ترجمة معاني سورة يوسف باللغة الأسامية من كتاب الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

الترجمة الإنجليزية - صحيح انترناشونال
المنتدى الإسلامي
الترجمة الإنجليزية
الترجمة الفرنسية - المنتدى الإسلامي
نبيل رضوان
الترجمة الإسبانية
محمد عيسى غارسيا
الترجمة الإسبانية - المنتدى الإسلامي
الترجمة الإسبانية (أمريكا اللاتينية) - المنتدى الإسلامي
المنتدى الإسلامي
الترجمة البرتغالية
حلمي نصر
الترجمة الألمانية - بوبنهايم
عبد الله الصامت
الترجمة الألمانية - أبو رضا
أبو رضا محمد بن أحمد بن رسول
الترجمة الإيطالية
عثمان الشريف
الترجمة التركية - مركز رواد الترجمة
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة التركية - شعبان بريتش
شعبان بريتش
الترجمة التركية - مجمع الملك فهد
مجموعة من العلماء
الترجمة الإندونيسية - شركة سابق
شركة سابق
الترجمة الإندونيسية - المجمع
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الإندونيسية - وزارة الشؤون الإسلامية
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الفلبينية (تجالوج)
مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الفارسية - دار الإسلام
فريق عمل اللغة الفارسية بموقع دار الإسلام
الترجمة الفارسية - حسين تاجي
حسين تاجي كله داري
الترجمة الأردية
محمد إبراهيم جوناكري
الترجمة البنغالية
أبو بكر محمد زكريا
الترجمة الكردية
حمد صالح باموكي
الترجمة البشتوية
زكريا عبد السلام
الترجمة البوسنية - كوركت
بسيم كوركورت
الترجمة البوسنية - ميهانوفيتش
محمد مهانوفيتش
الترجمة الألبانية
حسن ناهي
الترجمة الأوكرانية
ميخائيلو يعقوبوفيتش
الترجمة الصينية
محمد مكين الصيني
الترجمة الأويغورية
محمد صالح
الترجمة اليابانية
روايتشي ميتا
الترجمة الكورية
حامد تشوي
الترجمة الفيتنامية
حسن عبد الكريم
الترجمة الكازاخية - مجمع الملك فهد
خليفة الطاي
الترجمة الكازاخية - جمعية خليفة ألطاي
جمعية خليفة الطاي الخيرية
الترجمة الأوزبكية - علاء الدين منصور
علاء الدين منصور
الترجمة الأوزبكية - محمد صادق
محمد صادق محمد
الترجمة الأذرية
علي خان موساييف
الترجمة الطاجيكية - عارفي
فريق متخصص مكلف من مركز رواد الترجمة بالشراكة مع موقع دار الإسلام
الترجمة الطاجيكية
خوجه ميروف خوجه مير
الترجمة الهندية
مولانا عزيز الحق العمري
الترجمة المليبارية
عبد الحميد حيدر المدني
الترجمة الغوجراتية
رابيلا العُمري
الترجمة الماراتية
محمد شفيع أنصاري
الترجمة التلجوية
مولانا عبد الرحيم بن محمد
الترجمة التاميلية
عبد الحميد الباقوي
الترجمة السنهالية
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الخميرية
جمعية تطوير المجتمع الاسلامي الكمبودي
الترجمة النيبالية
جمعية أهل الحديث المركزية
الترجمة التايلاندية
مجموعة من جمعية خريجي الجامعات والمعاهد بتايلاند
الترجمة الصومالية
محمد أحمد عبدي
الترجمة الهوساوية
الترجمة الأمهرية
محمد صادق
الترجمة اليورباوية
أبو رحيمة ميكائيل أيكوييني
الترجمة الأورومية
الترجمة التركية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفرنسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإندونيسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفيتنامية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة البوسنية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإيطالية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفلبينية (تجالوج) للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفارسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
Dr. Ghali - English translation
Muhsin Khan - English translation
Pickthall - English translation
Yusuf Ali - English translation
Azerbaijani - Azerbaijani translation
Sadiq and Sani - Amharic translation
Farsi - Persian translation
Finnish - Finnish translation
Muhammad Hamidullah - French translation
Korean - Korean translation
Maranao - Maranao translation
Abdul Hameed and Kunhi Mohammed - Malayalam translation
Salomo Keyzer - Flemish (Dutch) translation
Norwegian - Norwegian translation
