ترجمة معاني سورة التوبة باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
آية رقم 1
এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেই সকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।
آية رقم 2
এতেকে তোমালোকে দেশত চাৰিমাহ লৈকে বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলৰ অপদস্থকাৰী।
آية رقم 3
আৰু মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহ মুশ্বৰিকসকলৰ বিষয়ে দায়মুক্ত আৰু তেওঁৰ ৰাছুলো। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
آية رقم 4
কিন্তু মুশ্বৰিকসকলৰ মাজত যিসকলৰ লগত তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পূৰ্ণ কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
آية رقم 5
গতিকে যেতিয়া নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যাব তেতিয়া তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।
آية رقم 6
আৰু মুশ্বৰিকসকলৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিবা, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে একোৱে নাজানে।
آية رقم 7
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলবৎ থাকিব? কিন্তু যিসকলৰ লগত মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়া লৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।
آية رقم 8
কেনেকৈ চুক্তি বলবৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।
آية رقم 9
সিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!
آية رقم 10
সিহঁতে কোনো মুমিনৰ লগত আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই সীমালংঘনকাৰী।
آية رقم 11
এতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁতে তোমালোকৰ দ্বীনি ভাই; আৰু আমি আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰো এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
آية رقم 12
আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি নাই; যাতে সিহঁতে বিৰত থাকে।
آية رقم 13
তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে আৰু ৰাছুলক ওলাই দিয়াৰ বাবে সংকল্প কৰিছিল? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন যদি তোমালোকে (প্ৰকৃত) মুমিন।
آية رقم 14
তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা। তোমালোকৰ হাতৰ জৰিয়তে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহ চিত্ত প্ৰশান্তি কৰিব,
آية رقم 15
আৰু তেওঁ সিহঁতৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাৰ ইচ্ছা তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 16
তোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেই এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজত কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।
آية رقم 17
মুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।
آية رقم 18
একমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ন লব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
آية رقم 19
হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
آية رقم 20
যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে তেওঁলোক আল্লাহৰ ওচৰত মৰ্যাদাত শ্ৰেষ্ঠ, আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
آية رقم 21
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।
آية رقم 22
তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰষ্কাৰ।
آية رقم 23
হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দ যদি ঈমানৰ মুকাবিলাত কুফৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজত যিয়ে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই যালিম।
آية رقم 24
কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নাহা লৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
آية رقم 25
নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকক উৎফুল্ল কৰিছিল তোমালোকৰ সংখ্যাগৰিষ্ঠতাই, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।
آية رقم 26
তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিলে আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিলে যিটো তোমালোকে দেখা পোৱা নাছিলা। আৰু কাফিৰসকলক তেৱেঁই শাস্তি দিলে, আৰু এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।
آية رقم 27
ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।
آية رقم 28
হে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
آية رقم 29
যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ মাজত যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে সেয়া হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযইয়া নিদিয়া লৈকে সিহঁতৰ লগত যুদ্ধ কৰা।
آية رقم 30
আৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ আল্লাহৰ পুত্ৰ’। এইটো কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক উভতাই নিয়া হৈছে!
آية رقم 31
সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগিসকলক সিহঁতৰ ৰবৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!
آية رقم 32
সিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও সেয়া কাফিৰসকলে অপছন্দ নকৰক কিয়।
آية رقم 33
তেৱেঁই সেই সত্তা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।
آية رقم 34
হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজত বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। আৰু যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
آية رقم 35
যিদিনা সেইবোৰ জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, কোৱা হ’ব, ‘এইবোৰেই তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।
آية رقم 36
নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ, এইটোৱে প্ৰতিষ্ঠিত দ্বীন। এতেকে ইয়াৰ মাজত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।
آية رقم 37
কোনো মাহক পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
آية رقم 38
হে ঈমান্দাৰসকল! তোমালোকৰ কি হ’ল, তোমালোকক যেতিয়া আল্লাহৰ পথৰ অভিযানত ওলাবলৈ কোৱা হয়, তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ পৃথিৱীখনকে সাৱটি ধৰা? তোমালোকে আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ অতি নগণ্য।
آية رقم 39
যদি তোমালোকে অভিযানত ওলাই নোযোৱা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিবৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
آية رقم 40
যদি তোমালোকে তেওঁক সহায় নকৰা, তেন্তে আল্লাহে কিন্তু তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেওঁ তেতিয়া নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁক শক্তিশালী কৰিলে এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিটো তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিলে; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 41
অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওঁক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!
