ترجمة معاني سورة الأنعام باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু পোহৰ। ইয়াৰ পিছতো কাফিৰসকলে নিজ প্ৰতিপালকৰ সমতুল্য স্থিৰ কৰে।
آية رقم 2
তেৱেঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা নিৰ্ধাৰিত সময় আছে যিটো কেৱল তেৱেঁই জানে, ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা।
آية رقم 3
আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই আল্লাহ, তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে।
آية رقم 4
আৰু সিহঁতৰ প্ৰতিপালকৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
آية رقم 5
এতেকে সত্য যেতিয়াই সিহঁতৰ ওচৰত আহিছে সিহঁতে সেয়া অস্বীকাৰ কৰিছে। গতিকে যি বিষয়ে সিহঁতে উপহাস কৰিছে তাৰ যথাৰ্থ সংবাদ অনতিপলমে সিহঁতৰ ওচৰত আহি পাব।
آية رقم 6
সিহঁতে চোৱা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছো? সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলো যে, তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই আৰু সিহঁতৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলো। আৰু সৃষ্টি কৰিছিলো নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল, তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছো আৰু সিহঁতৰ পিছত আন প্ৰজন্মক সৃষ্টি কৰিছো।
آية رقم 7
আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখা কিতাপো অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেয়া হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন, ‘এইটো স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।
آية رقم 8
আৰু সিহঁতে কয়, ‘কিয় তাৰ ওচৰত কোনো ফিৰিস্তা অৱতীৰ্ণ নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে বিষয়টোৰ চুড়ান্ত ফয়চালাই হৈ গ’লেহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লেহেঁতেন।
آية رقم 9
আৰু যদি তেওঁক ফিৰিস্তা কৰিলোহেঁতেন তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতেই পঠিয়ালোহেঁতেন, আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলো হয় যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে।
آية رقم 10
আৰু তোমাৰ পূৰ্বে বহুতো ৰাছুলক উপহাস কৰা হৈছে। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছে।
آية رقم 11
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’!
آية رقم 12
কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
آية رقم 13
আৰু ৰাতি ও দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
آية رقم 14
কোৱা, ‘মই আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি আনক অভিভাৱক ৰূপে গ্ৰহণ কৰিম নেকি? তেৱেঁই আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়’। কোৱা, ‘নিশ্চয় মোক আদেশ কৰা হৈছে যে, যিসকলে ইছলাম গ্ৰহণ কৰিছে ময়েই যেন সিহঁতৰ মাজত প্ৰথম হওঁ, (মোক আৰু আদেশ কৰা হৈছে যে) তুমি কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা’।
آية رقم 15
কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো’।
آية رقم 16
‘সেই দিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ’ব, তাৰ প্ৰতি আল্লাহে দয়াহে কৰিলে আৰু এইটোৱেই স্পষ্ট সফলতা’।
آية رقم 17
আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনোৱেই সেয়া দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
آية رقم 18
আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।
آية رقم 19
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।
آية رقم 20
আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজ সন্তানক চিনি পায়। যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
آية رقم 21
যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰে।
آية رقم 22
আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’?
آية رقم 23
তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব, ‘আমাৰ ৰব আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলো’।
آية رقم 24
চোৱা, কেনেকৈ সিহঁতে নিজৰ ওপৰতে মিছা কৈ আছে আৰু যি মিছা সিহঁতে ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ’ল।
آية رقم 25
আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছো যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। যদি গোটেই আয়াতো সিহঁতে প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান নানিব। আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত উপস্থিত হয়, তেতিয়া সিহঁতে তোমাৰ লগত বিৰ্কত লিপ্ত হয়, যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এয়াতো আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয়’।
آية رقم 26
আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে, আৰু সিহঁত নিজেই নিজকে ধ্বংস কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।
آية رقم 27
তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক উভতাই দিয়া হ’লেহেঁতেন, আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহ অস্বীকাৰ নকৰিলো হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লো হয়।
آية رقم 28
বৰং আগতে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক আকৌ (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয়; আৰু নিশ্চয় সিহঁত মিছলীয়া।
آية رقم 29
আৰু সিহঁতে কয়, ‘আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন আৰু আমাক পুনৰুত্থিতও কৰা নহ’ব’।
آية رقم 30
আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেওঁ ক’ব, ‘এইটো প্ৰকৃত সত্য নহয় জানো’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় এয়া সত্য’। তেওঁ ক’ব, ‘তেন্তে তোমালোকে যি কুফৰী কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা’।
آية رقم 31
যিসকলে আল্লাহৰ সাক্ষাৎ অস্বীকাৰ কৰিছে সিহঁতে নিশ্চয় ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰত যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলো তাৰ বাবে এতিয়া আফচোচ’। আৰু সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!