Samir El - Portuguese translation
Polish - Polish translation
Romanian - Romanian translation
Elmir Kuliev - Russian translation
Albanian - Albanian translation
Tatar - Tatar translation
Japanese - Japanese translation
محمد جوناگڑھی - Urdu translation
Ma Jian - Chinese translation
Turkish - Turkish translation
King Fahad Quran Complex - Thai translation
Ali Muhsin Al - Swahili translation
Abdullah Muhammad Basmeih - Malay translation
Hamza Roberto Piccardo - Italian translation
Indonesian - Indonesian translation
Bubenheim & Elyas - German / Deutsch translation
Bosnian - Bosnian translation
Hasan Efendi Nahi - Albanian translation
Sherif Ahmeti - Albanian translation
Sahih International - English translation
Czech - Czech translation
Abul Ala Maududi(With tafsir) - English translation
Tajik - Tajik translation
Alikhan Musayev - Azerbaijani translation
Muhammad Saleh - Uighur; Uyghur translation
Abdul Haleem - English translation
Mufti Taqi Usmani - English translation
Muhammad Karakunnu and Vanidas Elayavoor - Malayalam translation
Sheikh Isa Garcia - Spanish; Castilian translation
Divehi - Divehi; Dhivehi; Maldivian translation
Abubakar Mahmoud Gumi - Hausa translation
Mahmud Muhammad Abduh - Somali translation
Knut Bernström - Swedish translation
Jan Trust Foundation - Tamil translation
Mykhaylo Yakubovych - Ukrainian translation
Uzbek - Uzbek translation
Diyanet Isleri - Turkish translation
Ministry of Awqaf, Egypt - Russian translation
Abu Adel - Russian translation
Burhan Muhammad - Kurdish translation
Dr. Mustafa Khattab, The Clear Quran - English translation
Dr. Mustafa Khattab - English translation
الترجمة الإنجليزية - مركز رواد الترجمة
الترجمة الفرنسية - محمد حميد الله
الترجمة البوسنية - مركز رواد الترجمة
الترجمة الصربية - مركز رواد الترجمة - جار العمل عليها
الترجمة الألبانية - مركز رواد الترجمة - جار العمل عليها
الترجمة اليابانية - سعيد ساتو
الترجمة التاميلية - عمر شريف
الترجمة السواحلية - عبد الله محمد وناصر خميس
الترجمة اللوغندية - المؤسسة الإفريقية للتنمية
الترجمة الإنكو بامبارا - ديان محمد
الترجمة العبرية
الترجمة الإنجليزية للمختصر في تفسير القرآن الكريم
الترجمة الروسية للمختصر في تفسير القرآن الكريم
الترجمة البنغالية للمختصر في تفسير القرآن الكريم
الترجمة الصينية للمختصر في تفسير القرآن الكريم
الترجمة اليابانية للمختصر في تفسير القرآن الكريم
ترجمة معاني القرآن الكريم - عادل صلاحي
عادل صلاحي

الترجمة الأسامية

رفيق الإسلام حبيب الرحمن

آية رقم 1
আলিফ-লাম-ৰা। এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।
آية رقم 2
নিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছো যাতে তোমালোকে বুজিব পাৰা।
আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছো, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিত সকলৰ অন্তৰ্ভুক্ত।
স্মৰণ কৰা, যেতিয়া ইউছুফে তেওঁৰ পিতাক কৈছিল, ‘হে মোৰ পিতৃ! মই (সপোনত) এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছো, সেইবোৰক মোৰ প্ৰতি ছাজদাৱনত অৱস্থাত দেখিছো’।
তেওঁ ক’লে, ‘হে মোৰ পুত্ৰ! তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নকবা; অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু’।
আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ ৰব সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
آية رقم 7
অৱশ্যে ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে বহুতো নিদৰ্শন আছে।
স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘আমাৰ পিতৃৰ ওচৰত ইউছুফ আৰু তেওঁৰ ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি একোটা সংহত দল; নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে’।
‘তোমালোকে ইউছুফক হত্যা কৰা অথবা কোনো এটা ঠাইত তাক পেলাই থৈ আহা, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনেই নিবিষ্ট হ’ব আৰু তাৰ পিছত তোমালোক সৎ হৈ যাবা’।