آية رقم 42
যদি সহজতে সম্পদ লাভৰ আশা থাকিলেহেঁতেন আৰু ভ্ৰমণ সুগম হ’লেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথ সুদীৰ্ঘ বুলি ভাৱিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘পাৰিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোহেঁতেন’। সিহঁতে নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।
آية رقم 43
আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱা লৈকে আৰু কোনসকল লোক মিছলীয়া সেয়া তুমি নজনা লৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?
آية رقم 44
যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ ওচৰত অনুমতি নিবিচাৰে; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।
آية رقم 45
তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজ সংশয়ত দ্বিধাগ্ৰস্ত।
آية رقم 46
আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিলে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিলে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থকা লোকসকলৰ লগত তোমালোকেও বহি থকা’।
آية رقم 47
যদি সিহঁতে তোমালোকৰ লগত ওলালেহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন, আৰু তোমালোকৰ মাজতে সিহঁতৰ বাবে কথা শুনাৰ মানুহো আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।
آية رقم 48
নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহু কামত ওলট-পালট কৰিছিল, অৱশেষত সত্যৰ আগমন ঘটিলে আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে অপছন্দ কৰিছিল।
آية رقم 49
আৰু সিহঁতৰ মাজত এনেকুৱা লোক আছে যিয়ে কয়, ‘মোক অব্যাহতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।
آية رقم 50
যদি তোমাৰ কোনো মঙ্গল হয় তেন্তে সেয়া সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলো’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।
آية رقم 51
কোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেঁই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত’।
آية رقم 52
কোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছো যে, আল্লাহে তোমালোকক তেওঁৰ তৰফৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।
آية رقم 53
কোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে ব্যয় কৰা অথবা অনিচ্ছাকৃত ভাৱে, তোমালোকৰ পৰা সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।
آية رقم 54
আৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰিছে আৰু ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু অৰ্থসাহায্য কৰে কেৱল অনিচ্ছাকৃতভাৱে।
آية رقم 55
সেয়ে সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।
آية رقم 56
আৰু সিহঁতে আল্লাহৰ নামত শপত লৈ কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁতে তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত এনে এটা সম্প্ৰদায় যিহঁতে ভয় কৰে।
آية رقم 57
যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি-গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালেই দ্ৰুত গতিত দৌৰি লুকাব।
آية رقم 58
আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, তাৰ পিছত সিহঁতক ইয়াৰ পৰা কিছু দিলে সিহঁতে সন্তুষ্ট হয়, আৰু ইয়াৰ পৰা কিবা নিদিলে লগে লগে বিক্ষুব্ধ হয়।
آية رقم 59
ভাল হ’লেহেঁতেন যদি সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাতে সন্তুষ্ট থকাহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও; নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।
آية رقم 60
ছাদাক্বা কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দায়মুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে মুছাফিৰসকলৰ বাবে। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 61
আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁতো কৰ্ণপাতকাৰী’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেয়াই শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজত যিসকল ঈমান্দাৰ তেওঁ সিহঁতৰ বাবে ৰহমত। আৰু যিসকলে আল্লাহৰ ৰাছুলক শাস্তি দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
آية رقم 62
সিহঁতে তোমালোকক সন্তুষ্ট কৰাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদি সিহঁতে মুমিন।
آية رقم 63
সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই চৰম লাঞ্ছনা।
آية رقم 64
মুনাফিকসকলে ভয় কৰে যে, সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথা প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰিয়ে থাকা; তোমালোকে যিটো ভয় কৰা নিশ্চয় আল্লাহে সেয়া প্ৰকাশ কৰিব’।
آية رقم 65
আৰু তুমি সিহঁতক সুধিলে অৱশ্যে সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলো’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলক বিদ্ৰূপ কৰিছিলা নেকি’?
