ترجمة سورة القارعة

الترجمة الأسامية
ترجمة معاني سورة القارعة باللغة الأسامية من كتاب الترجمة الأسامية .
من تأليف: الشيخ رفيق الإسلام حبيب الرحمن .

ভীতিপ্ৰদ মহা বিপদ।
ভীতিপ্ৰদ মহা বিপদ কি?
ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?
সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।
আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে।
এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব,
তেওঁ থাকিব সন্তোষজনক জীৱনত;
আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব,
তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।
আৰু তুমি কি জানা সেইটোনো কি?
ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।
Icon