آية رقم 32
আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?
آية رقم 33
আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।
آية رقم 34
আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰা আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰত আমাৰ সহায় আহিছে। আৰু আল্লাহৰ বাণীসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।
آية رقم 35
আৰু যদি সিহঁতৰ উপেক্ষা (অনাগ্ৰহ) তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা বিচাৰি উলিয়াই সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। আৰু যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহ’বা।
آية رقم 36
যিসকলে শুনা পায় কেৱল সিহঁতেই আহ্বানত সঁহাৰি দিয়ে। আৰু মৃতসকলক আল্লাহে পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
آية رقم 37
আৰু সিহঁতে কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত কিয় নিদৰ্শন নাহে’? কোৱা, ‘নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম’, কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
آية رقم 38
আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব।
آية رقم 39
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা বিপথগামী কৰে আৰু যাক ইচ্ছা তেওঁ সৰল পথত স্থাপন কৰে।
آية رقم 40
কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰত কিয়ামত উপস্থিত হয়, তেন্তে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।
آية رقم 41
(নহয়) বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা, এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিছা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা।
آية رقم 42
নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো, তাৰ পিছত সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছো, যাতে সিহঁতে অনুনয় বিনয় কৰে।
آية رقم 43
এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হ’ল, তেতিয়া সিহঁতে কিয় বিনিত হোৱা নাছিল? কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈছিল আৰু সিহঁতে যি কৰিছিল সেয়া চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল।
آية رقم 44
সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলো; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে তাত উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলো, ফলত তেতিয়াই সিহঁত নিৰাশ হ’ল।
آية رقم 45
ফলত যালিম সম্প্ৰদায়ৰ মূলোচ্ছেদ কৰা হ'ল আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবেই।
آية رقم 46
কোৱা, ‘তোমালোকে ভাৱি চোৱা নাইনে, আল্লাহে যদি তোমালোকৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন ইলাহ আছে যিয়ে এইবোৰ উভতাই দিব’? চোৱা, কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো, ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়।
آية رقم 47
কোৱা, ‘তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ বা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আপতিত হয় তেন্তে যালিম সম্প্ৰদায়ৰ বাহিৰে আন কোনোবাক ধ্বংস কৰা হ’ব নে’?
آية رقم 48
আৰু আমি ৰাছুলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰীৰূপেই প্ৰেৰণ কৰো। এতেকে যিসকলে ঈমান আনিব আৰু নিজকে সংশোধন কৰিব, সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্ততও নহ’ব।
آية رقم 49
আৰু যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব, কাৰণ সিহঁত অবাধ্যতা কৰিছিল।
آية رقم 50
কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰো’। কোৱা, ‘অন্ধ আৰু দৃষ্টিবান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?
آية رقم 51
আৰু ইয়াৰ দ্বাৰা তুমি সিহঁতক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰত একত্ৰিত কৰা হ’ব এনেকুৱা অৱস্থাত যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো ছুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।
آية رقم 52
আৰু যিসকলে নিজ প্ৰতিপালকক পুৱা-গধুলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে সিহঁতক তুমি আঁতৰাই নিদিবা। সিহঁতৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব সিহঁতৰ ওপৰত নহয়, যাৰ বাবে তুমি সিহঁতক আঁতৰাই দিবা, এনে কৰিলে তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
آية رقم 53
এইদৰে আমি সিহঁতৰ কিছুমানৰ দ্বাৰা আন কিছুমানক পৰীক্ষা কৰিছো, যাতে সিহঁতে কয়, ‘আমাৰ মাজৰ পৰা আল্লাহে ইহঁতৰ ওপৰতেই অনুগ্ৰহ কৰিলেনে’? আল্লাহ কৃতজ্ঞসকলৰ বিষয়ে সবিশেষ অৱগত নহয় নে বাৰু?
