سورة العلق

الترجمة الأسامية

ترجمة معاني سورة العلق باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে,
آية رقم 2
তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।
آية رقم 3
পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।
آية رقم 4
যিজনে কলমৰ সহায়ত শিক্ষা দিছে।
آية رقم 5
তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।
آية رقم 6
বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।
آية رقم 7
কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।
آية رقم 8
নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।
آية رقم 9
তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।
آية رقم 10
এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।
آية رقم 11
কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত,
آية رقم 12
অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?)
آية رقم 13
কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়,
آية رقم 14
সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে?
آية رقم 15
কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম।
آية رقم 16
মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।
آية رقم 17
এতেকে সি নিজ পৰিষদক মাতি আনক।
آية رقم 18
অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।
آية رقم 19
কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।
تقدم القراءة