ترجمة معاني سورة هود باللغة الأسامية من كتاب الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الإنجليزية - صحيح انترناشونال
المنتدى الإسلامي
الترجمة الإنجليزية
الترجمة الفرنسية - المنتدى الإسلامي
نبيل رضوان
الترجمة الإسبانية
محمد عيسى غارسيا
الترجمة الإسبانية - المنتدى الإسلامي
الترجمة الإسبانية (أمريكا اللاتينية) - المنتدى الإسلامي
المنتدى الإسلامي
الترجمة البرتغالية
حلمي نصر
الترجمة الألمانية - بوبنهايم
عبد الله الصامت
الترجمة الألمانية - أبو رضا
أبو رضا محمد بن أحمد بن رسول
الترجمة الإيطالية
عثمان الشريف
الترجمة التركية - مركز رواد الترجمة
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة التركية - شعبان بريتش
شعبان بريتش
الترجمة التركية - مجمع الملك فهد
مجموعة من العلماء
الترجمة الإندونيسية - شركة سابق
شركة سابق
الترجمة الإندونيسية - المجمع
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الإندونيسية - وزارة الشؤون الإسلامية
وزارة الشؤون الإسلامية الأندونيسية
الترجمة الفلبينية (تجالوج)
مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الفارسية - دار الإسلام
فريق عمل اللغة الفارسية بموقع دار الإسلام
الترجمة الفارسية - حسين تاجي
حسين تاجي كله داري
الترجمة الأردية
محمد إبراهيم جوناكري
الترجمة البنغالية
أبو بكر محمد زكريا
الترجمة الكردية
حمد صالح باموكي
الترجمة البشتوية
زكريا عبد السلام
الترجمة البوسنية - كوركت
بسيم كوركورت
الترجمة البوسنية - ميهانوفيتش
محمد مهانوفيتش
الترجمة الألبانية
حسن ناهي
الترجمة الأوكرانية
ميخائيلو يعقوبوفيتش
الترجمة الصينية
محمد مكين الصيني
الترجمة الأويغورية
محمد صالح
الترجمة اليابانية
روايتشي ميتا
الترجمة الكورية
حامد تشوي
الترجمة الفيتنامية
حسن عبد الكريم
الترجمة الكازاخية - مجمع الملك فهد
خليفة الطاي
الترجمة الكازاخية - جمعية خليفة ألطاي
جمعية خليفة الطاي الخيرية
الترجمة الأوزبكية - علاء الدين منصور
علاء الدين منصور
الترجمة الأوزبكية - محمد صادق
محمد صادق محمد
الترجمة الأذرية
علي خان موساييف
الترجمة الطاجيكية - عارفي
فريق متخصص مكلف من مركز رواد الترجمة بالشراكة مع موقع دار الإسلام
الترجمة الطاجيكية
خوجه ميروف خوجه مير
الترجمة الهندية
مولانا عزيز الحق العمري
الترجمة المليبارية
عبد الحميد حيدر المدني
الترجمة الغوجراتية
رابيلا العُمري
الترجمة الماراتية
محمد شفيع أنصاري
الترجمة التلجوية
مولانا عبد الرحيم بن محمد
الترجمة التاميلية
عبد الحميد الباقوي
الترجمة السنهالية
فريق مركز رواد الترجمة بالتعاون مع موقع دار الإسلام
الترجمة الأسامية
رفيق الإسلام حبيب الرحمن
الترجمة الخميرية
جمعية تطوير المجتمع الاسلامي الكمبودي
الترجمة النيبالية
جمعية أهل الحديث المركزية
الترجمة التايلاندية
مجموعة من جمعية خريجي الجامعات والمعاهد بتايلاند
الترجمة الصومالية
محمد أحمد عبدي
الترجمة الهوساوية
الترجمة الأمهرية
محمد صادق
الترجمة اليورباوية
أبو رحيمة ميكائيل أيكوييني
الترجمة الأورومية
الترجمة التركية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفرنسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإندونيسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفيتنامية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة البوسنية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الإيطالية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفلبينية (تجالوج) للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
الترجمة الفارسية للمختصر في تفسير القرآن الكريم
مركز تفسير للدراسات القرآنية
Dr. Ghali - English translation
Muhsin Khan - English translation
Pickthall - English translation
Yusuf Ali - English translation
Azerbaijani - Azerbaijani translation
Sadiq and Sani - Amharic translation
Farsi - Persian translation
Finnish - Finnish translation
Muhammad Hamidullah - French translation
Korean - Korean translation
Maranao - Maranao translation
Abdul Hameed and Kunhi Mohammed - Malayalam translation
Salomo Keyzer - Flemish (Dutch) translation
Norwegian - Norwegian translation
Samir El - Portuguese translation
Polish - Polish translation
Romanian - Romanian translation
Elmir Kuliev - Russian translation
Albanian - Albanian translation
Tatar - Tatar translation
Japanese - Japanese translation
محمد جوناگڑھی - Urdu translation