آية رقم 54
আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, সিহঁতে যেতিয়া তোমাৰ ওচৰত আহে তেতিয়া সিহঁতক তুমি কোৱা, ‘তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক’, তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য্য কৰি লৈছে। তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশত অসৎকৰ্ম কৰে, তাৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় তেওঁ (আল্লাহ) ক্ষমাশীল, পৰম দয়ালু।
آية رقم 55
ﭿﮀﮁﮂﮃﮄ
ﮅ
আৰু এনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো; যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায়।
آية رقم 56
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা, সিহঁতৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে’। কোৱা, ‘মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰো, এনেকুৱা কৰিলে মই বিপথগামী হম আৰু সৎপথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰিম’।
آية رقم 57
কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেয়া মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰী সকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।
آية رقم 58
কোৱা, ‘তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো যদি মোৰ ওচৰত থাকিলেহেঁতেন, তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়চালাই হৈ গ’লেহেঁতেন, আৰু আল্লাহে যালিমসকলৰ বিষয়ে অধিক অৱগত’।
آية رقم 59
আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।
آية رقم 60
তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।
آية رقم 61
আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰী সকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া আমাৰ ৰাছুলসকলে (ফিৰিস্তাসকল) তাৰ মৃত্যু ঘটায় আৰু সিহঁতে কোনো ত্ৰুটি নকৰে।
آية رقم 62
তাৰ পিছত সিহঁতক প্ৰকৃত ৰব আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
آية رقم 63
কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।
آية رقم 64
কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা নাজাত দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।
آية رقم 65
কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰো যাতে সিহঁতে ভালকৈ বুজিব পাৰে।
آية رقم 66
আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।
آية رقم 67
ﯰﯱﯲﯳﯴﯵ
ﯶ
প্ৰত্যেক সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।
آية رقم 68
আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়া লৈকে সিহঁতে আন প্ৰসংগ আৰম্ভ নকৰিব। আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।
آية رقم 69
আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়া তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।
آية رقم 70
আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।
آية رقم 71
কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আকৌ আমি পূৰ্বাৱস্থালৈ উভতি যামনে সেই ব্যক্তিৰ দৰে, যাক চয়তানে পৃথিৱীত এনে মজবুতভাৱে পাইছে যে সি পথ হেৰুৱাই কিংকৰ্তব্যবিমূঢ় হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, সিহঁতে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই সঠিক হিদায়ত আৰু আমাক আদেশ কৰা হৈছে সৃষ্টিজগতৰ ৰবৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ’।
آية رقم 72
‘আৰু (আদেশ কৰা হৈছে) ছালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ। তেৱেঁই হৈছে সেই সত্বা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব’।
آية رقم 73
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। আৰু যিদিনা তেওঁ ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।
آية رقم 74
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আযৰক কৈছিল, ‘আপুনি মূৰ্তিক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছো’।
آية رقم 75
এইদৰে আমি ইব্ৰাহীমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়।
آية رقم 76
তাৰ পিছত ৰাতিয়ে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক’লে, ‘এইটো মোৰ ৰব’। তাৰ পিছত যেতিয়া সেইটো অস্তমিত হ’ল তেতিয়া তেওঁ ক’লে, ‘অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ’।
آية رقم 77
তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জলৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো মোৰ ৰব’। যেতিয়া সেইটোও অস্ত গ’ল তেতিয়া ক’লে, ‘মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হম’।
آية رقم 78
তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমানৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো মোৰ ৰব, এইটো আটাইতকৈ ডাঙৰ’। যেতিয়া এইটোও অস্ত গ’ল তেতিয়া তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই (তাৰ পৰা মই মুক্ত)’।
آية رقم 79
মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছো যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।
آية رقم 80
আৰু তেওঁৰ সম্প্ৰদায় তেওঁৰ লগত বিতৰ্কত লিপ্ত হ’ল। তেওঁ ক’লে, ‘তোমালোকে মোৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছা? অথচ তেৱেঁই মোক হিদায়ত দিছে। তোমালোকে তেওঁৰ লগত যাক অংশীদাৰ স্থাপন কৰি আছা মই তাক ভয় নকৰো কিন্তু মোৰ প্ৰতিপালকে যদি কিবা কৰে (সেয়া সুকীয়া কথা)। মোৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তু পৰিব্যাপ্ত কৰি আছে। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে’?
