ترجمة معاني سورة الأنبياء باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الإنجليزية - صحيح انترناشونال
المنتدى الإسلامي
الترجمة الإنجليزية
الترجمة الفرنسية - المنتدى الإسلامي
نبيل رضوان
الترجمة الإسبانية
محمد عيسى غارسيا
الترجمة الإسبانية - المنتدى الإسلامي
الترجمة الإسبانية (أمريكا اللاتينية) - المنتدى الإسلامي
المنتدى الإسلامي
الترجمة البرتغالية
حلمي نصر
الترجمة الألمانية - بوبنهايم
عبد الله الصامت
الترجمة الألمانية - أبو رضا
أبو رضا محمد بن أحمد بن رسول
الترجمة الإيطالية
عثمان الشريف
الترجمة التركية - مركز رواد الترجمة
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة التركية - شعبان بريتش
شعبان بريتش
الترجمة التركية - مجمع الملك فهد
مجموعة من العلماء
الترجمة الإندونيسية - شركة سابق
شركة سابق
الترجمة الإندونيسية - المجمع
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الإندونيسية - وزارة الشؤون الإسلامية
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الفلبينية (تجالوج)
مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الفارسية - دار الإسلام
فريق عمل اللغة الفارسية بموقع دار الإسلام
الترجمة الفارسية - حسين تاجي
حسين تاجي كله داري
الترجمة الأردية
محمد إبراهيم جوناكري
الترجمة البنغالية
أبو بكر محمد زكريا
الترجمة الكردية
حمد صالح باموكي
الترجمة البشتوية
زكريا عبد السلام
الترجمة البوسنية - كوركت
بسيم كوركورت
الترجمة البوسنية - ميهانوفيتش
محمد مهانوفيتش
الترجمة الألبانية
حسن ناهي
الترجمة الأوكرانية
ميخائيلو يعقوبوفيتش
الترجمة الصينية
محمد مكين الصيني
الترجمة الأويغورية
محمد صالح
الترجمة اليابانية
روايتشي ميتا
الترجمة الكورية
حامد تشوي
الترجمة الفيتنامية
حسن عبد الكريم
الترجمة الكازاخية - مجمع الملك فهد
خليفة الطاي
الترجمة الكازاخية - جمعية خليفة ألطاي
جمعية خليفة الطاي الخيرية
الترجمة الأوزبكية - علاء الدين منصور
علاء الدين منصور
الترجمة الأوزبكية - محمد صادق
محمد صادق محمد
الترجمة الأذرية
علي خان موساييف
الترجمة الطاجيكية - عارفي
فريق متخصص مكلف من مركز رواد الترجمة بالشراكة مع موقع دار الإسلام
الترجمة الطاجيكية
خوجه ميروف خوجه مير
الترجمة الهندية
مولانا عزيز الحق العمري
الترجمة المليبارية
عبد الحميد حيدر المدني
الترجمة الغوجراتية
رابيلا العُمري
الترجمة الماراتية
محمد شفيع أنصاري
الترجمة التلجوية
مولانا عبد الرحيم بن محمد
الترجمة التاميلية
عبد الحميد الباقوي
الترجمة السنهالية
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الخميرية
جمعية تطوير المجتمع الاسلامي الكمبودي
الترجمة النيبالية
جمعية أهل الحديث المركزية
الترجمة التايلاندية
مجموعة من جمعية خريجي الجامعات والمعاهد بتايلاند
الترجمة الصومالية
محمد أحمد عبدي
الترجمة الهوساوية
الترجمة الأمهرية
محمد صادق
الترجمة اليورباوية
أبو رحيمة ميكائيل أيكوييني
الترجمة الأورومية
الترجمة التركية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفرنسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإندونيسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفيتنامية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة البوسنية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإيطالية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفلبينية (تجالوج) للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفارسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
Dr. Ghali - English translation
Muhsin Khan - English translation
Pickthall - English translation
Yusuf Ali - English translation
Azerbaijani - Azerbaijani translation
Sadiq and Sani - Amharic translation
Farsi - Persian translation
Finnish - Finnish translation
Muhammad Hamidullah - French translation
Korean - Korean translation
Maranao - Maranao translation
Abdul Hameed and Kunhi Mohammed - Malayalam translation
Salomo Keyzer - Flemish (Dutch) translation
Norwegian - Norwegian translation
Samir El - Portuguese translation
Polish - Polish translation
Romanian - Romanian translation
Elmir Kuliev - Russian translation