সিহঁতৰ মাজৰ এজনে ক’লে, ‘তোমালোকে ইউছুফক হত্যা নকৰিবা আৰু যদি কিবা কৰিবই বিচৰা তেনেহ’লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়া, যাত্ৰীদলৰ কোনোবাই তাক তুলি লৈ যাব’।
সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আপোনাৰ কি হ’ল, ইউছুফৰ বিষয়ে আমাক আপুনি কিয় নিৰাপদ বুলি নাভাৱে? অথচ আমি তাৰ শুভাকাংক্ষী’।
آية رقم 12
‘আপুনি অহা কালি তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল-ধেমালি কৰি ঘূৰি ফুৰিব আৰু অৱশ্যে আমি তাৰ চোৱা-চিতা কৰিম’।
তেওঁ (পিতাকে) ক’লে, ‘তোমালোকে তাক লৈ গ’লে সঁচাকৈয়ে মই মনত বৰ দুখ পাম আৰু মই আশংকা কৰো যে, তোমালোকে তাৰ প্ৰতি অসাৱধান হ’লে কুকুৰ-নেচিয়াই তাক খাই পেলাব পাৰে’।
সিহঁতে ক’লে, ‘আমি এটা সংহত দল হোৱা সত্বেও যদি কুকুৰ-নেচিয়াই তাক খাই পেলায়, তেন্তে আমি অৱশ্যে ক্ষতিগ্ৰস্ত’।
তাৰ পিছত সিহঁতে যেতিয়া তাক লৈ গ’ল, আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ’ল, আৰু (তেতিয়া) আমি তাৰ (ইউছুফৰ) ওচৰত অহী প্ৰেৰণ কৰি জনাই দিলো যে, ‘অৱশ্যে তুমি সিহঁতক (ভৱিষ্যতত) সিহঁতৰ এই কৰ্ম সম্পৰ্কে জনাবা; অথচ সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰিব’।
آية رقم 16
আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰত আহিল।
সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলো আৰু ইউছুফক আমাৰ বস্তু-বাহিনীৰ ওচৰত ৰাখি থৈ গৈছিলো; ফলত কুকুৰ-নেচিয়া আহি তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব আমি যিমানেই সঁচা কথা নকওঁ কিয়’।
আৰু সিহঁতে চোলাটোত মিছা তেজ লগাই আনিছিল। তেওঁ ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্যহে মই গ্ৰহণ কৰিম। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে একমাত্ৰ আল্লাহেই মোৰ সাহায্যস্থল’।
আৰু সিপিনে এটা যাত্ৰীদল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহকক পানী আনিবলৈ পঠাই দিলে, সি তাৰ পানী তোলা পাত্ৰটো নাদত নমাই দিলে। সি আনন্দত কৈ উঠিল, ‘কি সুখবৰ! এয়া দেখোন শিশু’! আৰু সিহঁতে তাক পণ্যদ্ৰব্য বুলি লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
আৰু সিহঁতে তাক অতি নগণ্য মূল্যত, মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী।
আৰু মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল, সি তাৰ স্ত্ৰীক ক’লে, ‘ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱত ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰি’। এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলো; আৰু যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাই দিওঁ। কাৰণ আল্লাহ নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহেই নাজানে।
আৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ’ল তেতিয়া আমি তাক হিকমত আৰু জ্ঞান দান কৰিলো। এইদৰেই আমি ইহছানকাৰী সকলক পুৰষ্কৃত কৰো।
আৰু তেওঁ যিজনী মহিলাৰ ঘৰত আছিল, সেইজনীয়ে তেওঁক কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে, আৰু ক’লে, ‘আহা’। তেওঁ ক’লে, ‘মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো, নিশ্চয় তেওঁ মোৰ মনিব; তেৱেঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে। নিশ্চয় যালিমসকল কেতিয়াও সফল নহয়’।
আৰু সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেৱোঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলেহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলেহেঁতেন। এইদৰেই (সেয়া হৈছিল) যাতে আমি তেওঁৰ পৰা কুকৰ্ম আৰু অশ্লীলতা দূৰ কৰি দিওঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ বা বিশুদ্ধচিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।
আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ’ল, আৰু মহিলাজনীয়ে পিছফালৰ পৰা তেওঁৰ চোলা ফালি পেলালে, তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক’লে, ‘যিয়ে তোমাৰ স্ত্ৰীৰ লগত অসৎকৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰত প্ৰেৰণ বা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ’ব পাৰে’?