آية رقم 66
‘তোমালোকে এতিয়া ওজৰ পেচ নকৰিবা। নিশ্চয় তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফৰী কৰিছা। আমি তোমালোকৰ মাজত কোনো দলক ক্ষমা কৰিলেও আন এটা দলক শাস্তি প্ৰদান কৰিম—কাৰণ সিহঁত অপৰাধী’।
آية رقم 67
মুনাফিক পুৰুষ আৰু মুনাফিক নাৰী ইজনে সিজনৰ অংশ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মক নিষেধ কৰে, সিহঁতে নিজৰ হাত সংকুচিত কৰি ৰাখে, সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল ফাছিক্ব।
آية رقم 68
আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;
آية رقم 69
সিহঁতৰ দৰে, যিসকলে তোমালোকৰ পূৰ্বে আছিল, সিহঁতে শক্তিত তোমালোকতকৈয়ো অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ ও সন্তান-সন্ততি আছিল তোমালোকতকৈ বেছি। সেয়ে সিহঁতে সিহঁতৰ ভাগ্যত যি আছিল সেয়া ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেয়া উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে, আৰু তোমালোকেও সেইদৰে অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই ক্ষতিগ্ৰস্ত।
آية رقم 70
সিহঁতৰ পূৰ্বৱৰ্তী নূহ, আদ আৰু ছামূদৰ সম্প্ৰদায়, ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদইয়ান লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ সিহঁতৰ ওচৰত অহা নাইনে? সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ সিহঁতৰ ৰাছুলসকল আহিছিল। এতেকে আল্লাহ এনেকুৱা নহয় যে, সিহঁতৰ ওপৰত অন্যায় কৰিছে বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
آية رقم 71
মুমিন পুৰুষ আৰু মুমিনা নাৰী ইজনে সিজনৰ বন্ধু, সিহঁতে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মত বাধা দিয়ে, ছালাত কায়েম কৰে যাকাত প্ৰদান কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোককেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
آية رقم 72
আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই সৰ্বশ্ৰেষ্ঠ। এইটোৱেই মহাসাফল্য।
آية رقم 73
হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; আৰু সিহঁতৰ আবাসস্থল জাহান্নাম, আৰু সেয়া কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল!
آية رقم 74
সিহঁতে আল্লাহৰ শপত লৈ কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফৰী কৰিছে; সিহঁতে এনেকুৱা সংকল্প কৰিছিল যিটো সিহঁতে পোৱা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত সিহঁতক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে ভাল হ’ব, আৰু সিহঁতে মুখ ঘূৰাই ল’লে আল্লাহে পৃথিৱীত আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; আৰু পৃথিৱীত সিহঁতৰ কোনো অভিভাৱক নাই আৰু নাই কোনো সাহায্যকাৰীও।
آية رقم 75
আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম আৰু অৱশ্যে সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।
آية رقم 76
তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।
آية رقم 77
পৰিণাম স্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিন লৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব, সিহঁতে আল্লাহৰ ওচৰত যি অঙ্গীকাৰ কৰিছিল সেয়া ভঙ্গ কৰাৰ কাৰণে আৰু সিহঁতে যি মিছা কৈছিল তাৰ বাবে।
آية رقم 78
সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে? আৰু নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।
آية رقم 79
মুমিনসকলৰ মাজত যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
آية رقم 80
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰিছে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
آية رقم 81
পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দ বোধ কৰিলে আৰু সিহঁতৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে, লগতে সিহঁতে ক’লে, ‘গৰমৰ মাজত অভিযানলৈ ওলাই নাযাবা’। কোৱা, ‘জাহান্নামৰ জুই ইয়াতকৈ বেছি উত্তপ্ত’, যদি সিহঁতে বুজিলেহেঁতেন!