Albanian - Albanian translation
Tatar - Tatar translation
Japanese - Japanese translation
محمد جوناگڑھی - Urdu translation
Ma Jian - Chinese translation
Turkish - Turkish translation
King Fahad Quran Complex - Thai translation
Ali Muhsin Al - Swahili translation
Abdullah Muhammad Basmeih - Malay translation
Hamza Roberto Piccardo - Italian translation
Indonesian - Indonesian translation
Bubenheim & Elyas - German / Deutsch translation
Bosnian - Bosnian translation
Hasan Efendi Nahi - Albanian translation
Sherif Ahmeti - Albanian translation
Sahih International - English translation
Czech - Czech translation
Abul Ala Maududi(With tafsir) - English translation
Tajik - Tajik translation
Alikhan Musayev - Azerbaijani translation
Muhammad Saleh - Uighur; Uyghur translation
Abdul Haleem - English translation
Mufti Taqi Usmani - English translation
Muhammad Karakunnu and Vanidas Elayavoor - Malayalam translation
Sheikh Isa Garcia - Spanish; Castilian translation
Divehi - Divehi; Dhivehi; Maldivian translation
Abubakar Mahmoud Gumi - Hausa translation
Mahmud Muhammad Abduh - Somali translation
Knut Bernström - Swedish translation
Jan Trust Foundation - Tamil translation
Mykhaylo Yakubovych - Ukrainian translation
Uzbek - Uzbek translation
Diyanet Isleri - Turkish translation
Ministry of Awqaf, Egypt - Russian translation
Abu Adel - Russian translation
Burhan Muhammad - Kurdish translation
Dr. Mustafa Khattab, The Clear Quran - English translation
Dr. Mustafa Khattab - English translation
الترجمة الإنجليزية - مركز رواد الترجمة
الترجمة الفرنسية - محمد حميد الله
الترجمة البوسنية - مركز رواد الترجمة
الترجمة الصربية - مركز رواد الترجمة - جار العمل عليها
الترجمة الألبانية - مركز رواد الترجمة - جار العمل عليها
الترجمة اليابانية - سعيد ساتو
الترجمة الفيتنامية - مركز رواد الترجمة
الترجمة التاميلية - عمر شريف
الترجمة السواحلية - عبد الله محمد وناصر خميس
الترجمة اللوغندية - المؤسسة الإفريقية للتنمية
الترجمة الإنكو بامبارا - ديان محمد
الترجمة العبرية
الترجمة الإنجليزية للمختصر في تفسير القرآن الكريم
الترجمة الروسية للمختصر في تفسير القرآن الكريم
الترجمة البنغالية للمختصر في تفسير القرآن الكريم
الترجمة الصينية للمختصر في تفسير القرآن الكريم
الترجمة اليابانية للمختصر في تفسير القرآن الكريم
ترجمة معاني القرآن الكريم - عادل صلاحي
عادل صلاحي

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
মানুহৰ হিচাপ-নিকাচৰ সময় সমিপবৰ্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।
যেতিয়াই সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে তেতিয়া সিহঁতে সেয়া কৌতুকচ্ছলত শুনে,
সিহঁতৰ অন্তৰ থাকে অমনোযোগী। আৰু যিসকল যালিম সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখুন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?
তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
বৰং সিহঁতে কয়, ‘এইবোৰ অলীক কল্পনা, হয়তোবা সি এইবোৰ নিজেই ৰচনা কৰিছে নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰত এটা নিদৰ্শন লৈ আহক যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।
ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছো সেইবোৰ ঠাইৰ অধিবাসীসকল ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?
আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো; এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক সুধি লোৱা।
আৰু আমি তেওঁলোকক এনে কোনো দেহবিশিষ্ট কৰা নাছিলো যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, আৰু তেওঁলোক চিৰঞ্জীৱীও নাছিল।
آية رقم 9
তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালো, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলো আৰু সীমালঙ্ঘনকাৰী বিলাকক ধ্বংস কৰিছিলো।
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?
আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছো আন এটা জাতি!
