ترجمة معاني سورة يونس باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الإنجليزية - صحيح انترناشونال
المنتدى الإسلامي
الترجمة الإنجليزية
الترجمة الفرنسية - المنتدى الإسلامي
نبيل رضوان
الترجمة الإسبانية
محمد عيسى غارسيا
الترجمة الإسبانية - المنتدى الإسلامي
الترجمة الإسبانية (أمريكا اللاتينية) - المنتدى الإسلامي
المنتدى الإسلامي
الترجمة البرتغالية
حلمي نصر
الترجمة الألمانية - بوبنهايم
عبد الله الصامت
الترجمة الألمانية - أبو رضا
أبو رضا محمد بن أحمد بن رسول
الترجمة الإيطالية
عثمان الشريف
الترجمة التركية - مركز رواد الترجمة
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة التركية - شعبان بريتش
شعبان بريتش
الترجمة التركية - مجمع الملك فهد
مجموعة من العلماء
الترجمة الإندونيسية - شركة سابق
شركة سابق
الترجمة الإندونيسية - المجمع
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الإندونيسية - وزارة الشؤون الإسلامية
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الفلبينية (تجالوج)
مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الفارسية - دار الإسلام
فريق عمل اللغة الفارسية بموقع دار الإسلام
الترجمة الفارسية - حسين تاجي
حسين تاجي كله داري
الترجمة الأردية
محمد إبراهيم جوناكري
الترجمة البنغالية
أبو بكر محمد زكريا
الترجمة الكردية
حمد صالح باموكي
الترجمة البشتوية
زكريا عبد السلام
الترجمة البوسنية - كوركت
بسيم كوركورت
الترجمة البوسنية - ميهانوفيتش
محمد مهانوفيتش
الترجمة الألبانية
حسن ناهي
الترجمة الأوكرانية
ميخائيلو يعقوبوفيتش
الترجمة الصينية
محمد مكين الصيني
الترجمة الأويغورية
محمد صالح
الترجمة اليابانية
روايتشي ميتا
الترجمة الكورية
حامد تشوي
الترجمة الفيتنامية
حسن عبد الكريم
الترجمة الكازاخية - مجمع الملك فهد
خليفة الطاي
الترجمة الكازاخية - جمعية خليفة ألطاي
جمعية خليفة الطاي الخيرية
الترجمة الأوزبكية - علاء الدين منصور
علاء الدين منصور
الترجمة الأوزبكية - محمد صادق
محمد صادق محمد
الترجمة الأذرية
علي خان موساييف
الترجمة الطاجيكية - عارفي
فريق متخصص مكلف من مركز رواد الترجمة بالشراكة مع موقع دار الإسلام
الترجمة الطاجيكية
خوجه ميروف خوجه مير
الترجمة الهندية
مولانا عزيز الحق العمري
الترجمة المليبارية
عبد الحميد حيدر المدني
الترجمة الغوجراتية
رابيلا العُمري
الترجمة الماراتية
محمد شفيع أنصاري
الترجمة التلجوية
مولانا عبد الرحيم بن محمد
الترجمة التاميلية
عبد الحميد الباقوي
الترجمة السنهالية
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الخميرية
جمعية تطوير المجتمع الاسلامي الكمبودي
الترجمة النيبالية
جمعية أهل الحديث المركزية
الترجمة التايلاندية
مجموعة من جمعية خريجي الجامعات والمعاهد بتايلاند
الترجمة الصومالية
محمد أحمد عبدي
الترجمة الهوساوية
الترجمة الأمهرية
محمد صادق
الترجمة اليورباوية
أبو رحيمة ميكائيل أيكوييني
الترجمة الأورومية
الترجمة التركية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفرنسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإندونيسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفيتنامية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة البوسنية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإيطالية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفلبينية (تجالوج) للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفارسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
Dr. Ghali - English translation
Muhsin Khan - English translation
Pickthall - English translation
Yusuf Ali - English translation
Azerbaijani - Azerbaijani translation
Sadiq and Sani - Amharic translation
Farsi - Persian translation
Finnish - Finnish translation
Muhammad Hamidullah - French translation
Korean - Korean translation
Maranao - Maranao translation
Abdul Hameed and Kunhi Mohammed - Malayalam translation
Salomo Keyzer - Flemish (Dutch) translation
Norwegian - Norwegian translation
Samir El - Portuguese translation
Polish - Polish translation
Romanian - Romanian translation
Elmir Kuliev - Russian translation
Albanian - Albanian translation
Tatar - Tatar translation
Japanese - Japanese translation
محمد جوناگڑھی - Urdu translation
Ma Jian - Chinese translation
Turkish - Turkish translation
