سورة الأعلى

الترجمة الأسامية

ترجمة معاني سورة الأعلى باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
آية رقم 2
যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
آية رقم 3
আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সত্পথ প্ৰদৰ্শন কৰিছে,
آية رقم 4
আৰু যিজনে তৃণ-লতা উত্পন্ন কৰিছে,
آية رقم 5
তাৰ পিছত সেইবোৰক ক'লা আবৰ্জনাত পৰিণত কৰিছে।
آية رقم 6
অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
آية رقم 8
আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।
آية رقم 9
এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
آية رقم 10
উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
آية رقم 11
আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব,
آية رقم 12
সি ভয়াবহ জুইত প্ৰৱেশ কৰিব।
آية رقم 13
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
آية رقم 14
নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব।
آية رقم 15
আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব।
آية رقم 16
কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া,
آية رقم 17
অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।
آية رقم 18
নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,
آية رقم 19
ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।
تقدم القراءة