آية رقم 81
‘তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে ভয় নকৰা যে, তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তুক অংশী কৰি আছা যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱা দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ’।
آية رقم 82
যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।
آية رقم 83
আৰু এইটোৱেই আমাৰ যুক্তি-প্ৰমাণ যিটো ইব্ৰাহীমক দিছিলো তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ, আমি যাক ইচ্ছা কৰো উচ্চ মৰ্যাদা দান কৰো। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
آية رقم 84
আৰু আমি তেওঁক দান কৰিছিলো ইছহাক্ব আৰু ইয়াকূব, এওঁলোকৰ প্ৰত্যেককে হিদায়ত দিছিলো; ইয়াৰ পূৰ্বে নুহকো আমি হিদায়ত দিছিলো আৰু তেওঁৰ বংশধৰ দাউদ, ছুলাইমান, আইউব, ইউছুফ, মুছা আৰু হাৰূনকো; এইদৰেই আমি মুহছিনসকলক পুৰষ্কৃত কৰো;
آية رقم 85
আৰু যাকাৰিয়্যাহ, ইয়াহয়া, ঈছা আৰু ইলয়াছকো (আমি হিদায়ত দিছিলো)। এওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল;
آية رقم 86
আৰু ইছমাঈল, আল-য়াছা, ইউনুছ আৰু লূতকো (আমি হিদায়ত দিছিলো); আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছিলো।
آية رقم 87
আৰু (আমি হিদায়ত প্ৰদান কৰিছিলো) তেওঁলোকৰ পিতৃপুৰুষ, বংশধৰ আৰু ভাতৃসকলৰ কিছুসংখ্যকক; আৰু আমি তেওঁলোকক মনোনীত কৰিছিলো আৰু সৰল পথত পৰিচালিত কৰিছিলো।
آية رقم 88
এইটো হৈছে আল্লাহৰ হিদায়ত, ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লেহেঁতেন।
آية رقم 89
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছো, এতেকে যদি সিহঁতে ইয়াৰ লগত কুফৰী কৰে, তেন্তে আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছো যিসকলে ইয়াৰ লগত কুফৰী নকৰে।
آية رقم 90
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰো, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
آية رقم 91
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিটো মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিটো তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু প্ৰকাশ কৰা আৰু বহুত খিনি গোপন কৰা আৰু যিবোৰ তোমালোকৰ পিতৃ-পুৰুষসকলে আৰু তোমালোকেও জনা নাছিলা সেইটোও তোমালোকক শিক্ষা দিয়া হৈছিল’? কোৱা, ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, তাৰ পিছত সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
آية رقم 92
আৰু এইটো বৰকতময় কিতাব যিটো আমি অৱতীৰ্ণ কৰিছো, যিটো ইয়াৰ আগৰ সকলো কিতাবৰ সত্যায়নকাৰী আৰু যিটোৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, আৰু তেওঁলোক নিজ ছালাতৰ প্ৰতি যত্নবান।
আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰত অহী আহে’, অথচ তাৰ ওচৰত একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিম’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছা আৰু তেওঁৰ আয়াতসমূহ সম্পৰ্কে অহংকাৰ কৰিছিলা’।
آية رقم 94
নিশ্চয় তোমালোকে আমাৰ ওচৰত নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলো, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলো সেয়া তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক তোমালোকৰ বাবে (আল্লাহৰ লগত) অংশী বুলি ভাৱিছিলা, সেই ছুপাৰিছকাৰী বিলাকো দেখুন তোমালোকৰ লগত নাই। তোমালোকৰ মাজৰ সম্পৰ্ক নিশ্চয় বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।
آية رقم 95
নিশ্চয় আল্লাহে শস্য-বীজ আৰু গুটি বিদীৰ্ণকাৰী, তেৱেঁই প্ৰাণহীনৰ পৰা জীৱন্তক উলিয়াই আনে আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেৱেঁই আল্লাহ, এতেকে তোমালোকক ক’লৈ উভতিওৱা হৈছে?