آية رقم 12
এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।
(সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ আৰু তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।
آية رقم 14
সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলো’।
آية رقم 15
এতেকে সিহঁতৰ এই আৰ্তনাদ চলিয়ে আছিল যেতিয়ালৈকে আমি সিহঁতক দাই নিয়া শস্য আৰু নুমাই যোৱা জুইৰ দৰে কৰা নাছিলো।
آية رقم 16
আকাশ-পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেয়া আমি খেল-ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই।
খেল-ধেমালিৰ বস্তু সৃষ্টি কৰাই যদি আমাৰ অভিপ্ৰায় হ’লেহেঁতেন, তেন্তে আমি সেয়া আমাৰ পৰাই কৰিলোহেঁতেন; কিন্তু আমি সেয়া কৰা নাই।
বৰং আমি সত্যৰ দ্বাৰা অসত্যক আঘাত কৰো, ফলত ই অসত্যক চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে আৰু তৎক্ষণাত অসত্য নিচিহ্ন হৈ যায়, আৰু তোমালোকে আল্লাহক যি গুণেৰে আখ্যায়িত কৰিছা সেয়ে তোমালোকৰ বাবে আছে দুৰ্ভোগ!
আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই; আৰু তেওঁৰ সান্নিধ্যত যিসকল আছে তেওঁলোকে অহংকাৰ কৰি তেওঁৰ ইবাদতৰ পৰা বিমুখ নহয় আৰু বিৰক্তি বোধো নকৰে।
آية رقم 20
তেওঁলোকে দিনে-ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁলোকে ক্লান্তও নহয়।
آية رقم 21
সিহঁতে (কাফিৰসকলে) পৃথিৱীৰ পৰা যিবোৰক উপাস্য হিচাপে গ্ৰহণ কৰিছে সেইবোৰে কোনো মৃতক জীৱিত কৰিবলৈ সক্ষম নে?
যদি এই দুয়োৰ (আকাশ আৰু পৃথিৱীৰ) মাজত আল্লাহৰ বাহিৰে বহু ইলাহ থাকিলেহেঁতেন, তেন্তে উভয়েই বিশৃংখল হৈ গ’লেহেঁতেন। এতেকে সিহঁতে যি বৰ্ণনা কৰে তাৰ পৰা আৰছৰ অধিপতি আল্লাহ অতি পৱিত্ৰ।
آية رقم 23
তেওঁ যি কৰে সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব; বৰং সিহঁতকেই প্ৰশ্ন কৰা হ’ব।
সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘তোমালোকৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোৱে তাৰ উপদেশ আৰু এইটোৱে উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁত মুখ ঘূৰাই লয়।
আৰু তোমাৰ পূৰ্বে আমি যি ৰাছুলকেই প্ৰেৰণ কৰিছো তেওঁৰ ওচৰত এইটোৱেই অহী কৰিছো যে, ‘মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সেয়ে তোমালোকে কেৱল মোৰেই ইবাদত কৰা’।
আৰু সিহঁতে কয়, ‘ৰহমানে (আল্লাহে) সন্তান গ্ৰহণ কৰিছে’। তেওঁ পৱিত্ৰ মহান! বৰং তেওঁলোক তেওঁৰ সন্মানিত বান্দা।
آية رقم 27
তেওঁলোকে তেওঁৰ আগধৰি নামাতে; তেওঁলোকে কেৱল তেওঁৰ আদেশ অনুসাৰেই কাম কৰে।
তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে। আৰু তেওঁলোকে ছুপাৰিছ কৰে কেৱল সিহঁতৰ বাবেই যিসকলৰ প্ৰতি তেওঁ সন্তুষ্ট আৰু তেওঁলোকে তেওঁৰ ভয়ত ভীত সন্ত্ৰস্ত।
আৰু তেওঁলোকৰ মাজত যিয়ে ক’ব, ‘আল্লাহৰ বাহিৰে ময়েই ইলাহ’, তাক আমি জাহান্নামৰ শাস্তিৰ প্ৰতিদান দিম; এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।
যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিলো; আৰু প্ৰাণবান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলো; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে?
