Surah Al-Balad in অসমীয়া
سورة البلد · Verses: 20 · Meccan
Translation: অসমীয়া translation (الترجمة الأسامية)
-
1
لَآ أُقۡسِمُ بِهَٰذَا ٱلۡبَلَدِ
মই শপত কৰিছো এই নগৰখনৰ, -
2
وَأَنتَ حِلُّۢ بِهَٰذَا ٱلۡبَلَدِ
আৰু তুমি এই নগৰৰ অধিবাসী, -
3
وَوَالِدࣲ وَمَا وَلَدَ
শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে। -
4
لَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ فِي كَبَدٍ
নিসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ-কষ্টৰ মাজত। -
5
أَيَحۡسَبُ أَن لَّن يَقۡدِرَ عَلَيۡهِ أَحَدࣱ
সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহ’ব? -
6
يَقُولُ أَهۡلَكۡتُ مَالࣰا لُّبَدًا
সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছো'। -
7
أَيَحۡسَبُ أَن لَّمۡ يَرَهُۥٓ أَحَدٌ
সি ভাবে নেকি যে, কোনেও তাক দেখা নাই? -
8
أَلَمۡ نَجۡعَل لَّهُۥ عَيۡنَيۡنِ
তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে? -
9
وَلِسَانࣰا وَشَفَتَيۡنِ
এখন জিভা আৰু দুটা ওঁঠ? -
10
وَهَدَيۡنَٰهُ ٱلنَّجۡدَيۡنِ
আৰু আমি তাক দুটা পথ দেখুৱাইছো। -
11
فَلَا ٱقۡتَحَمَ ٱلۡعَقَبَةَ
কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই। -
12
وَمَآ أَدۡرَىٰكَ مَا ٱلۡعَقَبَةُ
আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি? -
13
فَكُّ رَقَبَةٍ
সেইটো হৈছে, দাসমুক্তি। -
14
أَوۡ إِطۡعَٰمࣱ فِي يَوۡمࣲ ذِي مَسۡغَبَةࣲ
অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা, -
15
يَتِيمࣰا ذَا مَقۡرَبَةٍ
নিকটাত্মীয় এতীমক, -
16
أَوۡ مِسۡكِينࣰا ذَا مَتۡرَبَةࣲ
অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক, -
17
ثُمَّ كَانَ مِنَ ٱلَّذِينَ ءَامَنُواْ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ وَتَوَاصَوۡاْ بِٱلۡمَرۡحَمَةِ
তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ; -
18
أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡمَيۡمَنَةِ
এওঁলোকেই সৌভাগ্যশালী। -
19
وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِنَا هُمۡ أَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য। -
20
عَلَيۡهِمۡ نَارࣱ مُّؤۡصَدَةُۢ
সিহঁত অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।