آية رقم 96
তেৱেঁই প্ৰভাতৰ উদ্ভাসক, আৰু তেৱেঁই ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰুপক কৰিছে, এইটো পৰাক্ৰমশালী, মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ।
آية رقم 97
আৰু তেৱেঁই তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো।
آية رقم 98
আৰু তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে (তোমালোকৰ বাবে) আছে দীৰ্ঘ আৰু স্বল্পকালীন বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।
آية رقم 99
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰো, আৰু উৎপন্ন কৰো সেউজীয়া ডাল-পাত, যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্যদানা উৎপাদন কৰো, আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক, আৰু উৎপাদন কৰো আঙ্গুৰ, যায়তুন লগতে ডালিমৰ বাগিছা। কিছুমান আছে সদৃশ আন কিছুমান অমিল। চোৱা, সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ ফলবান হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে এইবোৰৰ মাজত নিদৰ্শনাৱলী।
آية رقم 100
আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশত আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।
آية رقم 101
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, তেওঁৰ সন্তান হ’ব কেনেকৈ? অথচ তেওঁৰ কোনো সঙ্গিনীয়েই নাই! তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত।
آية رقم 102
তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা; এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা; তেৱেঁই সকলো বস্তুৰ তত্বাৱধায়ক।
آية رقم 103
দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিক আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
آية رقم 104
নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত অন্তৰ্দৃষ্টিৰ আলোক আহিছে। এতেকে যিয়ে প্ৰত্যক্ষ কৰিব সেইটোৰ দ্বাৰা সি নিজেই লাভবান হ’ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ’ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়।
آية رقم 105
এইদৰে আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰো আৰু তথাপিও সিহঁতে কয়, ‘তুমি শিকি আহিছা’, আৰু যাতে আমি ইয়াক সুস্পষ্টভাৱে জ্ঞানী সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰো।
آية رقم 106
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
آية رقم 107
আল্লাহে ইচ্ছা কৰিলে সিহঁতে শ্বিৰ্ক নকৰিলেহেঁতেন। আৰু আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্বাৱধায়কো নহয়।
آية رقم 108
আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে, এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছো; তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব।
آية رقم 109
আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিদৰ্শন কেৱল আল্লাহৰ ওচৰত’। (হে ঈমান্দাৰসকল!) কিদৰে তোমালোকৰ উপলব্ধিত আহিব যে, যেতিয়া সেই (নিদৰ্শন) আহি যাব, তেতিয়াও সিহঁতে ঈমান নানিব?
آية رقم 110
আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান আনা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ`ভ্ৰান্তৰ দৰে ঘুৰপাক খোৱা অৱস্থাত এৰি দিম।
آية رقم 111
আৰু আমি সিহঁতৰ ওচৰত ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা ক’লেও আৰু সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান নানিব; কিন্তু সিহঁতৰ অধিকাংশই মূৰ্খ।
آية رقم 112
আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছো, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।
آية رقم 113
আৰু সিহঁতে এই কাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান নাৰাখে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।
آية رقم 114
(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে, নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’বা।
آية رقم 115
সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
آية رقم 116
আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰ অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিক কথা কয়।
آية رقم 117
নিশ্চয় তোমাৰ ৰব অধিক অৱগত সেই ব্যক্তি সম্পৰ্কে যিয়ে তেওঁৰ পথৰ পৰা বিপথগামী হয়। আৰু সৎপথত যিসকলে আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত।
آية رقم 118
যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী তেন্তে যিটোৰ ওপৰত আল্লাহৰ নাম লোৱা হৈছে তাৰ পৰা খোৱা;
آية رقم 119
তোমাৰ লোকৰ কি হ’ল, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে তাৰ পৰা নোখোৱা কিয়? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া স্বতন্ত্ৰ কথা। নিশ্চয় বহুতে অজ্ঞতাবশত নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকে সীমালংঘনকাৰী সকলৰ বিষয়ে অধিক জানে।
آية رقم 120
এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন পাপ বৰ্জন কৰা, নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতিপলমে সিহঁতক সিহঁতৰ পাপ কৰ্মৰ প্ৰতিফল দিয়া হ’ব।
آية رقم 121
আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ লগত বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোকে অৱশ্যে মুশ্বৰিক।
آية رقم 122
যি ব্যক্তি মৃত আছিল, যাক আমি পিছত জীৱিত কৰিছো আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছো জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি ওলাব নোৱাৰে? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।
آية رقم 123
আৰু এইদৰে আমি প্ৰতিটো জনপদৰ অপৰাধীসকলৰ প্ৰধানক এৰি দিছো যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।
آية رقم 124
আৰু যেতিয়া সিহঁতৰ ওচৰত কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰা লৈকে আমি কেতিয়াও ঈমান পোষণ নকৰিম’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেয়া তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।
آية رقم 125
এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (সেই ব্যক্তিৰ ওচৰত ইছলামৰ অনুসৰণ) এনে লাগে যেন সি বহু কষ্টৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।
آية رقم 126
আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।
آية رقم 127
তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।
آية رقم 128
আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব আৰু ক’ব, ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ ৰব! আমাৰ মাজৰ কিছুসংখ্যকে আন কিছুসংখ্যকৰ পৰা লাভবান হৈছে আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছো’। আল্লাহে ক’ব, ‘জাহান্নামেই তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
آية رقم 129
আৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।
آية رقم 130
‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰত ৰাছুলসকল অহা নাছিলনে যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিনৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলো’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁতে কাফিৰ আছিল।
آية رقم 131
এইটো এই বাবে যে, অধিবাসীসকল গাফিল থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰা তোমাৰ প্ৰতিপালকৰ কাম নহয়।
آية رقم 132
আৰু সিহঁতে যি আমল কৰে, সেই অনুসাৰে প্ৰত্যেকৰে মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ ৰব অমনোযোগী নহয়।
آية رقم 133
আৰু তোমাৰ ৰব অভাৱমুক্ত, দয়াশীল। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু তোমালোকৰ পিছত যাক ইচ্ছা তোমালোকৰ স্থানত আনিব পাৰে, যিদৰে তেওঁ তোমালোকক আন এটা সম্প্ৰদায়ৰ বংশৰ পৰা সৃষ্টি কৰিছে।
آية رقم 134
নিশ্চয় তোমালোকৰ লগত যি প্ৰতিশ্ৰুতি কৰা হৈছে সেয়া অৱশ্যে আহিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা।
آية رقم 135
কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা, নিশ্চয় ময়ো মোৰ কাম কৰি আছো। তোমালোকে অতি সোনকালে জানিব পাৰিবা, কাৰ পৰিণাম মঙ্গলময়। নিশ্চয় যালিমসকল সফল নহয়’।
آية رقم 136
আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!
آية رقم 137
আৰু এইদৰে বহুতো মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ শ্বৰীকসকলে সিহঁতৰ সন্তানসকলক হত্যা কৰা শোভনীয় কৰি দিছে, যাতে সিহঁতক ধ্বংস কৰিব পাৰে আৰু সিহঁতৰ ওচৰত সিহঁতৰ দ্বীনক সংশয়পূৰ্ণ কৰিব পাৰে; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন। গতিকে সিহঁতক সিহঁতৰ মিছা ৰটনা লৈয়ে থাকিব দিয়া।
آية رقم 138
আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰো তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, আৰু কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক পশু জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এই সকলোবোৰ সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব।
آية رقم 139
সিহঁতে আৰু কয়, ‘এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট আৰু এইটো আমাৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে সকলোৱে ইয়াৰ অংশীদাৰ’। তেওঁ সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে সিহঁতক প্ৰদান কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
آية رقم 140
নিশ্চয় সিহঁতে ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশত নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। সিহঁত অৱশ্যে বিপথগামী হৈছে আৰু সিহঁত হিদায়তপ্ৰাপ্ত নাছিল।
آية رقم 141
আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাং নিৰ্ভৰশীল আৰু আন কিছুমান চাং নিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ কিছুমান সদৃশ আৰু কিছুমান ভিন্ন। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
آية رقم 142
আৰু (তেৱেঁই) চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু কিছুমানক ক্ষুদ্ৰাকাৰ পশু সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু চয়তানৰ পদাংক অনুসৰণ নকৰিবা; নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
آية رقم 143
মতা-মাইকী আঠ যোৰ, ভেৰাৰ দুটা আৰু ছাগলীৰ দুটা; কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুটাক, নে মাইকী দুটাৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? যদি তোমালোকে সত্যবাদী তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা;
