লৈকে যদি সিহঁতে ধৈৰ্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লেহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 6
হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰত কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশত তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, ফলত তোমালোকৰ কৃতকৰ্মৰ বাবে তোমালোকেই অনুতপ্ত হ’ব লাগিব।
آية رقم 7
জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে অৱশ্যে কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ ওচৰত ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ ওচৰত অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সত্য পথপ্ৰাপ্ত।
آية رقم 8
আল্লাহৰ দান আৰু অনুগ্ৰহস্বৰূপ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 9
আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়া লৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহ ন্যায় বিচাৰকাৰী সকলক ভাল পায়।
آية رقم 10
মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।
آية رقم 11
হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ৰ উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰী সকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই যালিম।
آية رقم 12
হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে সেয়া অপছন্দ কৰা। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।
آية رقم 13
হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
آية رقم 14
বেদুইনবিলাকে কয়, ‘আমি ঈমান আনিলো’। কোৱা, ‘তোমালোকে ঈমান আনা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পন কৰিলো’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।
آية رقم 15
মুমিন কেৱল তেওঁলোকেই, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত সন্দেহ পোষণ কৰা নাই লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই সত্যনিষ্ঠ।
آية رقم 16
কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।
آية رقم 17
সিহঁতে ভাৱে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’।
آية رقم 18
নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।
تقدم القراءة