ইউছুফে ক’লে, ‘এওঁহে মোক কুপ্ৰৰোচনা দিছে’। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে, ‘যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু পুৰুষজন (ইউছুফ) মিছলীয়াসকলৰ অন্তৰ্ভুক্ত’।
আৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা থাকে তেন্তে মহিলাগৰাকী মিছলীয়া আৰু পুৰুষজন (ইউছুফ) সত্যবাদীসকলৰ অন্তৰ্ভুক্ত।
এতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় এইটো তোমালোক নাৰীসকলৰ ছলনা, নিশ্চয় তোমালোকৰ ছলনা অতি সাংঘাতিক’।
‘হে ইউছুফ! তুমি এইটো উপেক্ষা কৰা, আৰু হে নাৰী! তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত’।
আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে, ‘আজীজৰ স্ত্ৰীয়ে তাইৰ কৃতদাস যুৱকৰ পৰা অসৎকৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমাৰ দৃষ্টিত তাই স্পষ্ট ভ্ৰষ্টতাত নিপতিত’।
এতেকে যেতিয়া মহিলাজনীয়ে সিহঁতৰ ষড়যন্ত্ৰৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁত সকলোকে একোটাকৈ ছুৰিকটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখত ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁত তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ এজন মহিমান্বিত ফিৰিস্তা’।
মহিলাগৰাকীয়ে ক’লে, ‘এওঁৱেই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলো কিন্তু তেওঁ নিজকে পৱিত্ৰ ৰাখিছে; আৰু মই তেওঁক যি আদেশ কৰিছো সেয়া যদি তেওঁ পালন নকৰে, তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ’ব আৰু অৱশ্যে তেওঁ অপদস্তসকলৰ অন্তৰ্ভুক্ত হ’ব’।
ইউছুফে ক’লে, ‘হে মোৰ ৰব! এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশাল মোৰ ওচৰত বেছি প্ৰিয়। তুমি যদি মোক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
ফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছত সিহঁতে ভাৱিলে যে, তেওঁক অৱশ্যে কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিব লাগিব।
তেওঁৰ লগতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলো যে, মই মদৰ বাবে আঙুৰ নিঃসাৰণ কৰি আছো’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলো যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছো আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছো আপুনি মুহছিনসকলৰ অন্তৰ্ভুক্ত’।
ইউছুফে ক’লে, ‘তোমালোকক যি খাদ্য দিয়া হয় সেয়া অহাৰ আগতেই মই তোমালোকক সপোনৰ তাৎপৰ্য জনাই দিম। মই তোমালোকক যিটো জনাম সেয়া মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্ম মতক বৰ্জন কৰিছো যিসকলে আল্লাহৰ ওপৰত ঈমান পোষণ নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে’।
‘মই মোৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ মিল্লাত অনুসৰণ কৰো। আল্লাহৰ লগত আনক অংশীদাৰ কৰা আমাৰ বাবে সংগত নহয়। এইটো আমাৰ আৰু সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ; কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে’।
‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! ভিন ভিন অসংখ্য ৰব ভাল, নে মহাপ্ৰতাপশালী এজন আল্লাহেই ভাল’?
‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।
‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! তোমালোক দুজনৰ এজনে তাৰ মনিবক সুৰা পান কৰাব আৰু আনজন শূলবিদ্ধ হ’ব; আৰু চৰাইয়ে তাৰ মূৰ খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে’।
আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইউছুফে ধাৰণা কৰিলে, তাক তেওঁ ক’লে, ‘তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা’। কিন্তু চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফক আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ’ল।
আৰু ৰজাই (এদিনাখন) ক’লে, ‘মই সপোনত দেখিলো, সাতজনী হৃষ্ট-পুষ্ট গাই, সিহঁতক আন সাতজনী ক্ষীণ গায়ে ভক্ষন কৰিছে আৰু দেখিলো সাতোটা সজীৱ শীহ লগতে আন সাতোটা শুকান শীহ। হে পৰিষদবৰ্গ! যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া’।
সিহঁতে ক’লে, ‘এইটো অৰ্থহীন অলীক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়’।
আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজত যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ’ল, সি ক’লে, ‘মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাম। সেয়ে মোক পঠাই দিয়ক’।
সি আহি ক’লে, ‘হে ইউছুফ! হে সত্যবাদী! সাতজনী হৃষ্ট-পুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে সাতজনী দুৰ্বল গায়ে আৰু সাতোটা সজীৱ শীহ আৰু আন সাতোটা শুকান শীহ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰত উভতি যাব পাৰো আৰু মানুহে জানিব পাৰে’।
তেওঁ ক’লে, ‘তোমালোকে একেৰাহে সাত বছৰ খেতিবাতি কৰিবা, তাৰ পিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শীহসহ থৈ দিব’;
‘ইয়াৰ পিছত আহিব সাতোটা কঠিন বছৰ, এই সাত বছৰত, আগতে যি সঞ্চয় কৰি ৰাখিবা, মানুহে সেয়া খাব; কেৱল সামান্য পৰিমাণ যিটো তোমালোকে সংৰক্ষণ কৰিবা, তাৰ বাহিৰে’।
‘তাৰ পিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ’ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব’।
আৰু ৰজাই ক’লে, ‘তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা’। তাৰ পিছত যেতিয়া (ৰজাৰ) দূত তেওঁৰ ওচৰত উপস্থিত হ’ল তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ মনিবৰ ওচৰত উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি! নিশ্চয় মোৰ ৰব সিহঁতৰ ছলনা সম্পৰ্কে সম্যক অৱগত’।
ৰজাই নাৰীসকলক ক’লে, ‘যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা, তেতিয়া তোমালোকৰ কি হৈছিল’? সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! আমি তেওঁৰ মাজত কোনো দোষ পোৱা নাছিলো’। আজীজৰ স্ত্ৰীয়ে ক’লে, ‘এতিয়াহে সত্য প্ৰকাশ পালে, মইহে তেওঁক প্ৰৰোচনা দিছিলো, আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত’।
‘এইটো এই বাবে যে, যাতে তেওঁ জানিব পাৰে, তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলো আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতক সকলৰ ষড়যন্ত্ৰ সফল নকৰে’।
‘আৰু মই নিজকে নিৰ্দোষ বুলি কব বিচৰা নাই, কিয়নো, নিশ্চয় মানুহৰ নফচে বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে স্বাভাৱিক, কিন্তু তাৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে। নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল, পৰম দয়ালু’।
ৰজাই ক’লে, ‘ইউছুফক মোৰ ওচৰলৈ লৈ আহা; মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি লম’। তাৰ পিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক’লে, ‘নিশ্চয় আজি আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত’।
তেওঁ ক’লে, ‘মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক। নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ’।
আৰু এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলো; সেই দেশত তেওঁৰ য’তে ইচ্ছা ততেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা তাকেই আমাৰ ৰহমত প্ৰদান কৰো; আৰু আমি মুহছিনসকলৰ পুৰষ্কাৰ বিনষ্ট নকৰো।
آية رقم 57
আৰু যিসকলে ঈমান আনিছে আৰু তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰষ্কাৰেই উত্তম।
ইউছুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে। ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে।
আৰু তেওঁ যেতিয়া সিহঁতক সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃ পক্ষৰ বৈমাত্ৰেয় ভায়েকক লৈ আহিবা। তোমালোকে দেখা নাইনে, মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰো আৰু মই কিমান ভাল অথিতিপৰায়ণ’।
‘আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য সামগ্ৰী নাই আনকি তোমালোক মোৰ ওচৰলৈকে নাহিবা’।
آية رقم 61
সিহঁতে ক’লে, ‘তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰোৱাৰ চেষ্টা কৰিম আৰু আমি এইটো নিশ্চয় কৰিম’।
আৰু ইউছুফে তেওঁৰ কৰ্মচাৰীসকলক ক’লে, ‘সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্যসামগ্ৰীৰ ভিতৰতে থৈ দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰত উভতি যোৱাৰ পিছত সেয়া চিনি পায়। ফলত যাতে সিহঁতে আকৌ উভতি আহে’।
এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃ ওচৰত উভতি আহিল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ বাবে পৰিমাপকৃত খাদ্য সামগ্ৰী নিষিদ্ধ কৰা হৈছে। গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক যাতে আমি পৰিমাপকৃত খাদ্য সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম’।
তেওঁ ক’লে, ‘মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈ নিৰাপদ বুলি ভাৱিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাৱিছিলো ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ আৰু তেৱেঁই সৰ্বশ্ৰেষ্ঠ দয়ালু’।
আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্যসামগ্ৰীৰ টোপোলা খুলিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে, সিহঁতৰ পণ্যমূল্য সিহঁতক উভতাই দিয়া হৈছে। সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি আৰু কি প্ৰত্যাশা কৰিব পাৰো? চাওঁক এয়া আমি দিয়া পণ্যমূল্য, আমাক আকৌ উভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য-সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম লগতে আমি অতিৰিক্ত আৰু এটা উটৰ (পিঠিত) পণ্য আনিম; এই পৰিমাণৰ শস্য লৈ অহা অতি সহজ’।
পিতাকে ক’লে, ‘মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অঙ্গীকাৰ নকৰিবা যে, তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা, অৱশ্যে যদি তোমালোকক আটক কৰা হয় (তেন্তে সেয়া ভিন্ন কথা)’। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আমি যি বিষয়ে কথা পাতি আছো, আল্লাহেই ইয়াৰ বিধায়ক’।
আৰু তেওঁ ক’লে, ‘হে মোৰ পুত্ৰসকল! তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰো। আদেশ কেৱল মাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো, আল্লাহৰ ওপৰতেই নিৰ্ভৰকাৰী সকলৰ নিৰ্ভৰ কৰা উচিত’।
আৰু যেতিয়া সিহঁতে সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে, তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সেয়া সিহঁতৰ কোনো কামত অহা নাছিল; ইয়াকূবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানবান আছিল। কিন্তু বেছি ভাগ মানুহেই নাজানে।
আৰু সিহঁতে যেতিয়া ইউছুফৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া ইউছুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক’লে, ‘নিশ্চয় ময়েই তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে দুখ নকৰিবা’।
তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ নিজ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পানপাত্ৰ ৰাখি দিলে। তাৰ পিছত এজন আহ্বায়কে চিঞঁৰি ক’লে, ‘হে যাত্ৰীদল! নিশ্চয় তোমালোক চোৰ’।
آية رقم 71
সিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, ‘আপোনালোকৰ কি হেৰাইছে’?
তেওঁলোকে ক’লে, ‘আমি ৰজাৰ পানপাত্ৰ হেৰাইছো। যিয়ে সেইটো আনি দিব, সি এটা উটৰ (পিঠিত) বোজাই পৰিমাণ খাদ্য-সামগ্ৰী উপহাৰ পাব; আৰু মই ইয়াৰ জামিন’।
সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপোনালোকে জানেই দেখোন যে, আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়’।
آية رقم 74
তেওঁলোকে ক’লে, ‘যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হব?