آية رقم 82
সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা আৰু বেছিকৈ কান্দা উচিত।
آية رقم 83
এতেকে যদি আল্লাহে তোমাক সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে অভিযানত ওলাবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া তুমি ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সঙ্গী হৈ কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাটোকে পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।
آية رقم 84
আৰু সিহঁতৰ মাজত কাৰোবাৰ মৃত্যু হ’লে তুমি কেতিয়াও তাৰ বাবে জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাত সিহঁতৰ মৃত্যু হৈছে।
آية رقم 85
আৰু সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।
آية رقم 86
আল্লাহৰ প্ৰতি ঈমান আনা আৰু ৰাছুলৰ সঙ্গী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজত যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰত আহি অব্যাহতি বিচাৰে আৰু কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।
آية رقم 87
সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।
آية رقم 88
কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
آية رقم 89
আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত, য’ত তেওঁলোক চিৰকাল থাকিব; এইটোৱেই মহাসফলতা।
آية رقم 90
আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।
آية رقم 91
কোনো দোষ নাই দুৰ্বলসকলৰ ওপৰত, অসুস্থসকলৰ ওপৰত আৰু যিসকল অৰ্থ সাহায্যত অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 92
আৰু সিহঁতৰো কোনো দোষ নাই যিসকলে তোমাৰ ওচৰত বাহনৰ বাবে আহিছিল তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; সিহঁতে কষ্ট সহ্য কৰিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গ’ল, কাৰণ সিহঁতে ব্যয় কৰিবলৈ একো পোৱা নাই।
آية رقم 93
কিন্তু যিসকলে অভাৱমুক্ত হৈয়ো অব্যাহতি প্ৰাৰ্থনা কৰিছে, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল; আৰু আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে একো নাজানে।
آية رقم 94
তোমালোকে সিহঁতৰ ওচৰত উভতি আহিলে সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰিম; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু আল্লাহে অৱশ্যে তোমালোকৰ কাৰ্যকলাপ দেখিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্যৰ মহাজ্ঞানীৰ ওচৰলৈকে উভতাই নিয়া হ’ব তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।
آية رقم 95
তোমালোকে সিহঁতৰ ওচৰত ঘুৰি আহিলে অচিৰেই সিহঁতে তোমালোকৰ ওচৰত আল্লাহৰ শপত খাব যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই সিহঁতৰ আবাসস্থল।
آية رقم 96
সিহঁতে তোমালোকৰ ওচৰত শপত কৰিব যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।
آية رقم 97
আ’ৰাব বা মৰুবাসীসকল কুফৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ অধিক উপযোগী; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 98
আৰু মৰুবাসীসকলৰ কিছুমানে সিহঁতে যি আল্লাহৰ পথত ব্যয় কৰে সেয়া জৰিমনা বুলি গণ্য কৰে আৰু তোমালোকৰ বিপৰ্যয়ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওঁক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
آية رقم 99
আৰু কিছুমান মৰুবাসীয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে সিহঁতে যি ব্যয় কৰে সেয়া আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিশ্চয় সেয়া সিহঁতৰ বাবে আল্লাহৰ সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে সিহঁতক নিজ ৰহমতত দাখিল কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 100
মুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকলে প্ৰথম অগ্ৰগামী লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে মহাসফলতা।
آية رقم 101
আৰু মৰুবাসীসকলৰ মাজত যিসকলে তোমালোকৰ ওচৰে পাজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক লগতে মদীনাবাসীৰ মাজতো কিছুমান আছে, সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
آية رقم 102
আৰু আন কিছুমান লোকে নিজৰ অপৰাধ স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
آية رقم 103
তুমি সিহঁতৰ সম্পদৰ পৰা ছাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। তোমাৰ দুআ সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
آية رقم 104
সিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু ছাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।
آية رقم 105
আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও। অনতিপলমে তোমালোকক উভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্যৰ জ্ঞানীৰ ওচৰত; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।
آية رقم 106
আৰু আন কিছুমান লোকৰ সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 107