King Fahad Quran Complex - Thai translation
Ali Muhsin Al - Swahili translation
Abdullah Muhammad Basmeih - Malay translation
Hamza Roberto Piccardo - Italian translation
Indonesian - Indonesian translation
Bubenheim & Elyas - German / Deutsch translation
Bosnian - Bosnian translation
Hasan Efendi Nahi - Albanian translation
Sherif Ahmeti - Albanian translation
Sahih International - English translation
Czech - Czech translation
Abul Ala Maududi(With tafsir) - English translation
Tajik - Tajik translation
Alikhan Musayev - Azerbaijani translation
Muhammad Saleh - Uighur; Uyghur translation
Abdul Haleem - English translation
Mufti Taqi Usmani - English translation
Muhammad Karakunnu and Vanidas Elayavoor - Malayalam translation
Sheikh Isa Garcia - Spanish; Castilian translation
Divehi - Divehi; Dhivehi; Maldivian translation
Abubakar Mahmoud Gumi - Hausa translation
Mahmud Muhammad Abduh - Somali translation
Knut Bernström - Swedish translation
Jan Trust Foundation - Tamil translation
Mykhaylo Yakubovych - Ukrainian translation
Uzbek - Uzbek translation
Diyanet Isleri - Turkish translation
Ministry of Awqaf, Egypt - Russian translation
Abu Adel - Russian translation
Burhan Muhammad - Kurdish translation
Dr. Mustafa Khattab, The Clear Quran - English translation
Dr. Mustafa Khattab - English translation
الترجمة الإنجليزية - مركز رواد الترجمة
الترجمة الفرنسية - محمد حميد الله
الترجمة البوسنية - مركز رواد الترجمة
الترجمة الصربية - مركز رواد الترجمة - جار العمل عليها
الترجمة الألبانية - مركز رواد الترجمة - جار العمل عليها
الترجمة اليابانية - سعيد ساتو
الترجمة التاميلية - عمر شريف
الترجمة السواحلية - عبد الله محمد وناصر خميس
الترجمة اللوغندية - المؤسسة الإفريقية للتنمية
الترجمة الإنكو بامبارا - ديان محمد
الترجمة العبرية
الترجمة الإنجليزية للمختصر في تفسير القرآن الكريم
الترجمة الروسية للمختصر في تفسير القرآن الكريم
الترجمة البنغالية للمختصر في تفسير القرآن الكريم
الترجمة الصينية للمختصر في تفسير القرآن الكريم
الترجمة اليابانية للمختصر في تفسير القرآن الكريم
ترجمة معاني القرآن الكريم - عادل صلاحي
عادل صلاحي
ﰡ
آية رقم 1
ﭑﭒﭓﭔﭕﭖ
ﭗ
আলিফ লাম-ৰা। এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত।
آية رقم 2
মানুহৰ বাবে এইটো বিস্ময়ৰ বিষয় নেকি যে, আমি সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছো যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।
آية رقم 3
নিশ্চয় তোমালোকৰ ৰব সেইজন আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ ছুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। তেৱেঁই আল্লাহ, তোমালোকৰ ৰব; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
آية رقم 4
তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদানৰ বাবে। আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী অৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফৰী কৰিছিল।
آية رقم 5
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
آية رقم 6
নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।
آية رقم 7
নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱন লৈয়ে সন্তুষ্ট হৈছে আৰু সেইটো লৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,
آية رقم 8
ﭡﭢﭣﭤﭥﭦ
ﭧ
সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ঠিকনা হ’ব অগ্নি।
آية رقم 9
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব তেওঁলোকে ঈমান অনাৰ কাৰণে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতৰ ফালে তেওঁলোকৰ তলত প্ৰবাহিত হ'ব নদীসমূহ।
آية رقم 10
তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ অভিবাদন হ’ব, ‘ছালাম’ আৰু তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
آية رقم 11
আৰু আল্লাহে যদি মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে অৱশ্যে সিহঁতৰ মৃত্যুৰ সময় আহি গ’লেহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।
آية رقم 12
আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈ আমাক আহ্বান কৰে। তাৰ পিছত আমি যেতিয়া তাৰ দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰী সকলৰ কৃতকৰ্ম সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।