সিহঁতে ক’লে, ‘ইয়াৰ শাস্তি হ’ব, যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব, সিয়েই তাৰ বিনিময়’। এইদৰেই আমি যালিমসকলক শাস্তি প্ৰদান কৰো।
এতেকে তেওঁ নিজ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত বিচাৰিবলৈ ধৰিলে, পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। এনেকৈ আমি ইউছুফৰ বাবে কৌশল কৰিছিলো। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰা সংগত নাছিল। আমি যাক ইচ্ছা মৰ্যাদাত উচ্চ কৰি দিওঁ। কাৰণ প্ৰত্যেক জ্ঞানবান ব্যক্তিৰ ওপৰত আছে সৰ্বজ্ঞানী।
সিহঁতে ক’লে, ‘সি যদি চুৰি কৰিছে তেন্তে (এয়া কোনো আচৰিত কথা নহয়) ইয়াৰ সহোদৰেও ইয়াৰ আগত চুৰি কৰিছিল’। কিন্তু ইউছুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ (মনে মনে) ক’লে, ‘তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহেই অধিক অৱগত’।
সিহঁতে ক’লে, ‘হে আজীজ! ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ; গতিকে ইয়াৰ ঠাইত আমাৰ মাজৰ কোনো এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি’।
তেওঁ ক’লে, ‘যাৰ ওচৰত আমি আমাৰ বস্তু পাইছো, তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো। এনে কৰিলে নিশ্চয় আমি যালিমত পৰিণত হম’।
এতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ’ল, তেতিয়া সিহঁত পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজৰ ডাঙৰ জনে ক’লে, ‘তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অঙ্গীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা। গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়চালা নকৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী’।
তোমালোকে তোমালোকৰ পিতৃৰ ওচৰত ঘূৰি যোৱা আৰু কোৱাগৈ, ‘হে আমাৰ পিতৃ! আপোনাৰ পুত্ৰই চুৰি কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলো, আৰু আমি অদৃশ্যৰ সংৰক্ষণকাৰী নহয়’।
‘(যদি বিশ্বাস নহয়) তেন্তে যি জনপদত আমি আছিলো সেই ঠাইৰ অধিবাসীসকলক সোধক আৰু যি যাত্ৰীদলৰ লগত আমি আহিছো তেওঁলোককো সোধক। নিশ্চয় আমি সঁচা কথা কৈ আছো’।
তেওঁ (ইয়াকূবে) ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্যহে মই গ্ৰহণ কৰিম; সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।
আৰু তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক’লে, ‘হায় আফচোচ! ইউছুফৰ বাবে’। শোকত (কান্দি কান্দি) তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল কিন্তু তেওঁ আছিল সম্বৰণকাৰী।
সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি ইউছুফৰ কথা সদায় স্মৰণ কৰি থাকিব যেতিয়া লৈকে আপুনি মুমূৰ্ষ অৱস্থাত উপনীত নহয় অথবা আপোনাৰ মৃত্যুবৰণ নহয়’।
তেওঁ ক’লে, ‘মই মোৰ অসহনীয় বেদনা, মোৰ দুখ কেৱল আল্লাহৰ ওচৰতেই নিবেদন কৰো আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা’।
‘হে মোৰ পুত্ৰসকল! তোমালোকে যোৱা, ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰা আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোক নিৰাশ নহ’বা। কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়’।
এতেকে যেতিয়া সিহঁত ইউছুফৰ ওচৰত উপস্থিত হ’ল তেতিয়া সিহঁতে ক’লে, ‘হে আজীজ! আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছো আৰু আমি তুচ্ছ পুঁজি লৈ আহিছো; গতিকে আপুনি আমাক খাদ্য-সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক; নিশ্চয় আল্লাহে অনুগ্ৰহকাৰী সকলক পুৰষ্কৃত কৰে’।
ইউছুফে ক’লে, ‘তোমালোকে জানানে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা, যেতিয়া তোমালোক আছিলা অজ্ঞ’?