Ma Jian - Chinese translation
Turkish - Turkish translation
King Fahad Quran Complex - Thai translation
Ali Muhsin Al - Swahili translation
Abdullah Muhammad Basmeih - Malay translation
Hamza Roberto Piccardo - Italian translation
Indonesian - Indonesian translation
Bubenheim & Elyas - German / Deutsch translation
Bosnian - Bosnian translation
Hasan Efendi Nahi - Albanian translation
Sherif Ahmeti - Albanian translation
Sahih International - English translation
Czech - Czech translation
Abul Ala Maududi(With tafsir) - English translation
Tajik - Tajik translation
Alikhan Musayev - Azerbaijani translation
Muhammad Saleh - Uighur; Uyghur translation
Abdul Haleem - English translation
Mufti Taqi Usmani - English translation
Muhammad Karakunnu and Vanidas Elayavoor - Malayalam translation
Sheikh Isa Garcia - Spanish; Castilian translation
Divehi - Divehi; Dhivehi; Maldivian translation
Abubakar Mahmoud Gumi - Hausa translation
Mahmud Muhammad Abduh - Somali translation
Knut Bernström - Swedish translation
Jan Trust Foundation - Tamil translation
Mykhaylo Yakubovych - Ukrainian translation
Uzbek - Uzbek translation
Diyanet Isleri - Turkish translation
Ministry of Awqaf, Egypt - Russian translation
Abu Adel - Russian translation
Burhan Muhammad - Kurdish translation
Dr. Mustafa Khattab, The Clear Quran - English translation
Dr. Mustafa Khattab - English translation
الترجمة الإنجليزية - مركز رواد الترجمة
الترجمة الفرنسية - محمد حميد الله
الترجمة البوسنية - مركز رواد الترجمة
الترجمة الصربية - مركز رواد الترجمة - جار العمل عليها
الترجمة الألبانية - مركز رواد الترجمة - جار العمل عليها
الترجمة اليابانية - سعيد ساتو
الترجمة التاميلية - عمر شريف
الترجمة السواحلية - عبد الله محمد وناصر خميس
الترجمة اللوغندية - المؤسسة الإفريقية للتنمية
الترجمة الإنكو بامبارا - ديان محمد
الترجمة العبرية
الترجمة الإنجليزية للمختصر في تفسير القرآن الكريم
الترجمة الروسية للمختصر في تفسير القرآن الكريم
الترجمة البنغالية للمختصر في تفسير القرآن الكريم
الترجمة الصينية للمختصر في تفسير القرآن الكريم
الترجمة اليابانية للمختصر في تفسير القرآن الكريم
ترجمة معاني القرآن الكريم - عادل صلاحي
عادل صلاحي
ﰡ
آية رقم 1
আলিফ-লাম-ৰা, এইটো এনে এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা;
آية رقم 2
যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।
آية رقم 3
লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰো।
آية رقم 4
আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
آية رقم 5
জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।
آية رقم 6
আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।
آية رقم 7
আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত, তোমালোকৰ মাজত আমলত কোন শ্ৰেষ্ঠ সেয়া পৰীক্ষা কৰাৰ বাবে, আৰু তুমি যদি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া স্পষ্ট যাদু’।
آية رقم 8
আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখো তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘কিহে ইয়াক নিবাৰণ কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰত এইটো আহিব সেই দিনা এইটো সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়ে সিহঁতে ঠাট্ৰা-বিদ্ৰূপ কৰে সেয়া সিহঁতক পৰিবেষ্টন কৰিব।
آية رقم 9
আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।
آية رقم 10
আৰু যদি দুখ-দৈন্য স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু সি উৎফুল্ল আৰু অহংকাৰী হৈ পৰে।
آية رقم 11
কিন্তু যিসকলে ধৈৰ্যশীল আৰু সৎকৰ্মপৰায়ণ তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।
آية رقم 12
তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু ইয়াৰ দ্বাৰা তোমাৰ মন সংকুচিত হ’ব নেকি সিহঁতৰ এই কথা কোৱাৰ বাবে যে, ‘তাৰ ওচৰত ধন-ভান্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? তুমিহে কেৱল এজন সতৰ্ককাৰী আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।
آية رقم 13
নে সিহঁতে এইটো কয় যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।
آية رقم 14
এতেকে সিহঁতে যদি তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে?