আৰু যিসকলে মছজিদ নিৰ্মাণ কৰিছে ক্ষতিসাধন কৰাৰ বাবে, কুফৰী কৰাৰ বাবে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি স্বৰূপে ব্যৱহাৰৰ উদ্দেশ্যে, আৰু সিহঁতে অৱশ্যে শপত খাই ক’ব, ‘আমি কেৱল কল্যাণ কামনা কৰিছিলোহে’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, অৱশ্যে সিহঁত মিছলীয়া।
آية رقم 108
তুমি তাত কেতিয়াও ছালাতৰ বাবে থিয় নহ’বা; যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইটোতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰা ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।
آية رقم 109
যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰে সি উত্তম, নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাক লৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
آية رقم 110
94. সিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়া লৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 111
নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।
آية رقم 112
সিহঁত তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।
آية رقم 113
নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওঁক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।
آية رقم 114
আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, সি আল্লাহৰ শত্ৰু তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিলে। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।
آية رقم 115
আৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
آية رقم 116
নিশ্চয় আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
آية رقم 117
আল্লাহে অৱশ্যে নবী, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিলে, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল সংকটময় মুহূৰ্তত – তেওঁলোকৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হোৱাৰ পিছত। তাৰ পিছত আল্লাহে সিহঁতৰ তাওবা কবুল কৰিলে; নিশ্চয় তেওঁ সিহঁতৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।
آية رقم 118
আৰু তেওঁ তাওবা কবুল কৰিলে সেই তিনিজনৰো, যিসকলৰ বিষয়ে সিদ্ধান্ত স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও সিহঁতৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু সিহঁতৰ জীৱন সিহঁতৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু সিহঁতে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ সিহঁতৰ তাওবা কবুল কৰিলে যাতে সিহঁতে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।
آية رقم 119
হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সঙ্গী হোৱা।
آية رقم 120
আল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু তেওঁৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু সিহঁতৰ ওচৰে পাজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত সিহঁতক যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা সিহঁতৰ এনেকুৱা প্ৰতিটো পদক্ষেপ যিটো শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেয়া সিহঁতৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।
آية رقم 121
আৰু সিহঁতে সৰু বা ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেয়া সিহঁতৰ অনুকূলত লিপিবদ্ধ হয় – যাতে সিহঁতে যি কৰে আল্লাহে তাৰ উৎকৃষ্ট পুৰষ্কাৰ সিহঁতক প্ৰদান কৰিব পাৰে।
آية رقم 122
আৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে সিহঁতৰ প্ৰত্যেক দলৰ একাংশই কিয় নোলায়, যাতে সিহঁতে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া সিহঁতে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিব তেতিয়া সিহঁতৰ সম্প্ৰদায়ক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে সিহঁতে সতৰ্ক হয়।
آية رقم 123
হে ঈমান্দাৰসকল! কাফিৰসকলৰ মাজত যিসকল তোমালোকৰ নিকটৱৰ্তী, সিহঁতৰ লগত যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।
آية رقم 124
আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এইটোৱে তোমালোকৰ মাজত কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে যিসকলে ঈমান আনিছে ই তেওঁলোকৰে ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।
آية رقم 125
আৰু যিসকলৰ অন্তৰত ব্যাধি আছে, এইটো সিহঁতৰ কলুষৰ লগত আৰু কলুষযুক্ত কৰে; আৰু সিহঁতৰ মৃত্যু ঘটে কাফিৰ অৱস্থাত।
آية رقم 126
সিহঁতে দেখা নাপায় নে যে, সিহঁতক প্ৰতি বছৰ এবাৰ বা দুবাৰ বিপৰ্যস্ত কৰা হয়? ইয়াৰ পিছতো সিহঁতে তাওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে।
آية رقم 127
আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, ‘তোমালোকক কোনোবাই লক্ষ্য কৰিছেনে’? তাৰ পিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিয়ে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।
آية رقم 128
নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ মঙ্গলকামী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।
آية رقم 129
এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু তেওঁ মহা আৰছৰ ৰব’।
تقدم القراءة