আৰু পৃথিৱীত আমি সৃষ্টি কৰিছো সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছো প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।
আৰু আমি আকাশক কৰিছো সুৰক্ষিত চাদ; কিন্তু সিহঁতে আকাশত অৱস্থিত নিদৰ্শনাৱলীৰ পৰা মুখ ঘুৰাই লয়।
আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।
আৰু আমি তোমাৰ পূৰ্বেও কোনো মানুহক চিৰজীৱী কৰা নাছিলো, গতিকে যদি তুমি মৃত্যুবৰণ কৰা তেন্তে সিহঁতে চিৰজীৱী হৈ থাকিব নেকি?
প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ কৰিব; আমি তোমালোকক ভাল আৰু বেয়াৰ দ্বাৰা বিশেষভাৱে পৰীক্ষা কৰি থাকো, আৰু আমাৰ ওচৰতেই তোমালোকৰ উভতি আহিব লাগিব।
আৰু যিসকলে কুফৰী কৰে সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে কেৱল তোমাক উপহাসৰ পাত্ৰ হিচাপেহে গ্ৰহণ কৰে। সিহঁতে কয়, ‘এওঁৱেই সেইজন নেকি, যিয়ে তোমালোকৰ উপাস্যবোৰক লৈ সমালোচনা কৰে’?, অথচ সিহঁতেই ৰহমানৰ আলোচনাৰ বিৰোধিতা কৰে।
মানুহক সৃষ্টিয়ে কৰা হৈছে খৰধৰ প্ৰৱণতাৰে, অতিশীঘ্ৰে মই সিহঁতক মোৰ নিদৰ্শনাৱলী দেখুৱাম; সেয়ে তোমালোকে খৰখেদা নকৰিবা।
آية رقم 38
আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
যদি কাফিৰসকলে সেই সময়ৰ কথা জানিলেহেঁতেন, যেতিয়া সিহঁতে সিহঁতৰ মুখমণ্ডল আৰু পিঠিৰ পৰা জুই প্ৰতিৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক সহায়ও কৰা নহ’ব (তেন্তে সিহঁতে সেই শাস্তিক খৰখেদাকৈ নিবিচাৰিলেহেঁতেন)।
বৰং সেয়া সিহঁতৰ ওপৰত আকস্মিকভাৱে আহিব আৰু সিহঁতক হতভম্ব কৰি দিব। ফলত সিহঁতে সেয়া ৰোধ কৰিব নোৱাৰিব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।
তোমাৰ পূৰ্বেও বহু ৰাছুলৰ লগত ঠাট্ৰা-বিদ্ৰূপ কৰা হৈছিল, পৰিণামত সিহঁতে যি বিষয়ে ঠাট্ৰা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰি লৈছিল।
কোৱা, ‘ৰাতিতে হওঁক বা দিনতে হওঁক ৰহমানৰ পৰা কোনে তোমালোকক ৰক্ষা কৰিব’? তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ স্মৰণৰ পৰা মুখ ঘূৰাই লয়।
তেন্তে সিহঁতৰ এনেকুৱাও কিছুমান ইলাহ আছে নেকি যিবোৰে আমাৰ পৰা সিহঁতক ৰক্ষা কৰিব পাৰে? ইহঁতে দেখুন নিজকেই সহায় কৰিব নোৱাৰে আৰু আমাৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈয়ো সিহঁতে কোনো আশ্ৰয়দানকাৰী নাপাব।
বৰং আমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ দান কৰিছিলো, লগতে সিহঁতৰ আয়ু কালও আছিল দীঘলীয়া। সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীখনক চাৰিওফালৰ পৰা সংকুচিত কৰি আনি আছো। তথাপিও সিহঁতেই বিজয়ী হ’বনে?
কোৱা, ‘মই কেৱল অহীৰ দ্বাৰাহে তোমালোকক সতৰ্ক কৰো’; কিন্তু যিসকল বধিৰ সিহঁতক যেতিয়া সতৰ্ক কৰা হয় তেতিয়া সিহঁতে সেই আহ্বান নুশুনে।
আৰু তোমাৰ প্ৰতিপালকৰ শাস্তিৰ অকণমানো যদি সিহঁতক স্পৰ্শ কৰে তেন্তে অৱশ্যে সিহঁতে কৈ উঠিব, ‘হায়! দুৰ্ভাগ্য আমাৰ, নিশ্চয় আমি যালিম আছিলো!
