Surah Al-'Alaq in অসমীয়া
سورة العلق · Verses: 19 · Meccan
Translation: অসমীয়া translation (الترجمة الأسامية)
-
1
ٱقۡرَأۡ بِٱسۡمِ رَبِّكَ ٱلَّذِي خَلَقَ
পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে, -
2
خَلَقَ ٱلۡإِنسَٰنَ مِنۡ عَلَقٍ
তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে। -
3
ٱقۡرَأۡ وَرَبُّكَ ٱلۡأَكۡرَمُ
পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম। -
4
ٱلَّذِي عَلَّمَ بِٱلۡقَلَمِ
যিজনে কলমৰ সহায়ত শিক্ষা দিছে। -
5
عَلَّمَ ٱلۡإِنسَٰنَ مَا لَمۡ يَعۡلَمۡ
তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল। -
6
كَلَّآ إِنَّ ٱلۡإِنسَٰنَ لَيَطۡغَىٰٓ
বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে। -
7
أَن رَّءَاهُ ٱسۡتَغۡنَىٰٓ
কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে। -
8
إِنَّ إِلَىٰ رَبِّكَ ٱلرُّجۡعَىٰٓ
নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন। -
9
أَرَءَيۡتَ ٱلَّذِي يَنۡهَىٰ
তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে। -
10
عَبۡدًا إِذَا صَلَّىٰٓ
এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে। -
11
أَرَءَيۡتَ إِن كَانَ عَلَى ٱلۡهُدَىٰٓ
কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত, -
12
أَوۡ أَمَرَ بِٱلتَّقۡوَىٰٓ
অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?) -
13
أَرَءَيۡتَ إِن كَذَّبَ وَتَوَلَّىٰٓ
কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়, -
14
أَلَمۡ يَعۡلَم بِأَنَّ ٱللَّهَ يَرَىٰ
সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে? -
15
كَلَّا لَئِن لَّمۡ يَنتَهِ لَنَسۡفَعَۢا بِٱلنَّاصِيَةِ
কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম। -
16
نَاصِيَةࣲ كَٰذِبَةٍ خَاطِئَةࣲ
মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)। -
17
فَلۡيَدۡعُ نَادِيَهُۥ
এতেকে সি নিজ পৰিষদক মাতি আনক। -
18
سَنَدۡعُ ٱلزَّبَانِيَةَ
অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক। -
19
كَلَّا لَا تُطِعۡهُ وَٱسۡجُدۡۤ وَٱقۡتَرِب۩
কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।