سورة النازعات

الترجمة الأسامية

ترجمة معاني سورة النازعات باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।
آية رقم 2
আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।
آية رقم 3
আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।
آية رقم 4
আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।
آية رقم 5
তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।
آية رقم 6
সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।
آية رقم 7
তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।
آية رقم 8
সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।
آية رقم 9
সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।
آية رقم 10
সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে?
آية رقم 11
যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?
آية رقم 12
সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।
آية رقم 13
প্ৰকৃততে এইটো এটা বিৰাট শব্দ।
آية رقم 14
তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।
آية رقم 15
মূছাৰ ঘটনাটো তুমি পাইছানে?
آية رقم 16
যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,
آية رقم 17
‘ফিৰআউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমালঙ্ঘন কৰিছে,
آية رقم 18
তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে?
آية رقم 19
আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।
آية رقم 20
তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।
آية رقم 21
কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।
آية رقم 22
তাৰ পিছত তেওঁ সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।
آية رقم 23
তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,
آية رقم 24
আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।
آية رقم 25
অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।
آية رقم 26
নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।
آية رقم 27
তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।
آية رقم 28
তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।
آية رقم 29
আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।
آية رقم 30
তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।
آية رقم 31
তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,
آية رقم 32
আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,
آية رقم 33
এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।
آية رقم 34
আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,
آية رقم 35
সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,
آية رقم 36
আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।
آية رقم 37
এতেকে যিয়ে সীমালঙ্ঘন কৰে,
آية رقم 38
আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,
آية رقم 39
নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।
আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,
آية رقم 41
নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল।
آية رقم 42
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?
آية رقم 43
সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?
آية رقم 44
ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত;
آية رقم 45
যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।
যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।
تقدم القراءة