سورة الحاقة

الترجمة الأسامية

ترجمة معاني سورة الحاقة باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
সেই অৱশ্যম্ভাৱী ঘটনা, (কিয়ামত)
آية رقم 2
কি সেই অৱশ্যম্ভাৱী ঘটনা?
آية رقم 3
আৰু কিহে তোমাক জনাব সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?
آية رقم 4
ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।
آية رقم 5
সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।
آية رقم 6
আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,
ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেনে সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।
آية رقم 8
ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে?
آية رقم 9
আৰু ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে লগতে ওলোটাই দিয়া জনপদবাসীয়ে জঘন্য পাপ কামত লিপ্ত আছিল।
آية رقم 10
আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিলে।
آية رقم 11
যেতিয়া বানপানী বিপদসীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।
آية رقم 12
আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এই বাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।
آية رقم 13
এতেকে যেতিয়া শিঙাত ফু দিয়া হ’ব—কেৱল এটা ফু।
آية رقم 14
আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।
آية رقم 15
ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।
آية رقم 16
আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।
আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।
آية رقم 18
সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।
তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।
آية رقم 20
‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।
آية رقم 21
সেয়ে তেওঁ সন্তোষজনক জীৱন-যাপন কৰিব।
آية رقم 22
সুউচ্চ জান্নাতত,
آية رقم 23
যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।
آية رقم 24
(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।
কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’!
آية رقم 26
‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ!
آية رقم 27
‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন!
آية رقم 28
‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।
آية رقم 29
‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।
آية رقم 30
(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।
آية رقم 31
‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।
آية رقم 32
তাৰ পিছত তাক বান্ধি থোৱা এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।
آية رقم 33
নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,
آية رقم 34
আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।
آية رقم 35
এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।
آية رقم 36
আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,
آية رقم 37
যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।
آية رقم 38
এতেকে মই শপত কৰো সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা,
آية رقم 39
আৰু তাৰো শপত কৰো যিবোৰ তোমালোকে দেখা নোপোৱা;
آية رقم 40
নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।
آية رقم 41
আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
آية رقم 42
আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
آية رقم 43
এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
آية رقم 44
যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,
آية رقم 45
তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,
آية رقم 46
তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,
آية رقم 47
এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।
آية رقم 48
আৰু এয়া (কোৰআন) তো মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।
آية رقم 49
আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।
آية رقم 50
আৰু এইটো (কোৰআন) নিশ্চয় কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ।
آية رقم 51
আৰু নিশ্চয় এইটো সুনিশ্চিত সত্য।
آية رقم 52
এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
تقدم القراءة