آية رقم 13
আৰু অৱশ্যে আমি তোমালোকৰ আগত বহু প্ৰজন্মক ধ্বংস কৰিছো যেতিয়া সিহঁতে যুলুম কৰিছিল; আৰু সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, কিন্তু সিহঁতে ঈমান আনিবলৈ প্ৰস্তুত নাছিল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকো।
آية رقم 14
তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছো, তোমালোকে কেনেকুৱা আমল কৰা সেইটো দেখাৰ বাবে।
آية رقم 15
আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰা মোৰ কাম নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰো। নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো’।
آية رقم 16
কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোহেঁতেন আৰু তেৱোঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ দীৰ্ঘকাল অৱস্থান কৰিছো, তথাপিও তোমালোকে বুজি নোপোৱানে’?
آية رقم 17
এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।
آية رقم 18
আৰু সিহঁতে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰে যিয়ে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে উপকাৰো কৰিব নোৱাৰে; আৰু সিহঁতে কয়, ‘এইবোৰ আল্লাহৰ ওচৰত আমাৰ ছুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশসমূহ আৰু পৃথিৱীৰ এনে কোনো সংবাদ দিয়া নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যাক অংশী স্থাপন কৰে তাৰ পৰা তেওঁ বহু ঊৰ্দ্ধত।
آية رقم 19
আৰু মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে সিহঁতে যি বিষয়ত মতভেদ কৰে তাৰ মীমাংসা হৈয়ে গ’লেহেঁতেন।
آية رقم 20
আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। এতেকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছো’।
آية رقم 21
আৰু দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়া আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু বেছি দ্ৰুত’। তোমালোকে যি অপকৌশল কৰা নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেয়া লিখি ৰাখে।
آية رقم 22
তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰি অনুকূল বতাহত আনন্দ উল্লাসেৰে ভ্ৰমণ কৰা আৰু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে আৰু সিহঁতে (আৰোহণকাৰীসকলে) নিশ্চিত ধাৰণা কৰে যে, সিহঁত পৰিবেষ্টিত হৈছে, তেতিয়া সিহঁতে সৰল চিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
آية رقم 23
তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই হয়; পাৰ্থিৱ জীৱনৰ সূখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
آية رقم 24
পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰো, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওঁক বা ৰাতিয়ে আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইটো এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱা কালিও ইয়াৰ কোনো অস্তিত্ব নাছিল। এইদৰে আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো এনে এটা সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা কৰে।
آية رقم 25
আৰু আল্লাহে শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা সৰল পথত পৰিচালিত কৰে।
آية رقم 26
যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু বেছি। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰস্থায়ী হ’ব।
آية رقم 27
আৰু যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই আৰু হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাই; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
آية رقم 28
আৰু যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰি মুশ্বৰিকসকলক সুধিম, ‘তোমালোকে আৰু তোমালোকে যিসকলক অংশী কৰিছিলা সিহঁত (আটায়ে) নিজ নিজ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম আৰু সিহঁতে যিবোৰক অংশী কৰিছিল সিহঁতে ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।
آية رقم 29
‘এতেকে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, তোমালোকে যদিও আমাৰ ইবাদত কৰিছিলা কিন্তু এই বিষয়ে আমি অজ্ঞাত আছিলো’।
آية رقم 30
তাত সিহঁত প্ৰত্যেকেই নিজৰ পূৰ্ব কৃতকৰ্ম পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ উভতাই নিয়া হ’ব আৰু সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা আঁতৰি যাব।
آية رقم 31
কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
آية رقم 32
এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত ৰব। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?