آية رقم 15
যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আমি সিহঁতৰ আমলৰ পূৰ্ণ ফল প্ৰদান কৰো আৰু তাত সিহঁতক কম দিয়া নহ’ব।
آية رقم 16
ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেয়া নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেয়া আছিল নিৰৰ্থক।
آية رقم 17
যিসকলে নিজ প্ৰতিপালকৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ অনুসৰণ কৰে তেওঁৰ প্ৰেৰিত সাক্ষী আৰু যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এওঁলোক সেইসকল লোকৰ দৰেনে যিসকলে পৃথিৱী আৰু ইয়াৰ উপকৰণ কামনাত বিভোৰ) বৰং এওঁলোকেই ইয়াৰ ওপৰত ঈমান পোষণ কৰে। অন্যান্য দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰে, অগ্নিয়ে হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইটো কেৱল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।
آية رقم 18
যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁততকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষীসকলে ক’ব, ‘ইহঁতে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।
آية رقم 19
যিসকলে আল্লাহৰ পথত বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই আখিৰাত অস্বীকাৰকাৰী।
آية رقم 20
পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈয়ো নাছিল।
آية رقم 21
ইহঁত নিজৰেই ক্ষতি কৰিলে আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই গ’ল।
آية رقم 22
নিসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।
آية رقم 23
নিশ্চয় যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে আৰু নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।
آية رقم 24
দল দুটাৰ উদাহৰণ হৈছে, এটা অন্ধ আৰু বধিৰ, আৰু আনটো হৈছে দৃষ্টিশক্তি ও শ্ৰৱণশক্তি সম্পন্ন। তুলনাত এই দুটা সমান হ’ব পাৰেনে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
آية رقم 25
আৰু অৱশ্যে আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।
آية رقم 26
যাতে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছো।
آية رقم 27
তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’।
آية رقم 28
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰি থাকে, আৰু সেয়া তোমালোকৰ ওচৰত গোপন ৰখা হয়, তেন্তে মই তোমালোকৰ ওপৰত তোমালোকে অপছন্দ কৰা সত্বেও সেয়া জাপি দিব পাৰো নে’?
آية رقم 29
‘হে মোৰ সম্প্ৰদায়! ইয়াৰ পৰিবৰ্তে মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰো। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোক নিশ্চিতভাৱে নিজ প্ৰতিপালকক সাক্ষাত কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।
آية رقم 30
‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি দিওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
آية رقم 31
‘আৰু মই তোমালোকক এই বুলি নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’, আৰু মই গায়েব সম্পৰ্কেও নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই এইদৰে কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হম’।
آية رقم 32
সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতি মাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছা সেয়া আমাৰ ওচৰলৈ লৈ আহা’।
آية رقم 33
তেওঁ ক’লে, ‘আল্লাহে ইচ্ছা কৰিলে সেয়া তোমালোকৰ ওচৰত উপস্থিত কৰিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা’।
آية رقم 34
‘আৰু মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে। তেৱেঁই তোমালোকৰ ৰব, তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব’।
آية رقم 35
সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘মই যদি এইটো ৰচনা কৰি থাকো তেন্তে ময়েই মোৰ অপৰাধৰ বাবে দায়ী হম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ পৰা মই দায়মুক্ত’।
آية رقم 36
আৰু নূহৰ প্ৰতি অহী কৰা হৈছিল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।
آية رقم 37
‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাওঁ নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।
آية رقم 38
আৰু তেওঁ নাওঁ নিৰ্মাণ কৰিব ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাক লৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।
آية رقم 39
এতেকে তোমালোকে অতিশীঘ্ৰে জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি।
آية رقم 40
অৱশেষত যেতিয়া আমাৰ আদেশ আহিল আৰু চৌকাটো উথলি উঠিল, আমি ক’লো, ‘প্ৰত্যেক জাতৰে এজোৰ এজোৰকৈ নাওঁত তুলি লোৱা। যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে তোমাৰ পৰিয়ালৰ আৰু যিসকলে ঈমান আনিছে তেওঁলোককো তুলি লোৱা; আৰু তেওঁৰ লগত ঈমান আনিছিল কেৱল কিছুসংখ্যক লোকে’।
آية رقم 41
আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ ৰব, অতি ক্ষমাশীল, পৰম দয়ালু’।
آية رقم 42
আৰু ই (নাওঁখনে) পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক, যিজন পৃথক আছিল, মাতি ক’লে, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সঙ্গী নহ’বা’।
آية رقم 43
সি ক’লে, ‘মই এনে এটা পৰ্বতত আশ্ৰয় লম যিটোৱে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত আঁৰ হৈ গ’ল, ফলত সি ডুবি মৰা সকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।
آية رقم 44
আৰু কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তবায়িত হ’ল; আৰু নাওঁখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায়ৰ বাবেই ধ্বংস’।