সিহঁতে ক’লে, ‘তেন্তে তুমিয়েই ইউছুফ নেকি’? তেওঁ ক’লে, ‘হয়, ময়েই ইউছুফ আৰু এওঁ মোৰ ভাইটি; নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তি তাক্বৱা অৱলম্বন কৰে আৰু ধৈৰ্য ধাৰণ কৰে, তেন্তে অৱশ্যে আল্লাহে সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰে’।
সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু আমি আছিলো অপৰাধী’।
তেওঁ ক’লে, ‘আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই। আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেৱেঁই শ্ৰেষ্ঠ দয়ালু’।
‘তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা; তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ’।
আৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল সেই সময়তে (ইয়াত) তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক বৃদ্ধ-অপ্ৰকৃতিস্থ বুলি নভবা তেন্তে মই কওঁ যে, ‘মই ইউছুফৰ ঘ্ৰাণ পাই আছো’।
آية رقم 95
সিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে’।
তাৰ পিছত যেতিয়া সুসংবাদবাহক উপস্থিত হ’ল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পালে। তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা’?
آية رقم 97
সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক; নিশ্চয় আমি অপৰাধী’।
তেওঁ ক’লে, ‘অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু’।
তাৰ পিছত তেওঁলোক যেতিয়া ইউছুফৰ ওচৰত উপস্থিত হ’ল, তেতিয়া তেওঁ পিতৃ-মাতৃক নিজৰ কাষত স্থান দিলে, আৰু ক’লে, ‘আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিচৰত অৱস্থান কৰক’।
আৰু ইউছুফে তেওঁৰ পিতৃ-মাতৃক উচ্চ আসনত বহুৱালে আৰু তেওঁলোক সকলোৱে তেওঁৰ সন্মানত ছাজদাৱনত হ’ল। তেতিয়া তেওঁ ক’লে, ‘হে মোৰ পিতৃ! এইটোৱেই মোৰ সপোনৰ ব্যাখ্যা; মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেৱেঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে। নিশ্চয় তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।
‘হে মোৰ প্ৰতিপালক! তুমিয়েই মোক ৰাজত্ব দান কৰিছা আৰু সপোনৰ ব্যাখ্যা শিক্ষা দিছা। হে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা! তুমিয়েই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মুত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা’।
এইবোৰ গায়েবৰ সংবাদ যিবোৰ আমি অহীৰ দ্বাৰা তোমাক জনাই আছো, যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ কৰিছিল, তেতিয়া তুমি সিহঁতৰ লগত নাছিলা।
آية رقم 103
আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহেই ঈমান পোষণ নকৰিব।
অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই (কোৰআন) কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।
আকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে; সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন।
آية رقم 106
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।
কিন্তু সিহঁত আল্লাহৰ সৰ্বগ্ৰাসী শাস্তিৰ পৰা নাইবা সিহঁতৰ অজানিতে কিয়ামতৰ আকস্মিক উপস্থিতিৰ পৰা নিৰাপদ হৈ গৈছে নেকি?
কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।
আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰিছিলো, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলো। ইহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? আৰু অৱশ্যে যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে বুজি নোপোৱা নে?
অৱশেষত যেতিয়া ৰাছুলসকল (তেওঁলোকৰ সম্প্ৰদায়ৰ ঈমানৰ পৰা) নিৰাশ হ’ল আৰু মানুহে ধাৰণা কৰিলে যে, ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰত আমাৰ সাহায্য আহি পালে। এইদৰে আমি যাক ইচ্ছা কৰো সি নাজাত পায়। কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি প্ৰতিৰোধ কৰা নহয়।
সিহঁতৰ বৃত্তান্তত অৱশ্যে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। এইটো কোনো মনে সজা ৰচনা নহয়। বৰং এইটো আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ, লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হিদায়ত আৰু ৰহমত।
تقدم القراءة