আৰু কিয়ামতৰ দিনা আমি ন্যায়বিচাৰৰ তুলাচনী স্থাপন কৰিম, সেয়ে কাৰো প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব আৰু আমল যদি শস্য দানা পৰিমাণ ওজনৰো হয় তথাপিও আমি সেয়া উপস্থিত কৰিম; আৰু হিচাপ গ্ৰহণকাৰীৰূপে আমিয়েই যথেষ্ট।
آية رقم 48
অৱশ্যে আমি মুছা আৰু হাৰূনক দান কৰিছিলো ফুৰক্বান, যিটো মুত্তাক্বীসকলৰ বাবে জ্যোতি আৰু উপদেশ--
آية رقم 49
যিসকলে নেদেখাকৈয়ে তেওঁলোকৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকে কিয়ামত সম্পৰ্কে ভীত-সন্ত্ৰস্ত।
آية رقم 50
আৰু এইটো হৈছে বৰকতময় উপদেশ, যিটো আমি অৱতীৰ্ণ কৰিছো। তথাপিও তোমালোকে ইয়াক অস্বীকাৰ কৰিবানে?
আৰু আমি ইয়াৰ আগত ইব্ৰাহীমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলো আৰু আমি তেওঁৰ বিষয়ে আছিলো সম্যক পৰিজ্ঞাত।
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক ক’লে, ‘এই মূৰ্তিবোৰ কি, যিবোৰৰ পূজাত তোমালোক আসক্ত হৈছা!’
آية رقم 53
সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ-পুৰুষসকলক এইবোৰৰ ইবাদত কৰোতে দেখিছো’।
آية رقم 54
তেওঁ ক’লে, ‘অৱশ্যে তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলেও স্পষ্ট বিভ্ৰান্তিত আছা’।
آية رقم 55
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত সত্য লৈ আহিছা নেকি, নে তুমি আমাৰ লগত ধেমালি কৰিছা?
তেওঁ ক’লে, ‘বৰং তোমালোকৰ ৰব সেইজনেই যিজন আকাশসমূহ আৰু পৃথিৱীৰ ৰব, যিয়ে এইবোৰ সৃষ্টি কৰিছে, আৰু এই বিষয়ে মই অন্যতম সাক্ষী’।
آية رقم 57
‘আৰু আল্লাহৰ শপত! তোমালোকে গুচি যোৱাৰ পিছত মই তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে অৱশ্যে কৌশল অৱলম্বন কৰিম’।
آية رقم 58
তাৰ পিছত তেওঁ মূৰ্তিসমূহ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়।
آية رقم 59
সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? সি নিশ্চয় অন্যতম যালিম’।
آية رقم 60
কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোতে শুনিছো; যাক ইব্ৰাহীম বুলি কোৱা হয়’।
آية رقم 61
সিহঁতে ক’লে, ‘তেনেহ’লে তাক জন সন্মুখত উপস্থিত কৰা, যাতে সিহঁতে সাক্ষ্য হয়’।
آية رقم 62
সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! তুমিয়ে আমাৰ উপাস্যবোৰৰ সৈতে এই কাম কৰিছা নেকি’?
তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি ইহঁত কথা ক’ব পাৰে’।
آية رقم 64
তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক’লে, ‘নিশ্চয় তোমালোকেই আচল অন্যায়কাৰী’।
তাৰ পিছত সিহঁতৰ শিৰ নত হ’ল আৰু ক’লে, ‘তুমি দেখুন জানাই যে, ইহঁতে কথা কব নোৱাৰে’।
তেওঁ ক’লে, ‘তেনেহ’লে তোমালোকে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰা নেকি যিটোৱে তোমালোকৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে?
‘ধিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি! তথাপিও তোমালোকে নুবুজানে’?