آية رقم 144
আৰু উটৰ দুটা ও গৰুৰ দুটা। কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুটাক, নে মাইকী দুটাৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? নে আল্লাহে যেতিয়া তোমালোকক এইবোৰ নিৰ্দেশ দান কৰিছিল তেতিয়া তোমালোকে উপস্থিত আছিলা? গতিকে যি ব্যক্তি নজনাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
آية رقم 145
কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো এইবোৰ অৱশ্যে অপৱিত্ৰ আৰু যিবোৰ অবৈধ, আল্লাহৰ বাহিৰে আনৰ বাবে উত্সৰ্গ কৰাৰ কাৰণে’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ ৰব ক্ষমাশীল, পৰম দয়ালু।
آية رقم 146
আৰু আমি ইয়াহুদিসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকেই হাৰাম কৰিছিলো আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলো, কিন্তু এইবোৰৰ পিঠিত নাইবা নাড়ী-ভুৰু বা অস্থিসংলগ্ন চৰ্বিৰ বাহিৰে, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলো। নিশ্চয় আমি সত্যবাদী।
آية رقم 147
এতেকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে, তেন্তে কোৱা, ‘তোমালোকৰ ৰব সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ কৰা নহয়’।
آية رقم 148
যিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘আমাৰ ওচৰত প্ৰকাশ কৰিবলৈ তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথা কোৱা’।
آية رقم 149
কোৱা, ‘চূড়ান্ত প্ৰমাণ কেৱল আল্লাহৰেই, এতেকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন, তেন্তে তোমালোক আটাইকে নিশ্চয় হিদায়ত দিলেহেঁতেন’।
آية رقم 150
কোৱা, ‘তোমালোকৰ সাক্ষীসকলক লৈ আহা, যিসকলে এই সাক্ষী দিব যে, আল্লাহে এইটো হাৰাম কৰিছে’। সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা। তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে। সিহঁতেই নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে।
آية رقم 151
কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰো। প্ৰকাশ্য হওঁক অথবা গোপনেই হওঁক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিলে যাতে তোমালোকে বুজিব পাৰা।
آية رقم 152
আৰু ইয়াতীম শিশু বয়ঃপ্ৰাপ্ত নোহোৱা লৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ ও ওজন ন্যায়ভাৱে পৰিপূৰ্ণ প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পন নকৰো। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওঁক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
آية رقم 153
আৰু এইটোৱেই আমাৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সেয়া তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।
آية رقم 154
এতেকে আমি মুছাক প্ৰদান কৰিছিলো কিতাব, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাত সম্বন্ধে ঈমান ৰাখে।
آية رقم 155
আৰু এই কিতাব, যিটো আমি অৱতীৰ্ণ কৰিছো – বৰকতময়। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা।
آية رقم 156
যাতে তোমালোকে এইটো নোকোৱা যে, ‘কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলো’,
آية رقم 157
অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লেহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে অতি শীঘ্ৰে আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।
آية رقم 158
সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰত ফিৰিস্তা আহিব, অথবা তোমাৰ ৰব আহিব, নাইবা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান আনা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তি ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাই (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলো’।
آية رقم 159
নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব।
آية رقم 160
যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল সেই অনুপাতেই প্ৰতিদান দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
آية رقم 161
কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ আছিল একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।
آية رقم 162
কোৱা, ‘মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
آية رقم 163
‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পনকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।
آية رقم 164
কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো ৰব অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ ৰব’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই, এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।
آية رقم 165
তেৱেঁই তোমালোকক পৃথিৱীত খলিফা (প্ৰতিনিধি) নিযুক্ত কৰিছে আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে সেই বিষয়ে পৰীক্ষাৰ উদ্দেশ্যে তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। নিশ্চয় তোমাৰ ৰব দ্ৰুত শাস্তি প্ৰদানকাৰী আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
تقدم القراءة