آية رقم 33
যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।
آية رقم 34
কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটায়’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনে আৰু পিছত সেইটোৰ পুনৰাবৃত্তি ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে উভতাই নিয়া হৈছে।
آية رقم 35
কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনে কোনোবা আছে নেকি যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা বিচাৰ কৰা?
آية رقم 36
আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।
آية رقم 37
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
آية رقم 38
সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ নিজেই এইটো ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।
آية رقم 39
বৰং সিহঁতে যি বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই সেইবোৰ সিহঁতে অস্বীকাৰ কৰিছে, আৰু যাৰ প্ৰকৃত পৰিণতি এতিয়াও সিহঁতৰ ওচৰত আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।
آية رقم 40
আৰু সিহঁতৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে, আৰু তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।
آية رقم 41
আৰু সিহঁতে যদি তোমাৰ প্ৰতি মিছা আৰোপ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কৰো সেই বিষয়ে তোমালোক দায়মুক্ত আৰু তোমালোকে যি কৰা সেই বিষয়ে মই দায়মুক্ত।
آية رقم 42
আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰ বিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?
آية رقم 43
আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। কিন্তু সিহঁতে নেদেখিলে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে?
آية رقم 44
নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।
آية رقم 45
আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ মুহুৰ্ত্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতৰ বিষয়ে মিছা আৰোপ কৰিছে আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।
آية رقم 46
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, তথাপিও সিহঁত আমাৰ ওচৰতেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।
آية رقم 47
আৰু প্ৰত্যেক উম্মতৰ বাবেই আছে একোজনকৈ ৰাছুল। এতেকে যেতিয়া সিহঁতৰ ওচৰত ৰাছুল আহে তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হয় আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহয়।
آية رقم 48
আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
آية رقم 49
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই এটা নিৰ্দিষ্ট সময় আছে; যেতিয়া সিহঁতৰ সময় আহিব তেতিয়া সিহঁতে মুহুৰ্ত্তকালো পিছুৱাব বা আগুৱাব নোৱাৰিব’।
آية رقم 50
কোৱা, ‘তোমালোকে কি ভৱা কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিতে বা দিনতেই আহি পৰে, তেন্তে অপাৰধীসকলে তাৰ কোনটো অংশ অতিসোনকালে পাব বিচাৰে’?
آية رقم 51
তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? এতিয়া?! অথচ তোমালোকে ইয়াৰ আগমনৰ বাবেই খৰখেদা কৰিছিলা।
آية رقم 52
তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।
آية رقم 53
আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এইটো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো অৱশ্যে সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।
آية رقم 54
পৃথিৱীত যি আছে সেয়া যদি প্ৰত্যেক যুলুমকাৰী ব্যক্তিৰ হৈ যায়, তেন্তে সি মুক্তিৰ বিনিময়ত সেইবোৰ দি দিব আৰু অনুতাপ গোপন কৰিব যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
آية رقم 55
জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
آية رقم 56
ﭻﭼﭽﭾﭿ
ﮀ
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব।
آية رقم 57
হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আহিছে আৰু ই অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক আৰু মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।
آية رقم 58
কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহত আৰু তেওঁৰ কৃপাত; এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈয়ো এইটো উত্তম।
آية رقم 59
কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?