آية رقم 45
আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, আৰু তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।
آية رقم 46
আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। সি অৱশ্যে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিছো, তুমি যাতে অজ্ঞসকলৰ অন্তৰ্ভুক্ত নোহোৱা’।
آية رقم 47
তেওঁ ক’লে, ‘হে মোৰ ৰব! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰো তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
آية رقم 48
কোৱা হ’ল, ‘হে নূহ! অৱতৰণ কৰা (নাৱৰ পৰা) আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তোমাৰ প্ৰতি আৰু যিবোৰ সম্প্ৰদায় তোমাৰ লগত আছে তেওঁলোকৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে আমি সিহঁতক জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব;
آية رقم 49
‘এইবোৰ গায়েবৰ সংবাদ আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছো, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে’।
آية رقم 50
আৰু আদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।
آية رقم 51
‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ কোনো বিনিময় নিবিচাৰো। মোৰ বিনিময় আছে কেৱল তেওঁৰ ওচৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱা নে’?
آية رقم 52
‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ ফালেই উভতি আহা। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাব; আৰু তেওঁ তোমালোকক শক্তি প্ৰদান কৰি শক্তিশালী কৰিব আৰু (শুনা) তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নলবা’।
آية رقم 53
সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰত কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই, তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰো’।
آية رقم 54
আমি কেৱল এইটোৱে কওঁ যে, ‘আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক অমঙ্গলৰ দ্বাৰা আক্ৰান্ত কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলো আৰু তোমালোকেও সাক্ষী হোৱা যে, নিশ্চয় মই সেইবোৰৰ পৰা মুক্ত যিবোৰক তোমালোকে অংশী কৰা’,
آية رقم 55
‘আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।
آية رقم 56
‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল্লাহৰ ওপৰত; এনে কোনো জীৱ-জন্তু নাই, যিটো তেওঁৰ পূৰ্ণ আয়ত্তাধীন নহয়; নিশ্চয় মোৰ ৰব সৰল পথত আছে’।
آية رقم 57
‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে যি লৈ মই তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো সেয়া মই পৌঁছাই দিছো; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ ৰব সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।
آية رقم 58
আৰু যেতিয়া আমাৰ নিৰ্দেশ আহিল তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো তেওঁলোকক কঠিন শাস্তিৰ পৰা।
آية رقم 59
আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক আৰু সিহঁতে প্ৰত্যেক উদ্ধত স্বৈৰাচাৰীৰ নিৰ্দেশ অনুসৰণ কৰিছিল।
آية رقم 60
আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু কিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে সিহঁতৰ প্ৰতিপালকক অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।
آية رقم 61
আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।
آية رقم 62
সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আমাৰ প্ৰত্যাশিত আছিলা। তুমি আমাক নিষেধ কৰি আছা নেকি সিহঁতৰ ইবাদত কৰিবলৈ যিসকলৰ ইবাদত আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ প্ৰতি তুমি আমাক আহ্বান কৰি আছা’।
آية رقم 63
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰে, তথাপিও যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।
آية رقم 64
‘হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাব দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।
آية رقم 65
তথাপিও সিহঁতে ইয়াক হত্যা কৰিলে। সেয়ে তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনি দিনলৈকে জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।
آية رقم 66
ফলত যেতিয়া আমাৰ নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ ৰব, তেওঁ মহা শক্তিমান, মহাপৰাক্ৰমশালী।
آية رقم 67
আৰু যিসকলে অন্যায় কৰিছিল এটা ভীষণ শব্দই সিহঁতক আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহত নতজানু অৱস্থাত শেষ হৈ গ’ল;
آية رقم 68
যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।
آية رقم 69
আৰু অৱশ্যে আমাৰ ফিৰিস্তাসকল সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহিছিল। তেওঁলোকে ক’লে, ‘ছালাম’। তেখেতেও ক’লে, ‘ছালাম’। তাৰ পিছত পলম নকৰি তেওঁ এটা কাবাবকৃত দামুৰি লৈ আহিল।
آية رقم 70
এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেইটোৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাৱিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতি সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমিতো লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছো’।
آية رقم 71
আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক ইছহাক্বৰ আৰু ইছহাক্বৰ পৰবৰ্তী ইয়াকূবৰ সুসংবাদ দিলো।
آية رقم 72
তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিম নে! অথচ মই এজনী বৃদ্ধা আৰু মোৰ স্বামীও বৃদ্ধ, এইটো অৱশ্যে এটা অদ্ভুদ কথা’!