آية رقم 68
সিহঁতে ক’লে, ‘যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জুইত পুৰি মাৰি পেলোৱা আৰু তোমালোকৰ উপাস্যবোৰৰ সহায় কৰা’।
آية رقم 69
আমি ক’লো, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।
آية رقم 70
আৰু সিহঁতে তেওঁৰ ক্ষতি সাধন কৰাৰ ইচ্ছা কৰিছিল। কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলো।
آية رقم 71
আৰু আমি তেওঁক আৰু লূতক উদ্ধাৰ কৰি লৈ গ’লো সেই দেশত, য’ত সৃষ্টি জগতৰ বাবে আমি কল্যাণ ৰাখিছো।
আৰু আমি তেওঁক (ইব্ৰাহীমক) দান কৰিছিলো ইছহাক্ব লগতে অতিৰিক্ত পুৰষ্কাৰস্বৰূপে দান কৰিছিলো ইয়াকূবক; আৰু প্ৰত্যেককে কৰিছিলো সৎকৰ্মপৰায়ণ।
আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলো, তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল; আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ, ছালাত কায়েম কৰিবলৈ আৰু যাকাত প্ৰদান কৰিবলৈ অহী প্ৰেৰণ কৰিছিলো; আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল।
আৰু লূতক আমি দান কৰিছিলো প্ৰজ্ঞা আৰু জ্ঞান, আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলো এনে এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত; নিশ্চয় সিহঁত আছিল এটা বেয়া ফাছিক্ব সম্প্ৰদায়।
آية رقم 75
আৰু তেওঁক আমি আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলো; তেওঁ আছিল সৎকৰ্মপৰায়ণ সকলৰ অন্যতম।
আৰু স্মৰণ কৰা নূহৰ কথা; ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালবৰ্গকো মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো,
আৰু আমি তেওঁক সহায় কৰিছিলো সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল; নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়। এই কাৰণেই আমি সিহঁত আটাইকে ডুবাই মাৰিছিলো।
লগতে স্মৰণ কৰা দাউদ আৰু ছুলাইমানক, যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল; যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেৰা-ছাগলী প্ৰৱেশ কৰিছিল; আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিলো।
এতেকে আমি ছুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলো আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলো, লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলো, সেইবোৰে তেওঁৰ লগত পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল; আৰু আমিয়েই আছিলো এইবোৰৰ কৰ্তা।
আৰু আমি তেওঁক তোমালোকৰ বাবেই বৰ্ম নিৰ্মাণৰ শিক্ষা দিছিলো, যাতে ই যুদ্ধত তোমালোকক ৰক্ষা কৰে; গতিকে তোমালোকে কৃতজ্ঞ হ’বা নে?
আৰু প্ৰবল বায়ুক ছুলাইমানৰ বশীভূত কৰি দিছিলো; যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছো; আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়েই সম্যক জ্ঞানী।
আৰু চয়তানসকলৰ মাজৰ পৰাও (কিছুমানক তেওঁৰ বশীভূত কৰিছিলো), সিহঁতে তেওঁৰ বাবে ডুবাৰুৰ কাম কৰিছিল, ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল; আৰু আমিয়েই সিহঁতৰ ৰক্ষাকাৰী আছিলো।
আৰু স্মৰণ কৰা আইয়ূবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই দুখ-কষ্টত পতিত হৈছো, আৰু তুমি সৰ্বশ্ৰেষ্ঠ দয়ালু’।
ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিলো, তেওঁৰ দুখ-কষ্ট দূৰ কৰি দিলো, তেওঁক তেওঁৰ পৰিয়ালবৰ্গ ঘূৰাই দিলো আৰু প্ৰদান কৰিলো তেওঁলোকৰ লগতে তেওঁলোকৰ সমপৰিমাণ, আমাৰ ফালৰ পৰা বিশেষ ৰহমতস্বৰূপে আৰু ইবাদতকাৰী সকলৰ বাবে উপদেশস্বৰূপ।
آية رقم 85
আৰু স্মৰণ কৰা ইছমাঈল, ইদৰীছ আৰু জুল-কিফ্লক, তেওঁলোকৰ প্ৰত্যেকেই আছিল ধৈৰ্যশীল;
آية رقم 86
আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলো। নিশ্চয় তেওঁলোক আছিল সৎকৰ্মপৰায়ণ।
আৰু স্মৰণ কৰা জুন-নুনক, যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁক নধৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলো’।
ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছিলো, আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰো।
আৰু স্মৰণ কৰা যাকাৰিয়্যাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘হে মোৰ ৰব! মোক অকলশৰীয়াকৈ (নিঃসন্তান) নাৰাখিবা, তুমিয়েইতো শ্ৰেষ্ঠ উত্তৰাধিকাৰী’।
ফলত আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলো আৰু তেওঁক দান কৰিছিলো ইয়াহইয়া, আৰু তেওঁৰ বাবে তেওঁৰ স্ত্ৰীক (গৰ্ভধাৰণৰ) যোগ্য কৰিছিলো। তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।
আৰু স্মৰণ কৰা সেইজনী নাৰীক, যিয়ে নিজ লজ্জাস্থানৰ হিফাজত কৰিছিল, সেয়ে তাৰ মাজত আমি আমাৰ ৰূহ ফুৱাই দিলো। তেওঁক আৰু তেওঁৰ পুত্ৰক সৃষ্টিজগতৰ বাবে এটা নিদৰ্শন বনাই দিলো।
آية رقم 92
নিশ্চয় তোমালোকৰ এই জাতি প্ৰকৃততে এটাই জাতি আৰু ময়েই তোমালোকৰ ৰব, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।
آية رقم 93
কিন্তু সিহঁতে নিজৰ কাৰ্যকলাপৰ মাজত বিভেদ সৃষ্টি কৰিছে। প্ৰত্যেকেই আমাৰ ওচৰত প্ৰত্যাৱৰ্তনকাৰী।
এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে তাৰ প্ৰচেষ্টা কেতিয়াও অস্বীকাৰ কৰা নহ’ব আৰু নিশ্চয় আমি ইয়াৰ লিপিবদ্ধকাৰী।
آية رقم 95
আৰু আমি যি জনপদক ধ্বংস কৰিছো তাৰ বাবে নিষেধাজ্ঞা আছে যে, নিশ্চয় তাৰ অধিবাসীসকলে কেতিয়াও ঘূৰি নাহিব,
অৱশেষত যেতিয়া ইয়া’জুজ আৰু মা’জুজক মুক্তি দিয়া হ’ব আৰু সিহঁতে প্ৰতিটো উচ্চভূমিৰ পৰা দৌৰি আহিব।
আৰু অমোঘ প্ৰতিশ্ৰুত সময় নিকটৱৰ্তী হ’লে আকস্মিকভাৱে কাফিৰসকলৰ চকু স্থিৰ হৈ যাব, সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! অৱশ্যে আমি এই বিষয়ে উদাসীন আছিলো; বৰং আমি আছিলো যালিম’।
নিশ্চয় তোমালোকে আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন; তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা।
যদি সিহঁত ইলাহ হ’লেহেঁতেন তেন্তে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন; আৰু সিহঁত আটায়ে তাত স্থায়ী হ’ব,
آية رقم 100
তাত থাকিব সিহঁতৰ চিঞঁৰ-বাখৰ আৰু আৰ্তনাদ, সেই কাৰণে সিহঁতে তাত একোৱে শুনা নাপাব;
آية رقم 101
নিশ্চয় আমাৰ তৰফৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব।
তেওঁলোকে জাহান্নামৰ ক্ষিণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনঃপুত বস্তুৰ মাজত চিৰকাল থাকিব।
মহাভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি, ‘এইটোৱে তোমালোকৰ সেই দিন, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’।
সেইদিনা আমি আকাশসমূহক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমে সৃষ্টিৰ সূচনা কৰিছিলো সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই।
আৰু অৱশ্যে আমি ‘যিকৰ’ৰ পিছত যাবূৰত লিখি দিছো যে, ‘কেৱল মোৰ যোগ্য বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।
آية رقم 106
নিশ্চয় ইয়াত আছে ইবাদতকাৰী সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত বিষয়বস্তু।
آية رقم 107
আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছো।
কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ’বানে?’
তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তুমি কৈ দিয়া, ‘মই তোমালোকক যথাযথভাৱে জনাই দিছো আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী।
آية رقم 110
‘নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও জানে।
آية رقم 111
‘আৰু মই নাজানো হয়তো এইটো (বিলম্ব) তোমালোকৰ বাবে এটা পৰীক্ষা আৰু কিছুসময়ৰ বাবে জীৱনোপভোগৰ সুযোগ’।
ৰাছুলে কৈছিল, ‘হে মোৰ ৰব! তুমি ন্যায়সঙ্গতভাৱে ফয়চালা কৰি দিয়া’, আৰু আমাৰ ৰব হৈছে দয়াময়, তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল কেৱল তেৱেঁই’।
تقدم القراءة