آية رقم 60
আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, কিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।
آية رقم 61
আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকো, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈয়ো ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটো সুস্পষ্ট কিতাবত নাই।
آية رقم 62
জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
آية رقم 63
ﭜﭝﭞﭟ
ﭠ
যিসকলে ঈমান আনিছে আৰু তেওঁলোকে তাক্বৱা অৱলম্বন কৰিছিল।
آية رقم 64
তেওঁলোকৰ বাবেই আছে সুসংবাদ পৃথিৱীৰ জীৱনত আৰু আখিৰাতত, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই মহাসফলতা।
آية رقم 65
আৰু সিহঁতৰ কথাই তোমাক যাতে চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ সন্মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
آية رقم 66
জানি থোৱা! নিশ্চয় যিসকলে আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই। যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰ অনুসৰণ কৰে আৰু সিহঁত কেৱল মিছা কথাহে কয়।
آية رقم 67
তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহু নিদৰ্শন।
آية رقم 68
সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণ নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা?
آية رقم 69
কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰিব সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।
آية رقم 70
পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফৰী কৰিছিল।
آية رقم 71
আৰু সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰা তোমালোকৰ ওচৰত যদি অসহ্য হয় তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰো। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।
آية رقم 72
‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছো’।
آية رقم 73
অৱশেষত সিহঁতে তেওঁৰ প্ৰতি মিছা আৰোপ কৰিলে; ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল তেওঁলোকক নাজাত দিলো আৰু তেওঁলোকক স্থলাভিষিক্ত কৰিলো; আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিলো। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল?
آية رقم 74
নূহৰ পিছত আমি বহুতো ৰাছুল সিহঁতৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো; এতেকে তেওঁলোকে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদিসহ আহিছিল। কিন্তু সিহঁতে আগতেই যিটো অস্বীকাৰ কৰিছিল তাত ঈমান আনিবলৈ সিহঁত প্ৰস্তুত নাছিল। এইদৰেই আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।
آية رقم 75
তাৰ পিছত আমি মুছা আৰু হাৰুনক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছো। কিন্তু সিহঁতে অহংকাৰ কৰিলে কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।
آية رقم 76
এতেকে যেতিয়া সিহঁতৰ ওচৰত আমাৰ তৰফৰ পৰা সত্য আহিল তেতিয়া সিহঁতে ক’লে, ‘এয়া নিশ্চয় স্পষ্ট যাদু’।
آية رقم 77
মুছাই ক’লে, ‘সত্য যিহেতু তোমালোকৰ ওচৰত আহিল এতিয়া তোমালোকে এইদৰে (যাদু বুলি) কৈ আছা? এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়’।
آية رقم 78
সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ পুৰুষসকলক য’ত পাইছো তুমি তাৰ পৰা আমাক বিচ্যুত কৰাৰ বাবে আমাৰ ওচৰলৈ আহিছা নেকি আৰু যাতে পৃথিৱীত তোমালোক দুজনৰ প্ৰতিপত্তি হয় তাৰ বাবে আহিছা নেকি? আমি তোমালোক উভয়কে বিশ্বাস নকৰো’।
آية رقم 79
ﭑﭒﭓﭔﭕﭖ
ﭗ
আৰু ফিৰআউনে ক’লে, ‘তোমালোকে মোৰ ওচৰত সকলো সুদক্ষ যাদুকৰক লৈ আহা’।
آية رقم 80
এতেকে যেতিয়া যাদুকৰসকল আহিল তেতিয়া মুছাই ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা’।
آية رقم 81
ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে সেয়া অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’।
آية رقم 82
আৰু অপৰাধীসকলে অপ্ৰীতিকৰ বুলি অনুভৱ কৰিলেও আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব।
آية رقم 83
কিন্তু ফিৰআউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ঈমান আনা নাছিল। কাৰণ ফিৰআউন আছিল পৃথিৱীত শক্তিশালী আৰু সি নিশ্চয় সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।
آية رقم 84
আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।
آية رقم 85
তেতিয়া সিহঁতে ক’লে, ‘আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰিলো। হে আমাৰ ৰব! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা’।
آية رقم 86
ﮮﮯﮰﮱﯓ
ﯔ
‘আৰু আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।
آية رقم 87
আমি মুছা আৰু তেওঁৰ ভাতৃৰ ওচৰত অহী প্ৰেৰণ কৰিলো যে, ‘মিচৰত তোমাৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ তৈয়াৰ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া’।