آية رقم 73
তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত আপুনি বিস্ময় বোধ কৰিছে নেকি? হে নবীৰ পৰিয়াল! আপোনালোকৰ প্ৰতি আছে আল্লাহৰ অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’।
آية رقم 74
তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ ভীতি দূৰীভূত হ’ল আৰু তেওঁৰ ওচৰত সুসংবাদ আহিলে তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে।
آية رقم 75
ﭼﭽﭾﭿﮀ
ﮁ
নিশ্চয় ইব্ৰাহীম অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী আছিল।
آية رقم 76
হে ইব্ৰাহীম! তুমি ইয়াৰ পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব শাস্তি যিটো অনিবাৰ্য।
آية رقم 77
আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিলে তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু নিজকে তেওঁলোকৰ ৰক্ষাত অসমৰ্থ বুলি ভাৱিলে আৰু ক’লে, ‘এইটো বৰ বিপদৰ দিন’!
آية رقم 78
আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকল তেওঁৰ ওচৰত উদভ্ৰান্ত হৈ গুচি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতেহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত এজনো সাধু ব্যক্তি নাইনে’?
آية رقم 79
সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰো সেয়া তুমি নিশ্চয় জানা’।
آية رقم 80
তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলেহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোহেঁতেন’!
آية رقم 81
তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গসহ ওলাই যাওঁক আৰু আপোনালোকৰ মাজৰ কোনোৱেই পিছফালে ঘূৰি নাচাব কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে। সিহঁতৰ লগত যি সংঘটিত হ’ব তাইৰ লগতো সেয়া ঘটিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ বাবে নিৰ্ধাৰিত সময়। প্ৰভাত অতি সন্নিকট নহয়নে বাৰু’?
آية رقم 82
এতেকে যেতিয়া আমাৰ আদেশ আহিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলো পকা মাটিৰ শীল,
آية رقم 83
যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নহয়।
آية رقم 84
আৰু মাদিয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুআইবক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক কল্যাণৰ মাজত দেখিছো, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছো’।
آية رقم 85
‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায় সঙ্গতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
آية رقم 86
যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্টখিনিয়ে (লাভাংশ) তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।
آية رقم 87
সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!
آية رقم 88
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাৱিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণত প্ৰতিষ্ঠিত হৈ থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰো, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰো। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু মই তেওঁৰেই অভিমুখী’।
آية رقم 89
‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰত সেইদৰে বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূতৰ সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নহয়’।
آية رقم 90
‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা, নিশ্চয় মোৰ ৰব পৰম দয়ালু, অতি স্নেহশীল’।
آية رقم 91
সিহঁতে ক’লে, ‘হে ছুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজি নাপাওঁ, আৰু আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।
آية رقم 92
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ ৰব সেয়া পৰিবেষ্টন কৰি আছে’।
آية رقم 93
‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছো। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন মিছলীয়া; আৰু তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।
آية رقم 94
আৰু যেতিয়া আমাৰ আদেশ আহি পালে তেতিয়া আমি ছুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু অৱস্থাত পৰি থাকিল।
آية رقم 95
যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰা নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়।
آية رقم 96
ﯰﯱﯲﯳﯴﯵ
ﯶ
আৰু অৱশ্যে আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো।
آية رقم 97
ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।
آية رقم 98
সি কিয়ামতৰ দিনা তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সি সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেয়া কিমান যে নিকৃষ্ট উপনীত হোৱাৰ স্থান!
