سورة الشرح

الترجمة الأسامية

ترجمة معاني سورة الشرح باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?
آية رقم 2
আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?
آية رقم 3
যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,
آية رقم 4
আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো।
آية رقم 5
এতেকে দুখৰ লগতেই আছে সুখ
آية رقم 6
নিশ্চয় দুখৰ লগতেই আছে সুখ।
آية رقم 7
এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
آية رقم 8
আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।
تقدم القراءة