آية رقم 88
মুছাই ক’লে, ‘হে আমাৰ ৰব! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ ৰব! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা ভ্ৰষ্ট কৰে। হে আমাৰ ৰব! সিহঁতৰ সম্পদ বিনষ্ট কৰা, আৰু সিহঁতৰ হৃদয় কঠিন কৰি দিয়া, ফলত সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰা লৈকে ঈমান পোষণ নকৰিব’।
آية رقم 89
তেওঁ ক’লে, ‘তোমালোক দুয়োৰে দুআ কবুল কৰা হ’ল। এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা’।
آية رقم 90
আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালো। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু সীমালংঘন কৰি তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলো যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাইলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।
آية رقم 91
এতিয়া! অথচ ইয়াৰ পূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰী সকলৰ অন্তৰ্ভুক্ত আছিলা।
آية رقم 92
‘এতেকে আজি আমি তোমাৰ শৰীৰটো ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।
آية رقم 93
আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বসবাস কৰি দিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলো, তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত কিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।
آية رقم 94
এতেকে আমি যি অৱতীৰ্ণ কৰিছো সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তোমাৰ পূৰ্বৰ কিতাব যিসকলে পাঠ কৰে সিহঁতক সুধি লোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰত সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
آية رقم 95
আৰু যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তুমি কেতিয়াও সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা- অন্যথা তুমিও ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
آية رقم 96
নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে, সিহঁতে ঈমান পোষণ নকৰিব।
آية رقم 97
যদিও সিহঁতৰ ওচৰত সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখা লৈকে (ঈমান পোষণ নকৰিব)।
آية رقم 98
এতেকে কোনো এটা জনপদবাসী কিয় এনেকুৱা নহ’ল যিসকলে ঈমান আনিলে হয় আৰু সিহঁতৰ ঈমান সিহঁতৰ উপকাৰত আহিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, সিহঁতে যেতিয়া ঈমান আনিলে তেতিয়া আমি সিহঁতৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিলো আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।
آية رقم 99
আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীত যিসকল আছে সিহঁত সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰাবা নেকি?
آية رقم 100
আৰু আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতকেই কলুষলিপ্ত কৰে।
آية رقم 101
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা; আৰু যিসকলে ঈমান পোষণ নকৰে, নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন এনেকুৱা সম্প্ৰদায়ৰ কোনো কামত নাহে’।
آية رقم 102
তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰে নেকি? কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো’।
آية رقم 103
তাৰ পিছত আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছো। এইদৰে মুমিনসকলক উদ্ধাৰ কৰা আমাৰ দায়িত্ব।
آية رقم 104
কোৱা, ‘হে মানৱ! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰো। বৰং মই ইবাদত কৰো আল্লাহৰ যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে আৰু মই আদিষ্ট হৈছো যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।
آية رقم 105
আৰু (এই নিৰ্দেশ) যে, তুমি একনিষ্ঠভাৱে নিজকে দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
آية رقم 106
আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে; আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
آية رقم 107
আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটো দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহ প্ৰতিহত কৰিবলৈয়ো কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়লু।
آية رقم 108
কোৱা, ‘হে মানৱ! অৱশ্যে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সত্য আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ’ব; আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয়’।
آية رقم 109
আৰু তোমাৰ প্ৰতি যি অহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰেই অনুসৰণ কৰা আৰু আল্লাহে ফয়চালা নকৰা লৈকে তুমি ধৈৰ্য ধাৰণ কৰা, আৰু তেৱেঁই সৰ্বোত্তম ফয়চালা প্ৰদানকাৰী।
تقدم القراءة