آية رقم 99
আৰু এই পৃথিৱীত অভিশাপ সিহঁতৰ পিছত লগাই দিয়া হৈছিল আৰু কিয়ামতৰ দিনাও। কিমান যে নিকৃষ্ট পুৰষ্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!
آية رقم 100
এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলো। এইবোৰৰ কিছুমান এতিয়াও আছে আৰু কিছুমান নিৰ্মূল হৈছে।
آية رقم 101
আৰু আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। তাৰ পিছত যেতিয়া তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ আহি পালে, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যি উপাস্যসমূহৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত নাহিল; আৰু সিহঁতে নিজৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।
آية رقم 102
যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিশ্চয় তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।
آية رقم 103
নিশ্চয় ইয়াত আছে তাৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইটো এনেকুৱা এটা দিন যিদিনা সকলোকে উপস্থিত কৰা হ’ব;
آية رقم 104
ﮭﮮﮯﮰﮱ
ﯓ
আৰু আমি সেয়া কেৱল নিৰ্দিষ্ট কিছু সময়ৰ বাবে বিলম্বিত কৰিছো।
آية رقم 105
যেতিয়া সেই দিনটো আহিব তেতিয়া আল্লাহৰ অনুমতিবিহীন কোনেও কথা কব নোৱাৰিব; এতেকে সিহঁতৰ মাজত কিছুমান হ’ব হতভাগ্য আৰু কিছুমান হ’ব সৌভাগ্যবান।
آية رقم 106
ফলত যিসকল হ’ব হতভাগ্য সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত থাকিব সিহঁতৰ ভীষণ চিঞঁৰ আৰু আৰ্তনাদ।
آية رقم 107
তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ ৰব সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।
آية رقم 108
আৰু যিসকল সৌভাগ্যবান তেওঁলোক থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰষ্কাৰ।
آية رقم 109
এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে সংশয়ত নপৰিবা, আগতে সিহঁতৰ পিতৃ-পুৰুষসকলে যেনেকৈ ইবাদত কৰিছিল সিহঁতেও সেইদৰেই ইবাদত কৰে। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰো।
آية رقم 110
আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলো, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লেহেঁতেন। নিশ্চয় সিহঁত এই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।
آية رقم 111
আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।
آية رقم 112
এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।
آية رقم 113
আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।
آية رقم 114
আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।
آية رقم 115
আৰু তুমি ধৈৰ্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহ ইহছানকাৰীসকলৰ প্ৰতিদান বিনষ্ট নকৰে।
آية رقم 116
এতেকে তোমালোকৰ পূৰ্বৰ প্ৰজন্মসমূহৰ মাজত এনেকুৱা প্ৰজ্ঞাবান কিয় হোৱা নাই, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টিৰ পৰা নিষেধ কৰিলে হয়? কিছুসংখ্যকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা নাজাত দিছিলো। আৰু যিসকলে অন্যায় কৰিছিল সিহঁত বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।
آية رقم 117
আৰু তোমাৰ ৰব এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদ ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল সংশোধনকাৰী।
آية رقم 118
আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা জাতি কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁত মতবিৰোধকাৰীহে হৈ থাকিল,
آية رقم 119
কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে কাৰণ তেওঁ তেওঁলোকক এই বাবেই সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতিপালকৰ এই কথা চূড়ান্ত হৈছে যে, ‘আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম অৱশ্যে পূৰ্ণ কৰিম’।
آية رقم 120
আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছো, যাৰ দ্বাৰা আমি তোমাৰ মনক দৃঢ় কৰো, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰত আহিছে উপদেশ আৰু স্মৰণ।
آية رقم 121
আৰু যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি থাকা, আমিও কাম কৰি আছো’।
آية رقم 122
ﮌﮍﮎ
ﮏ
‘আৰু তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছো’।
آية رقم 123
আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। আৰু তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ ৰব অমনোযোগী নহয়।
تقدم القراءة