سورة الإنشقاق

الترجمة الأسامية

ترجمة معاني سورة الإنشقاق باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
যেতিয়া আকাশ বিদীৰ্ণ হ’ব,
آية رقم 2
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
آية رقم 3
আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
آية رقم 4
আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
آية رقم 5
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
آية رقم 6
হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।
آية رقم 7
এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব;
آية رقم 8
অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
آية رقم 9
আৰু সি তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
آية رقم 10
আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
آية رقم 11
সি নিজৰ ধ্বংস আহ্বান কৰিব;
آية رقم 12
আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
آية رقم 13
নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল,
آية رقم 14
নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
آية رقم 15
হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
آية رقم 16
এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
آية رقم 17
ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
آية رقم 18
আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
آية رقم 19
অৱশ্যই তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
آية رقم 20
কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
آية رقم 21
আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
آية رقم 22
বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
آية رقم 23
আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
آية رقم 24
সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া;
কিন্তু যিসকলে ঈমান আনে আৰু সত্কৰ্ম কৰে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।
تقدم القراءة